পাণ্ডু কংগ্ৰেছৰ (১৯২৬) এচেৰেঙা : বেণুধৰ শৰ্মা

No Comments Share:
Benudhar Sarma

কানপুৰ অধিবেশনত, ফুকন-বৰদলৈৰ আন্তৰিক সহযোগ কামনা কৰি কৃষ্ণনাথ শৰ্মা আৰু ৰোহিণীকান্ত হাতীবৰুৱাই মৰসাহ দি অসমলৈ কংগ্ৰেছ-সভা নিমন্ত্ৰণ কৰে। এয়ে প্ৰথম নিমন্ত্ৰণ। সেই অনুসৰি, গুৱাহাটীৰ পাণ্ডুত, ১৯২৬ চনৰ ডিচেম্বৰ মাহত অখিল ভাৰত কংগ্ৰেছ মহাসভাৰ দুকুৰি এবছৰীয়া অধিবেশন বহে। মহাসভাৰ সভাপতি আছিল মাদ্ৰাজৰ শ্ৰীনিৱাস আয়েঙ্গাৰ আৰু অভ্যৰ্থনা সমিতিৰ সভাপতি আছিল দেশভক্ত তৰুণৰাম ফুকন। ওজা ফুকনৰ লগতে এইসকল সতীৰ্থয়ো ভাগত দায়িত্বটোহঁত পৰিপাটিকৈ সম্পাদন কৰি, ৰামসিংহই শলাগি যোৱা অসমীয়া সৈন্যৰ পুনৰাভিনয় কৰি দেখুৱাইছিল-
প্ৰধান সম্পাদক – কৰ্মবীৰ নবীনচন্দ্ৰ বৰদলৈ
সহকাৰী সম্পাদক – ৰোহিণীকান্ত হাতীবৰুৱা
সভামণ্ডপ তদাৰক কৰোঁতা – গোপীনাথ বৰদলৈ
ধন-ভঁড়ালী – উপেন্দ্ৰনাথ সেন, বিষ্ণুৰাম মেধি, কুলধৰ চলিহা
খুৱন-ধুৱনৰ পৰিচৰ্য্যাত – কালিপ্ৰসাদ বৰুৱা
বাহৰতলী চাওঁতা আৰু আলহী সোধোঁতা – কালিৰাম বৰ্মন, সিদ্ধিনাথ শৰ্মা, কামাখ্যাৰাম বৰুৱা
পানী যোগাওঁতা (কলেৰে) – লক্ষ্মীনাথ দাস
চিকিৎসাৰ ব্যৱস্থা কৰোঁতা – ডাক্তৰ ভুবনেশ্বৰ বৰুৱা
পৰিষ্কাৰ-পৰিচ্ছন্নতা চাওঁতা – নিধিৰাম দাস
সঙ্গীত পৰিচালক – প্ৰফুল্লচন্দ্ৰ বৰুৱা
সেৱক বাহিনীৰ সেনাপতি আৰু পালী সেনাপতিসকল – দেৱেশ্বৰ শৰ্মা, গৌৰীকান্ত তালুকদাৰ, ধনীৰাম তালুকদাৰ
যানবাহনৰ ব্যৱস্থাপক – ৰোহিণীকুমাৰ চৌধুৰী।
প্ৰদৰ্শনী আয়োজক – কৃষ্ণনাথ শৰ্মা।
মৰণলৈ দৃক্‌পাত নকৰি অদম্য উৎসাহেৰে অগণন দেশসেৱকে বনৰীয়া বাঘ-চোং ভাঙি, পাণ্ডুত দেশোদ্ধাৰকৰ মন্ত্ৰণা-চ’ৰা পাতিলে। পাণ্ডু-সদিলাপুৰৰ মাজত, ব্ৰহ্মপুত্ৰৰ পাৰতে, নেতাসকলক আছুতীয়াকৈ থাকিবলৈ বাহৰ সজাই দিয়া হৈছিল। সেই বাহৰৰ নাম আছিল “চিত্তৰঞ্জন পুৰ”। প্ৰদৰ্শনী পথাৰৰ নাম দিয়া হৈছিল “পাণ্ডৱনগৰ”। কংগ্ৰেছ-মণ্ডপৰ সিংহদুৱাৰখনৰ নাম দিয়া হৈছিল “স্বৰাজ-দুৱাৰ”; তাৰ পছিমৰখনৰ “গান্ধী দুৱাৰ” আৰু দক্ষিণৰখনৰ “আঞ্চাৰী দুৱাৰ” নাম আছিল।
কংগ্ৰেছৰ অধিবেশন পাতি, অসমৰ সুনাম ৰক্ষা কৰাত, কোনোপিনে যাতে ত্ৰুটী হ’ব নোৱাৰে তাৰ নিমিত্তি, অসমীয়াৰ যে কথাই নাই, মাৰোৱাৰী-বঙালীসকলেও মুক্ত হস্তে ধনৰ টোপোলা আগবঢ়াইছিল। “অসমীয়া” কাকতৰ প্ৰতিষ্ঠাতা চন্দ্ৰকুমাৰ আগৰৱালা ডাঙ্গৰীয়াই, কোনেও নজনাকৈ বৰ গুপুতে-গুপুতে কংগ্ৰেছ-অভ্যৰ্থনা-সমিতিৰ হাতত নগদ দহ হেজাৰ টকা উপযাচি দিছিল। কবি আগৰৱালাদেৱৰ এই অপ্ৰত্যাশিত বদান্যতাৰ কথা বহুত দিনৰ পাচতহে জনা গৈছে। লেখা লোকে, পাণ্ডু কংগ্ৰেছৰ আদ্যোপান্ত বিৱৰণ লেখিছে। আমি মাত্ৰ ওপৰে-ওপৰে চুইহে গ’লোঁ।
উজনি অসমৰ ধনৰ পেৰা মেলাৰ ভাৰ লৈছিল ফুকন ডাঙ্গৰীয়াই, নিজেই। তেখেত চাৰিঙলৈকো আহিছিল। সেই সময়ত ৰাধাকান্ত ফুকনেই আছিল চাৰিঙৰ একমাত্ৰ আঢ্যৱন্ত পুৰুষ। ফুকন আছিল অ-কংগ্ৰেছী। তেখেতে কংগ্ৰেছলৈ বুলি ১০ টকাৰ টোপোলা এটাবান্ধি থৈছিল। দেশভক্ত ফুকন গ’লত, হাতীগিৰীয়া ফুকনে মুখ হৰিব নোৱাৰি লোৱৰ পেৰাত যি পায় তাকে নিজেই খুলি আনিবলৈ ছাবিটো দি দিলে। ৰোহিণী হাতীবৰুৱাই খুলি যি পালে তাকে ৫০০ টকা বুলি লৈ গ’ল। সেই দানৰ আলমতে চাৰিঙৰ লোকনাথ ফুকন, ডিম্বেশ্বৰ চলিহা, দুৰ্গানন্দ কাকতী আৰু সুন্দৰী কাকতীয়নীয়ে চাৰিং কংগ্ৰেছৰ প্ৰতিনিধিত্ব লাভ কৰিলে।
অনুক্ৰমণিকা-মতে সভাৰ কাৰ্য্য চলি থাকোঁতেই আচম্বিতে স্বামী শ্ৰদ্ধানন্দক হত্যা কৰা বাতৰিটো ওলালহি। বিনা মেঘে বজ্ৰপাত হ’ল। সকলো জঁয় পৰিল। শোকাভিভূত অন্তৰত উগুল-থুগুল প্ৰতিহিংসাৰ ঢৌ উঠিল; কিন্তু ক’তো উশৃঙ্খল-উত্তেজনাৰ ভাব প্ৰকাশ নেপালে। সভাৰ আলোচনা-প্ৰস্তাৱাদি ধীৰ-সংযতভাৱেই গৃহীত হৈ গ’ল। তথাপি, শ্ৰদ্ধানন্দ-হত্যাৰ নিচিনা আগমঙ্গহ খোৱা শোচনীয় ঘটনা এটা পাহৰিবলৈ হেজাৰ চেষ্টা কৰিলেও পাণ্ডু কংগ্ৰেছৰ সুমৰণত সি আপোনা-আপুনি ভুমুকি নমৰাকৈ নেথাকে। তাৰ লগতে,এইটোও মনলৈ আহে যে সেইদিনা শোকাচ্ছন্ন ৰভাৰ তলত দৰ্শকমণ্ডলীৰ দহটকীয়া ডাগিত আসন গ্ৰহণ কৰি অসমীয়া মুশ্লিম নেতা চৈয়দ মহম্মদ চাদুল্লায়ো মৌনভাৱেই কংগ্ৰেছৰ লগত সমবেদনা জ্ঞাপন কৰিছিল।
কংগ্ৰেছ-ৰভাৰ তলতে হিন্দু মহাসভাৰো বছেৰেকীয়া অধিবেশন এটা বহুউৱা হৈছিল। সভাপতি আছিল পণ্ডিত মদনমোহন মালৱীয়। অভ্যৰ্থনা সমিতিৰ সভাপতি আছিল গড়মূৰ সত্ৰৰ অধিকাৰ পীতাম্বৰ দেৱ গোস্বামী। তেখেতে মাতৃভাষা অসমীয়াৰে অভিভাষণখন পাঠ কৰিবলগীয়া হোৱাত পঢ়ি যোৱাৰ লগে-লগেই সেই কথাখিনি ইংৰাজীলৈ অনুবাদ কৰি দি যাবৰ প্ৰয়োজন হ’ল। অনুবাদ কৰিবলৈ প্ৰথমতে উঠিল ডেকা উকীল গৌৰীকান্ত তালুকদাৰ। সমজ্যাৰ কোঢ়ালত, তেখেতৰ মাত ডুব গ’ল। তাৰ পিচত উঠিল কৰ্মবীৰ বৰদলৈ। বৰদলৈ ডাঙৰীয়াৰ উচ্চস্বৰ আৰু অঙ্গী-ভঙ্গীয়েও অফলাভগা দৰ্শকৰ মাত জিনিব নোৱাৰিলে। প্ৰকাশৰ অভাৱতে এতিয়া অসমীয়াৰ প্ৰতিভা নুমাওঁ-নুমাওঁ! এই উগুল-থুগুলতে থিয় হ’ল তৰুণৰাম ফুকন। মঞ্চৰ টুপ পাওঁতে-নৌপাওঁতেই ফুকনৰ ব্যক্তিত্বই অজগৰে হোঁপা দি সমজুৱাৰ মন ফুকনৰ ফাললৈকে হুঁপি লৈ গ’ল। ফুকনে কি কয় শুনিবলৈ সকলোৰে কাণ থিয় হ’ল।
সভাপতি গোস্বামীদেৱে এষাৰ-এষাৰকৈ তেখেতৰ বক্তব্য কৈ গৈছে, ফুকনেও ষাৰ-ষাৰকৈয়ে ইংৰাজীলৈ সেই বাক্য তৰ্জমা কৰি গৈছে। তিনিটামান ছেদ অন্ত কৰিয়েই গোঁসায়ে ক’লে, “হিন্দু ধৰ্মই সদাই অহিংস ব্ৰত অৱলম্বন কৰি আহিছে।”
এই বাক্যষাৰেই আছিল অভ্যৰ্থনা সমিতিৰ সভাপতি-ভাষণৰ হাঁও-ফাঁও। শ্ৰদ্ধানন্দ-হত্যাৰ লগত ইয়াৰ সম্বন্ধও বাশিষ্ঠীগঙ্গা দিখৌ সোঁতৰ দৰে অন্তঃসলিলা। সেই গুণে, গড়মূৰীয়া গোস্বামীৰ লিখিত বাক্যষাৰৰ অনুবাদটো ভাবে-ভাষাই এনেকুৱাকৈ প্ৰাঞ্জল, একাৰ্থবোধক, মনোগ্ৰাহী আৰু ৰজিতা খোৱা হ’ব লাগিব যাতে অসমীয়া নুবুজা শ্ৰোতাসকলে তাৰ মৰ্মটো অন্তৰে-অন্তৰে উপলব্ধি কৰি যাব পাৰে। যেই গোঁসায়ে মাত লগালে, “হিন্দু ধৰ্মই সদায় অহিংস ব্ৰত অৱলম্বন কৰি আহিছে”, সেই ফুকনেও ঘপ কৰে ইংৰাজীৰে আৰম্ভ কৰিলে, “হিন্দু ৰিলিজিয়ন হেজ্‌,-” এইখিনিতে লাগিল খুদুৱনি, পাচৰটো শব্দ কি ক’ব, ভাবি অলপ বেলি ফুকন দমকা মাৰি ৰৈ ৰৈছে। সৰগৰীয়া ফুকন হঠাতে নিমাত হোৱা দেখি সমজুৱাৰ মাজতো নিস্তব্ধতাই দেখা দিলে। সকলোৱে মূৰে-কপালে হাত দি ফু-ফু-ফা-ফা কৰিবলৈ ধৰিলে, “ভাল কথা হ’ল, ফুকনো এতিয়া চন্দুৱা পৰে কি চৰেহে!” এনেতে বোমা ফুটাদি ধুম কৰে ফুটিল, “নেভাৰ অ’পোন্‌দ্‌ এন্‌ ইনিমিকেল আই টু এনি আদাৰ ৰিলিজিয়ন”। মুখখন কাতিকৈ তেওঁ ডিঙ্গিটো ঘূৰাই ল’বলৈহে যেন “হেজ্‌” বুলিয়েই দমকি মাৰি ৰৈছিল। ফুকনৰ মুখৰপৰা হুৰুস্‌কৰে মাতষাৰ ওলাই পৰিলতে শ্ৰোতাৰ মাজত যে চাপৰিৰ জাউৰি আৰু হাঁহিৰ খলখলনিখন! আমি আশ্বস্ত হ’লোঁ। স্বগতঃ ক’লোঁও, “আজি ভাল ৰক্ষা কৰিলা প্ৰভু।”
পাণ্ডু কংগ্ৰেছৰ কথা ওলালেই ফুকনৰ সেই বাককৌশলৰ কথাও ওলায়। সভাৰ দিনা মধুপুৰ চাহবাগিচাৰ স্বত্তাধিকাৰী – ৰামেশ্বৰ শৰ্মাই ময়ে লগালগিকৈ বহিছিলোঁ। তেখেতক লগ পালে, এতিয়াও সেই ডেৰকুৰি বছৰীয়া পুৰণি কথাষাৰ ওলায়। ওলালেই কওঁহঁক, “সেইদিনা তৰুণ ফুকন নোহোৱা হ’লে, আমাৰ মান নেথাকিলহেঁতেন; গড়মুৰীয়া গোসাঁয়ো ভাৰতৰ পূজনীয় হ’ব নোৱাৰিলেহেঁতেন।” বাগ্মিতাও বাস্তৱিকতে ঈশ্বৰ-প্ৰদত্ত শক্তি।
সেই সভাৰ আৰু-এটা-কথা আজিও পাহৰিব পৰা নাই। পণ্ডিত মদন মোহন মালৱীয়ক হঁহুৱাওঁ বুলি কোনেও হঁহুৱাব নোৱাৰে। তেওঁৰ হাঁহি দেখিবলৈ পোৱাটো সৌভাগ্যৰ কথা। ভাৰত-বিখ্যাত সঙ্গীতাচাৰ্য্য বিষ্ণুদিগম্বৰ পাৰ্লুস্কৰো সেইদিনা সভাত আছিল। “না-ৰ-দ” এই আখৰ তিনটাতে তেওঁ কতনো সুৰ নলগালে! সুৰৰ সঞ্চাৰ, ধ্বনিৰ লয় আৰু মুখৰ ভঙ্গিমা দেখি দৰ্শকবৃন্দ হাঁহিতে বাগৰি ফুৰা যেন হৈছিল। মালৱীয়জীও প্ৰতিমা হেন গহীন হৈ থাকিব নোৱাৰিলে; তেওঁৰো ওঁঠত হাঁহি বিৰিঙিল। সমজুৱাই হাত-চাপৰিৰে বিষ্ণুদিগম্বৰৰ সঙ্গীত-চাতুৰীৰ ওপৰত জয়মালা অৰ্পণ কৰিলে। বিষ্ণুদিগম্বৰে জলতৰঙ্গৰ সুৰ মিলাই এই দিনাই
“ৰঘুপতি ৰাঘৱ ৰাজা ৰাম
পতিত পাৱন সীতা ৰাম”
বোলা গীতটোৰ প্ৰথম জোৰণি ধৰে। এই কলিৰপৰাই পশু-প্ৰবৃত্তিৰো মন-ভাল-লগোৱা “ৰামধুন্‌” গীতৰ পাহি মেলিলে। এইখন মহাসভাতেই শ্ৰীশ্ৰীযুত গৰমুৰীয়া সত্ৰাধিকাৰ গোস্বামীৰ গভীৰ আধ্যাত্মিক জ্ঞান আৰু হিন্দুধৰ্মৰ নেতৃত্ব ল’ব পৰা যোগ্যতা, দেশভক্ত ফুকনৰ উপস্থিত বুদ্ধি আৰু ব্যক্তিত্বশালী বাগ্মিতা আৰু বিষ্ণুদিগম্বৰৰ সুৰৰ মহিমা ভাৰতময় প্ৰকটিত আৰু প্ৰচাৰিত হ’ল।
    আলান অক্টেৱচ হিউমে ভাৰতবাসীক এটা জাতিৰূপে পৰিণত কৰাৰ অভিপ্ৰায়ে ১৮৮৫ চনত, ভাৰতত কংগ্ৰেছ-মহাসভা স্থাপন কৰে। তেতিয়াৰেপৰা ৪০ বছৰ ভাৰতৰ নানান ঠাইত বছৰে-বছৰে কংগ্ৰেছ উপলক্ষে সকলো প্ৰদেশৰ ইংৰাজী শিক্ষিত লোকৰ সমাগম হৈ আহিছে। দেৱীচৰণ বৰুৱা, সত্যনাথ বৰা, ৰাধানাথ চাংকাকতীয়ে আগৰ অধিবেশন খনদিয়েকত বক্তৃতা দি অসমীয়াৰ চিনাকিও দি থৈছিল। তথাপি, অনা-অসমীয়া ভাৰতীয়ই সিমানতো অসম দেশখন বাঘ-ভালুকেৰে ভৰা অটব্য অৰণ্য বুলিয়েই ভাবিছিল – এনে অপুদ্‌ঘাত ধাৰণাকে পোষণ কৰি আছিল বুলি প্ৰতিনিধিৰ হৈ শলাগৰ শৰাই আগবঢ়াওঁতে মাদ্ৰাজৰ টি. প্ৰকাশমে মুক্তকণ্ঠে প্ৰকাশ কৰিছিল। সেই প্ৰসঙ্গতে তেওঁ আৰু কৈছিল, বোলে, অসমৰ মনোৰম সৌন্দৰ্য্য, গহীন দৃশ্য আৰু সবাতকৈ ওপৰ, অসমীয়া মানুহৰ সৰল আতিথ্য আৰু বিপুল সংগঠন শক্তি দেখি তেওঁ বিমুগ্ধ হৈছে আৰু প্ৰত্যেকজন প্ৰতিনিধিয়েই তবধ মানিছে।
    কংগ্ৰেছ পতাত বহুত টকা ধাৰ লাগিল। কংগ্ৰেছৰ নিমিত্তে দেহা মাৰি কাম কৰিলে, খৰিভাৰী হজুৱা অসমীয়া ডেকাই আৰু ৰইনাৰে ধন চপালে পেটমোহৰা সদাগৰবিলাকে। ফলত, ফুকন-বৰদলৈ-দুৰ্গী বৰুৱা (দুৰ্গানাথ বৰুৱা) আদি ভালেমান দেশপ্ৰেমিকে হাতত লাও-টোকাৰী ল’বলগীয়া হ’ল। “আৰ্জিলে নন্দৰ গুৱালে, খালে খঁৰা শিয়ালে।” সৰ্বস্বান্ত হ’ল যদিও, ফুকন-বৰদলৈয়ে জীৱন্তত সেই বাবে আক্ষেপ কৰা কোনেও নুশুনিলে।
    অভ্যৰ্থনা জনাওঁতে ফুকনে কৈছিল,- “আগুৱালটোৰ পাচে-পাচে ইবোৰ ভেড়াই যেনেকৈ বাট ধৰে, আমাৰে তেনেকৈ মহাত্মা গান্ধীৰ পাচ-ধৰি স্বৰাজ লাভ কৰিবলৈ ওলোৱাঁহঁক। এই বাক্যষাৰওলোৱা মাত্ৰকে কংগ্ৰেছ-মণ্ডপ, হাত-চাপৰি আৰু হৰ্ষধ্বনিত ভাগো-ভাগো যেন হৈছিল।
    ১৯২৬ চনৰ কংগ্ৰেছেই ১৯৩০ চনৰ আইন-অমান্য আন্দোলনৰ ভেঁটী বান্ধি দিলে।
    পাণ্ডু-কংগ্ৰেছৰ বিৰাট আয়োজন সুপ্ৰশংসাৰে সুসম্পন্ন কৰাত, অমায়িক ৰোহিণীকুমাৰ হাতীবৰুৱা, দৰিদ্ৰ-নাৰায়ণ অমিয়কুমাৰ দাস, চৌকস বুদ্ধিৰ চূড়ামণি লক্ষ্মীধৰ শৰ্মা, ত্যাগবীৰ হেমচন্দ্ৰ বৰুৱা, ভীষ্ম-প্ৰতিম, দৃঢ়প্ৰতিজ্ঞ ধনীৰাম তালুকদাৰ, বুদ্ধি-কৌশলৰ ৰহঘৰা দেৱেশ্বৰ শৰ্মাকে মুখ্য কৰি ডেকাতৰপ সেৱক আজৰি নোহোৱা উদ্যমেৰে টাকুৰি ঘূৰাদি ঘূৰি ফুৰিছিল। হাতীবৰুৱাৰ সৰহ ভাগ দিন-ৰাতি যে গুৱাহাটী-কলিকতাৰ সোঁমাজতেই গৈছিল। সম্পাদকৰ কৰিবলগীয়া কামৰ সম্পূৰ্ণ বোজাটো তেওঁৰ মূৰতেই হাতে-মূৰে পৰাত, সকলো কথাতে হাতীবৰুৱা নহ’লেই নহৈছিল। কলিকতাৰ কোন ঠাইত ইলেক্‌ট্ৰিক বাল্ব্‌ এটা সস্তাকৈ পায়, তাকো হাতীবৰুৱায়েই তদ্বিৰ কৰিব লাগিছিল। কংগ্ৰেছৰ কাঁচিয়লি ৰ’দ লওঁতা এই লেখকৰ হতুৱাই ইংৰাজীৰে ‘কংগ্ৰেছ-গাইড্‌’ এখনো তেওঁ বানচ দি লেখোৱাই অসম কংগ্ৰেছৰ নামত তেৱেঁই প্ৰকাশ কৰিছিল। অমিয় দাস আছিল ‘অসমীয়া’ কাকতৰ সম্পাদক। কংগ্ৰেছ অধিবেশনৰ কাম চোৱাৰ উপৰিও, তেওঁ ‘অসমীয়া’খন সভাবহা কেইদিন দৈনিককৈ উলিয়াইছিল। দাসৰো উশাহ-শুৰ্তিয়েই নাছিল। মুঠৰ ওপৰতে, কংগ্ৰেছ নগৰ নিৰ্মাণ, মণ্ডপগঠন, প্ৰদৰ্শনীৰ ৰভাতোলন, কলেৰে পানী যোগান – এইবোৰ কাম কৰোঁতে গোটেই অসমীয়া শক্তিটো যেন কেৰেলুৱাৰ দৰে পাণ্ডুতেই মেৰপাতি আছিল। পাণ্ডু কংগ্ৰেছেই সকলোৰে মনৰ কুঁৱলী গুচাই পেলালে।
উত্স গ্ৰন্থ: কংগ্ৰেছৰ কাঁচিয়লি ৰ’দত

 

Previous Article

Ritha Devi : Carrying forward the Legacy

Next Article

CHAO-LUNG SUKAPHA

You may also like

Leave a Reply

Your email address will not be published. Required fields are marked *