দেউৰী লোকগীত : এটি সমীক্ষা

No Comments Share:
deori community (2)

লেখক : খগেন চন্দ্ৰ দেউৰী


“লোকগীত বা লোকসাহিত্য লোকসংস্কৃতিৰ এক প্ৰধান অংগ। লোকসংস্কৃতিৰ জন্ম, সমৃদ্ধি আৰু বিকাশৰ পটভূমি সাধাৰণতে লোকসমাজ। নগৰাদিৰ জন্মৰ পূৰ্বে যিখন সমাজত মানুহে বসবাস কৰিছিল সেইখন সমাজকে লোকসমাজ স্বৰূপে গণ্য কৰিব পাৰি।
    লোকসাহিত্যৰ বাহন হ’ল মুখ আৰু তাৰ ঘাই চালিকা শক্তি হ’ল স্মৃতি। স্মৃতিৰ উপযুক্ত বাহন কথা নহয়, কবিতাহে। সেইকাৰণে জগতৰ প্ৰতিটো জাতি-উপজাতিৰ মাজত প্ৰচলিত লোকসাহিত্যত লোককবিতা বা লোকগীতে উল্লেখযোগ্য স্থান অধিকাৰ কৰি আছে আৰু জনসাধাৰণৰ মাজতো ইয়াৰ আদৰ সবাতোকৈ বেছি।
    সুখ-দুখ, হৰ্ষ-বিষাদ, প্ৰেম-ঘৃণা, আনন্দ, আশা-নিৰাশা, বেদনা আদি অনুভূতি মানুহৰ আজন্ম সহচৰ। এনেবোৰ অনুভূতিয়ে যেতিয়া কল্পনাৰ ৰঙেৰে ৰঞ্জিত হৈ ভাষাৰ জৰিয়তে প্ৰকাশ লাভ কৰে, তেতিয়া সিয়েই হয় কবিতা- সিয়েই হয় গীত।” – অসমীয়া লোকগীত সমীক্ষা,ড৹ বসন্ত কুমাৰ ভট্টাচাৰ্য
    দেউৰী লোকগীতসমূহতো এনেবোৰ অনুভূতিৰ প্ৰতিফলন দেখা যায়। দেউৰী লোকসংস্কৃতিৰ ইতিহাসত দেউৰী লোকগীতসমূহে এক বিশিষ্ট স্থান অধিকাৰ কৰি আছে। এই লোকগীতসমূহ কেৱল আনন্দ দানৰ বাবেই নহয়, দেউৰী কৃষিজীৱী গঞা লোকৰ কৰ্মমুখী জীৱনৰ প্ৰতিফলক স্বৰূপেও ইয়াৰ মূল্য অপৰিসীম।
    ড৹ সত্যেন্দ্ৰনাথ শৰ্মাই অসমীয়া লোকগীতবোৰ যেনেকৈ তিনিটা শ্ৰেণীত ভাগ কৰিছে তেনেকৈ দেউৰী লোকগীতসমূহকো ভাগ কৰিব পাৰি। (১)অনুষ্ঠানমূলক, যেনে- আবৰব, লহৰিয়া, হাতচাপৰি বা উতুদেদুবা, হিচৰি, বিচু, পূজা-পাতল, আইনাম, বিয়ানাম ইত্যাদি। (২)আখ্যানমূলক, যেনে- মালিবাইগীত, বান্ধৈ গীত ইত্যাদি। (৩)বিবিধ বিষয়ক, যেনে- নিচুকনি গীত, ঘিলা খেলৰ গীত।
    মূলতঃ ড৹ শৰ্মাৰ ভাগ তিনিটাৰে দেউৰী লোকগীতসমূহক ভাগ কৰিব পাৰি যদিও গভীৰ অধ্যয়ন কৰিলে দেখা যায় যে ড৹ হেমন্ত কুমাৰ শৰ্মাই অসমীয়া লোকগীতক, বিষয়বস্তু অনুসৰি যিদৰে চাৰিটা ভাগত ভগাই সিবোৰৰ ভালেমান উপবিভাগৰো উল্লেখ কৰিছে তেনেদৰে দেউৰী লোকগীতসমূহকো ভাগ কৰিব পৰা যায় যেন অনুমান হয়। যেনে-
    (১)অনুষ্ঠানমূলক (ক) ধৰ্মমূলক বা ভক্তিমূলক- আবৰব, হাতচাপৰি, লহৰিয়া, আইনাম, অপেছৰি সবাহৰ গীত আৰু অন্যান্য পূজা-পাতলৰ আশীৰ্বাদস্বৰূপ গীতসমূহ। (খ) ধৰ্মনিৰপেক্ষ বা ভক্তি নিৰপেক্ষ- বিচুগীত, বিয়ানাম। বিচু্গীত আৰু মজায়াত দেউৰী সমাজ জীৱনৰ চিত্ৰ, প্ৰেমৰ স্বৰূপ দেখা যায়।
    (২) কৰ্ম বিষয়ক গীত : নিচুকনি গীত, গৰখীয়া গীত আদি।
    (৩) আখ্যানমূলক বা বৰ্ণনাপ্ৰধান- (ক) বুৰঞ্জীমূলক (খ) কিংবদন্তি বা জনশ্ৰুতিমূলক (গ) বিলাপ গীত।
    (৪) জুনা আৰু ধেমেলীয়া গীতসমূহ।
দেউৰী ধৰ্মমূলক বা ভক্তিমূলক গীত
    আবৰব গীতসমূহ দেউৰীসকলৰ চিৰ আৰাধ্য কুন্দিমামাক স্মৰণ কৰি গোৱা হয় এনেদৰে-
ঘোষা : আবৰব নাহাঙা আবৰ বচে।
পদ   : চাই মুৰঙ নাহাঙা কুন্দিয় মুৰঙ
      হাজাৰ দায়না নাহাঙা কোন্দিয়া কেমি
      দুৰুম কুৎচ্চি নাহাঙা লাগু দুপান।
      পেপা মুহনি নাহাঙা লাগু দুপান
      হৰাই কুৎচ্চি নাহাঙা লাগু দুপান।।
    সাধাৰণতে এনে ভক্তিমূলক গীতসমূহ দেউৰীসকলৰ উপাসনা থলী দেওঘৰ বা দেওশালত পৰিৱেশন কৰা হয়। ইয়াৰ প্ৰমাণ পোৱা যায় লোকগীতৰ পদসমূহত। এনে নৃত্যসমূহ গীত প্ৰধান। কাৰণ গীতসমূহ নিৰ্দিষ্ট পদৰ অন্তৰে অন্তৰে পৰিৱৰ্তন হয় আৰু বেলেগ বেলেগ সুৰত আয়তীগৰাকীয়ে ঘোষা দি যায় আৰু লগৰীয়াসকলে তেওঁক অনুকৰণ কৰে। এনে নৃত্যসমূহ পুৰুষবৰ্জিত আছিল বুলি বুঢ়া-মেথাসকলৰ মুখত শুনা যায়। কিন্তু আজিকালি নতুন প্ৰজন্মই এই পৰম্পৰা ভংগ কৰি ডেকা-গাভৰুৱে ধৰা-ধৰি কৰি নৃত্য পৰিৱেশন কৰে। এনে ধৰা-ধৰি কৰাৰো এক পৰম্পৰা আছে। সাধাৰণতে বিয়া-বাৰু পাতিব পৰা ফৈদৰ ছোৱালীৰ লগতহে ডেকাসকলে হাতত ধৰে। বিশেষকৈ প্ৰেমৰ সম্পৰ্ক থকা ডেকাৰ লগতেই গাভৰুগৰাকীয়ে ধৰা-ধৰি কৰে। বয়োজ্যেষ্ঠসকলে তাৰ পৰাই নিজৰ সম্ভাব্য বোৱাৰী বা জোঁৱাইৰ সন্ধান পায়। এনে গীত কিছুমান উপদেশমূলক।
    অতু চাপৰি দেমা (হাত চাপৰি)
    দেউৰী সমাজত অতি জনপ্ৰিয় নৃত্য অতু চাপৰি দেমা (হাত চাপৰি দিয়া)। এই গীতসমূহো আবৰব গীতসমূহৰ দৰেই। এগৰাকী গায়িকাই ঘোষা আৰু পদ দি যায় বাকী লগত থকা গাভৰুসকলে তালে তালে হাত চাপৰি বজাই উৎসাহিত কৰে। নাচনীসকলে ঘূৰি ঘূৰি নাচে। এই নাচ যথেষ্ট কঠিন যদিও দেউৰীসকলৰ মাজত অতীজৰে পৰা চলি অহা পৰম্পৰা অনুযায়ী আবৰব গীতসমূহৰ শেষত এই নৃত্য পৰিৱেশন কৰা হয়। এই নৃত্যও গীতপ্ৰধান। গীতসমূহৰ এক বিশেষ ক্ৰম আছে। ক্ৰম অনুসৰি গীত পৰিৱেশন নকৰিলে নাচনী ৰৈ যায় আৰু ক্ৰমত নোগোৱাৰ কৈফিয়ৎ বিচাৰে। অৱশ্যে অতীতৰ এই বৈশিষ্ট্যপূৰ্ণ নৃত্যত পুৰুষ বৰ্জিত আছিল যদিও বৰ্তমান এই বৈশিষ্ট্য নাইকিয়া হৈছে আৰু নৃত্যত ডেকাসকলেও অংশগ্ৰহণ কৰা দেখা যায়। নৃত্য গীতৰ মাজে মাজে গীতৰ সুৰত পেঁপা বজাই নাচনীক উৎসাহিত কৰাৰ লগতে সম্ভৱতঃ গায়িকাকো কিছু জিৰণি দিয়ে। এই লোকগীতসমূহৰ প্ৰথম গীতটি এনে ধৰণৰ-
ঘোষা : হুৰাই ৰাঙুলিৰে হেই।।
পদ   : হুৰাই ৰাঙুলি বান্ধিলো ডাঙৰি।
      তুলি দিওঁতা নায়ে হেই।।

      তুলি দিওঁতা আছে বৰে বৌ।
      ককায়ে নপঠিয়াই হেই।।
    
      ককাই যে ককাই আপোনাৰ ককাই
      বৌয়ে পৰৰে জীয়ে হেই।।
      ককাই গাঁৰু পাতি লোকে গছকিলে
      বৌয়ে পৰৰে জীয়ে।।
দেউৰী ভাষাত-
পদ :  হুৰাই ৰাঙুলি চ্চিদামেম ডাঙৰি
     চ্চুৱা দুৰেয়াচি জাৰে হেই।। ঐ

     চ্চুৱা দুৰেয়া দুঁই দে বুজি
     কাইয়া পাচ্চিয়াৰে হেই।। ঐ
     কাকাই যে কাকাই অ’ চ্চেকুয় কাকাই
     বুজিয়া মিচ্চিয় পিচাচি ৰে হেই।। ঐ

     কাইয় গাঁদুনা মিচ্চি আকাজিদুবেম
     বুজিয়া মিচ্চিয় পিচাচি।। ঐ
    এনে লোকগীতসমূহৰ মাজত দেউৰী সমাজৰ দৈনন্দিন জীৱনৰ কৰ্মৰাজি, প্ৰকৃতি বৰ্ণনা, কেনে ধৰণৰ ছোৱালী পৰিবাৰৰূপে গ্ৰহণ কৰা উচিত, কাপোৰ বোৱা, খেতি-বাতিৰ পদ্ধতি, সামাজিক পৰম্পৰা আদিৰ আভাস পোৱা যায়। কিন্তু অতীতৰে পৰা মুখে মুখে চলি অহা এই লোকগীতসমূহৰ লিখিত ৰূপত দেখা যায় যে বহু কথা গীতসমূহত লুকাই আছে। তদুপৰি মুখে মুখে বাগৰি অহাৰ বাবে বহুতো শব্দৰ ভুলকৈয়ে গীত পৰিৱেশন কৰি থকা দেখা যায়। এই গীতসমূহ সংশোধন কৰাৰ যথেষ্ট থল আছে।

দুচিয়া পাতিয়া
    দুচিয়া পাতিয়া লোকগীত অধ্যয়ন কৰিলে দেখা যায় ই এবিধ উচ্চ স্তৰৰ ভক্তিমূলক গীত। গীতসমূহৰ যোগেদি দেউৰীসকলৰ চিৰআৰাধ্য কুন্দিমামাক (ধৰম ৰজা) পৱিত্ৰ ভাবত প্ৰাৰ্থনা কৰা এবিধ লোকগীত। গীতসমূহত দেউৰীসকলৰ বিহু, পূজা-অৰ্চনা, দহা-বিয়াত ব্যৱহৃত বিশেষ সামগ্ৰীবোৰে কুন্দিমামাক প্ৰাৰ্থনা জনাই কি কি কামত তেওঁক সহায় কৰিব, সেৱা দিব (Service)ইত্যাদিৰ বৰ্ণনা পোৱা যায়। দেউৰীসকলে অশৌচ শুচি কৰা (পৱিত্ৰ) কৰ্মত ব্যৱহৃত ‘কিমাৰু’য়ে (টেংলেটি) প্ৰভুৰ পৱিত্ৰ ফুল হৈ সেৱা দিয়াৰ প্ৰতিশ্ৰুতি পোৱা যায়। দেউৰী সমাজত অতীজৰে পৰা বিশিষ্ট স্থান অধিকাৰ কৰি অহা প্ৰিয় খাদ্য ‘মিকাজি-মেজেঙা’ যি শাকেৰে দহা-বিয়াত গাহৰি মাংসৰ সৈতে বনোৱা হয়, যিটো আঞ্জা নিদিয়ালৈকে চাৰি দেউৰীয়ে আশীৰ্বাদ প্ৰদান নকৰে- সেই মিকাজি-মেজেঙাও প্ৰভুৰ পৱিত্ৰ কৰ্মত ‘কাজি’ হৈ (ভাজি) সেৱা কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। উল্লেখ থাকিল যে অতীতত দেউৰীসকলে দহা-বিয়াত ‘চ্চাগিবি চ্চা’ (কৌপাত) নহ’লে ভোজ নাখায়। বিয়াত কইনা-দৰা চাংঘৰত নমাওঁতে-উঠাওঁতে ব্যৱহাৰ কৰা নতুন জখলাটি কৌপাতেৰে বিশেষভাৱে মেৰিয়াই সজোৱা হয়। সেই কৌপাতেও প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ বিষয়ে জনা যায়। এই দুচিয়া পাতিয়া লোকগীতেই আটাইতকৈ দীঘল আৰু ‘বাৰেস্তলৈ’ (পৃথিৱীলৈ) দেউৰীসকলৰ কি কি প্ৰাণী বৈশিষ্ট্যপূৰ্ণ সামগ্ৰী নামি আহিছিল তাৰ বৰ্ণনা পোৱা যায়।

হিচৰি গীত (হুচৰি গীত)
    দেউৰী সমাজত ‘হিচৰি’ গীতৰ এক সুকীয়া বৈশিষ্ট্য আছে। যিহেতু হিচৰি গীতৰ লগত নৃত্যৰ সম্পৰ্ক নাই। তদুপৰি দেউৰী সমাজত হিচৰি বছৰি অনুষ্ঠিত নহয়। যি বছৰ হিচৰি অনুষ্ঠিত কৰাৰ মনস্থ কৰে সেই বছৰ মাঘ বিহুতে দেওঘৰত ‘হৰাই’ দি ডেকাসকলে নিৱেদন কৰে। সেয়ে দেউৰী গাঁৱৰ কোনোবা এখনত হিচৰি অনুষ্ঠিত কৰাৰ সিদ্ধান্ত হ’লে অসমৰ গোটেইবোৰ দেউৰী গাঁৱতে জনাজাত হৈ পৰে।
    দেউৰী সমাজত হিচৰি গোৱাৰ পদ্ধতিও সুকীয়া। যাৰ গৃহত হিচৰি গাব সেই ঘৰৰ মানুহে চোতালত চাৰিওফালে খুঁটি পুতি শুকান বাঁহ বান্ধি দিয়া হয়। যেতিয়া গাঁৱৰ ডেকা ৰাইজ আহি পায় তেতিয়া বাঁহ বান্ধি থোৱা স্থানত থিয় হৈ হাতে হাতে বাঁহৰ টুকুৰা লৈ গীতৰ তালে তালে কোবায়। নামতিয়ে পদ দি যায় আৰু তেখেতক অনুকৰণ কৰি ডেকাসকলে বাঁহত কোব দি এনেদৰে গায়-
ঘোষা : হৰে হৰে বাই ভলাত কাপোৰ ঘূৰে।
পদ : হুৰে হুৰে গীতক কোনে স্ৰজিলে হুৰে হুৰে
        আইনো সৰস্বতী সেয়ে স্ৰজিলে।
    এনেদৰে পদ দি যাওঁতে দেউৰী সমাজত প্ৰচলিত বিচু অনুষ্ঠিত হোৱা পদ্ধতিৰ বিষয়ে সন্ধান পোৱা যায়। দেউৰী সমাজত অতীজৰ পৰাই দোমাহীত অৰ্থাৎ সংক্ৰান্তিত অশৌচ থাকে বুলি বিশ্বাস কৰি আহিছে। সেয়ে তেখেতসকলে সাধাৰণতে উৰুকাত বিহু অনুষ্ঠিত নকৰে। সংক্ৰান্তিৰ পাছৰ প্ৰথম বুধবাৰে থান ঘৰত পূজা-অৰ্চনা কৰি বৃহস্পতিবাৰৰ পৰা বিচু অনুষ্ঠিত কৰে। তাৰে উমান পোৱা যায় হিচৰি গীতত-
পদ : মাছক ধৰি খালে লুইতৰ শিহু
    বুধবাৰে উৰুকা বৃহস্পতিবাৰে বিহু।
    দেউৰী সমাজত হিচৰি মাৰোঁতে এটা কথা বিশেষভাৱে মন কৰিবলগীয়া। সেয়া হৈছে হুচৰি দলে যি বিচাৰে তাকে দিব লাগে বুলি এক পৰম্পৰা আছে।  যিহেতু বহু বছৰৰ মূৰতহে একো একোখন গাঁৱত হুচৰি গোৱা হয়। সেয়ে সেই সময়ৰ ভিতৰত যিমানগৰাকী বোৱাৰী সেই ঘৰত বিয়াত সোমায় সিমানগৰাকীয়ে একোখনকৈ গামোচা হৰাইত দিয়াৰ লগতে ‘অৰিহণা’ (দক্ষিণা) যথাসাধ্যে দিয়াৰ নিয়ম।
    এই হিচৰি লোকগীতসমূহত বহু কথাৰ সন্ধান পোৱা যায়। গীতসমূহ পদ্ধতিগতভাৱে অধ্যয়ন কৰিলে দেউৰী সমাজৰ বহু পুৰণি কাহিনী জনাৰ লগতে ভাষা-সাহিত্যৰো ভঁৰাল চহকী হ’ব। উল্লেখ থাকিল যে চাৰিওফালে বন্ধা বাঁহ নফটালৈকে গীতৰ তালে তালে বাঁহত কোব দিয়েই থাকে।

লহৰিয়া গীত
    হিচৰি আৰু লহৰিয়া গীতসমূহৰ আৰম্ভণিতে একেখিনি কথাৰে পাতনি মেলে যদিও গীত, সুৰ আৰু নৃত্যৰ ভংগী বেলেগ বেলেগ। হিচৰি আৰু লহৰিয়া দুয়োটা নৃত্যতে নাৰীবৰ্জিত বুলি জনা যায়। কিন্তু আজিকালি ‘লহৰিয়া’ নৃত্যত নাৰীয়েও অংশ গ্ৰহণ কৰাত নৃত্যৰ যি ভংগীমা সেইটো স্তিমিত হোৱা যেন লাগে। লহৰিয়া নৃত্য সাধাৰণতে নৃত্যসমূহৰ অন্তত পৰিৱেশন কৰে। বিশেষকৈ ‘বিচু উৰুৱাৰুবা’ বা ‘বিচু উৰাবা’ সামৰণি বিহুৰ দিনা দেওহালত মন্দিৰক কেন্দ্ৰ কৰি হাতত ধৰা-ধৰি কৰি জঁপিয়াই জঁপিয়াই তালে তালে গীত পৰিৱেশন কৰে। এই গীত পৰিৱেশনতো একোজন বা ততোধিক গাইলাদুয়াই (নামতিয়ে) গীত পৰিৱেশন কৰে আৰু বাকীসকলে তেখেতক অনুসৰণ কৰে। এই লহৰিয়া গীত শদিয়াত থকা দেউৰী জাতিৰ ঐতিহাসিক চাৰিশাল গোঁসানীক শ্ৰদ্ধাসহকাৰে প্ৰণাম জনাই এনেদৰে গায়-
ঘোষা : লহৰি অ বাই জহৰিয়া ধন বাই লহৰিয়া।
পদ : লহৰিয়া গীত কোনে সৰজিলে ধন বাই লহৰিয়া
    শদিয়া ৰাজ্যত চাৰিশাল গোঁসানী ধন বাই লহৰিয়া
    তেওঁলৈ নমস্কাৰ কৰোনা ডেকাহঁত ধন বাই লহৰিয়া
    গীতৰ মাধ্যমেদিয়েই গাইলাদুয়াই অংশ গ্ৰহণকাৰী নৃত্যৰত ডেকাহঁতক কেনেকৈ নৃত্য কৰি যাব লাগে তাৰ ইংগিত দি যায় এনেদৰে-
    হাতে ধৰাধৰি মাতৰে কিৰীলি ধন বাই লহৰিয়া
    উচপি লগাই দে মাতৰে কিৰীলি ধন বাই লহৰিয়া

    হাতৰে লেচাৰি ভৰিৰ গিৰিজনি ধন বাই লহৰিয়া
    কঁকাল হালি জালি মাৰনা ডেকাহেও ধন বাই লহৰিয়া।
    এই লহৰিয়া গীতৰ বাকী গীতসমূহত গভীৰ তত্ত্বমূলক উপদেশ পোৱা যায়।

চিংপাই বেগাবা (চিংফাই)
    এই চিংপাই বা চিংফাই বেগাবা নৃত্যৰ গীতসমূহৰ ভাষাৰ অৰ্থ আৰু নৃত্যৰ মাজত সম্পৰ্ক জনা নাযায় যদিও নৃত্যটি আকৰ্ষণীয়। নতুনচামে বৰ সহজভাৱে এই নৃত্য আয়ত্ত কৰিব পাৰে। গীতৰ সুৰো সহজ যেন লাগে।

ৰহিলা গীত
    এইবিধ নৃত্যৰো এক বিশেষ বৈশিষ্ট্য আছে। ৰৈ ৰৈ নচা এইবিধ হাত চাপৰিবিধৰ নৃত্যৰ গীতসমূ্হক ৰহিলা গীত বুলিয়ে জনা যায়-
    ৰহিলা এ চাম চাইলা
    ৰহিলা এ চাম চাইলা, চাম চাইলা চাম চাইলা
    এ হে হে ৰহিলা হেই।।
    ৰহিলা এ দুগয় বিচুৱা
    ৰহিলা এ অচ্চা যে ইগাবা
    ৰহিলা চাজেমত লেহেনৈ গেই হে। ঐ
    এনে গীতসমূহত তত্ত্বগধুৰ ভাব নাথাকিলেও গোৱাৰ ৰীতিয়ে বিচুবলিয়া লোকৰ হৃদয় স্পৰ্শে আৰু নৃত্য বা নাচনীৰ গাৱো থিৰেৰে ৰখাব নোৱাৰা পৰিৱেশ সৃষ্টি কৰে।

য়া দেগাবা
    চাংঘৰত বসবাস কৰা দেউৰী সমাজৰ এক বিশেষ বৈশিষ্ট্য। এনে চাংঘৰ ন-কৈ বনাওঁতে খুঁটা, চতি, মাৰলী, বেৰ, দুৱাৰ, জখলা আদি বনোৱাৰ পাছত উপযুক্তভাৱে সজোৱা হৈছেনে নাই তাৰেই প্ৰমাণ চাবৰ বাবে বুঢ়া-মেথাসকলে ডেকাবোৰ শাৰী পতাই নৃত্যৰ ভংগীমাৰে গোৱা হয়।

আই নাম
    আই নাম দুই প্ৰকাৰৰ। ঘৰত পতা আই পূজা ‘য়ই মিদি’ আৰু নদীৰ পাৰত গোটেই গাঁৱৰ ৰাইজে সমূহীয়াভাৱে আয়োজন কৰা ‘বৰ সবাহ’। ঘৰত ব্যক্তিগতভাৱে আয়োজন কৰা আই সকামত ‘আৰাউ’ প্ৰাৰ্থনা কৰোঁতে গোৱা হয়। এনে প্ৰাৰ্থনাত ভগৱানক সম্বোধন কৰাৰ লগতে অন্যান্য দেৱীসকলকো আৰাধনা কৰা হয়। কিন্তু বৰ সবাহত আই ভৱানী বা ভগৱতীক বিশেষভাৱে আমন্ত্ৰণ জনাই থাপনাত স্থাপন কৰাৰ পাছত সন্মান সহকাৰে বিদায় দিয়া হয়। যথা-
ঘোষা : য়ে আসন পাৰি দিয়া
      বহক মহামায়া
      থাকক গোপীৰ কথা শুনি হে।
পদ : সকলো গোপীয়ে একতা চিত্তেৰে
    ভোলা দুৰ্গতি নাশিনীক হে

অপেশ্বৰী সবাহৰ গীত (অপ্সৰা সবাহ)
    এই সবাহ পুষ্পিতা নোহোৱা ছোৱালী তিনি বা পাঁচজনীসহ এজনী বৃদ্ধা আয়ে পৌৰোহিত্য কৰা আৰাধনাৰ সুৰো এক বৈশিষ্ট্যপূৰ্ণ। কন্যাকালৰ দোষ, সমনীয়াৰ দোষ থাকিলে এনে সবাহ পাতি দায়মুক্ত কৰি দিবলৈ প্ৰাৰ্থনা জনায় ইষ্ট দেৱতাক।

অন্যান্য পূজাৰ আশীৰ্বাদসূচক গীতসমূহ
    অন্যান্য পূজা বুলি ক’লে দেওশালৰ পূজাসমূহক বুজোৱা হৈছে। সেইবোৰৰ ভিতৰত মেঠুৱা, ৰাজকেমা, আচিয়া মিদি আদি পূজাত যিবোৰ ভাষা আৰু সুৰেৰে আৰাধনা কৰা হয় আৰু আশীৰ্বাদ দিয়া হয় সেই সুৰবোৰত এক বিশেষ সুৰ নিহিত হৈ আছে। লগতে ভাষাবোৰত বহু হেৰাই যোৱা শব্দ বিচাৰি পোৱা যায়। ইয়াৰ বাবে দেউৰী পূজাৰীসকলৰ আন্তৰিক সহযোগিতাৰ অতীব প্ৰয়োজন হ’ব।

ধৰ্ম নিৰপেক্ষ বা ভক্তি নিৰপেক্ষ
বিচুগীত
    অন্যান্য লোকগীতসমূহতকৈ দেউৰী বিচুগীতৰ এক সুকীয়া স্থান আছে। বিচু মৰাৰ আৰম্ভণিতে বিহুৱান বা বিহুৱতীসকলে তেওঁলোকৰ আৰাধ্য দেৱতা কুন্দিমামাক সন্মান জনাই এনেদৰে গীত পৰিৱেশনৰ পাতনি মেলে-
        য় য় মহামায়া            য়য় দয়াময়া
                হে য়য় মামাৰু মামি।
        নিয় উলি পুলিয়া            চাজেনই ননি
                দায় দুৰা মুগনা কেমি।।
    কোনোবা প্ৰেমিকে ব্যংগ কৰি প্ৰেমিকাক গীতৰ যোগেদি ইংগিত দিয়ে যে তেওঁ থকা সত্ত্বেও মাক-বাপেকে তাইৰ বাবে জোঁৱাই বিচাৰি নোপোৱাৰ কথা এনেদৰে বৰ্ণনা কৰে-
        হেৰাপাই মইনাচি            চুৰুচ্চালে জালাইচি
                নিয় য়য়, বাবায় পূঁজি।
        নিয় য়য় বাবিৰি            নিয় বাবা চিন্তিৰি
                ননামাই নিমায়া আজি।।
ভাবাৰ্থ : হেৰা মোৰ সোণজনী সৰুৰ পৰাই চাতুৰী, পিতৃ-মাতৃৰ সোণস্বৰূপ। তোমাৰ মা-দেউতাই ভাবি-চিন্তিও এজন জোঁৱাই বিচাৰি পোৱা নাই।

    মজায়া গীত (এক সুৰীয়া গীত)
    অতীতৰ পৰাই দেউৰী সমাজত মজায়া গীতৰ স্থান সুকীয়া। এই জনপ্ৰিয় লোকগীত মূলতঃ কৰুণ ৰসেৰে সমৃদ্ধ। ইয়াক এককভাৱে গোৱা হয়। প্ৰেমিকে প্ৰেমিকাৰ বিৰহত প্ৰেয়সীৰ গুণ বৰ্ণনাৰ লগতে অতীত স্মৃতি ৰোমন্থন কৰি ম’হ ৰাখি থাকোঁতে, পথাৰলৈ যাওঁতে-আহোঁতে, হাতীৰ পিঠিত উঠি এই হৃদয় বিদাৰক গীতটি গায়। কোনোবা মাতৃ-পিতৃহীন সতি-সন্তানেও পিতৃ-মাতৃৰ বিৰহত তেখেতসকলৰ স্মৃতি ৰোমন্থন কৰিও এনে গীত গায়। সাংসাৰিক জীৱনত দুখে কুলাই-পাচিয়ে নধৰা হ’লে বা আনৰ পিতৃ-মাতৃয়ে আনন্দ উপভোগ কৰিলে এনে গীত স্বতঃস্ফুৰ্তভাৱে নিগৰি আহে। দীঘল দীঘল সুৰ টানি গোৱা এনে গীতসমূহে মুহূৰ্ততে মানৱ অন্তৰৰ আৱেগ-অনুভূতি জাগ্ৰত কৰি তুলিব পাৰে।

নিচুকনি গীত (লাউ নমা)
    এই নিচুকনি গীতসমূহ মুখে মুখেহে চলি আছে। ইয়াৰ কোনো লিখিত ৰূপ নাই। কেঁচুৱাই কান্দিলে ককাক-আইতাকে নাতি-নাতিনীক বা পিতৃ-মাতৃয়ে সতি-সন্তানক টোপনি আহিবলৈ বা নিচুকাবলৈ এনে গীত গোৱা হয় এনেদৰে-
    দৰ দৰ মি মি য়েকুনৈ কৰি অ’ মইনা আ অ’ অ’
    তি-তিচ্চা দুমে অ’ মইনা ……
    মেচা মেপু কৰি অ’ মইনা ……
    এই গীতসমূহৰ যোগেদি নিচুকাওঁতাই সুমধুৰ সুৰেৰে গাই গাই কেঁচুৱাক টোপনি যোৱাত সহায় কৰে।

বিয়া নাম
    দেউৰী সমাজত অতীজৰে পৰা বহু প্ৰকাৰৰ বিবাহৰ পদ্ধতি পালন কৰি আহিছে। সেইবোৰৰ ভিতৰত গন্ধৰ্ব প্ৰথাৰে পতা বিবাহেই আটাইতকৈ জনপ্ৰিয়। অতীতত বৰ বিয়া পতাৰ পদ্ধতি অতি জটিল আছিল। সেয়ে এনে বৰ বিয়া হাজাৰত এজনেহে পাতিছিল। গন্ধৰ্ব প্ৰথাৰে বিয়া পতা লোকসকলে পুনৰ বুঢ়া-বুঢ়ী বয়সত ‘বুঢ়া’ বিয়া বা ‘চুজে লুগুবা’ বা মেলনি বিয়া পাতিব লগা হয়। আৰু এবিধ বিয়া আজিকালি বৰ জনপ্ৰিয় হৈ উঠিছে। এনে বিয়াত খৰচো কম আৰু অতি চমুও। এনে বিয়াক ‘চুজে লুগুংনা লেবা’ অৰ্থাৎ ‘মদ বাকী দিয়া’ বিয়া বুলি কোৱা শুনা যায়। সেয়ে দেউৰী সমাজত (১) বৰ বিয়া (২) মদ বাকী দিয়া বিয়া (৩) গন্ধৰ্ব বিবাহ- এই তিনি প্ৰকাৰৰ বিবাহেই প্ৰচলিত। আৰু কেইবিধমান বিবাহ পদ্ধতি আছিল বুলি জনা যায়। সেইবোৰ হ’ল- (ক) মাজু বিয়া, (খ) আকৰি বিয়া, (গ) ভকত ৰূপীয়া আদি। পাছে অতীতৰ মাজু বিয়া, আকৰি বিয়া আৰু ভকত ৰূপীয়া বিবাহ আজিকালি প্ৰচলন নোহোৱা হ’ল। সেয়ে দেউৰী সমাজত জনপ্ৰিয় বিয়া গীতসমূহৰ চৰ্চা নথকা হ’ল। বৰ বিয়াতহে বিয়ানাম গোৱা হয়।
    দেউৰী সমাজত বিয়াৰ আগদিনা ‘চুবি’ দিয়াৰ এক বিশেষ পৰম্পৰা আছে। প্ৰথা অনুসৰি তামোল-পাণ, মদ, মাছ, কুকুৰা, চাউল, তেল, নিমখ, শাক-পাচলি আদি ভাৰ কৰি কইনা ঘৰত দিবহি লাগে। এনে ভাৰ দাঙি নিয়া ব্যক্তিক ‘পাতৰিয়া’ আৰু লগত যোৱা দৰাৰ অভিভাৱকজনক ‘চাকিয়া’ বোলে। এই ভাৰ পোনে পোনে ঘৰৰ ভিতৰত সুমুৱাব নোৱাৰে। বিধিগতভাৱে ভাৰত সামগ্ৰীখিনি গৈছেনে নাই, চাকিয়াৰ অভিজ্ঞতা কেনেকুৱা, পৰীক্ষা কৰিবলৈ কইনাৰখীয়া গোপিনীসকলে ভাৰ আগচি ধৰি এনেদৰে বিয়া নাম গায়-
    আগৰ ভাৰে খনি হৰি কিয়ে কি আনিছে
                জখলা মুখতে থোৱা ঐ ৰাম ৰাম
    মাজৰ ভাৰেখনি হৰি কিয়ে কি আনিছে
            ৰভাৰে ভিতৰত হৰি থোৱা ঐ ৰাম ৰাম
    পিছৰ ভাৰেখনি হৰি কিয়ে কি আনিছে
            চাকিয়াৰ দুই চকু হৰি কণা ঐ ৰাম ৰাম
    চৰ্চা নথকাত আজিকালি এই বিয়ানামসমূহ সমাজত নাইকিয়া হ’বলৈ ধৰিছে।

আখ্যানমূলক গীত
    দেউৰী সমাজত জনশ্ৰুতিমূলক গীত হিচাপে মালিবাই গীতহে অতি জনপ্ৰিয়। গীতসমূহ জনপ্ৰিয় যদিও কিহৰ ভিত্তিত গোৱা হয় জনা নাযায়। কিন্তু গীতসমূহ অধ্যয়ন কৰিলে ধাৰণা হয় যেন এজন প্ৰেমিকে প্ৰিয়তমাৰ বিচ্ছেদৰ বিৰহ বেদনাত গোৱা এটি মালিতা জাতীয় গীত। এই গীত মালিবাই গীত বুলিয়ে দেউৰী সমাজত স্বীকৃত। গায়কৰ কল্পনাৰ মালিবাইজনীৰ বৰ্ণনা কৰিবলৈ গৈ যি উপমা দিছে সেয়া মন কৰিবলগীয়া-
গীত
ঘোষা : উজাই দেশত উজান উঠে মালিবালৈ মনত পৰে
      হায়ৈ হায়ৈ মালিবায়ৈ কিয় দিলা সুৰ চিন্তা।
পদ : উজাই দেশত উজান উঠে মালিবাইলৈ মনত পৰে
    হায়ৈ হায়ৈ মালিবায় কি ……….. পাহৰিম ঐ।।
    তামোল ৰুলো শাৰী শাৰী
    কোনে খাব পাৰি পাৰি।। ঐ
    ঘোঁৰাৰ নেজৰ চুলি যেনে,
    মালিবাইৰে খোপা তেনে।। ঐ
    নদী কাষৰ বিৰিণাজোপা,
    মালিবাইৰে চুলিকোছা।। ঐ
    কাঁহৰ ঘটীৰ ডিঙি যেনে,
    মালিবাইৰে কঁকাল তেনে।। ঐ
    আকাশৰে তৰা যেনে,
    মালিবাইৰে চকু তেনে।। ঐ
    ভাঁটী দেশৰ কাঁহৰ লোটা,
    মালিবাইৰে কঁকাল গোটা।। ঐ

দেউৰী বান্ধৈ গীত
    দেউৰী বান্ধৈ গীতসমূহ বিলাপ গীতৰ শাৰীত ধৰিব পাৰি। এনেবোৰ গীতৰ মাজেদি প্ৰেমিক-প্ৰেমিকাৰ মনৰ আৱেগ-অনুভূতি, দুখ-বেদনা, কল্পনা আদিৰ প্ৰকাশ ঘটিছে।

টোকাৰী গীত
    টোকাৰী গীতৰ যোগেদি টোকাৰী কেনেকৈ পৃথিৱীলৈ আহিল তাৰ কাহিনী পোৱা যায়। গীতৰ মাজত মহাদেউ পাৰ্বতী ভিক্ষা মাগি ফুৰা কাহিনীত পোৱা যায়। এনে গীতসমূহ সংগ্ৰহ কৰাহে। লিখিত ৰূপত পাবলৈ নাই। কিন্তু গীতৰ সুৰ আৰু লয় এক উচ্চ স্তৰৰ। যথা-
    য়ে আমৰে চামৰে দুখানি টোকাৰী
        আহিল বাৰেস্তলৈ নামি।
    য়ে এখনি লৈ গ’ল মহাদেউ ঈশ্বৰে
        এখনি বাৰেস্তলৈ ৰ’লে।
    এনে কাহিনী গীতসমূহ চৰ্চাৰ অভাৱত খেলি-মেলিকৈ গাই থকা হৈছে। গীতসমূহ সংগ্ৰহ কৰাৰ পাছত এটা ক্ৰমত সজোৱাত দেখা গ’ল যে টোকাৰী গীতসমূহত এক ঐতিহাসিক কাহিনীৰ বৰ্ণনা পোৱা যায়। উপযুক্ত ব্যক্তিসকলৰ পৰা সংগ্ৰহ কৰিব পাৰিলে আৰু গুৰুত্ব পোৱাৰ সুযোগ আছে।

জোনা আৰু ধেমেলীয়া গীতসমূহ
    জোনা : জোনা গীতসমূহ বিচুগীতৰ মাজে মাজে ৰজিতা খোৱাকৈ পৰিৱেশন কৰা হয়, যেনে-
    হে দুগনে আগুজুন বাবা কুণ্ডিগিৰানা
        জৌ জেৰণা নিনা
    চাজেবাই চচিহ চ্চাবা চ্চু হিগামত
        দা চ্চাবা নিমা জৌনী।।
    গীতৰ আৰম্ভণিতে পৰিৱেশন কৰা এনে জোনা গীতৰ যোগেদি গায়ক-গায়িকাই ইষ্টদেৱতা কুন্দিমামাক প্ৰণাম জনাই উপস্থিত ৰাইজৰ ওচৰতো ক্ষমা ভিক্ষা কৰে। ইয়াৰ পাছতে গোৱা জোনা গীতসমূহ যিকোনো মুহূৰ্ততে বিচু গীতৰ মাজে মাজে পৰিৱেশন কৰা হয়।

    ধেমেলীয়া গীত : এনে গীতৰ মাজেদি ককা-আইতাই নাতি-নাতিনীৰ সৈতে ধেমালি কৰাৰ উপৰি ডেকা-গাভৰু, বুঢ়া-মেথাসকলেও আনন্দ উপভোগ কৰে।
(ক) সৰু সৰু ল’ৰা-ছোৱালীক উমলাওঁতে-
        য় য় মক নিয়ানি বাবা চ্চু চ্চু য়জিৰি
            চ্চু চ্চু মুজা বিয়াংক
                চ্চু পুৰাচি বেননি
                    কোৱেক কোৱেক।
    এনে ধেমেলীয়া গীতসমূহৰ কোনোটো স্তৱকৰে কোনোটোৰ লগত সম্পৰ্ক নাথাকে। কেৱল মাত্ৰ একো একোটাৰ পদৰ মাজতহে অৰ্থ প্ৰকাশ পায়।

বহাগ বিচু উৰাবা (বহাগ বিহু সামৰণি গীত)
    দেউৰী সমাজত অতীতৰ পৰা ‘বিচু উৰাবা’ বিহু সামৰণি উৎসৱ অতীব আকৰ্ষণীয়। দেওধনিৰ লগত দেউৰী পূজাৰীসকলৰ ৰং ৰহইছে বিহু বলিয়া আদহীয়া পিতৃ-মাতৃৰ মনটোও বয়সৰ কথা পাহৰি আনন্দত আত্মহাৰা হয়। সেইদিনা উল্লিখিত সকলো নৃত্য-গীতৰ পৰিৱেশন কৰে দেওশালত। নিৰ্দিষ্ট সময়ত দেউৰী পূজাৰীসকলৰ ইংগিতত দেওশালৰ পৰা বিহু মাৰি মাৰি ‘বিচু দাবেকুনৈ’ (বিচু সামৰিবলৈ) ডেকা-গাভৰু, বুঢ়া-মেথা সকলোৱে উদ্‌বাউল হয়। তেতিয়া বাটত ডেকা-গাভৰুসকলে টকা-মাৰি হাতে হাতে লৈ তালে তালে বজাই এই গীত গাই গাই আহে। এই গীতৰ বৈশিষ্ট্য হ’ল বিচু দাবেকুনৈ আনোতে প্ৰতি ঘৰে ঘৰে ৫/৬ মিনিট মানকৈ বিহু মাৰে। সেই বিহুত এনে গীতসমূহ  পৰিৱেশন নকৰে। কেৱল বাটতহে এনে গীতসমূহ গায়-
    (ক) বেজিতে বতিয়া হিম হিম
            অতি চেনেহৰে বহাগৰ বিহুটি
                কেনেকৈ পঠিয়াই দিম
    (খ) গামোচা ঐ টঙালি ঐ
            চ’তৰ বিহু যায় ধেমালি অ’।।
    (গ) জমতেৰে তেৰে যমুনাৰ বালি
            হুদাই থৈ আহোঁগৈ শদিয়াৰ বাৰী।।
    (খ নং-ত উল্লেখ কৰা চ’তৰ বিহু মানে বহাগ বিহুৰ কথাকে কৈছে। কাৰণ দেউৰী সমাজত চ’তৰ পহিলা তাৰিখ মানৰ পৰাই ৰাতি বিহু আৰম্ভ কৰে।)
    য়ে হঁয়কলি বইগু বইগাৰে
    য়ে হঁয়কলি বেউগু বেউগাৰে
        জাৰ হঁয়কলি ইগাবা
            আচিয় পিচ্চমাই
                জি হঁয়কলি ইগাবা আচিয় পিচ্চঁমাই জি।

    বহাগ বিচুয় (দেউৰীসকলৰ) দুগিৰেবা বা চিগা দাগাৰেবা
    অতীতৰ পৰাই দেউৰী সমাজত দুগিৰেবা বা চিগা দাগাৰেবা বিহু পৰম্পৰাগতভাৱে চলি আহিছে। সাধাৰণতে ফাগুন মাহৰ কোনোবা এদিন ৰাইজে নদীৰ পাৰত বৰসবাহ পাতি ভোজ খায়। সেইদিনাৰ পৰা গাঁৱৰ ডেকা-গাভৰুৱে বৰদেউৰীৰ ঘৰত, বৰদেউৰী নাথাকিলে দেওশালৰচাৰিদেউৰীৰ কোনোবা এজনৰ ঘৰৰ চোতালত ৰাতিবিহু আৰম্ভ কৰে। এনেদৰে ৰাতিবিহু কৰোঁতে ওপৰত উল্লিখিত সকলোবোৰ নৃত্য, হাত চাপৰি, লহৰিয়া আদি পৰিৱেশন কৰে। দেউৰী বহাগ বিহুৰ উৰুকাৰ দিনা গোটেই ৰাতি বিহু মাৰি ৰাতি পুৱায়। ইয়াকে দুগিৰেবা বা চিগাদাগাৰেবা (কুকুৰা ডাক দিয়া বা ৰাতি পুৱাই দিয়া) বোলে। সেইদিনা গাঁৱৰ বুঢ়া-মেথা, আদহীয়া, বোৱাৰী-জীয়ৰী সকলোৱে বিচুকুলালৈ (বিহুথলী) আহি এপাক বিহু মাৰেহি। ৰাতিপুৱালৈ ডেকা-গাভৰুবোৰে আনন্দত আত্মহাৰা হৈ পৰে লগতে বিহুথলীত পানী ঢালি বোকাময় কৰি নৃত্য কৰে। শেষত গৃহস্থই শৰাইত অৰিহণা আগবঢ়াই দায়-দোষ নধৰিবলৈ ডেকা-গাভৰুৰ ওচৰত আঁঠু লয়। তেতিয়া এইদৰে গীত গাই নৃত্য পৰিৱেশন কৰে।
        য়া-হৈয়া হৈয়া গাঁৱৰ বুঢ়া-মেথা
                নমাই দে কহুৰে বটা ঐ য়া হৈয়া
        এটকা নালাগে হয় দুটকা নালাগে হয়
        লাগে কুৰি টকা য়া হৈ য়া।
    এনেদৰে নৃত্যৰ অন্তত বিচৰা মতে শৰাইত অৰিহণা দিলে গৃহস্থই চুজে-কাজি (মদ-ভাজি) আগবঢ়াই আঁঠু লয়। ন-কৈ বিয়া পতা দম্পতীয়েও এনে প্ৰক্ৰিয়াৰে ডেকা-গাভৰুৰ ওচৰত আঁঠু লৈ আশীৰ্বাদ লয়।
    ওপৰৰ আলোচনাসমূহত আবৰব, হাঁচটি, হাত চাপৰি, লহৰিয়া, হিচৰি, বিচুগীতসমূহ অতি চমুকৈ উল্লেখ কৰি ব্যাখ্যা কৰা হৈছে। প্ৰবন্ধটিৰ কলেবৰ বৃদ্ধিত বাধা দিবৰ বাবেই এনে কৰা হৈছে। বহুবিধ জনপ্ৰিয় হাঁচটি, হাতচাপৰি নৃত্যৰ গীতসমূহ উল্লেখ নকৰিলোঁ। এটা জাতিৰ জাতীয় লোকগীতসমূ্হ এটা প্ৰবন্ধৰ মাজেদি আলোচনা কৰাটো অসম্ভৱ। সেয়ে কেৱল পঢ়ুৱৈ সমাজৰ জ্ঞান বৃদ্ধি কৰিবৰ বাবেহে যিমান পাৰোঁ চেষ্টা কৰা হৈছে।
    হয়তো পঢ়ুৱৈসকলৰ মাজত কৌতুহল সৃষ্টি হ’ব পাৰে যে দেউৰী লোকগীতসমূহ অসমীয়া ভাষাত কিয় লিখা হ’ল? দেউৰী লোকগীতসমূহে অসমীয়া ভাষাত লিখিত ৰূপ পোৱাটোও এক ইতিহাস। যেতিয়া গদাধৰ সিংহই ল’ৰা ৰজাৰ ভয়ত পলাই ফুৰিছিল তেতিয়া শদিয়াৰ দেউৰী গাঁওসমূহত সন্মান আৰু শ্ৰদ্ধা সহকাৰে লুকুৱাই ৰখা হৈছিল। তেতিয়া হয়তো বহাগ বিহুৰ বতৰ আছিল, পলাতক ৰাজকুমাৰ গদাধৰে দেউৰী লোকনৃত্য চাই আকৰ্ষিত হৈছিল। তেতিয়া হেনো ৰাইজক চপাই লৈ প্ৰতিশ্ৰুতি দিছিল যে, “কেনেবাকৈ মই যদি ৰজা হওঁ তেন্তে এই দেউৰী বিহু ৰাজদৰবাৰলৈ নিয়া হ’ব।” কথামতে কাম। সময়ত ৰাজকুমাৰ গদাধৰ সিংহ আহোম ৰজা হ’ল আৰু দেউৰী ৰাইজক ৰাজদৰবাৰলৈ মতাই আনি বিহু প্ৰদৰ্শন কৰিবলৈ ক’লে। ৰজা-প্ৰজা সকলোৱে দেউৰী বিহু চাই অভিভূত হ’ল। কিন্তু গীতসমূহৰ অৰ্থহে বুজি নাপালে। তেতিয়া ৰজাৰ নিৰ্দেশ মতে দেউৰী লোকগীতসমূহ দেউৰী অসমীয়া মিহলি ভাষাত যুগুতোৱা হ’ল। তেতিয়া দেউৰীসকলৰ মাজত অসমীয়া ভাষা জনা লোকৰ সংখ্যা তেনেই সীমিত আছিল। সেয়ে অসমীয়ালৈ অনুবাদ কৰোঁতে বুজি পোৱাখিনি অসমীয়া ভাষাত, বাকীবোৰ দেউৰী ভাষাতে থাকি গ’ল। সেয়ে লিখিত ৰূপত বা কথিত ৰূপত থকা লোকগীতসমূহ খাঁটি অসমীয়াতো লিখা নহ’ল, খাঁটি দেউৰী ভাষাতো লিখা নহ’ল। ফলত তেনেদৰে অতীতৰ পৰাই চলি আহিল আৰু বৰ্তমানেও চলি আছে। সেয়ে লোকগীতসমূহ দেউৰী ভাষালৈ ৰূপান্তৰ কৰা হোৱা নাই। অতি কম দিনৰ ভিতৰতে এনে আপুৰুগীয়া গীতসমূহ দেউৰী ভাষালৈ তৰ্জমা কৰিবলৈ লেখকে প্ৰয়াস কৰি আহিছে। এনে লোকগীতসমূহ গভীৰ অধ্যয়ন কৰি বিজ্ঞানসন্মতভাৱে চৰ্চা কৰিলে অদূৰ ভৱিষ্যতে দেউৰীৰ অতীত ইতিহাসৰ বহু সমল পাব বুলি মোৰ বিশ্বাস। তদুপৰি এনে অধ্যয়নৰ যোগেদি দেউৰী ভাষা-সাহিত্যৰ লগতে অসমৰ ভাষা-সংস্কৃতিৰ ভঁৰাললৈ অনেক সমল পোৱাৰ নিশ্চিত থল আছে।

 

Previous Article

দেউৰী ভাষাৰ বৈশিষ্ট : সংক্ষিপ্ত আলোচনা

Next Article

Bhupen Hazarika- in the Voices and Words of famous Bengali Lyricists

You may also like

Leave a Reply

Your email address will not be published. Required fields are marked *