দেউৰী ভাষাৰ বৈশিষ্ট : সংক্ষিপ্ত আলোচনা

No Comments Share:
deoricommunity

লেখক : নৃপেন দেউৰী

ভাষা জাতিৰ এক মূল্যৱান সম্পদ। প্ৰত্যেক জাতিৰেই এক নিজস্ব ভাষা আছে। আচলতে দেউৰী মানুহে কোৱা ভাষাক দেউৰী ভাষা বুলি কোৱা হয়। ই দেউৰীসকলৰ মাতৃভাষা। ইয়াৰ ভাষাতাত্ত্বিক বিশ্লেষণ আজিলৈকে বিশেষভাৱে হোৱা নাই যদিও এই ভাষা বিভিন্ন দিশৰ চৰ্চা আৰু গৱেষণা যোগেদি ইয়াৰ প্ৰকৃত মূল্যায়ন নিৰূপণ কৰিব পাৰি। 
দেউৰী ভাষা মূলতে তিব্বত-বৰ্মী মঙ্গোলীয় গোষ্ঠীৰ। এই ভাষা বৰ্তমানে লিখিত ৰূপত প্ৰকাশ পাইছে। অসমীয়া ভাষা দেউৰীসকলৰ বাবে দ্বিতীয় ভাষা হিচাপেহে পৰিগণিত হয়। অসমীয়া ভাষাৰ লগত দেউৰী ভাষাৰ সম্পৰ্ক অতি ঘন। দেউৰী ভাষাত ধ্বনিৰ উপযোগী বৰ্ণৰ বিশেষ অসুবিধা নাই। ধ্বনি তত্ত্বৰ ফালৰ পৰা ৭ টা স্বৰ ধ্বনি আছে আৰু ১৭ টা ব্যঞ্জন ধ্বনি আছে। দেউৰী ভাষাত ২ টা অৰ্ধস্বৰ আছে। দেউৰী ভাষা ধ্বনিমূলক। এই ভাষাত ব্যৱহৃত ব্যঞ্জনধ্বনিকেইটা উচ্চাৰণ কৰিলে পশ্ব তালব্য ’হ’ আৰু তালব্য ’য়’ এই দুটা বৰ্ণ পোৱা যায়। গীত-মাত, সকাম আদিত প্লুত ধ্বনিৰ ব্যৱহাৰ হয়। দেউৰী ভাষা গঠন আৰু বিকাশত অন্যান্য ভাষাৰো বৰঙণি আছে। এই ভাষাত অযোগাত্মক প্ৰতিনিধি কৰা নিয়ম আছে। দেউৰী ভষাত ’চ্চু’ শব্দটোৱে বাক্যৰ বিভিন্ন শব্দত ভাষা, কথা, ভাৱ, গাহৰি, খোচ আদি অৰ্থ প্ৰকাশ কৰে। ’চ্চি’ শব্দইয মৰ, তেজ, বান্ধ অৰ্থ কৰিছে। ’চ্চিয়াঁ’ শব্দইপ মাছ, নোশো‍ওঁ, তাত-বাতি লগোৱা ইত্যাদি অৰ্থ কৰে। সেইদৰে ’নি’ শব্দই  ধঙৰ, পি-খা, গান গা আদি অৰ্থ প্ৰকাশ কৰিছে। 
ভাষা আৰু নৈৰ মাজত এটা সাদৃশ্য আছে। এখন নৈৰ এটা মূল প্ৰবাহ থাকে আৰু তাত বহুতো উপনৈ আহি মূল প্ৰবাহক শক্তিশালী কৰে। এইদৰে একোটা ভাষাৰ মূল প্ৰবাহটো অন্যান্য ভাষাৰ প্ৰভাৱত পৰি পৰিৱৰ্তন হৈছে। দেউৰী ভাষাত বহুতো আন আন ভাষাৰ সুঁতি মিহলি হৈ ভাষাৰ ৰূপটোকে সলনি কৰিছে। দেউৰী ভাষা এটা সুকীয়া বৈশিষ্ট্যৰে গঢ় লৈ উঠিছে।
দেউৰী ভাষা এটা বিশেষ নিজ্স্ব বৈশিষ্ট্য আছে। দেউৰী ভাষাটো অতী প্ৰাচীন আৰু বৈশিষ্ট্যপূৰ্ণ ভাষা। উচ্চাৰণৰ বৈশিষ্ট্য (Characteristics of pronunciation) অনুযায়ী দেউৰী ভাষা তিব্বত-বৰ্মীয় ভাষাৰ অন্তৰ্গত হ’লেও ইয়াৰ সুকীয়া ৰূপ আৰু নিজস্ব ধাৰা আছে। যেনে : কবে-আহাঁ, কবে-চিঙা, চ্চিয়া-পাত, চ্চিয়া-নমৰে, চ্চু-ভাল, চ্চু-গহৰি, চ্চু-খোচ ইত্যাদি।
দেউৰী ভাষাৰ বৈশিষ্ট্যসমূহ তলত দেখুৱা হ’ল –
দেউৰী ভাষাৰ প্ৰধান বৈশিষ্ট্য হৈছে ধ্বনিতত্ত্ব আৰু ৰূপতত্ত্ব।
ধ্বনিতত্ত্ব :
(১) ধ্বনিতত্ত্বৰ পিনৰ পৰা চালে দেউৰী ভাষাই নানা স্তৰৰ মাজেদি আহি বহুতো বৈশিষ্ট্য ত্যাগ কৰিছে।
(২) দেউৰী ভাষাত দন্ত্য ধ্বনিৰ ৰূপেহে শুনা যায়। তালব্য ধ্বনিকো দেউৰীত দন্তমূলীয় ৰূপে উচ্চাৰিত কৰে।
(৩) দেউৰী ভাষাৰ আন এটা বিশেষত্ব হ’ল উষ্ম ধ্বনি ’হ’ উচ্চাৰিত নহয়।
(৫) দেউৰী ভাষাৰ ধ্বনিৰ আন এটা মন কৰিবলগা কথা হ’ল স্বৰ ধ্বনিৰ ভিতৰত হ্ৰস্ব আৰু দীৰ্ঘৰ কোনো পাৰ্থক্য নাই।
(৬) দেউৰী ভাষাত অনুনাসিকতা (Nasalisation) বেছিকৈ ব্যৱহাৰ হয়। এই ভাষাৰ বিশিষ্ট ধ্বনি হৈছে অনুনাসিকতা।
ৰূপতত্ত্ব :
ৰূপতত্ত্বৰ বৈশিষ্ট্যত এই ভাষাৰ উল্লেখনীয় এটা দিশ আছে।
(১) ইয়াৰ ভিতৰত বৰ্তমান কালৰ দুটা ৰূপ আছে। নিত্য বৰ্তমান কাল আৰু তত্কা লিক বৰ্তমান। নিত্য বৰ্তমান কালৰ উদাহৰণ হিচাপে—মচিহ চ্চি‍ই-মানুহ মৰে, চাঁ হিগাই-বেলি ওলায়। তত্কািলিক বৰ্তমান কালৰ উদাহৰণ হিচাপে—আঁ কেনা- মইা যাওঁ, জৌ হাবেনা- আমি খাওঁ, আঁ লেবেনা- ম‍ই দিওঁ।
(২) সৰ্বনামৰ ভিতৰত তুচ্চ আৰু মান্যাৰ্থৰ পাৰ্থক্য দেখা নাযায়। যেনে—ন-তইম, তুমি, আপুনি, বা-সি, তাই, তেওঁ, তেখেত-লা-ই, এওঁ, এই, এখেত ইত্যাদি।
(৩) নিৰ্দিষ্টবাচক প্ৰত্যয়বোৰ বিশেষ্য, বিশেষণ, সংখ্যাবাচক, পুৰুষ আৰু সৰ্বনামৰ পাছত বহে। যেনে—মুচুৱা-গৰুটো, চাংগিৰাচি-ৰঙাটো, দুকচ্চাৱা-এজনে, আঁৱা- ময়ে, নৱা- তুমি, বাৱা- তেৱেঁ।
(৪) ক্ৰিয়া বিভক্তি চিন যোগ গ’লে—কেই-যাওঁ, কেৰৰুমদে- গৈছিলোঁ, কেন- যাম।
(৫) শব্দ বিভক্তিৰ চিন যোগ হ’লে ৰূপ সুকীয়া হয়। যেনে : পিচ্চঁহ-কপালত, অঁতুয়- হাতৰ, দুকচ্চানামইব- এজনলৈ।
(৬) বিশেষণ, সৰ্বনামৰ গুণ আৰু পৰিমাণ সংখ্যা বাচকৰ ৰূপ নিৰ্দিষ্টকৈ দেখুৱাবলৈ দেউৰী ভাষাত কিছুমান প্ৰত্যয় প্ৰয়োগ কৰা হয় আৰু ই অতি তাত্পুৰ্য পূৰ্ণ। যেনে : চ্চুকানি-ভালখিনি, দাকিয়া- কেনেকুৱা, লাকিয়া- এনেকুৱা, দাচ্চাগা- কিমানখিনি, মুজা- এটা, মুচ্চচ্চি- চাৰিটা।
(৭) দেউৰী ভাষাৰ শব্দ গঠন, বিভক্তি, প্ৰত্যয় আদিৰ ক্ষেত্ৰতো নিজস্ব ৰূপ আছে।
দেউৰী ভাষাৰ বৈশিষ্ট্য হৈছে উচ্চাৰণৰ বৈচিত্ৰ : এই উচ্চাৰণ দুটা (ক) উচ্চ উচ্চাৰণ (খ) নিম্ন উচ্চাৰণ। উদাহৰণ হিচাপে – উচ্চ উচ্চাৰণ : ইচিৰি- তগৰ, ইজিৰি- নাহৰ, ইগাৰি- ধুনীয়া হৈছে, ইমাৰি-পিঠি, উচুঁ- খাৰু, উতুঁ- পেট, ইগাৰি- কান্দিছে, উজিৰি- সানিছে, এবেগাবা- ঘৃণা কৰা, এচ্চি- মৈতা, এচ্চুগু- জখলা, একুঁ- ধোঁৱা, কৈ- আহে, কৈ- চিঙে, লৈ- পাৰে, নৌ- তোমালোকে, আপোনালোক, জৌ- আমি, বৌ- সিঁহত, তেখেতসকল। 
নিম্ন উচ্চাৰণ : অচতি- আঙুলি, অচিগি- নখ, অজৰি- খেলিছে, অতৰি- চাইছে, আকুঁ- কান, আকুঁ- বাম, আচি- পৰ্বত, আজি- জোঁৱাই, আমা- খোজ, আতাঁ- গুৰি, আঁতাঁ- কাড়।
দেউৰী ভাষাৰ আন এটা বৈশিষ্ট্য হৈছে অনুনাসিকতা যেনে- চাঁ- বেলি, য়াঁ- ঘৰ, জাঁ- নাচিবি, পেঁৰ- মদৰ ঔষধ, কিৰাঁ- শুকান, জিঁয়া- ফালিবি ইত্যাদি।
দেউৰী ভাষাৰ শব্দবিলাক স্বৰান্ত আৰু ব্যঞ্জনান্ত। স্বৰান্ত শব্দবিলাক- মেগেৰি- শালপতি, যানু- বইউনাই, লুৱা- কুঠাৰ, দুৱা- চৰাই।
ব্যঞ্জনান্ত শব্দবিলাক- ব্যঞ্জনান্ত শব্দবোৰৰ মাজত আৰু শেষত ঙ, ন, ম, ৰ ধ্বনি পোৱা যায়। যেনে- দাম- কি, লাম- ললো, হাম- খালো, লাৰন-লৈ যাম, দেকুমৰ- হাঁহ।
দেউৰী ভাষাৰ আন সুকীয়া বৈশিষ্ট্য হৈছে- সম্বোধন কৰোতে শব্দবোৰৰ এটা ৰূপ আৰু উল্লেখ কৰোতে আন এটা ৰূপ দেখা যায়। উদাহৰণ হিচাপে- বাং/ বা- দেউতা, বাই/ বে- বাইদেউ, আজি- জোঁৱাই, এই শব্দবোৰ সম্বোধনত ব্যৱহাৰ হয় | চ্চিপা- দেউতা, চ্চিমু- বাইদেউ, পিজি- জোঁৱাই এই শব্দবোৰ উল্লেখ কৰোতে ব্যৱহাৰ হয়।
দেউৰী ভাষাত এটা ডাঙৰ বৈশিষ্ট্য হৈছে বিভিন্ন ভাব প্ৰকাশ কৰিবলৈ ধাতুৰ পৰ-প্ৰত্যয়, পূৰ্ব-প্ৰত্যয় আৰু মধ্য- প্ৰত্যয় যোগ হয়। উদাহৰণ হিচাপে- অতংনা- চাই, অতবহ- চাওঁতে, অতবাই- চোৱাৰ ববে, অতবে-চোৱা ইত্যাদি।
দেউৰী ভাষাত প্ৰতিধন্যত্মক শব্দও আছে। উদাহৰণ হিচাপে- মচি- চচি- মানুহ-দুনুহ, দু-চু-কুকুৰা-চুকুৰা, চ্চিয়াঁ- তিয়াঁ- মাছ-তাছ, জিবি-তিবি-বাতি-চাতি ইত্যাদি।
দেউৰী ভাষাৰ অন্য বৈশিষ্ট্যবোৰ হৈছে শব্দ গঠন, ক্ৰিয়া বিভক্তি, শব্দ বিভক্তি, বচন, লিংগ, পুৰুষ, প্ৰত্যয়, উপসৰ্গ আদিৰ ক্ষেত্ৰতো সুকীয়া ৰূপ দেখা যায়। বস্তুৰ গুণ আৰু আকৃতি অনুযায়ী নিৰ্দিষ্ট বাচক প্ৰত্যবোৰৰ এটা বৈশিষ্ট আছে। উদাহৰণ হিচাপে—
(ক) কন-কনি, খন-খনি, জন-জনি, তা- তি আদি বুজাবলৈ দেউৰী ভাষাত ৱা, য়া, চি আদি ব্যহাৰ কৰা হয়। যেনেঃ মৌচাৱা- লৰাকণ, অতুঁৱা- হাতখন, মুজা- এটা।
(খ) এচলু, কোছা, আষি, খিনি, কাঠি, এচকল, ডোখৰ, টুকুৰা, পাহ, খিলা, চলা, মুঠা এই প্ৰত্যয়বোৰ বুজাবলৈ দেউৰী ভাষাত অকুচ্চা, কেপা, কানি, কাতিচ্চা, চেকলচ্চা, দকচ্চা, পেকচ্চা, বাজা, হাচ্চা, গুজা, গতাচ্চা আদি ব্যৱহাৰ হয়। উদাহৰণ হিচাপে—অকুচ্চা জি- এচলু পানী, কি কচাচ্চা- একোছা চুলি, তিৰি কেপা- কল আশি, মচি কানি- মানুহখিনি, ইবাঁ কাতিচ্চা- ফুলৰ একাঠি, জদা চেকলচ্চা –এচকল টেঙা, য়া দকচ্চা- এডোখৰ মাটি, পেকাচ্চা চ্চুচ্চু- এটুকুৰা মাংস, বাজা ইবাঁ- এপাহ ফুল, হাচ্চা চিয়া- এখিলা পাত, পুঁ গুজা- খৰিচলা, জি গতাচ্চা- পানী এঘোটা।
(গ) বয়স অনুযায়ী বুজোৱা শব্দবোৰৰ ৰূপ বেলেগে যেনে- কাকাই-গগইচ– ককাই-ভাই, বাই-গইা – বাই-ভনী, গুমি-য়ানু – ভিনিহি-বৈনাই।
(ঘ) নহয় বোধক বুজাবলৈ ক্ৰিয়াৰ পাছত ’য়া’, ’য়াঁ’, ’নয়াঁ’, আৰু ক্ৰিয়াৰ আগত ’দা’ ব্যৱহাৰ হোৱাৰ নিয়মৈ এই ভাষাত আছে। উদাহৰণ হিচাপে:- কিয়া- নাযাওঁ, হায়া- নাখাওঁ, লায়া- নলওঁ, কেহিয়াঁ- যাব নাজানে, নিজিঁয়াঁ- নাজানে, কননয়াঁ- নাহিবা, হাননয়াঁ- নাখাবা, দা কে নাযাবা, দা ন- নকৰিবি, দা ইচ্চা- নক’ব ইত্যাদি।
(ঙ) দেউৰী ভাষাত পৰসৰ্গ বা অনুসৰ্গৰ ৰূপ দেখা যায়। যেনে:- হি, গৈ, চোন, দেই, দেখোন, চাগৈ, হঁক, টো আদি বুজাবলৈ- ৰি, কুম, চুঁ, দেই, কা, চামাই, মুৰু, ত- ইত্যাদি ব্যৱহাৰ কৰা হয়। উদাহৰণ হিচাপে- চুকুৰি- পালেহি, ইচ্চাবেকুম- ক’লেগৈ, কেচুঁ- যাবিচোন, ক দেই- আহিবা দেই, কয়াগে কা- নাহিল দেখোন, কেৰম চামাই- গ’ল চাগৈ, কেমুৰু- যাবাহঁক, লানত – লবতো।
(চ) বাক্য বিন্যাসৰ ৰীতিৰ ক্ষেত্ৰতো দেউৰী ভাষাৰ বৈশিষ্ট দেখা যায়। যেনে—বা বমাই কেন- তেওঁ ক’লৈ যাব ? বা নংমাই কেন- সি স্কুললৈ যাব। হেলাচি দাম- এইটো কি? লাচি তিমু – এইটো আম।
(ছ) দেউৰী ভাষাৰ বৈশিষ্টৰ ভিতৰত প্ৰতিধন্যাত্মক শব্দও এবিধ। শব্দৰ প্ৰথম বৰ্ণ ’চ’ বা ’জ’ হ’লে পিছৰ অংশত ’প’ আৰু ’চ’ হয়। যেনে—চিং-পিং – নিমখ-চিমখ, জিবি-তিবি – বাতি-চাতি, জিং-চিং – মলি-চলি,
(জ) সম্বন্ধ বাচক শব্দৰ পাছত বিভিন্ন পুৰুষ অনুযায়ী ভিন ভিন প্ৰত্যয় যোগ হোৱাৰ নিয়ম দেউৰী ভাষাৰ বৈশিষ্ট্যৰ ভিতৰত আন এটা বৈশিষ্ট্য। এইবোৰ হৈছে ব্যক্তিগত নিৰ্দিষ্টবাচক প্ৰত্যয়। যেনে- আঁয়ঁ ববা- মোৰ দেউতা, নিয়ঁ ববা – তোমাৰ দেউতা, বায় ববা – তাৰ দেউতা, আঁয়ঁ য়য় – মোৰ মা, নিয়ঁ য়য় – তোমাৰ মা। নিয়ঁ য়য় – তোমাৰ মাৰা, বায় য়য় – তাৰ মাক। 
(ঝ) দেউৰী ভাষাৰ বৈশিষ্ট্যৰ ভিতৰত আন এটা হ’ল বাক্য বিন্যাস ৰীতি। দেউৰী ভাষাত সকলো বাক্যত ক্ৰিয়া পদৰ প্ৰয়োগ নহয়। উদাহৰণ হিচাপে – হেলাচি চায় য়াঁ – এইটো কাৰ ঘৰ ? নিয়ঁ মু দামদি – তোমাৰ নাম কি ? হেলানি চায় মুচু – এইটো কাৰ গৰু ? এই বিশেষত্ব দেউৰী ভাষাত পোৱা যায়।
(ঞ) পুৰুষবাচক সৰ্বনামৰ ক্ষেত্ৰত তুচ্চাৰ্থ, মান্যাৰ্থৰ বেলেগ শব্দৰ প্ৰয়োগ নাই। তৃতীয় পুৰুষৰ পুংলিংগ, স্ত্ৰীলিংগ ৰূপো পোৱা নাযায়। যেনে – ন-তইৰ, তুমি – আপুনি বা সি, তেওঁ তাই ইত্যাদি।
(ট) বহুবচনৰ লোক, হঁত আদি বুজাবলৈ দেউৰী ভাষাত ’কেতা’ প্ৰত্যয় যোগ কৰা হয়। যেনে – ন-তইক, তুমি, আপুনি। নৌ – তহঁত, তোমালোক, আপোনালোকে। নৌ কেতা দাম ননি – তোমালোকে কি কৰিছা? জৌ কেতা য়াঁমাই কেনে – আমালোকে ঘৰলৈ যাম।
(ঠ) সম্বন্ধবাচক বিশেষ্য শব্দবোৰৰ মাজত কিছু পাৰ্থক্য আছে। যেনে – বা/বাং – দেউতা, য়ং/য়য় – আই। কাই- ককাইদেউ, বাই- বাইদেউ, গগইা – ভাই, গইি – ভনী। 
(ড) প্ৰথম, দ্বিতীয়, তৃতীয় বুজাবৰ বাবে দুগজু, বাইচ্চি মিহ, চ্চিমিহ আদি শব্দৰ প্ৰয়োগ উল্লেখযোগ্য। যেনে – দুগজু চ্চু – প্ৰথম কথা, বাইচ্চিমিহ চ্চু – দ্বিতীয় কথা, চ্চিমিহ চ্চু – তৃতীয় কথা।
ভাষাই অতীত, বৰ্তমান আৰ ভবিষ্যত্‍ জীয়াই ৰাখে। দেউৰী ভাষা দেউৰী জাতিৰ উমৈহতীয়া আৰু সংহতিৰ প্ৰতীক। ভাষাটোৰ বাবে কাম কৰিব লগা গধুৰ দায়িত্ব আছে। পৰমুখাপেক্ষিতাক বাদ দি নিজৰ জাতি আৰু ভাষালৈ চকু দি দেউৰী বাকবিজ্ঞানৰ ধাৰা অৰ্থাৎ Deurian School of Linguistic প্ৰতিষ্ঠা কৰিব লাগিব। এই সকলোবোৰ নিৰ্ভৰ কৰিছে চৰকাৰ, দেউৰী ভাষী ৰাইজ, বুদ্ধিজীৱী, শিক্ষক, ছাত্ৰ-ছাত্ৰীসকলৰ নিষ্ঠা, একান্তিক প্ৰচেষ্টা, অকুণ্ঠ সহায়-সমৰ্থন আৰু সহানুভুতিৰ ওপৰত। ভাষা সৃষ্টিৰ লগে লগে লিখিত সাহিত্যৰ সৃষ্টি নহয়। দেউৰী ভাষা- সাহিত্যৰ বুৰঞ্জী আৰম্ভ কৰিব পৰা যায়। দেউৰীসকলৰ মাত-কথা আৰু গীত-মাত ৰচনাৰ সময়ৰ পৰা। দেউৰী ভাষাৰ বৈশিষ্ট্যৰ সংক্ষেপ আলোচনাত এটি মোটামুটি ধাৰণা দিবলৈ চেষ্টা কৰা হৈছে।
চিৰ চেনেহী মোৰ ভাষা জননী
(অচ্চাচি চেনেহুৱাচি আঁয় চ্চু য়য়নিয়াঁচি)
জয়তু ভাষা জননী |

 

লেখক : সভাপতি, দেউৰী চ্চুচ্চেবা চ্চেংচ্চা |

Previous Article

দেউৰী লোকবিশ্বাস 

Next Article

দেউৰী লোকগীত : এটি সমীক্ষা

You may also like

Leave a Reply

Your email address will not be published. Required fields are marked *