অসমীয়া আধুনিক গীতৰ জনপ্ৰিয়তাত আকাশবাণীৰ অৱদান

No Comments Share:
http://brightwallpapers.com/

তফজ্জুল আলি

(আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ প্ৰতিষ্ঠাৰ সমসাময়িকভাৱে অসমীয়া সংগীতৰ আধুনিক ধাৰাটোৱেও এক নতুন গতি লাভ কৰে। সেই সময়ৰ কলা সংস্কৃতিৰ লগত জড়িত স্বনামধন্য ব্যক্তিসকলৰ প্ৰচেষ্টাত আকাশবাণীৰ জড়িয়তে ঠন ধৰি উঠা অসমীয়া আধুনিক সংগীতৰ ধাৰাটোৰ আভাস বৰ্তমানৰ প্ৰজন্মক দিয়াৰ উদ্দেশ্যে বিশিষ্ট গীতিকাৰ তফজ্জুল আলি (১৯২৯ – ২০০৮) দেৱৰ এটি পুৰণি লেখা এনাজৰী ডট কমৰ পঢ়ুৱৈ সমাজলৈ আগবঢ়ালো। -এনাজৰী ডট কম)  

১৯৪৮ চনৰ পহিলা জুলাইৰ দিনাখন যেতিয়া আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ (সেই সময়ত শ্বিলং গুৱাহাটী কেন্দ্ৰহে বোলা হৈছিল) শুভ উদ্বোধন কৰা হৈছিল, তেতিয়া মই মংগলদৈ চৰকাৰী হাইস্কুলৰ দশম মান শ্ৰেণীৰ ছাত্ৰ আছিলো। আকাশবাণী কেন্দ্ৰৰ উদ্বোধনী অনুষ্ঠানৰ প্ৰায় চাৰি মাহ আগতেই মই গুৱাহাটী কেন্দ্ৰৰ পৰা আধুনিক গীত আৰু বনগীত গাবলৈ নিৰ্বাচিত হৈছিলো। কাৰণ, কেন্দ্ৰ উদ্বোধনৰ ছমাহ আগৰা পৰাই সেই সময়ৰ আকাশবাণীৰ বিষয়া উবেদুল লটিফ বৰুৱা আৰু পুৰুষোত্তম দাসে অসমৰ প্ৰায়বোৰ চহৰলৈ গৈ ৰেডিঅ’ কেন্দ্ৰত গীত গাবলৈ গায়ক গায়িকাৰ সন্ধান কৰি ফুৰিছিল আৰু স্থানীয়ভাৱে কণ্ঠস্বৰ পৰীক্ষা কৰি (অডিছন লৈ) শিল্পী নিৰ্বাচন কৰিছিল। মঙ্গলদৈৰ ডাক বঙলাত লোৱা পৰীক্ষাত ঘটনাক্ৰমে আৰু সম্পূৰ্ণ অপ্ৰত্যাশিতভাৱে একমাত্ৰ ময়েই অনাতাঁৰ শিল্পী হিচাবে নিৰ্বাচিত হৈছিলো। সেই ঘটনাৰ বৰ্ণনা দিবলৈ নগৈ এইখিনিয়ই জনাই থওঁ যে ১৯৪৮ চনৰেই আগষ্ট মাহৰ প্ৰথম সপ্তাহৰ পৰা (তাৰিখটো মনত নাই) ১৯৫৭ চনৰ শেষলৈ ৰেডিঅ’ত প্ৰতিমাহে নিয়মিতভাৱে আধুনিক গীত পৰিবেশন কৰিছিলো। দহ বছৰৰো অধিক কাল গীত গায়ো মোৰ কণ্ঠস্বৰ বা গায়নৰ বিশেষ উন্নতি সাধন কৰিব নোৱাৰি ৰেডিঅ’ত গীত গাবলৈ বাদ দিলো। অৱশ্যে গুৱাহাটী কেন্দ্ৰৰ সৈতে মোৰ সংযোগৰ এনাজৰীডাল বিচ্ছিন্ন হোৱা নাছিল। ৰেডিঅ’ৰ গীত ৰচনাৰ উপৰিও সংগীতালেখ্য, নাটক, কথিকা আদি লিখি আৰু অন্যান্য দায়িত্বও লৈ গুৱাহাটী কেন্দ্ৰৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি আহিছো। যোৱা পঞ্চাছ বছৰ ধৰি আকাশবাণীৰ লগত মোৰো জীৱনৰ এটা ফাল বিজড়িত হৈ আছে। 
যিহেতু আধুনিক গীতৰ যোগেদিয়েই আকাশবাণীৰ সৈতে মোৰ সম্পৰ্ক ঘটিছিল আৰু গায়ক গায়িকা, গীতিকাৰ আৰু সুৰকাৰসকলৰ সৈতেই মোৰ প্ৰথম পৰিচয় হৈছিল, গতিকে অসমীয়া আধুনিক গীতৰ সৃষ্টিকাৰ্য, ক্ৰমবিকাশ আৰু জনপ্ৰিয়তাৰ ক্ষেত্ৰত আকাশবাণীয়ে কেনে ধৰণৰ ভূমিকা গ্ৰহণ কৰি আহিছে সেই বিষয়ে দু-আষাৰমান ক’বলৈ মানস কৰিছো। 
যদিও ১৮৯০ মানৰ পৰাই অসমীয়া আধুনিক গীতৰ ধাৰা আৰম্ভ হৈছিল, তথাপি উপযুক্ত প্ৰচাৰ মাধ্যমৰ অভাৱত সেই ধাৰা বৰ ক্ষীণ আছিল আৰু তাৰ গতিও আছিল অতি মন্থৰ। সংগীতাচাৰ্য লক্ষ্মীৰাম বৰুৱা, দুৰ্লভচন্দ্ৰ দাস, পদ্মধৰ চলিহা, উমেশ চৌধাৰী, অম্বিকাগিৰি ৰায়চৌধুৰী প্ৰমুখ্যে কৃতবিদ্য সংগীতকাৰসকলৰ ৰচনাসমূহো প্ৰচাৰৰ অভাৱত আন্ধাৰতেপৰি থাকিল আৰু সেইদৰে বহুতো আপুৰুগীয়া সৃষ্টি পাহৰণিৰ গৰ্ভত জাহ গ’ল। আনকি ত্ৰিছ আৰু চল্লিশৰ দশকতো কীৰ্তিনাথ শৰ্মা বৰদলৈ, পাৰ্বতি প্ৰসাদ বৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ দৰে সংগীতকাৰসকলৰ সৃষ্টিসমূহেও জনসমাজত প্ৰচাৰৰ প্ৰশস্ত পথ বিচাৰি নাপালে। কেইখনমান গ্ৰামোফোন ৰেকৰ্ড আৰু কেইটামান কথাছবিৰ গীতৰ বাহিৰে সেইকালৰ অসমীয়া আধুনিক গীতৰ নিদৰ্শন দাঙি ধৰিবলৈ আৰু বিশেষ সমল বিচাৰি পাবলৈ টান। এনে পটভূমিত অসমীয়া আধুনিক গীতৰ প্ৰকাশ আৰু বিকাশ মুজুৰা লাগি আছিলআৰু অসমৰ সংগীতশিল্পী সকলেও যেন আত্মপ্ৰকাশৰ বাট বিচাৰি উকমুকাই আছিল। 
১৯৪৮ চনৰ পহিলা জুলাইত আকাশবাণীয়ে অসমৰ শিল্পী, সাহিত্যিক আৰু জনসাধাৰণৰ কাৰণে এখন নতুন সম্ভাৱনাময় দুৱাৰ মুকলি কৰি দিলে। তাৰ এবছৰমান আগতে লাভ কৰা ৰাজনৈতিক স্বাধীনতাই সমগ্ৰ ভাৰতবৰ্ষতে এটি উত্সাহ উদ্দীপনাময় নৱজাগৰণ বা ৰেণেছাঁৰ জোৱাৰ তুলিছিল। অসমৰ ক্ষেত্ৰত এটি সৃষ্টিশীল কৰ্মময় ৰেণেছাঁৰ জাগৰণ অনাত অন্যতম প্ৰধান উত্তেজক বা অনুপ্ৰেৰণা হৈছিল আকাশবাণী। সৌভাগ্যবশত: অসমত আকাশবাণীৰ প্ৰাৰম্ভতে এনে কেইগৰাকীমান বিজ্ঞ আৰু প্ৰতিভাশালী বিষয়া তাত নিযুক্ত হৈছিল – যিসকলৰ দুৰদৃষ্টিসম্পন্ন সুদক্ষ পৰিচলানাই গুৱাহাটীত আকাশবাণীৰ বুনিয়াদ মজবুতকৈ প্ৰতিষ্ঠা কৰিছিল। তেওঁলোকে আকাশাবাণীক এটি জাতীয় অনুষ্ঠান বুলি গণ্য কৰিছিল আৰু সেই অনুষ্ঠানত তেওঁলোকৰ নিযুক্তিও জাতি গঠনৰ কামত ব্ৰতী হ’বলৈয়ে হোৱা বুলি ভাবিছিল। পৰৱৰ্তীকালত প্ৰতিষ্ঠা হোৱা দুই এটা সমধৰ্মী অনুষ্ঠানত এনে মানুহ নথকা বাবেই তেনেবোৰ অনুষ্ঠানত আহুকালৰ অন্ত নাই। সি যি কি নহওক, গুৱাহাটীত আকাশবাণীৰ আৰম্ভণিতে সংগীত বিভাগৰ দাযিত্বত আছিল বীৰেন্দ্ৰ কুমাৰ ফুকন আৰু পুৰুষোত্তম দাস। এই দুগৰাকী গুনী সংগীতজ্ঞই বহু প্ৰতিকূল অৱস্থাৰ মাজতো সুচিন্তিত পৰিকল্পনা আৰু নিৰলস পৰিশ্ৰমেৰে অসমৰ সকলো প্ৰবীণ আৰু নবীন সংগীতশিল্পীক আকাশবাণীৰ মজিয়ালৈ আদৰি আনিছিল; সেইসকলৰ ভিতৰতে প্ৰতিভাশালী আৰু প্ৰশিক্ষিত শিল্পীসকলক সংগীতৰ অন্যান্য শাখাৰ লগতে অসমীয়া গীতৰো এটি সুস্থ আৰু সবল ধাৰা গঢ়ি তুলিবলৈ প্ৰেৰণা যোগাইছিল আৰু ব্যক্তিগতভাৱে পাৰ্যমানে সহায় আৰু সহযোগিতা আগবঢ়াইছিল। তেওঁলোকে প্ৰবীণ শিল্পী সকলৰ মাজত নিহিত হৈ থকা অসমীয়া সংগীতৰ আপুৰুগীয়া সম্পদখিনি উদ্ধাৰ কৰিবলৈ যত্ন কৰিছিল আৰু নবীন শিল্পী সকলৰ প্ৰতিভাক বিকশিত কৰি অসমীয়া আধুনিক গীতৰ এটি সুস্থ, সবল আৰু মনোগ্ৰাহী ধাৰা গঢ়ি তুলিবলৈ প্ৰযত্ন চলাইছিল। বীৰেন্দ্ৰ কুমাৰ ফুকন আৰু পুৰুষোত্তম দাসে কাৰ্যনিৰ্বাহ কৰা প্ৰায় দুকুৰি বছৰমানৰ ভিতৰত তেওঁলোকৰ প্ৰযত্নৰ ভালেখিনি সুফল দেখিবলৈ পোৱা গৈছিল।   
প্ৰথমতে আকাশবাণীয়ে আনন্দিৰাম দাস, বলোৰাম দাস, ধীৰেন্দ্ৰনাথ দাস, তাৰিকুদ্দিন আহমদ, দুৰ্গা ভূঞা আদি প্ৰবীণ কণ্ঠশিল্পীসকলে গোৱা গীত নিয়মীয়াকৈ প্ৰচাৰ কৰি এহাতে অসমীয়া আধুনিক গীতৰ তুলনামুলকভাৱে পুৰণা ধাৰাটোৰ সৈতে এচাম শ্ৰোতাৰ বহুদিনৰ সম্পৰ্ক অক্ষুন্ন ৰাখিছিল, আৰু আনহাতে নৱাগতসকলক তাৰ সৈতে পৰিচিত কৰি বাট দেখুৱাইছিল। দ্বিতীয়তে ড:ভূপেন হাজৰিকা, ৰুদ্ৰ বৰুৱা, ব্ৰজেন বৰুৱা, নিজামুদ্দিন আহমেদ আদি নতুন ধাৰাৰ সূচনাকাৰী শিল্পীসকলৰ গীত প্ৰচাৰ কৰি কেৱল শ্ৰোতাসকলক অসমীয়া আধুনিক গীতৰ মাজলৈ অহা নতুনত্বৰ আস্বাদ দিয়াই নহয়, লগতে উদীয়মান গায়ক-গায়িকাসকলক নতুন বাটৰসন্ধান দিছিল। তৃতীয়তে, উক্ত আদৰ্শসমূহৰ দ্বাৰা অনুপ্ৰাণিত হৈয়েই হেমেন হাজৰিকা, দেৱেন শৰ্মা, তুলতুল ভৰালী, মুকুল বৰুৱা, লক্ষহীৰা দাস, জ্ঞানদা কাকতি, বন্দনা বৰুৱা, দীপালী বৰবৰা, বীৰেন্দ্ৰ নাথ দত্ত, গুণদা দাস, ৰমেন বৰুৱা, দীপালী বৰঠাকুৰ, জ্যোতিৰ্ময় কাকতি, জ্যোতিষ ভট্টাচাৰ্য, মিহিৰ বৰুৱা, খগেন মহন্ত, জয়ন্ত হাজৰিকা, কুল বৰুৱা আদি সুকণ্ঠশিল্পীসকলে নতুন ৰচনা আৰু নতুন ভংগীৰ সুৰেৰে আকাশবাণীৰ যোগেদি গীত প্ৰচাৰ কৰি শ্ৰোতাসকলৰ মাজত বিপুল সমাদৰ লাভ কৰিছিলআৰু সেইদৰে আকাশবাণীৰ সুৰীয়া যাত্ৰা সফল আৰু শক্তিশালী কৰি তুলিছিল। ইয়াৰ পাছৰ চাম শিল্পীসকলৰ ক্ষেত্ৰতো অণিমা চৌধুৰী, পুলক বেনাৰ্জী, সান্ত্বনা বৰুৱা, ডলী ঘোষ, বিউটি শৰ্মা বৰুৱা, নমিতা ভট্টাচাৰ্য, ৰিদিপ দত্ত, মহানন্দ মজিন্দাৰ বৰুৱা, ৰাজেন গোঁহাই, দিলীপ দাস, প্ৰমুখ্যে কেইগৰাকীমান শিল্পীৰ গীতে আকাশবাণীৰ আধুনিক গীতৰ বিকাশৰ গতি অব্যাহতভাৱে ধৰি ৰাখিছে। আকাশবাণীৰ যোগেদি অসমীয়া আধুনিক গীতৰ উত্কৰ্ষ সাধন আৰু জনপ্ৰিয়তা সৃষ্টিৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান যোগোৱা সুৰকাৰসকলৰ কথাও স্মৰণ কৰিব লাগিব। প্ৰথমতে আকাশবাণীৰ চাকৰিয়াল কেইগৰাকীমান সুৰকাৰৰ কথা ক’ব খুজিছো। তেওঁলোক আছিল হীৰালাল বেনাৰ্জী, মাণিক চক্ৰৱৰ্তী, শিৱ ভট্টাচাৰ্য, হেমেন হাজৰিকা, দেবেন শৰ্মা, জিতেন দেৱ, নৱ বৰুৱা (গায়ক, গীতিকাৰ আৰু সুৰকাৰ) আৰু মুকুল বৰুৱা। গুৱাহাটী কেন্দ্ৰৰ প্ৰাৰম্ভতে এই সুৰকাৰসকলে নতুন নতুন সুৰ ৰচনাৰে গায়ক – গায়িকাসকলক বৰ সহায় কৰিছিল। আকাশবাণীৰ এই চাম সুৰকাৰৰ বিশেষত্ব আছিল এয়ে যে তেওঁলোকে 'সুৰৰ শৰাই', 'এই মাহৰ গীত' আদি বিশেষ সংগীতানুষ্ঠানৰ বাবে এটা বা দুটা বাছকবনীয়া গীতৰ ৰচনা বাছি লৈছিল আৰু যথেষ্ট চিন্তা আৰু পৰিশ্ৰমেৰে তাত সুৰ সংযোগ কৰিছিল। এই গীতবোৰ যেতিয়া আকাশবাণীৰ সুকণ্ঠশিল্পীৰ যোগেদি প্ৰচাৰ হৈছিল, তেতিয়া সেইবোৰে ততালিকে শ্ৰোতাৰ মন মুহিব পাৰিছিল আৰু সেইবোৰ গীত সাৰ্থক আধুনিক গীতৰ নিদৰ্শন স্বৰূপে বহুদিনলৈ শ্ৰোতাৰ মনত ৰৈ গৈছিল। এনে লাগে যেন আকাশবাণীৰ চাকৰিয়াল এই সংগীতকাৰসকলে অসমীয়া আধুনিক গীতৰ এটি আদৰ্শ মান দাঙি ধৰিবলৈ প্ৰাণপণে প্ৰয়াস কৰিছিল। এইখিনিতে উল্লেখযোগ্য যে পুৰুষোত্তম দাস আৰু বীৰেন্দ্ৰ ফুকনেও কিছুসংখ্যক অনবদ্য আধুনিক গীত আকাশবাণীৰ শ্ৰোতাসকলক উপহাৰ দিছিল। 
আকাশবাণীত চাকৰি নকৰা বহুতো সুৰকাৰেও অনন্যসাধাৰণ সুৰেৰে সজাই উত্কৃষ্ট আধুনিক গীতৰ সৃষ্টি কৰিছিল। আকাশবাণীৰ দ্বাৰা প্ৰচাৰিত হৈ সেইবোৰ গীতেও শ্ৰোতাৰ মাজত আলোড়ণ তুলিছিল আৰু এটি নতুন ধাৰাৰো সৃষ্টি কৰিছিল। সেই সুৰকাৰসকলৰ ক্ষেত্ৰত নিশ্চয় আনন্দিৰাম দাস, ড: ভূপেন হাজৰিকা (তেওঁ আৰম্ভণিতে আকাশবাণীত চাকৰিও কৰিছিল) আৰু ৰুদ্ৰ বৰুৱাৰ নাম প্ৰথমতে ল'ব লাগিব। এই তিনিগৰাকী সংগীতকাৰে নিজস্ব বৈশিষ্ট্যৰে বৰ্তমানলৈ একোখন সুকীয়া আসন দখল কৰি আছে। তেওঁলোকৰ প্ৰায় সমসাময়িকভাৱে ব্ৰজেন বৰুৱা, দূৰ্গা ভূঞা, দৰ্পনাথ শৰ্মা, তাৰিকুদ্দিন আহমদ, বিবেকানন্দ ভট্টাচাৰ্য, নিজামুদ্দিন আহমদ আদিয়ে সুৰ ৰচনাৰে আকাশবাণীৰ আধুনিক সমৃদ্ধ কৰিছিল। পঞ্চাশৰ দশকৰ পৰা এচাম উদীয়মান ডেকা সুৰকাৰৰ নতুন ভংগীৰ সুৰ ৰচনাই আকাশবাণীৰ আধুনিক গীতত এটা নতুন প্ৰাণৰ সঞ্চাৰ কৰিছিল। শ্ৰোতাসকলেও তেওঁলোকৰ সৃষ্ট সুৰক বৰ আদৰেৰে গ্ৰহণ কৰিছিল আৰু সেই গীতবোৰ ততালিকে জনপ্ৰিয় হৈ পৰিছিল। এই নবীন সুৰকাৰসকল আছিল ড: বীৰেন্দ্ৰ নাথ দত্ত, ৰমেন বৰুৱা, অমিত সৰকাৰ, অজিত সিংহ, খগেন মহন্ত, জয়ন্ত হাজৰিকা, কানু মুখাৰ্জী, কুল বৰুৱা, জ্যোতিষ ভট্টাচাৰ্য আদি। এইটো ঠিক যে উল্লিখিত সংগীতকাৰসকলৰ সক্ৰিয় সহযোগে আকাশবাণীৰ আধুনিক সংগীতক সমৃদ্ধ আৰু গতিময় কৰিছিল। কিন্তু আনহাতে এইটোও ঠিক যে আকাশবাণী অবিহনে তেওঁলোকৰো প্ৰকাশ আৰু প্ৰতিষ্ঠা বৰ সহজসাধ্য নহ'লহেঁতেন। 
ভাল আধুনিক গীত হ'বলৈ গীতৰ ৰচনাও ভাল হ'ব লাগিব। কৃতবিদ্য গীতিকাৰ পুৰুষোত্তম দাসে আধুনিক গীতৰ ৰচনাত থকা কাব্যিক বা সাহিত্যিক গুণলৈও চোকা দৃষ্টি ৰাখিছিল। আকাশবাণী কেন্দ্ৰৰ আৰম্ভণিতে গীতৰ ৰচনা সম্পৰ্কে কোনো বাধা নিষেধ বা বাধ্য বাধকতা নাছিল। যিকোনো লোকৰ ৰচনা সুৰ দি ৰেডিঅ'ত গাব পৰা গৈছিল। এনে উন্মুক্ত ব্যৱস্থা হয়তো বহুতৰ বাবে সুবিধাজনক আছিল। কিন্তু এনে উদাৰতাৰ সুৰুঙাৰে গীতৰ অনুপযোগী কিছুমান ৰচনাইয়ো আকাশবাণীৰ যোগেদি প্ৰচাৰৰ সুবিধা লাভ কৰিলে। তাকে লৈ কিছু সমালোচনাও হ'ল। সেয়েহে ৰেডিঅ' কেন্দ্ৰ স্থাপন হোৱাৰ দুবছৰমানৰ পিছৰ পৰাই কেৱল কেন্দ্ৰৰ দ্বাৰা অনুমোদিত গীতিকাৰৰ গীতৰ ৰচনাহে ৰেডিঅ' যোগে প্ৰচাৰৰ নিয়ম কটকটীয়াকৈ প্ৰৱৰ্তন কৰা হ'ল। এনে নিয়ম প্ৰচলিত হোৱাত সুৰৰ উপযোগী নতুন ৰচনাৰ দুৰ্ভিক্ষ আৰম্ভ হ'ল। সেই অভাৱ পূৰণ কৰিবলৈ আকাশবাণীয়ে খৰতকীয়া কাৰ্যপন্থা হাতত ল'লে। প্ৰথমতে বিখ্যাত কবি সাহিত্যিক সকলৰ গীতিধৰ্মী ৰচনাবোৰ একোখন বহীত লিখাই ল'লে আৰু সেই ৰচনাৰ লেখকসকলক অনুমোদিত গীতিকাৰ হিচাবে স্বীকৃতি দিলে। দ্বিতীয় পৰ্যায়ত পুৰুষোত্তম দাস আৰু বীৰেন্দ্ৰ কুমাৰ ফুকনে সমসাময়িক সুখ্যাত কবি – গীতিকাৰসকলক আধুনিক গীত লিখিবলৈ কেতিয়াবা চিঠিৰে আৰু কেতিয়াবা ঘৰলৈ গৈ অনুৰোধ জনালে আৰু তেওঁলোকৰ পৰা প্ৰয়োজনীয় সংখ্যক গীত পোৱাত তেওঁলোককো আকাশবাণীৰ অনুমোদিত গীতিকাৰ বুলি স্বীকৃতি দিয়া হ'ল। তৃতীয় পৰ্যায়ত কিছু সংখ্যক নবীন গীতিকাৰে স্বপ্ৰণোদিতভাৱে নিজৰ ৰচিত গীতসমূহ অনুমোদনৰ বাবে আকাশবাণীৰ কাৰ্যালয়ত দাখিল কৰিলে আৰু তাৰে কোনো কোনো গীতিকাৰে অনুমোদনো পালে। তদুপৰি দাস আৰু ফুকনে মেলে মিটিঙে বা সংগীতানুষ্ঠান আদিলৈ যাওঁতে য'তেই এটা ভাল গীতৰ ৰচনা শুনিছিল ত'তেই গীতিকাৰজনৰ বা-বাতৰি লৈ তেওঁক মতাই আনিছিল আৰু কম পক্ষেও পঁচিশটা গীত লিখি তেওঁলোকৰ হাতত দিবলৈ কৈছিল। এনেদৰে পোৱা গীতবোৰ উচ্চমানবিশিষ্ট হ'লে গীতিকাৰজনক অনতিবিলম্বে অনুমোদন জনাইছিল। এনেদৰেই আকাশবাণীয়ে এচাম প্ৰতিভাশালী নবীন গীতিকাৰক উত্সাহ দান কৰি পোহৰলৈ আনিছিল। কথা, সুৰ আৰু গায়নৰ যোগেদি যি গীতৰ সৃষ্টি হয়, তাক সুস্থ আৰু সবল ৰূপত জনসমাজৰ আগত দাঙি ধৰিবলৈ আকাশবাণীয়ে আৰম্ভণি কালৰে পৰা যত্নৰ ক্ৰুটি কৰা নাছিল। 
এই কথা অনস্বীকাৰ্য যে আকাশবাণীয়ে যেনেকৈ এহাতে বহু বছৰ ধৰি অসমত চামে চামে গায়ক, গীতিকাৰ আৰু সুৰকাৰ সৃষ্টিত প্ৰধান প্ৰেৰণা স্বৰূপে কাম কৰিলে, সেইদৰে আনহাতে অসমীয়া আধুনিক গীতক কেৱল অসমতে নহয়, সৰ্বভাৰতীয় ক্ষেত্ৰতো জনপ্ৰিয় কৰি তোলাত প্ৰচুৰ অৰিহণা যোগালে। এই শুভ যাত্ৰা কেতিয়াও থমকি নৰ'ব বুলিয়েই আমাৰ বিশ্বাস।            

 

Previous Article

আকাশবাণী ডিব্রুগড় কেন্দ্রৰ নাটকৰ স্বর্ণময় অধ্যায়

Next Article

Akashbani Guwahati

You may also like

Leave a Reply

Your email address will not be published. Required fields are marked *