বিদেশত আপোন সুৰৰ সন্ধান কৰা শিল্পীঃ কমল হাজৰিকা

No Comments Share:
কমল হাজৰিকা

লেখক : অনুভৱ পৰাশৰ

চেনাই মই যাওঁ দেই
বিহুতে আহিম গৈ
তেতিয়া গাই যাম গীত

পঞ্চাশৰ দশকতে ৰচনা কৰা আৰু দিপালী বৰঠাকুৰৰ কণ্ঠত আজিও জনপ্রিয় হৈ থকা গীতটি বাৰু কোনে পাহৰিব পাৰে? অপূৰ্ব শব্দ চয়ন আৰু সুৰৰ বিন্যাসে যেনেকৈ গীতটিৰ মাধুৰ্য্যতা আনি দিছে, তেনেকৈ দিপালী বৰঠাকুৰৰ সুৱদী কণ্ঠই গীতটিক প্রান দিছে। এই গীতটিৰ কথা কলেই দিপালী বৰঠাকুৰৰ কথা মনলৈ আহে। কিন্তু এই জনপ্রিয় গীতটিৰ আঁৰৰ ব্যক্তি জন যেন সদায় আঁৰতেই ৰৈ গৈছে। এই গীতটিৰ স্রষ্টা গৰাকীয়েই হৈছে কমল হাজৰিকা। যিজন শিল্পীয়ে পাঁচোটা দশকৰো অধিক কাল বিদেশত থাকিও হাড়ে হিমজুয়ে অসমীয়া হৈ আছে, বিদেশৰ মাটিত অসমীয়া সংস্কৃতিৰ প্রচাৰ-প্রসাৰৰ বাবে আহোপুৰুষাৰ্থ কৰি আহিছে। বহু যুগজয়ী গীতৰ স্রষ্টা কমল হাজৰিকাৰ জন্ম হয় ১৯২৫ চনৰ ১ ফেব্রুৱাৰীত। পিতৃ মানিক হাজৰিকা আৰু মাতৃ পদ্মাৱতী হাজৰিকাৰ পৰা যেন সঙ্গীতৰ আদিপাঠ গ্রহন কৰিছিল তেওঁ।  শ্বিলঙত থাকোতে বিদ্যালয়ত  পঢ়ি থকাৰ সময়ৰে পৰা বিভিন্ন গীত গাই সকলোকে বিমুগ্ধ কৰা কমল হাজৰিকাই কমলানন্দ ভট্টাচাৰ্য্য, মিত্রদেৱ মহন্ত, পাৰ্বতি প্রসাদ বৰুৱা, প্রফুল্ল বৰুৱা আদিৰ পৰা সঙ্গীতৰ বিভিন্ন দিশৰ বিষয়ে জ্ঞান লাভ কৰিছিল। শিল্পী গৰাকীৰ সাংগীতিক জীৱনত বিষ্ণুপ্রসাদ ৰাভা আৰু পাৰ্বতি প্রসাদ বৰুৱাৰ প্রভাৱ আছিল অপৰিসীম। এই দুগৰাকী বৰেণ্য শিল্পীক অতি ঘনিষ্ঠভাবে বহু বছৰ পাইছিল তেওঁ। পাৰ্বতী প্রসাদৰ বহু গীতত সুৰ কৰি কণ্ঠদান কৰিছে কমল হাজৰিকাই।

শ্বিলঙত কলেজীয়া শিক্ষা শেষ কৰি নেফাত চাকৰি জীৱন আৰম্ভ কৰা শিল্পী গৰাকীয়ে পঞ্চাশৰ দশকৰ আৰম্ভনিতে লিখিছিল ‘চেনাই মই যাওঁ দেই’ গীতটি। এবাৰ শ্বিলঙৰ পৰা যোৰহাটলৈ ফুৰিবলৈ গৈছিল তেওঁ। তাত বহু গীত গাবলগীয়া হৈছিল। কোনেও যেন তেওঁক ঘুৰি আহিবই নিদিয়ে। শেষত বিহুত পুনৰ আহি গীত গাম বুলি কৈ শ্বিলঙৰ বাচত উঠিল। বাচত বহি থাকোতেই তেওঁৰ মনলৈ এটা সুৰ ভাঁহি আহিছিল আৰু লগে লগে মনতে কেইটামান শব্দৰে এটা গীত লিখি সেইটো সুৰত বান্ধি পেলালে। গাড়ীতে তেওঁ গুনগুনালে ‘চেনাই মই যাওঁ দেই, বিহুতে আহিম গৈ, তেতিয়া গাই যাম গীত’। শ্বিলঙত তেওঁৰ আত্মীয় এজনে এই গীতটি গাই পুৰষ্কৃতও হৈছিল। সেই গীতটি এইচ এম ভিত ৰেকৰ্ডিং কৰিবলৈ তেখেত কলিকতালৈ গ’ল। গীতটি ৰেকৰ্ডিং হ’ল। কিন্তু ৰেকৰ্ড খনৰ আনটো পিঠিত থকা গীতটি পুনৰ ৰেকৰ্ডিং কৰিবলগীয়া হল কাৰিকৰী অসুবিধাৰ বাবে। সেই সময়তে লণ্ডনত চাকৰি পাই যাবলগীয়া হোৱাত ভূপেন হাজৰিকাক গীতটি ৰেকৰ্ডিং কৰিবলৈ দি থৈ গ’ল।কিন্তু কিবা কাৰণৰ ৰেকৰ্ড খন নোলাল। তাৰ কেইবাবছৰৰ পাছত এবাৰ লণ্ডনৰ পৰা অসম আহোতে দীপালী বৰঠাকুৰে গীতটি গাবলৈ অনুমতি বিচাৰিলে। দিপালী বৰঠাকুৰৰ কণ্ঠত গীতটি শুনি মুগ্ধ হ’ল কমল হাজৰিকা। ষাঠি দশকত দিপালী বৰঠাকুৰে কণ্ঠদান কৰা এই গীতটিয়ে জনপ্রিয়তা লাভ কৰিবলৈ সক্ষম হ’ল আৰু আজিও সেই জনপ্রিয়তা অক্ষুন্ন আছে। একেদৰেই কমল হাজৰিকাক গীতিকাৰ ৰূপত প্রতিষ্ঠিত কৰিছিল এই গীতটিয়ে। ব্রিটেইনৰ প্রশাসনীয় বিভাগত দীৰ্ঘদিন ধৰি চাকৰি কৰি ১৯৯২ চনত অৱসৰ গ্রহন কৰা শিল্পী গৰাকীয়ে বিদেশৰ মাটিত বিভিন্ন অনুষ্ঠানৰ যোগেদি অসমীয়া গীতৰ প্রচাৰ প্রসাৰত আত্মনিয়োগ কৰি আহিছে। ভাৰতীয় সকলে তাত বিভিন্ন গীত পৰিৱেশন কৰে। এই অনুষ্ঠানবোৰত কমল হাজৰিকাই বিহুগীত আৰু পুৰণি অসমীয়া গীতসমূহ গাই সকলোকে বিমুগ্ধ কৰি আহিছে। তাতেই ‘প্রাগজ্যোতিষ কলা পৰিষদ নামৰ এটা অনুষ্ঠানৰ জন্ম দি তেখেতে বিভিন্ন সাংস্কৃতিক কাম কৰিবলৈ লয়। ভূপেন হাজৰিকাকে ধৰি বিভিন্ন শিল্পীক আমন্ত্রন কৰি বিদেশৰ মানুহক গীত শুনায়। তাত থকা ভাৰতৰ বিভিন্ন প্রান্তৰ মানুহবোৰক গোট খুৱাই অসমীয়া সমবেত সংগীত শিকাইছিল কমল হাজৰিকাই। বৰ্তমান তেখেত লণ্ডনত শ্রীমন্ত শঙ্কৰদেৱ নামঘৰ প্রতিষ্ঠাৰ  কামত ব্যস্ত হৈ আছে।
পুৰণি বহু গীতৰ প্রকৃত সুৰ ধৰি ৰাখিছে শিল্পী গৰাকীয়ে। শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ অনুৰোধত এই পুৰণি গীতবোৰ প্রকৃত সুৰত বিভিন্ন শিল্পীৰ কণ্ঠেৰে বানীবদ্ধ কৰিছে তেখেতে। দীৰ্ঘদিন ধৰি বিদেশত থকাৰ বাবে পুৰণি গীতৰ প্রকৃত সুৰত  কোনধৰণৰ প্রভাৱ পৰা নাই বুলি শিল্পী গৰাকীয়ে উল্লেখ কৰে। শিল্পী গৰাকীৰ মতে কলাক্ষেত্রত আৰ্কইভ থাকিলেই নহব, গীতবোৰ ৰাইজৰ মাজলৈ উলিয়াই দিলেহে প্রকৃত উদ্দেশ্য সফল হব। জ্যোতিপ্রসাদ আগৰৱালা, বিষ্ণুপ্রসাদ ৰাভা, পাৰ্বতী প্রসাদ বৰুৱা, আনন্দিৰাম দাস, কমলানন্দ ভট্টাচাৰ্য্য আদিৰ বহু গীত বানীবদ্ধ কৰা শিল্পী কমল হাজৰিকাই এতিয়ালৈকে দুশৰো অধিক গীত ৰচনা কৰিছে। সেই সময়ত তেওঁ লিখা বিভিন্ন গীতে জনপ্রিয়তা লাভ কৰিবলৈ সমৰ্থ হৈছিল। 
বৰ্তমান সময়ত অসমীয়া আধুনিক গীতৰ সুৰত বিশেষ নতুনত্ব নাই বুলি উল্লেখ কৰি শিল্পীগৰাকীয়ে বহু গীতত গীতিকাৰে সস্তীয়া আৰু একেবাৰে ঘৰুৱা শব্দ ব্যৱহাৰ কৰে বুলি অসন্তুষ্টি প্রকাশ কৰে। আমাৰ জাতীয় সন্মান ৰক্ষা নকৰাকৈ গীতবোৰত বহু শব্দ প্রয়োগ কৰা হয়। তাৰ মাজতে দুই এজন শিল্পীয়ে সাৱলীল ৰূপত সংগীত সাধনা কৰি থকা বুলিও তেওঁ ব্যক্ত কৰে।
কমল হাজৰিকাৰ গীতত অসমীয়া গ্রাম্য সমাজৰ প্রকৃত ছবি এখন প্রতিফলিত হোৱা দেখা যায়। অগ্রজ, গীতিকাৰ শিল্পীসকলৰ বাটেৰে আগবাঢ়ি তেওঁ যেন অসমীয়া আধুনিক গীতৰ জগতত নিজকে প্রতিষ্ঠিত কৰিছিল। ১৯৬৩ চনত ধীৰা হাজৰিকাৰ সৈতে বিবাহ পাশত আবদ্ধ হোৱা শিল্পী গৰাকীয়ে পুত্র-বোৱাৰী, জী-জোৱাই, নাতি-নাতিনীৰ সৈতে সুখেৰে জীৱন কটাই আছে। বৰ্তমান ছমাহ অসমত আৰু ছমাহ লণ্ডনত থাকি সংগীত সাধনা তথা সামাজিক কাম কাজত তেখেত ব্যস্ত হৈ আছে। কবলৈ গলে পাঁচোটা দশকৰো অধিক কাল বিদেশত থাকিও হাড়ে হিমজুৱে তেখেত এগৰাকী প্রকৃত অসমীয়াই হৈ আছে।

(লেখক অনুভৱ পৰাশৰৰ লগত কমল হাজৰিকাদেৱৰ এক অন্তৰংগ আলাপৰ ভিত্তিত লেখাটো প্রস্তুত কৰা হৈছে) 
 

Previous Article

CHAO-LUNG SUKAPHA

Next Article

বিহু : কৃপাবৰ বৰবৰুৱা

You may also like

Leave a Reply

Your email address will not be published. Required fields are marked *