বিহুৰ ৰাজনৈতিক গুৰুত্ব

No Comments Share:
bihu & history

(লেখক : পংকজ প্ৰতিম বৰদলৈ)

সংস্কৃতি আৰু ৰাজনীতি প্ৰকৃততে যদিও এক নিৰ্দিষ্ট দুৰত্বত অৱস্থান কৰা বিষয়, তত্সুত্বেও এক আভ্যন্তৰীণ সম্পৰ্ক এই দুয়োটা বিষয়ৰ মাজত বিদ্যমান। ৰাজনীতিয়ে বহুসময়ত সংস্কৃতিক এক নিৰ্দিষ্ট উদ্দেশ্য সিদ্ধিৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা দেখা যায়। অসমৰ ৰাজনৈতিক ইতিহাস লক্ষ্য কৰিলে দেখা যায় যে বহুসময়ত বিহুৱে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। ৰাজনৈতিক উদ্দেশ্য সিদ্ধিৰ মাধ্যম হোৱাৰ লগতে উপযুক্ত গুৰুত্ব লাভৰ ফলস্বৰূপে  ইয়াৰ জনপ্ৰিয়তা আৰু দীৰ্ঘসূত্ৰিতাও বৃদ্ধি হৈছিল |

ভাৰতৰ কৃষি ভিত্তিক উত্স্ৱবোৰৰ ভিতৰত এক বৰ্ণাঢ্য উত্স্ৱ হিচাপে বিহু অন্যতম। বিহুৱে অসমৰ জাতীয় জীৱনৰ বৰ্ণময় স্বৰূপটোক প্ৰতিনিধিত্ব কৰে। বিহুৰ বৰ্তমানৰ যি সামগ্ৰিক জনপ্ৰিয়তা আৰু স্বকীয় বৈশিষ্ট্য,  সি আহোম স্বৰ্গদেউ সকলৰ উদাৰতাৰ নিদৰ্শন। স্বৰ্গদেউ সকলৰ সহযোগিতাৰ জৰিয়তেই বিহুৱে বৰগছৰ তলৰ পৰা আহি এক সন্মানজনক স্থানত উপনীত হৈছিলহি। বিহুৰ মৰ্য্যদা আৰু আদৰ বৃদ্ধিৰ বাবে আহোম শাসকসকলে ইয়াক বৰঘৰৰ পিৰালিত ঠাই দি, অসমৰ ‘জাতীয় উত্সহৱ’ত পৰিণত কৰিছিল।

আহোম শাসকসকলৰ উদাৰতাৰ অন্তৰালত আছিল সৰু সৰু জাতি গোষ্ঠী সমূহক এক সমন্বয়ৰ ডোলেৰে বান্ধি ৰাখি ৰাজনৈতিক একতা  সুগঢ়িত কৰা। আহোম ৰাজত্বৰ সম্প্ৰসাৰণ আৰু স্থায়িত্বৰ বাবে বহুতো যুঁজ বাগৰ চলাবলগীয়া হৈছিল আৰু ফলস্বৰূপে  আহোমসকলৰ শত্ৰুও বৃদ্ধি পাইছিল। এক সমূহীয়া সংহতিৰ স্বৰূপ ‘বিহু’ক ৰাজকীয় আড়ম্বৰতা প্ৰদান কৰাৰ ফলত তৃণমূল ৰাইজৰ মাজত বিহুকেন্দ্ৰিক এক আন্তৰিকতাৰ গঢ় লৈ উঠিছিল আৰু যিয়ে পৰোক্ষভাৱে আহোম শাসকসকলক এক সংগঠিত ৰাজনৈতিক শক্তিৰূপে গঢ়াত সহায় কৰিছিল। স্বৰ্গদেউ ৰুদ্ৰসিংহইয় ৰংঘৰ স্থাপনৰ  জৰিয়তে বিহুক এক সাৰ্বজনীন ৰূপ দি ইয়াক আনন্দ আৰু সংহতিৰ বাহক হিচাপে স্থায়ী ৰূপ প্ৰদান কৰিলে। উল্লেখযোগ্য যে ৰুদ্ৰ সিংহইন ‘গায়ন বৰুৱা’ নামৰ পদবী সৃষ্টিৰ জৰিয়তে বিহুগীতকে ধৰি থলুৱা গীতমাতৰ সংৰক্ষণৰ চেষ্টা কৰিছিল। ৰংঘৰৰ বাকৰিত সাতবিহুৰ সাতোটা দিনেই বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰি ঢুলীয়া, নাচনি, পেপুঁৱা, নামতি আদি উত্সাইহিত কৰিছিল। ইয়াৰ উপৰিও হাতী দৌৰ, ঘোঁৰা দৌৰ, ম’হ যুঁজ, শেন যুঁজ আদিৰ আয়োজন কৰি ৰাজকীয় আনন্দ উত্সিৱৰ আয়োজন কৰিছিল। ই আছিল এহাতে আহোম শাসকৰ অপ্ৰতিদ্বন্দী মানসিকতাৰ প্ৰমাণ আৰু আনহাতে আছিল এক বৃহত্তৰ অসমীয়া সংস্কৃতিৰ গঠনৰ জৰিয়তে শত্ৰুৰ বিপক্ষে সংঘবদ্ধ হোৱাৰ মাধ্যম।

মিৰজুমলাৰ অসম আক্ৰমণৰ সময়ত (১৬৬২ খ্ৰী.) উপস্থিত হোৱা ইতিহাস লেখক চিহাবুদ্দিন তালিছে অসমৰ সমাজ আৰু সংস্কৃতিৰ বৈচিত্ৰতাৰ বিষয়ে খুউব সুন্দৰ বৰ্ণনা কৰি গৈছে। বিহুক কেন্দ্ৰ কৰি ৰজাই গঠন কৰি দিয়া ঢুলীয়া, নেগেৰীয়া, খুলীয়া, মৃদংগীয়া, বীণোৱা, পদগোৱা, নাচনিয়াৰ খেল ‘গায়ন বৰুৱা’ৰ অধীনত আহি লোক সংস্কৃতিৰ চৰ্চা আৰু প্ৰসাৰৰ ব্যৱস্থা কৰিছিল।

বিহুৰ এনে সাংস্কৃতিক গুৰুত্বক এক পৰম্পৰাগত ৰূপ দিলে স্বৰ্গদেউ ৰুদ্ৰ সিংহই।। তেওঁৰ দিনতে গাঁৱৰ বুঢ়া মেথা সকলোৱে একেগোট হৈ ৰজাৰ লগতে ডা-ডাঙৰীয়াৰ ঘৰত হুঁচৰি গোৱা প্ৰথাৰ সৃষ্টি হয়। বৰ্তমানেও অসমৰ গাঁও-ভূইত এই নিয়ম প্ৰচলিত হৈ আছে। গাঁৱৰ মূল মানুহজনৰ ঘৰৰ পৰাই বছৰৰ হুঁচৰি আৰম্ভ কৰাৰ এই প্ৰক্ৰিয়াই আহোম শাসনৰ সেই শৌৰ্য্য বীৰ্য্যতাকে প্ৰতীয়মান কৰে। এক সংগঠিত ৰাজনৈতিক ছত্রছায়াত যাতে প্ৰজাই নিৰাপদে আমোদ-প্ৰমোদৰ আনন্দ লাভ কৰে আৰু নেতৃত্বৰ প্ৰতি শ্ৰদ্ধা আৰু আন্তৰিকতা এক সামন্তবাদী পৰম্পৰাত পৰিণত হয়, ইয়েই আছিল এই প্ৰক্ৰিয়াৰ অন্তৰ্নিহিত কাৰণ।

বিহু কেৱল সংস্কৃতি বা একতাৰ মাধ্যম হৈয়ে থকা নাই। অসমৰ ইতিহাস লক্ষ্য কৰিলে দেখা যায় যে বিহু আছিল বহুত সময়ত ৰাজনৈতিক অস্ত্ৰ। মোৱামৰীয়া বিদ্ৰোহৰ সময়ত মোৱামৰীয়া সকলে  সংগঠিত ৰূপত আহোমৰ বিপক্ষে একগোট হৈ বহাগ বিহুৰ দিনাখনেই গুৰুৰ আশীৰ্বাদ লৈ অপমানৰ পোতক তোলাৰ বাবে ৰজাৰ বিৰুদ্ধাচৰণ কৰিছিল |

আনহাতে সেই একে ৰঙালী বিহুৰ আলম লৈয়েই ৰাণী কুৰংগনয়নীয়ে মৰাণৰ নেতা ৰাঘ মৰাণক হুঁচৰিৰ সন্মুখত সেৱা লওঁতেই হত্যা কৰি স্বৰ্গদেউ লক্ষ্মী সিংহক উদ্ধাৰ কৰাৰ উল্লেখ বুৰঞ্জীত পোৱা যায়। গতিকে বিহুৰ যি ৰাজনৈতিক গুৰুত্ব সি সময়ৰ সোঁতত সলনি হে হৈছে  কিন্তু ইয়াৰ স্বৰূপ একেই আছে।

আহোম শাসনৰ শেষ সময়ছোৱাত আৰু বৃটিছ শাসনৰ আৰম্ভনীৰ কালছোৱাত বিহুৰ পূৰ্বৰ গুৰুত্ব আৰু প্ৰাসংগিকতা  কিছু পৰিমাণে লোপ পায়। ৰাজনৈতিক অস্থিৰতা আৰু মানৰ আক্ৰমণে বিহুৰ লগত জড়িত ‘খেল’ সমূহক ছেদেলি-ভেদেলি কৰি পেলোৱাই আছিল ইয়াৰ মুখ্য কাৰণ। বৃটিছ শাসনৰ বিৰুদ্ধে সংঘটিত হোৱা বিদ্ৰোহ সমূহক সংগঠিত কৰাতো বিহুৱে এক মাধ্যম হিচাপে কাম কৰিছিল। অসমৰ্থিত সূত্ৰ মতে, গোমধৰ কোৱঁৰে বৃটিছক খেদাৰ যি পৰিকল্পনা কৰিছিল, তাৰ বাবে যুঁজাৰু সকলক যি অস্ত্ৰ-শস্ত্ৰৰ প্ৰশিক্ষণ দিছিল  সি বিহু আখৰাৰ আলম লৈ হে কৰা হৈছিল। 

বৃটিছ শাসনৰ সময়ছোৱাত, পাশ্চাত্য শিক্ষাৰ প্ৰভাৱত পৰি তথাকথিত শিক্ষিত আৰু ধনী অসমীয়াই  বিহুক ঘৃণাবলৈ আৰম্ভ কৰিছিল আৰু ফলস্বৰূপে বহুতে বিহুক এক ‘সামন্ত যুগীয়া অশ্লীল পৰম্পৰা ’ হিচাপে মন্তব্য কৰিছিল | তদানীন্তন সময়ছোৱাত বিহুৰ পূৰ্বৰ ঐতিহ্য আৰু গুৰুত্ব সঁচাকৈয়ে ম্লান হৈ পৰিছিল। জ্যোতিপ্ৰসাদ, বিষ্ণু ৰাভাই বৃটিছ সম্ৰাজ্যবাদৰ বিৰুদ্ধে গঠন কৰা ‘শান্তি সেনা’, ‘মৃত্যু সেনা’ আদি কংগ্ৰেছৰ স্বেচ্ছাসেৱক বাহিনীবোৰে বিহু আখৰাৰ আলমত আৰু হুঁচৰি গোৱাৰ চলেৰে আন্দোলনৰ যাৱতীয় খৰচৰ বাবে ধন সংগ্ৰহ আৰু নিজকে সংগঠিত কৰাত ব্যস্ত হৈছিল। মহাত্মা গান্ধীয়েও বিহুৰ বৰ্ণাঢ্যতাক স্বীকৃতি দি ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰত গুৰুত্ব দিবলৈ আহব্বান জনাইছিল।

স্বাধীনতাৰ পাছৰ কালছোৱাত বিহুৰ যি লুপ্ত ঐতিহ্য সি পুনৰুদ্ধাৰ হয় আৰু অসমৰ শিক্ষিত সমাজ বিহুৰ গুৰুত্বক হৃদয়ংগম কৰিবলৈ সমৰ্থ হয়। ৰাধাগোবিন্দ বৰুৱাৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে বিহুৱে গুৱাহাটীৰ লতাশিল  খেলপথাৰত মঞ্চত স্থান পাই আৰু ১৯৫১ চনৰ এই শুভদিনটোতে অসমীয়া বিহুৱে এক আধুনিক ৰূপ লাভ কৰে। ই আছিল বিহুৰ সামাজিক আৰু ৰাজনৈতিক দিশত এক যুগান্তৰকাৰী পদক্ষেপ। ‘সামন্তযুগীয় অশ্লীল পৰম্পৰা’  ৰূপে প্ৰাক‍-স্বাধীনতা কালত নিন্দিত হোৱা বিহুৰ হৃত গৌৰৱ এই পদক্ষেপে বহু পৰিমাণে উদ্ধাৰ কৰিলে, আনহাতে সাম্যবাদী চিন্তাৰ বিকৃতকৰণেৰে বিহুক ‘প্ৰতিষ্ঠানমুখী বুৰ্জোৱা সংস্কৃতি’ বুলি চিনাকী দিয়াৰ গৰ্হিত প্ৰয়াসকো ৰোধ কৰিলে।

বিহুৰ এনে সাৰ্বজনীনতা বৃদ্ধিৰ বাবেই বিহুক কেন্দ্ৰ কৰি পৰবৰ্ত্তী সময়ৰ বহুবোৰ ৰাজনৈতিক হিচাব নিকাচ কৰাও দেখা যায় গৈছে। প্ৰকৃততে অসমৰ বিহু এক অপ্ৰতিদ্বন্দী সামাজিক উত্সাৱ  হিচাবে স্বীকৃত হৈ পৰিছে। অসমৰ ৰাজনৈতিক জীৱনত খলকনি লগোৱা অসম আন্দোলনক বিহুৱে বিভিন্ন ধৰণে অনুপ্ৰাণিত কৰিছিল। বিহুগীত, হুঁচৰি, বিহুনাচ আদিৰ জৰিয়তে এই আন্দোলনৰ সময়ত নেতা কৰ্মীৰ মাজত এক সমন্বয় স্থাপনৰ চেষ্টা  কৰা হৈছিল। হুঁচৰি আদি গাই বৰঙণি সংগ্ৰহ কৰা আদিৰ জৰিয়তেও এই বিহুৱে অসম আন্দোলনক বহুবোৰ দিশত পৰোক্ষ সহযোগ  কৰিছিল। ৰাজনৈতিক বঞ্চনাৰ বলি হোৱা অসমক নিজৰ অধিকাৰ ঘূৰাই দিয়াৰ সংকল্পৰে ৰক্তাক্ত সংগ্ৰাম কৰি, অসমত তেজৰ নৈ বোওৱা  ‘আলফা‘ই, ঐতিহাসিক ৰংঘৰ বাকৰিত ১৯৭৯ চনৰ ৰঙালী বিহুৰ প্ৰাকক্ষণত জন্মলাভ কৰি অসমৰ ৰাজনৈতিক আৰু সামাজিক জীৱন  পংগু কৰি তোলাত অকণো কাৰ্পণ্য কৰা নাই।

সময় পৰিবৰ্তনশীল। গতিকে সময়ৰ লগত মৰমৰ বিহুও পৰিবৰ্তনশীল। বৰ্তমান সময়ত বিহুক লৈ হোৱা ৰাজনৈতিক সমীকৰণও ভিন্ন। বিহুৰ আগত কৰ্মচাৰীৰ মৰগীয়া বানচ সৰহ কৈ মুকলি কৰা, বিহুৰ সময়ত   নিৰ্বাচন নপতা, উগ্ৰপন্থী সংগঠনৰ সদস্যক ‘বিহুৰ সময়ত মুক্ত  বিচৰণৰ’ৰ সুবিধা দিয়া আদিবোৰ হৈছে বৰ্তমান সময়ৰ বিহুকেন্দ্ৰিক ৰাজনৈতিক সমীকৰণ। আহোমৰ দিনত যেনেকৈ ৰজা মহাৰজাৰ বাবে বিহু শৌৰ্য- বীৰ্য্য প্ৰকাশৰ মাধ্যম আছিল, বৰ্তমান সময়ত গাঁৱে–ভূঁঞে অনুষ্ঠিত হোৱা বহাগী উস্হ্থৱ, বহাগী বিদায়, ৰঙালী উত্স্ৱ, ভোগালী মেলা আদিবোৰ হৈছে ৰাজনৈতিক নেতা-মন্ত্ৰীৰ  শৌৰ্য-বীৰ্য প্ৰকাশৰ স্থান। বিশিষ্ট অতিথি, মুখ্য পৃষ্ঠপোষক আদি সন্মানেৰে সন্মানিত নেতাসৱৰ এই ‘সাংস্কৃতিক একাত্মতা’ৰ অন্তৰালত আছে নিজস্ব  ৰাজনৈতিক ভবিষ্যত কণ্টকমুক্ত কৰা আৰু জনসাধাৰণৰ নেতা হিচাপে নিজকে পুনৰ প্ৰতিষ্ঠা কৰা, বিনিময়ত বিহু উদযাপন সমিতি সমূহলৈ মোটা  ‘ডনেশ্বন’।

আহোম যুগৰ পৰা বৰ্তমান সময়লৈকে বিহুৰ স্বৰূপ আৰু উদযাপন প্ৰক্ৰিয়া সলনি হৈছে, কিন্তু ইয়াৰ বৃহত্তৰ উদ্দেশ্য ক্ষুণ্ণ হোৱা নাই। সাংস্কৃতিক একতাৰ লগতে বিহুৱে যি এক ৰাজনৈতিক একতাৰ সৃষ্টি কৰি আহিছে সি যদিও বহুবোৰ সময়ত  ৰাজনৈতিক নেতাৰ ন্যস্ত স্বাৰ্থ পূৰণৰ মাধ্যম হৈ পৰিছে, তত্সৰত্বেও  বিহুৱে নিজৰ যি এক সুদৃঢ় সামাজিক –সাংস্কৃতিক স্থিতি তাক উলাই কৰা নাই। সেইবাবেই বিহু চিৰসেউজ, চিৰ নতুন।
 

Previous Article

Rongali Bihu and its journey through time

Next Article

Namphake Village : A Hidden Citadel of Tai-Buddhist Culture in Assam

You may also like

Leave a Reply

Your email address will not be published. Required fields are marked *