বিহু : কৃপাবৰ বৰবৰুৱা

No Comments Share:

বৰবৰুৱাই সুৰ ধৰি গায়-
            “বিহু খাই আহিলি ঐ
                বিহুৱা চৰাই তই!
            ধান খাই আহিলি-”
                    (হঠাৎ ৰৈ উভতি চায়)
        (প্ৰিয়দৰ্শন শৰ্ম্মাৰ প্ৰৱেশ)
    অ’ প্ৰিয়দৰ্শন! আহাঁ, আহাঁ, বহাঁ!
প্ৰিয়দৰ্শন : ৰ’ল কিয়? বোলো ডাঙৰীয়া! ৰ’ল কিয়? গাওক। অৱশ্যে যদিও ডাঙৰীয়াই “বনঘোষাকে টানিছিল।”
কৃপাবৰ : সেইদেখিয়েইতো ৰ’লোঁ—তুমি মায়া দেখাঁ বুলি। তোমালোকৰ মন পঙ্কিল। তোমালোকে অলপতে মায়া দেখাঁ। ঠুক্‌ কৰিলেই তোমালোকৰ ৰুচিৰ কাঁচৰ গিলাছটো ভাগি থাকে। সেইদেখি মই তোমালোকৰ মাজত সাৱধানে চলিবলগা হওঁ। এতিয়াই তুমি ইয়াৰ পৰা উঠি গৈ ৰটি দিবা যে বৰবৰুৱাই আজি বিহুনাম গালে আৰু ধনাই মনাই গেন্ধেলা-ফেদেলা য’ত যি তোমালোকৰ ‘সমালোচক’ ‘শিক্ষিত ভ্ৰাতাসকল’ আছে, আটাইবোৰে হাতত সমালোচনাৰ ৰামটাঙোন লৈ মোৰ ফাললৈ খেদি আহিব।
প্ৰিয়দৰ্শন : বাৰু সঁচাকৈয়ে কওকচোন বৰবৰুৱা ডাঙৰীয়া বিহুত নামবোৰ জানো অশ্লীল নহয়? বিহু কথাটোৱে দেখোন একৰকম অশ্লীল হৈ উঠিছে।
কৃপাবৰ : কাৰণ তোমালোক পৰিছাঁ দেখি। বিহু বছৰৰ চকৰি। তাৰ নাম অশ্লীল হৈ উঠিলে, তোমালোক অশ্লীল হৈ তলত পৰাঁ কিয়নো তোমালোক আৰু বিহু দুয়ো আঁতৰি ঠাই লৈছাহঁক। যদি তোমালোক তোমালোকৰ আগৰ কালৰ নীতি, স্বাস্থ্য আৰু চৰিত্ৰৰে শকত মানুহবোৰৰ নিচিনাকৈ বিহুৰে সৈতে একেপিনে থাকিলাহেঁতেন, তেন্তে এনে ফপহুতা শ্লীল-অশ্লীলৰ নাগৰদোলাত উঠি কোনো ওপৰ-তল নহ’লাহঁকহেঁতেন। জানা নে মানুহৰ মনৰ বল, চৰিত্ৰৰ বল থাকিলে আৰু বিদেশী ফুচুং ভাবৰ সভ্যতা-অসভ্যতা শ্লীলতা-অশ্লীলতাৰ হুটা চাউল সুমাই নিজৰ চিনাকি পেটটো অচিনাকি নকৰিলে, এনে দুৰৱস্থা কেতিয়াও নহয়? বিদেশৰ জোখেৰে নিজক জুখিবলৈ গৈহে তোমালোক বুঢ়ী গাইৰ নিচিনাকৈ পলবোকাত সোমাই পৰিছাঁ। বিহুত যদি কোনোবা সৰু মানুহে নিলাজ নাম গালে, সেই বাবেই আমাৰ গোটেইটো বিহুৰ মহাভাৰত, তাৰ নাম আৰু অনুষ্ঠানবোৰেৰে সৈতে অশুদ্ধ আৰু ভেজাল নহয়। পশ্চিমত ‘হোলি’ত তল শ্ৰেণীৰ মানু্হে নিলাজ নাম গায়, নিলাজ ব্যৱহাৰ কৰে, সেইবুলি জানো ‘হোলি’ উৎসৱটো নিলাজ হ’ল? সৰু মানুহে গোৱা বিহুৰ নামো আটাইবোৰ অশ্লীল নহয়। তাৰ সৰহভাগ জাতীয় স্বভাৱকবিৰ এনে সুন্দৰ কবিতা যে তাৰ তুলনা নাই। নিলাজবোৰ এৰি সেইবোৰ বাছি ল’ব জানিলে আমাৰ জাতীয় সাহিত্যৰ বাবে সেইবোৰ অমূল্য ৰত্ন হ’ব। এডেম্‌ আৰু ইভৰ মনত যেতিয়াই পাপ সোমাল, তেতিয়াই তেওঁলোকে নিজৰ গা ঢাকিবলৈ কাপোৰ বিচাৰিলে আৰু তেওঁলোক স্বৰ্গভ্ৰষ্ট হ’ল। ওল্ড্‌ টেষ্টেমেণ্ট বাইবেলৰ বস্ত্ৰ পৰিধান মনুষ্যৰ পতনৰ গুৰিৰ ইতিহাস আৰু ভাগৱতৰ শ্ৰীকৃষ্ণৰ বস্ত্ৰহৰণ মনুষ্যৰ পুনৰ স্বৰ্গাৰোহণৰ শেহৰ ইতিহাস। –হাঁহিছা? তোমালোকক এইবোৰ কথা কোৱাঁ, মোৰেহে ভুল, কাৰণ তোমালোকে বুজা হাঁহি, খিকিন্দালি আৰু বহুৱালি আৰু তোমালোকক আনন্দ দিবলৈ মই বহুৱালি কথা এটা ক’লেই তোমালোক মহা খুচী।
প্ৰিয়দৰ্শন : বৰবৰুৱা ডাঙৰীয়া! আজি দেখোন নাভুত-নাশ্ৰুত কথা।
কৃপাবৰ : serious নহয় various হে। মোৰ টোপোলাত তোমাৰ কাণ খজুৱাবলৈ ববচা-বনৰ কাণ-খৰিকাও পাবাঁ; পানী লগা নাক সুৰ-সুৰাবলৈ ধঁপাতৰ পাতৰ সৰু নুৰাও পাবাঁ। আৰু তোমাৰ যদি ‘nervous debility আৰু head round’ (মূৰ ফুৰণি) হৈছে তাৰ নিমিত্তেও মকৰধ্বজ পাবাঁ। আৰু ঈশ্বৰে নকৰক, তোমাৰ যদি আসন্ন মৃত্যু উপস্থিত, তেন্তে এই সময়ত ঈশ্বৰৰ নাম ল’বৰ নিমিত্তে ডিঙিৰ পৰা কফ দূৰীভূত কৰিবলৈ মহানীলকণ্ঠৰ বড়ীও পাবাঁ। এই কথা।
প্ৰিয়দৰ্শন : ওপৰত লেখি দিয়া কোনো এটাৰো মোৰ সকাম পৰা নাই।
কৃপাবৰ : তেন্তে তোমাক উপবাস কৰিবৰ ব্যৱস্থা মই দিলোঁ। কাৰণ যাক একো নেলাগে সি হয় বৰবৰুৱা, নহয় ভীম-একাদশী।
প্ৰিয়দৰ্শন : সিদিনা জগন্নাথত দেখিছিলো, একাদশীক বন্দী কৰি থৈ দিছে।
কৃপাবৰ : তোমাকো আজি মই সেইদৰে বন্দী কৰি থৈ দিবৰ অভিলাষ কৰিছিলো, কিন্তু নকৰোঁ; কাৰণ আজি বিহু। তেনেহলে তোমাৰ বামুণীয়ে চিয়ঁৰি মৰিব আৰু মোক নথৈ গালি পাৰিব; কাৰণ তুমি অলপতে বিয়া কৰাইছা আৰু বিবাহিত জীৱনৰ দায়িত্ব ষোল অনা বুজি তাৰ স্ত্ৰু-পেঁছৰ পাকে পাকে সোমাই নিম্নগামী হৈছা। সেইদেখি তোমাক সেইবোৰ একো নকৈ আজি বিহুৰ কথাকে কওঁ। আমাৰ দেশৰ বিহুটোক তোমালোকে হিংসা কৰি নেমাৰিবাঁ। দুৰ্গাপূজাতে তোমালোকৰ বৰ কোব দেখিছোঁ। দুৰ্গাপূজা আমাৰ দেশলৈ সিদিনাৰ আমদানি।বিহু আমাৰ সাতামপুৰুষীয়া। আমি অসমীয়াবিলাক কালিৰ মানুহ নহওঁ। অসমদেশ, অসমৰ সভ্যতা বৰ পুৰণি আৰু বৰ ওখ খাপৰ। আজিৰ তোমাক আমাক দেখি অসমীয়া সভ্যতাৰ জোখ নকৰিবাঁ। ভাৰতবৰ্ষত সোমোৱা আৰ্য্যৰ এসোঁতা পঞ্জাৱৰ বাহিৰে আন আন দেশত আৰ্য্যৰ প্ৰভাৰ বিস্তাৰ হোৱাৰ আগেয়েই অসম পাইছিলহি। ইয়াৰ অনেক প্ৰমাণ আছে। এতেকে আমাৰ জাতীয় পৰ্ব্ব আৰু উৎসৱবোৰ বৰ পুৰণি। বিহু বশব্দটো ‘বিষুৱ’ৰ পৰা হৈছে। বিষুৱ-ৰেখা, পৃথিৱীৰ মাজেদি জ্যোতিষী সকলে মনেৰে দিয়া এটা ৰেখা বা আঁক; যাক ইংৰাজীত Equinoctial line বা Equator বোলে। সূৰ্য্যই বাৎসৰিক গতিত সেই পোন পালেহি দিন আৰু ৰাতি সমান হয়, এতেকে সেই নাম। “বিষুৱস্থৌ-দিবাকৰঃ।” এই দিনা সূৰ্য্য মেষ, তুলা আৰু মকৰ ৰাশিত সোমায়। চ’ত, আহিন আৰু পুহৰ শেষ দিন। মেষ ৰাশিত সোমোৱা দিনা অৰ্থাৎ চ’তৰ শেষ দিনা ‘মহাবিষুবম্‌’ অৰ্থাৎ বিষুৱ-সংক্ৰান্তি অৰ্থাৎ চ’তৰ বিহু বা বহাগৰ বিহু বোলে। তুলাত সোমোৱা দিনক বা আহিনৰ শেহ দিনা কাতিৰ বিহু বোলে। মকৰ ৰাশিত সোমোৱা দিনা অৰ্থাৎ পুহৰ শেহ দিনা মাঘৰ বিহু বোলে। এই তিনিটা কেনে ডাঙৰ সংক্ৰান্তি (বৰবিহু) মন কৰি চোৱাঁ। এটাই ন বছৰক আগবঢ়াই আনি মনত ৰং লগায়। এটাই পথাৰৰ পৰিশ্ৰমৰ ফল ধৰায়। আনটোৱে সূৰ্য্যৰ উত্তৰায়ণক আদৰি ছুটী দি দীঘলাবলৈ যায় আৰু পথাৰৰ পৰিশ্ৰমৰ ফল ভোগায়। এই বাবে চ’তৰ বিহুক ৰঙালী, মাঘৰ বিহুক ভোগালী আৰু কাতিৰ বিহুক কঙালী (অৰ্থাৎ পৰিশ্ৰমৰ ওৰ, কিন্তু ফল ভোগলৈ পলম) বোলে। চোৱাঁ, আমাৰ ওচৰ-চুবুৰীয়া বঙ্গদেশত এই সংক্ৰান্তি কেইটাৰ বিহু বা বিষু নাম নাই, ভাৰতৰ আন আন প্ৰদেশতো নাই (ক’ৰবাত চুকে-কোণে আছে যদি ক’ব নোৱাৰোঁ) কিন্তু অসমত সেই প্ৰাচীন কালৰ জ্যোতিষ শাস্ত্ৰসন্মত ‘বিষু’, বিহু নামে প্ৰচলিত। ইয়াৰ দ্বাৰাই তোমাৰ মনত খেলোৱা নাই নে যে অসমত আৰ্য্য-সভ্যতাৰ প্ৰাচীনতকৈও প্ৰাচীন সোঁতা আজি ক’ত যুগযুগান্তৰৰ পৰা বব লাগিছে। সৰহ নেলাগে, জ্যোতিষ শাস্ত্ৰৰ যে জন্মভূমি, বা প্ৰভূত উন্নতিৰ ভূমি অসম, প্ৰাগজ্যোতিষপুৰ নামেই সেইটো ৰিঙিয়াব লাগিছে।
প্ৰিয়দৰ্শন : আজি অনেক কথা ডাঙৰীয়াৰ পৰা শিকিলোঁ।
কৃপাবৰ : শিকিলা যদি যোৱাঁ। ঘৈণীয়েৰাই খুন্দি থোৱা চিৰা আৰু সান্দহ, ভাজি থোৱা হেঁচা পিঠা খোৱাঁগৈ। মই দাঁতত কাঠী এডাল দি তাকে চোবাই বহি থাকোঁ।

উত্স: বাঁহী,সপ্তম বছৰ, ষষ্ঠ সংখ্যা
 

Previous Article

বিদেশত আপোন সুৰৰ সন্ধান কৰা শিল্পীঃ কমল হাজৰিকা

Next Article

Musical genius of Jyotish Bhattacharjee : a journey unplugged

You may also like

Leave a Reply

Your email address will not be published. Required fields are marked *