দেউৰী লোকবিশ্বাস 

No Comments Share:
deori woman

হেমালক্ষী গগৈ 

    লোকবিশ্বাস হৈছে লোকসংস্কৃতিৰ এটা মূল উপাদান। লোকসংস্কৃতি  লোকজীৱনৰ হাঁহি, অশ্ৰু, আশা, আকাংক্ষা, ধৰ্মীয় বিশ্বাস, সংস্কাৰ আদি বিভিন্ন অভিজ্ঞতাৰে পুষ্ট। মানুহৰ অদৃষ্টক জানিবৰ বাবে এটা হাবিয়াস জাগে। তেতিয়াই জ্যোতিষীৰ সহায় লয় আৰু নৈসৰ্গিক ঘটনাক অদৃষ্টৰ আগলি বতৰা বুলি গ্ৰহণ কৰে আৰু অমংগল বুলি ধৰি লয়। এনেদৰে লোকবিশ্বাসৰ জন্ম হয়। এই লোকবিশ্বাসবোৰত মংগল-অমংগল দুয়োটা চিনেই পোৱা যায়। এখন সমাজত প্ৰচলিত লোকবিশ্বাসসমূহে বহু সময়ত ব্যক্তি জীৱন আৰু সমাজ জীৱনক নিয়ন্ত্ৰণ কৰি ৰাখে। এজন মানুহৰ জন্মৰপৰা মৃত্যুলৈকে লোকবিশ্বাসসমূহে প্ৰভাৱ পেলায়। লোকবিশ্বাসসমূহ মানি চলিবলৈও যাওঁতে উচিত-অনুচিত, পায়-নাপায় আদি ধাৰণাবোৰ সমাজত সৃষ্টি হয়। প্ৰায়বোৰ প্ৰচলিত লোকবিশ্বাসত বৈজ্ঞানিক ভিত্তি পোৱা যায় যদিও কিছুমানত পোৱা নাযায়। অৱশ্যে তেনে লোকবিশ্বাসসমূহৰো সামাজিক শৃংখলা বৰ্তাই ৰখাত গুৰুত্ব থাকে।
    এই প্ৰবন্ধটিত অসমৰ দেউৰী ভাষিক জনগোষ্ঠীয় লোকৰ মাজত পৰম্পৰাগতভাৱে প্ৰচলিত হৈ থকা লোকবিশ্বাসসমূহৰ ওপৰত এক আলোকপাত দাঙি ধৰিবলৈ চেষ্টা কৰা হৈছে। উল্লেখযোগ্য যে, দেউৰী জনগোষ্ঠীৰ দিবঙীয়া ফৈদ আৰু আনকেইটা ফৈদৰ লোকসকলৰ মাজত প্ৰচলিত লোকবিশ্বাসসমূহৰ মাজত বিশেষ পাৰ্থক্য পৰিলক্ষিত নহয়। 
    অসমত বসবাস কৰি থকা অন্য জনগোষ্ঠীৰ দৰে দেউৰী জনগোষ্ঠী লোকসকলৰ মাজতো কিছুমান লোকবিশ্বাস প্ৰচলিত হৈ আছে। এই লোকবিশ্বাসসমূহ প্ৰাকৃতিক, জীৱ-জন্তু সম্পৰ্কীয়, চৰাই-চিৰিকতি সম্পৰ্কীয়, গছ-গছনি সম্পৰ্কীয়, জীৱন-বৃত্ত সম্পৰ্কীয়, কৃষি সম্পৰ্কীয় আদি ভাগত বিভক্ত কৰিব পাৰি।

প্ৰাকৃতিক লোকবিশ্বাস : 

    প্ৰাকৃতিক লোকবিশ্বাসসমূহ ৰামধেনু, ভূমিকম্প, বিজুলী-ঢেৰেকনি, বৰষুণ আদিক কেন্দ্ৰ কৰি গঢ় লৈ উঠিছে। দেউৰী লোকসকল কৃষিজীৱীহোৱাৰ বাবে পানীৰ কাৰণে বৰষুণৰ ওপৰত নিৰ্ভৰ কৰে। খেতিৰ সময়ত বতৰ খৰাং হ’লে তেওঁলোকে বৰষুণ আনিবৰ কাৰণে ভেকুলীৰ বিয়া পাতে। তেওঁলোকে বিশ্বাস কৰে যে ভেকুলীৰ বিয়া পাতিলে বৰষুণ দিয়ে। অসমীয়া সমাজতো এই বিশ্বাস আছে। ইয়াৰ উপৰি তেওঁলোকে নাঙল, ঢেঁকী, আদই চুৰি কৰি পথাৰত ওভোতাই পোতে। তেওঁলোকে বিশ্বাস কৰে যে গৃহস্থই বস্তুবোৰ বিচাৰি নাপায় গালি পাৰিলে বা খং কৰিলে বৰষুণ দিয়ে! দেউৰীসকলে বজ্ৰপাত পৰা গছৰ খুটা ঘৰত নলগায়। বাৰীৰ ভিতৰত থকা গছত বজ্ৰপাত পৰিলে অমংগলৰ আগজাননী বুলি বিশ্বাস কৰে। ইয়াৰ প্ৰতিকাৰ হিচাপে বজ্ৰপাত পৰা গছজোপাৰ পৰা খৰি এচটা আনি ঘৰৰ পিছফালে ‘ডাঙৰদেউ পূজা’ কৰিব লাগে বুলি তেওঁলোকে বিশ্বাস কৰে। কুকুৰাই উমনি লৈ তকা সময়ত ভূমিকম্প আহিলে সেই কণীবোৰ ফুটি পোৱালী নজগে বুলি ধাৰণা কৰে। তেওঁলোকে ভূমিকম্প হ’লে উৰুলি দিব লাগে আৰু ‘নিজৰ দেশ নিজৰ দেশ’ বুলি ক’ব লাগে বুলি বিশ্বাস কৰে।
জীৱ-জন্তু সম্পৰ্কীয় লোক-বিশ্বাস :

    জীৱ-জন্তু সম্পৰ্কীয় অলেখ লোকবিশ্বাস দেউৰী সমাজত প্ৰচলিত হৈ আহিছে। মাজৰাতি গৰুৱে হেম্বেলিয়াই বা থিয় হৈ কঁপি থাকিলে বানপানী হয় বুলি তেওঁলোকে বিশ্বাস কৰে। গৰুৱে গোহালি খুঁটাত নেজ পকালে ঘৰখনৰ অমংগলৰ চিন আৰু ইয়াৰ প্ৰতিকাৰ হিচাপে মংগলতিৰ ওচৰত চোৱাই য্থা বিধানেৰে সকাম কৰিলে সম্ভাৱ্য বিপদৰ পৰা হাত সাৰিবপাৰি বুলি বিশ্বাস কৰে। অসমীয়া সমাজতো এনে বিশ্বাস প্ৰচলিত হৈ আহিছে। যাত্ৰা পথত সাপ পথালিকৈ অৱস্থান কৰিলে বেয়া। শুদা হাতৰ ব্যক্তিক দেখিলে যাত্ৰা সিদ্ধি নহয়। যিকোনো পোহনীয়া জন্তু বিক্ৰী কৰিলে সঁচ গুচি যায় বুলি জন্তুটোৰ নোম ছিঙি ৰাখি থয়। এনে বিশ্বাসসমূহ অসমৰ প্ৰায়বোৰ জনগোষ্ঠীৰ মাজত প্ৰচলিত হৈ আছে।
    জীৱ-জন্তু সম্পৰ্কীয় লোকবিশ্বাসত অমংগলৰ লগতে মংগলজনিত লক্ষণো জড়িত হৈ আছে। লোকৰ ঘৰৰপৰা কুকুৰ, মেকুৰী, মৈ-মাখি আহি বাহ ল’লে ভাল। কান্ধত ভাৰ বৈ অনা ব্যক্তিক দেখিলে যাত্ৰা শুভ হয় আদি।

চৰাই-চিৰিকতি সম্পৰ্কীয় লোকবিশ্বাস :
    শগুন, ফেঁচা, হুদু, সাপ আদি দেউৰী লোকসকলৰ ঘৰৰ চালত বা ঘৰৰ ভিতৰত সোমোৱাটো অমংগলসূচক বুলি বিশ্বাস কৰে। সেয়েহে ইয়াৰ প্ৰতিকাৰ হিচাপে দেওধাই(মংগলতি)ৰ ওচৰত চোৱাই পূজা দিয়ে। দিৱঙীয়াসকলে ঘৰৰ চৌহদ বা খেতি পথাৰতো কাউৰী, শগুণ বা চুতীয়া শালিকাই বাহ সজাটো ভাল বুলি নাভাবে। সেই চৰাইবোৰৰ পোৱালি ডাঙৰ হোৱাৰ পাছত উৰি যোৱাৰ লগে লগে তেওঁলোকে শালিকা হ’লে কুকুৰাৰে, কাউৰী-শগুণ হ’লে গাহৰিৰে পূজা দিয়ে।
    অসমীয়া সমাজৰ দৰে দেউৰী সমাজতো মাইকী কুকুৰাই মতা কুকুৰাৰ দৰে ডাক দিলে অমংগল সূচায় বুলি ভাবে। মতা কুকুৰাই গধূলি বা অসময়ত ডাক দিলে গাঁৱত ছোৱালী পলাই যাব বা ল’ৰাই ছোৱালী পলুৱাই আনিব বুলি বিশ্বাস কৰে। দুটা কুকুৰাই চোতালত মুখামুখিকৈ কথা পাতি থাকিলে ঘৰলৈ আলহী অহাৰ আগজাননী বুলি ভাবে। 

গছ-গছনি সম্পৰ্কীয় লোকবিশ্বাস :

    দেউৰীসকলে টেঙাজাতীয় আৰু কাঁইটীয়া গছ, যেনে- আম, ঔ টেঙা, বগৰী গছ  আদি শুই উঠিয়েই দেখিব নাপায় বুলি বিশ্বাস কৰে। সেয়েহে এইবোৰ গছ সাধাৰণতে ঘৰৰ আগফালে নোৰোৱে। আগমৰা গছ দেখিলেও অমংগল হয় বুলি তেওঁলোকে বিশ্বাস কৰে। আকৌ কিছুমান গছে ভূত-প্ৰেতৰ পৰা ৰক্ষা কৰে বুলি লোকবিশ্বাস প্ৰচলিত আছে। যেনে-সন্তান জন্ম হ’লে বগৰী গছৰ ডাল দুৱাৰমুখত ৰাখে, তেতিয়া ভূত-পেৰত আদিয়ে আহি সন্তানটোক অনিষ্ট কৰিব নোৱাৰে বুলি বিশ্বাস কৰে।
    তেওঁলোকে ঘৰৰ ওচৰত চতিয়না গছ হ’বলৈ নিদিয়ে, মূৰৰ বিষ হয় বুলি ঢাৰণা কৰে। ডাল নোহোৱা গছত ডাল ধৰিলে , ফুল নুফুলাকৈ ফল ধৰিলে , আবতৰত ফুল বা ফল ধৰিলে , কলগছত পেট ফুটি ডিল ওলালে অসমীয়া সমাজৰ দৰে দেউৰীসকলেও গৃহস্থ আৰু গাঁওখনৰ বা অঞ্চলটোৰ কাৰণে অমংগলৰ আগজাননী বুলি বিশ্বাস কৰে।
    কিছুমান গছে মানুহৰ জীৱনলৈ সৌভাগ্য কঢ়িয়াই আনে বুলি বিশ্বাস কৰে। ঢেঁকীয়া গছৰ ফুল পালে ভাল আৰু পোৱাজন ধনী হয়।

জন্ম সম্পৰ্কীয় লোকবিশ্বাস :   
দেউৰী সমাজত প্ৰচলিত আছে যে পিতৃ-মাতৃয়ে কৰা কৰ্মৰ ওপৰতে সন্তানটিৰ ভৱিষ্যত           নিৰ্ভৰ কৰে। সেয়েহে পিতৃ বা মাতৃগৰাকীয়ে গৰ্ভত সন্তান থকা অৱস্থাত যিকোনো জীৱ বধ কৰিলে সন্তানটি মৃত নাইবা পংগু হৈ জন্ম হ’ব পাৰে বুলি লোকমনৰ বিশ্বাস। গৰ্ভৱতী তিৰোতাগৰাকীয়ে হাতত অনৱৰতে লোৰ অস্ত্ৰ ৰাখিব লাগে। তেতিয়া দেও-ভূতে সন্তানটোৰ একো অনিষ্ট কৰিব নোৱাৰে। সন্তান গৰ্ভত স্থিতি লোৱাৰ পৰাই তিৰোতাগৰাকীৰ স্বামীয়ে গুটি লগা গছ কটা, জীৱহত্যা কৰা আদি কাম কৰিলে সন্তানটোৰ অমংগল হয় বুলি দেউৰী সকলে বিশ্বাস কৰে। গৰ্ভবতী তিৰোতাই সপোনত শাল মাছ ধৰিলে গৰ্ভস্থ সন্তান পুত্ৰ হয় আৰু তেজ দেখিলে বিপদৰ আশংকা আছে বুলি ভাবে। এৰাল দিয়া গৰুৰ এৰালৰ ওপৰে পাৰ হৈ গ’লেও সন্তানৰ গাত নাৰীডাল পাক খাই আহে বুলি বিশ্বাস কৰে। দেউতাকে সাপ বা ভেকুলী মাৰিলে যদি জিভাখন ওলাই যায় তেতিয়া সন্তানৰ জিভাখন বাহিৰলৈ ওলাই থাকে বুলি দেউৰীসকলৰ লগতে অসমীয়া সমাজেও বিশ্বাস কৰে।

মৃত্যু সম্পৰ্কীয় লোকবিশ্বাস : 

দেউৰী সমাজত কোনো ব্যক্তিৰ মৃত্যু হ’লে নিৰ্দিষ্ট দিনৰ ভিতৰত দহা-কাজ কৰিব লাগে বুলি ধৰা-বন্ধা নিয়ম নাই। তেওঁলোকে বিশ্বাস কৰে যে-মৃতকৰ দহা কাজ নকৰালৈকে আত্মাটো ঘৰৰ চাৰিবেৰৰ মাজতে থাকে। দেউৰীসকলে মৃতকক শ্মশানলৈ নিওঁতে বগা এঁৱা সূতা পাৰি যায়।  তেওঁলোকে বিশ্বাস কৰে যে, জীৱইে স্বৰ্গৰ পৰা জমতিং ৰজা (মকৰা ৰজা)ৰ এঁৱাসূতাৰে মৰ্ত্যলৈ নামি আহিছিল আৰু মৃত্যুৰ পাছতো স্বৰ্গলৈ প্ৰত্যাৱৰ্তন কৰি মুক্তি লাভ কৰক এই কামনা কৰা হয়।
তেওঁলোকে ঘৰৰ কোনো ব্যক্তিৰ মৃত্যু হ’লে মৃতকে ভঁৰালৰ লখিমী লৈ য়াব বুলি ভাবি ভঁৰালৰ দুৱাৰখন বগা কাপোৰেৰে ঢাকি দিয়ে। ইয়াৰ উপৰি তেওঁলোকৰ সমাজত শ্মশানলৈ নিয়াৰ আগতে এটা লোকাচাৰ প্ৰচলিত হৈ আহিছে। এখন ডলাত নতুন গামোচা এখন পাৰি তাৰ ওপৰত মৃতকৰ সোঁহাতখন থয় আৰু তাৰ ওপৰতে ক্ৰিয়া ধৰাজনৰ বাওঁহাতখন লৈ আঙুলিৰ ফাঁকে ফাঁকে ধান থৈ খৰিকাৰে ঠেলি ডলাৰ গামোচাখনত পেলায়। মৃতগৰাকী পুৰুষ হ’লে ৭টা, মহিলা হ’লে ৫টা আৰু গাঁৱৰ পূজাৰী বা সন্মানীয় ব্যক্তি হ’লে ৯টা বা ১১টা ধান দিয়ে আৰু সেই ধানকেইটা কাপোৰত বান্ধি ওপৰত থৈ দিয়ে। পিণ্ড উটুওৱাৰ দিনা উক্ত ধানকেইটা হিচাব কৰি চায়। যদি ধানৰ গুটি একে থাকে পৰিস্থিতি স্বাভাৱিক, বেছি ওলালে ভালৰ লক্ষণ আৰু কম ওলালে বেয়াৰ লক্ষণ বুলি দেউৰী সকলে বিশ্বাস কৰে।
মৃতকৰ সত্কা্ৰৰ পাছত কুকুৰা মাংসৰে খিচিৰি ৰান্ধি মৃতকৰ ওচৰত দি আহে। ইয়াক ‘কাকলি ভাত’ বা ‘জলপিণ্ড’ বুলি কয়। এই ভাত নিদিলে মৃতকজনৰ আত্মা ভোকত থাকে বুলি দেউৰীসকলে বিশ্বাস কৰে। শটো জ্বলোৱাৰ পাছত শ্মশানত ভগা-ছিগা কুলা এখনেৰে ঢাকি থৈ আহে আৰু পাছদিনা সেইখন দাঙি চায়গৈ। দেউৰী সকলে বিশ্বাস কৰে যে  মৃতজনে যি ঋপে পৃথিবীত পুনৰ জনম লয় , সেই জীৱৰে খোজটো তাত থাকি যায়। 
দেউৰীসকলে গৰ্ভৱতী তিৰোতা মৰিলে জখলাত গজাল এটা মাৰি দিয়ে। জুইত সৰিয়হ পোৰে, পিণ্ড দিয়া ঠাইত কাচিৰে আঁক মাৰি দিয়ে যাতে সেইদিনাৰ পৰা মৃতকে সপোনত দেখা দি বা অন্য প্ৰকাৰে হ’লেও আমনি কৰিবহি নোৱাৰে।

বিবাহ সম্পৰ্কীয় লোকবিশ্বাস :

বিবাহ সম্পৰ্কীয় কিছুমান লোকবিশ্বাস দেউৰী সমাজে মানি চলে। বিয়াৰ দিনা ক’লা আৰু বগা কাপোৰ, বেজী, লোণ আদি দান কৰিলে শনি আঁতৰি যায় বুলি তেওঁলোকে বিশ্বাস কৰে। বিয়াৰ দিনা বৰযাত্ৰীৰ লগত দুটা পাচিত (এটা ডাঙৰ, এটা সৰু) তামোল-পাণ, চুঝেৰ কলহ, মাছ, জালুক, কচু আদি নিয়াৰ নিয়ম। এই পাচি দুটা মাক-বাপেক থকা ছোৱালীয়ে  নিব লাগে বুলি দেউৰী সকলে বিশ্বাস কৰে। মাক-বাপেক নথকা বা বিধৱা তিৰোতা সন্তানে নিলে দৰা-কইিনাৰ অমংগল হ’ব বুলি ভাবে।
দেউৰীসকলৰ সমাজত আনুষ্ঠানিক বিবাহৰ লগতে গন্ধৰ্ব্ব বিবাহো প্ৰচলন আছে। তেওঁলোকে বিশ্বাস কৰে যে, গন্ধৰ্ব প্ৰথামতে বিবাহ হোৱা লোকৰ যেতিয়ালৈকে সামাজিকভাবে বিবাহ নহয় তেতিয়ালৈকে কন্যাক বিয়া দিব নোৱাৰে। অৱশ্যে ল’ৰাৰ বিয়া পাতিব পাৰে। সামাজিকভাৱে বিয়া পতা আগতে যদি কন্যাক বিয়া দিয়ে কন্যাৰ অমংগল হয় বুলি দেউৰীসকলে বিশ্বাস কৰে।
  
কৃষি সম্পৰ্কীয় লোকবিশ্বাস :

দেউৰীসকলৰ জীৱিকাৰ মূল পথ হ’ল কৃষি। অন্যান্য কৃষিজীৱী সমাজৰ দৰে তেওঁলোকৰ সমাজতো কৃষি সম্পৰ্কীয় বিভিন্ন লোকবিশ্বাস প্ৰচলন আছে। দেউৰীসকলে বুধবাৰটো শুভবাৰ হিচাবে গণ্য কৰে। সেয়েহে হাল বোৱা, ভুঁই ৰোৱা আদি কামবোৰ বুধবাৰে আৰম্ভ কৰিলে ভাল বুলি বিশ্বাস কৰে। তেওঁলোকে কঠীয়া চালনীৰে নাচালে। চালিলে পথাৰত ধান পাক খাই পৰে বুলি ভাবে। ধান সিঁচিবলৈ যাওঁতেপাচিটোত শিল এটা আৰু ঘিলা এটা লৈ যায়। তেতিয়া ধানবোৰ শিলৰ নিচিনা গধুৰ হ’ব আৰু ঘিলা গছৰ নিচিনা থোকবোৰ হ’ব বুলি তেওঁলোকে বিশ্বাস কৰে।
তেওঁলোকে গাঁৱত বা ঘৰত মানুহ মৰিলে, ৰাজহুৱা পূজাৰ দিনা আহাৰৰ ষাঁঠতহাল খতি কৰে। মানুহ মৰিলে যদি হাল বায় তেতিয়া ধান গছবোৰ মৰহি যায় বুলি বিশ্বাস কৰে। হাল বাওঁতে নাঙল ভাগিলে অমংগলৰ চিন বুলি ভাবি হাহোৱাজনে এসাঁজ ভাত লঘোণ দিয়াটো তেওঁলোকৰ লোকবিশ্বাস।
দেউৰীসকলে কাতিবিহুত পথাৰত আৰু ভঁৰালত চাকি জ্বলাই পূজা কৰে। তেওঁলোকে বিশ্বাস কৰে যে, তিৰোতাই ঋতুমতী অৱস্থাত ভঁৰাল চুলে বা সোমালে লখিমী যায়। পথাৰৰ পৰা লখিমী আনোতে পিছলৈ ঘূৰি চালে লখিমী থাকি আহে বুলি তেওঁলোকে বিশ্বাস কৰে। ইয়াৰ উপৰি তেওঁলোকৰ সমাজত ফল-মূল, শাক-পাচলিক লৈয়ো কিছুমান লোকবিশ্বাস প্ৰচলিত আছে। তেওঁলোকে মাটিমাহ শনিবাৰ আৰু মঙলবাৰে নিসিঁচে আৰু নোতোলে, আনকি নামাৰেও। মাটিমাহ সিঁচি পিছফালে ঘুৰি চালে মটিমাহে মূৰ দাঙি চাই বুলি তেওঁলোকে ভাবে। আদা খেতি ঘৰৰ ওচৰত বা ঘৰৰ ছাঁ পৰা ঠাইত কৰিলে বিপদৰ সম্ভাৱনা থাকে বুলি বিশ্বাস কৰে।
তেওঁলোকে বিশ্বাস কৰে যে , পাণ গছ যিয়ে ৰোৱে তেওঁহে ছিঙিব লাগে। আনে ছিঙিলে পাণ গছ মৰে বুলি তেওঁলোকে বিশ্বাস কৰে।

শৰীৰৰ বিভিন্ন অংগ সম্পৰ্কীয় লোকবিশ্বাস :

মানুহৰ শৰীৰৰ বিভিন্ন অংগসমূহে বহুসময়ত মংগল-অমংগলৰ আগজাননী দিয়ে বুলি দেউৰীসকলে বিশ্বাস কৰে। যেনে-মাইকী মানুহৰ সোঁ বাহু আৰু সোঁ চকু লৰিলে অমংগলৰ চিন। আনহাতেযদি বাওঁবাহু বা বাওঁ চকু লৰে শুভ সংবাদ বা শুভ ফল লাভ কৰিব পাৰে বুলি বিশ্বাস কৰে। আনহাতে যদি বাওঁ বাহু বা বাওঁ চকু লৰে শুভ সংবাদ বা শুভ ফল লাভ কৰিব পাৰে বুলি বিশ্বাস কৰে। একেদৰে জিভা কামোৰ খালে সু-খাদ্য খাবলৈ পায়, হাতৰ তলুৱা খজুৱালে টকা-পইৰচা লাভ কৰে, ভৰি তলুৱা খজুৱালে ভ্ৰমণৰ আগজাননী বুলি দেউৰী সকলে বিশ্বাস কৰে।
এইবিলাকৰ উপৰি দেউৰী সমাজত আন বহুতো লোকবিশ্বাস প্ৰচলিত হৈ আছে। দেউৰীসকলে গৰ সজাৰ আগতে ঘৰৰ ভেটি পৰম্পৰাগত মঙলতি প্ৰথাৰে পৰীক্ষা কৰি লোৱাটো তেওঁলোকৰ এটা লোকবিশ্বাস। ঘৰবিলাক পূবা-পশ্চিমাকৈ নিৰ্মাণ কৰে আৰ মূল দুৱাৰখন পূৱমুৱাকৈ ৰখাটো তেওঁলোকৰ সামাজিক নিয়। দেউৰীসকলে ঘৰবোৰ পূবমুৱাকৈ সজোৱা কেইবাটাও কাৰণ বা সুবিধা নিহিত হৈ থকাৰ উমান পোৱা যায়! সাধাৰণতে পূব দিশটো দেউৰী সমাজত পবিত্ৰ দিশ হিচাবে বিবেচিত হৈ আহিছে। সেয়েহে তেওঁলোকৰ ‘মিদিকু’ (দেওঘৰ) সমূহো গাঁৱৰ পূব দিশত থকা পৰিলক্ষিত হয় আৰু দেওঘৰৰ দুৱাৰ পশ্চিমমুৱাকৈ ৰখা দেখা যায়। গৃহস্থ তথা ঘৰৰ সদস্যসকলে ঘৰৰপৰা ওলোৱা সময়ত ‘এচ্চেণ্ড’(জখলা)ত ৰৈ পূব দিশলৈ সেৱা-ভক্তি জনাবলৈ সুবিধাজনক হয়! আনহাতে তেনে দিশেৰে সজোৱা চাংঘৰৰ সন্মুখত থকা চোতালকে ধৰি মুকলি কোঠাত ৰ’দজাক পৰা সুবিধা থাকে। 
শিক্ষাৰ প্ৰসাৰ আৰু সময় পৰিবৰ্তনৰ লগে লগে দেউৰী সমাজৰ লোকবিশ্বাসসমূহতো কিছু পৰিবৰ্তন আহিছে। অতীততে জনগোষ্ঠীটোৰ লোকসকলে যিদৰে লোকবিশ্বাসসমূহ মানি চলিছিল বৰ্তমান সময়ত সকলো লোকবিশ্বাস তেনেদৰে মানি চলে বুলি ক’ব নোৱাৰি। অৱশ্যে, যুগৰ লগত খাপ খুৱাবলৈ সমাজ আৰু সংস্কৃতিৰ পৰিবৰ্তনৰ লগত লোক-বিশ্বাসসমূহৰো পৰিবৰ্তন হোৱা উচিত। দেউৰী সমাজত প্ৰচলিত  যিবোৰ লোকবিশ্বাসে সমাজখনৰ শৃংখলা নষ্ট কৰিছে, মানৱীয়তাত আঘাত হানিছে, তেনে লোকবিশ্বাস সমূহ পৰিহাৰ কৰাটোৱেই সমাজখনৰ বাবে মংগলজনক। যিবোৰ লোকবিশ্বাসে সামাজিক শৃংখলাৰ আৰু একতা বজাই ৰখাত সহায় কৰিছে, মানৱীয়তা ৰক্ষা কৰাত অৰিহণা যোগাইছে আৰু সমাজখনৰ উপকাৰ সাধন কৰিছে, তেনেবোৰ লোকবিশ্বাস দেউৰী সমাজত সদায় আদৰণীয় হৈ থকা উচিত।

সহায়ক গ্ৰন্থপঞ্জী :
গগৈ, লীলা : অসমৰ সংস্কৃতি, বীনা লাইব্ৰেৰী
গগৈ, লোকেশ্বৰ : অসমৰ লোকসংস্কৃতি
চুতীয়া, ললিত : চুতীয়া জাতিৰ চমু পৰিচয়
দেউৰী, ষড়ানন : দেউৰী ভাষা সাহিত্য সমাজ
দেউৰী, ডম্বৰুধৰ : দেউৰী সংস্কৃতি
দেউৰী ভঁৰালী, বিশ্বকান্ত : দেউৰী পাঠ
পাটৰ, পদ্ম (সম্পা): জনজাতি সমাজ সংস্কৃতি
বৰুৱা, বিৰিঞ্চিকুমাৰ : অসমৰ লোকসংস্কৃতি
Deori, Shashidhar : A Handbook on Deori Culture
Saikia, Paban Ch. : The Dibongiyas

লেখিকা : গৱেষিকা ছাত্ৰী, ডিব্ৰুগড় বিশ্ববিদ্যালয় 

Previous Article

When You Take The Road Not Taken

Next Article

দেউৰী ভাষাৰ বৈশিষ্ট : সংক্ষিপ্ত আলোচনা

You may also like

Leave a Reply

Your email address will not be published. Required fields are marked *