আকাশবাণী ডিব্রুগড় কেন্দ্রৰ নাটকৰ স্বর্ণময় অধ্যায়

No Comments Share:
drama

চৈয়দ চাদুল্লা

এখন সমাজক সবল তথা সজীৱ কৰি ৰাখে সেই সমাজৰ কৃষ্টি-সংস্কৃতিৰ স্বৰূপটোৱে। এই কৃষ্টি-সংস্কৃতিয়েই সমাজৰ দাপোন স্বৰূপ। এই ক্ষেত্রত নাটকৰ ভূমিকা অপৰিহার্য্য।নাটকেই সমস্যা-জর্জৰিত মানুহখিনিৰ অন্তৰত নতুন চিন্তাৰ উদ্রেক ঘটোৱাৰ লগতে সমাধানৰ সন্ধানো দিয়ে। অসমৰ নাট্য জগতলৈ অনাতাঁৰ কেন্দ্রৰ যোগেদি আকাশবাণীৰ কেইবাদশকযোৰা অৱদান নিশ্চয়কৈ প্রশংসনীয়। উল্লেখযোগ্য যে বিগত দশককেইটাত আকাশবাণী গুৱাহাটী আৰু ডিব্রুগড় কেন্দ্রই অভিলেখ সংখ্যক প্রভাৱশালী নাট প্রচাৰ কৰি শ্রোতাৰ অন্তৰত গভীৰ সাঁচ বহুৱাবলৈ সক্ষম হৈছে। অনাতাঁৰ নাটৰ এই স্বর্ণময় ইতিহাসত আছে অনেক প্রথিতযশা নাট্যকাৰৰ প্রতিভাৰ স্বাক্ষৰ। তাহানিৰ আকাশবাণী গুৱাহাটী কেন্দ্রৰ পৰা প্রচাৰিত অতি জনপ্রিয় নাটক, ধাৰাবাহিক আদি প্রচাৰলৈ শ্রোতাই অধীৰ আগ্রহেৰে বাট চাই থকাৰ দিনবোৰ প্রবীণচাম শ্রোতাৰ স্মৃতিপটত বিদ্যমান।যোৱা শতিকাৰ ষষ্ঠ দশকত বলিষ্ঠ নাট্যকাৰ ড. ভবেন্দ্র নাথ শইকীয়াৰ অমূল্য নাট্য সম্ভাৰ, খ্যাতনামা নাট্যকাৰসকল প্রফুল্ল বৰা, ঘন হাজৰিকা, মহেন্দ্র বৰঠাকুৰ, অৰূপ বৰঠাকুৰ, অখিল চক্রৱর্তী আদিৰ উপৰি সুদক্ষ নাট্যকাৰ অৰুণ শর্মাৰ আছে এক অনবদ্য অৱদান।
নাটকৰ ক্ষেত্রত আকাশবাণী ডিব্রুগড় কেন্দ্রৰো আছে এক গৌৰৱোজ্জল ইতিহাস। ১৯৬৯ চনত স্থাপিত এই কেন্দ্রই নিজাববীয়াকৈ প্রথম প্রযোজনা কৰা নাটকখন আছিল ফনী দাসৰ বিখ্যাত ‘হে যুদ্ধ বিদায়’, ১৯৭১ চনত ডিব্রুগড়ৰ সাংস্কৃতিক গোষ্ঠী ‘মঞ্চৰূপা’ৰ বেনাৰত নাটখনি প্রচাৰ কৰা হৈছিল। অভিনয় কৰা বিশিষ্ট নাট্য-শিল্পীসকল আছিল খ্যাতনামা অভিনেত্রী ইভা আচাও ৰহিম, অনিল শর্মা, হাচান শ্বৰীফ আহমেদ, ছবীৰ আহমেদ, অনীমা বৰুৱা,শশ সন্দিকৈ, প্রবোধ দাস, গুনীন গোস্বামী, প্রফুল্ল বৰঠাকুৰ আৰু লীলা বৰুৱা। সেই সময়ৰ কার্যবাহী বিষয়া শ্যামানন্দ বৈশ্যৰ পৃষ্ঠপোষকতাতেই ডিব্রুগড় কেন্দ্রৰ পৰা প্রথম নাট প্রযোজনা কৰাটো সম্ভৱ হৈছিল। ১৯৭৫ চনলৈকে ডিব্রুগড় কেন্দ্রই আকাশবাণী গুৱাহাটী কেন্দ্রৰ পৰা নাটসমূহ ৰিলে কৰি প্রচাৰ কৰিছিল। এই চনতেই এই কেন্দ্রৰ মলখুবছাস্থিত কার্যালয় তথা ষ্টুডিঅ’ কার্ষক্ষম হৈ উঠাৰ লগে লগেই মুকলি কৰা হয়। আৰম্ভ হ’ল ডিব্রুগড় কেন্দ্রৰ নিজস্ব নাট বিভাগ। সেই সময়তে এই কেন্দ্রলৈ  কেন্দ্র সঞ্চালক হৈ আহিল প্রখ্যাত শাস্ত্রীয় সংগীতজ্ঞ বীৰেন্দ্র কুমাৰ ফুকন। এগৰাকী অভিজ্ঞ তথা দূৰদর্শী কার্যক্ষম ব্যক্তি ছাৰে নতুন কেন্দ্রটোক সর্বাংগ সুন্দৰ ৰূপ দিবলৈ যথাসাধ্য চেষ্টা কৰিছিল। তেখেতক এই ক্ষেত্রত পার্যমানে সহযোগ কৰিছিল প্রখ্যাত সংগীত শিল্পী, সুৰকাৰ, গীতিকাৰ কার্যবাহী বিষয়া দেবেন শর্মাই। ইয়াৰ মাজতে এই কেন্দ্রত যোগদান কৰেহি আন এগৰাকী অনাতাঁৰ মাধ্যমৰ অভিজ্ঞতাপুষ্ট বিষয়া লুৎফুৰ ৰহমানে। এখেতসকলৰ অভিজ্ঞতা আৰু ঐকান্তিক প্রচেষ্টাৰ ফলশ্রুতিতেই কম সময়ৰ ভিতৰতে ঠন ধৰি উঠিল আকাশবাণী ডিব্রুগড় কেন্দ্র। আকাশবাণীৰ প্রভাৱপূর্ন স্তৰ তথা গৰিমাৰ ক্ষেত্রত আপোচবিহীন আছিল তেখেতসকল। সংগীত বিভাগৰ দায়িত্বত আছিল দেবেন শর্মা, আনহাতে লুৎফুৰ ৰহমানৰ পৃষ্ঠপোষকতাত আৰম্ভ হ’ল শ্রোতাৰ চিঠি-পত্রৰ অনুষ্ঠান ‘ডাক-পখিলী’, বিচিত্রানুষ্ঠান ‘বর্ণালী’, গঞা ৰাইজৰ অনুষ্ঠান আদি। ১৯৭৫ চনতেই চাকৰিত যোগদান কৰি লগ পালোঁ এক অনন্য প্রতিভা- নাট্যকাৰ মূনিন ভূঞাক। আমাৰ দুয়োৰে মাজত পঢ়ি উঠিল এক নিবিড় সম্বন্ধ। পৰবর্তী সময়ছোৱাত ডিব্রুগড় কেন্দ্রৰ পৰা প্রচাৰিত প্রতিখন নাটক তথা আলেক্ষৰ প্রযোজনাত এজন আনজনৰ পৰিপূৰকস্বৰূপ হৈ পৰিছিলো। প্রণিধানযোগ্য যে সেই সময়ছোৱাত সংগীতানুষ্ঠানেই হওক বা নাটকেই হওক ফুকন ছাৰ, দেবেন দা, অথবা লুৎফুৰ ৰহমান ষ্টুদিঅ’ত নিজে উপষ্ঠিত থাকি দিহা-পৰামর্শ দিছিল, তদাৰক কৰিছিল, উদেশ্য আছিল এটাই- যাতে অনুষ্ঠানৰ মানদণ্ড নিম্নগামী নহয়। সেইয়া মোৰ এক বিৰল অভিজ্ঞতা।
আকাশবাণী ডিব্রুগড় কেন্দ্রৰ নাট বিভাগৰ দ্বাৰা প্রচাৰিত নাটখনি আছিল মুনীন ভূঞা ৰচিত শিশু নাট ‘বিচাৰ’। ১৯৭৫ চনত মলখুবছাস্থিত ষ্টুডিঅ’ কার্যক্ষম হৈ উঠাৰ পিছতে সেই চনতে অক্টোবৰ মাহত নাটখনি প্রচাৰ কৰা হৈছিল। উল্লেখযোগ্য যে ১৯৭৫ চনৰে সর্বভাৰতীয় ভিত্তিত অনুষ্ঠিত আকাশবাণীৰ বার্ষিক বঁটা প্রতিযোগিতাত এই শিশু নাটখনিবে বিশেষ বঁটা লাভ কৰিবলৈ সক্ষম হয়।ইয়াৰ উপৰি এই কেন্দ্রৰ পৰা প্রযোজিত কার্যবাহী বিষয়া এইচ. এন. পাত্রৰ প্রামাণালেখ্য ‘শষ্য প্রাণৰ প্রাণকেন্দ্র’ই প্রথম পুৰস্কাৰ পায়। এটা নতুন কেন্দ্রৰ বাবে ই এটা অভিলেখ। দিল্লী কেন্দ্রৰ পৰা তাঁৰবার্তা অহাৰ লগে লগে কার্যালয়ত এটা উছবমুখৰ পৰিবেশে বিৰাজ কৰিছিল। চাকৰিত যোগদান কৰাৰ পিছতেই প্রযোজক হিচাপে এই ৰাষ্ট্রীয় পুৰস্কাৰ মোৰ বাবে আছিল এক মধুৰতম প্রাপ্তি। মোৰ আজিও মনত আছে সেইদিনা মোক নিবলৈ বীৰেণ ফুকন ছাৰে ঘৰলৈ গাড়ী পঠিয়াই দিছিল।কার্যালয়লৈ গৈয়াই দেখিছিলো দেবেন দা, লুৎফুৰ ৰহমান ডাঙৰীয়া আৰু বীৰেণ ফুকন ছাৰ মোৰ বাবে বাৰাণ্ডাত অপেক্ষা কৰি আছিল। সেইদিনা ফুকন ছাৰৰ ৰূমতে ‘অফিচিয়েল চাহৰ পার্টি’ এটা ও হ’ল। ১৯৭৬ চনৰ মার্চ মাহত ফুকন চাৰৰ সৈতে আমাৰ প্রযোজনাৰ দলটি দল্লী পালোগৈ। বঁটা বিতৰণী সভা অনুষ্ঠিত হৈছিল বিজ্ঞান ভৱনত। নির্দিষ্ট স্থানত আমি বহি থাকোঁতে ফুকন ছাৰে আহি ক’লে-  “জুৰিৰ সদস্যসকলে ‘বিচাৰ’ নাটখনি বৰ ভাল পালে আৰু তোমালোকৰ লগত চিনাকী হ’ব বিচাৰিছে।” অলপ পাছতে বিচাৰক মণ্ডলীৰ ৬ গৰাকী সদস্য আহি মুনীন আৰু মোক অভিনন্দন জনাই ক’লে-“Congratulations! Although we could not follow the language, we enjoyed the play because it was so nicely produced.”। মুনীন আৰু মোৰ বাবে এইয়া এক স্মৰণীয় অভিজ্ঞতা, যি আমাৰ দুয়োকে পৰবর্তী সময়ত অধিক কার্যক্ষম হোৱাত ইন্ধন তথা প্রেৰণা যোগালে।
তাৰেই ফলশ্রুতিত পিছৰ বছৰতে অর্থাৎ ১৯৭৬ চনত এক অভূতপূর্ব সাফল্যতাৰে আকাশবাণীৰ সর্বভাৰতীয় মানচিত্রত উজলি উঠিল ডিব্রুগড় কেন্দ্র; চাৰিটাকৈ ৰাষ্ট্রীয় বঁটা প্রাপ্তীৰে।এইয়া বঁতা প্রতিযোগিতাৰ ক্ষেত্রত এটা অভিলেক।ভাৰতবর্ষৰ বিভিন্ন কেন্দ্রৰ পৰা অভিনন্দন জনাই তাঁৰবার্তা আহিল-“Congratulations for this marvelous achievement.”। বঁটাসমূহ আছিল এনেধৰণৰ-
(১)এটা নতুন পথেৰে-প্রামাণালেখ্য-প্রথম পুৰস্কাৰ।
(২)কি ফুলে ফুলালা-সংগীতালেখ্য-প্রথম পুৰস্কাৰ।
(৩)এটা চোলাৰ কাহিনী-নাটক-প্রথম পুৰস্কাৰ।
(৪)ৰজনী বিদুৰ-নাটক-দ্বিতীয় পুৰস্কাৰ।
পুৰস্কাৰ প্রাপ্ত নাট দুখনিৰ নাট্যকাৰ আছিল আলি হাইদৰ আৰু নবীন শর্মা।দুয়োখন নাটকৰে প্রযোজনাৰ সৈতে মই জড়িত আছিলো। প্রযোজকসকল আছিল লুৎফুৰ ৰহমান আৰু মুনীন ভুঞা। এটা চোলাৰ কাহিনী নাটখনিৰ বহুতো মধুৰ স্মৃতি আজিও মোৰ প্রাণত সজীৱ হৈ আছে। এক মননশীল সৃষ্টিকলাৰ সুনিপুন কাৰিকৰ আছিল আলি হাইদৰ। তেওঁৰ নাট পৰিচালনাৰ অভিনৱ কৌশল, সংলাপ সংযোজনৰ দক্ষতা তথা শ্রব্যকলাৰ নিপুনতা দেখি অভিভূত হৈছিলো।নাট্যকলাৰ কঠিন বিষয়টোৰ বিষয়েও তেওঁৰ জ্ঞান আছিল পৰিস্ফুট।পৰবর্তী সময়ছোৱাত আলি হাইদৰ ৰচিত প্রায় ৯ খনমান নাটক ডিব্রুগড় কেন্দ্রৰ পৰা প্রচাৰিত হৈছিল।তাৰে ভিতৰত ‘এখন নিলাজ দেশৰ মানুহ’, ‘নতুন অতিথি’, ‘সহযাত্রী’, ‘বিস্ফোৰণ হ’ব’, ‘আত্মপ্রকাশ’ আদি উল্লেখযোগ্য। অনাতাঁৰ নাটকত কেৱল কন্ঠস্বৰৰ যোগেদি শ্রোতাৰ উপভোগ্য তথা মনঃপুত হোৱাকৈ নাট্যকলা পৰিবেশন কৰিবলৈ নাট্যকাৰে যঠেষ্ট চিন্তা-চর্চা কৰিবলগীয়া হয়। আলি হাইদৰ আৰু মুনীন ভূঞা আছিল এই বিষয়ত সিদ্ধহস্ত। এটা চোলাৰ কাহিনী নাটখনে অনাতাঁৰ নাটৰ ইতিহাসত এক আলোড়ন সৃষ্টি কৰিবলৈ সক্ষম হৈছিল। প্রতিগৰাকী শ্রোতা আবেগপ্রৱণ হৈ পৰিছিল নাটখনি শুনি। তাহানিৰ শ্রোতাই আজিও পাহৰা নাই সেই হৃডয় কঁপোৱা সংলাপ।
“লোকৰ চোলা চিলাওঁতেই জিন্দেগী গ’ল, নিজৰ এটা চিলাই লোৱা নহ’ল, নিজৰটো ফটা, টাপলি মৰা, টাপলি মাৰোঁতে মাৰোঁতে টাপলি মাৰিবলৈ ঠায়েই নোহোৱা হ’ল।”
আলি হাইদৰৰ দৰে এগৰাকী সুদক্ষ নাট্যকাৰৰ সান্নিধ্যলৈ আহি ষ্টুডিঅ’ৰ মজিয়াত একেলগে কাম কৰিবলৈ সুযোগ পোৱাতো মোৱ বাবে এক পৰম সৌভাগ্যৰ কথা। নাটখনিত ভবানী ভুঞা, লীলাৱতী মজুমদাৰ, নাজিম আহমেদ, ভুবন দত্ত আদিৰ প্রাণস্পর্শী অভিনয়ে নাটখনিক জীৱন্ত কৰি তুলিছিল। ১৯৭৬/৭৭ চনতেই দেবেন শর্মাৰ উদ্যোগত ডিব্রুগড় কেন্দ্রৰ পৰা ‘অপৰাজিতা’ আৰু ‘মধুপুৰত ৰাতি পুৱাব’ নামৰ দুখন ধাৰাবাহিক নাট প্রচাৰ কৰা হৈছিল। ৰচনা আৰু প্রযোজনা আছিল প্রথিতযশা নাট্যকাৰ, পৰিচালক তথা অভিনেতা সুশীল গোস্বামীৰ। এই দুয়োখন ধাৰাবাহিকেই সেই সময়ত যঠেষ্ট জনপ্রিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল। ৭০-৮০ দশক দুটাত অনেক প্রতিভাশালী নাট্য শিল্পীয়ে সাৱলীল অভিনয়েৰে শ্রোতাৰ অন্তৰ জয় কৰি গৈছে। যেনে- ভৰত বৰপূজাৰী, অনিল শর্মা, ৰজনী শর্মা, গোলাপ শর্মা, অতুল গোস্বামী, পৰাগধৰ চলিহা, গোলাপ দত্ত, বিষ্ণু খাৰঘৰীয়া, সুশীল গোস্বামী, ভূপেন গোস্বামী, ৰাণাপ্রতাপ বৰুৱা ছবীৰ আহমেদ, হেমন্ত দত্ত, প্রকাশ বৰপূজাৰী, ফুনু বৰুৱা, তিলক দুৱৰা, বীৰেণ ফুকন, ভবেশ গোস্বামী, ফজলুল ৰহিম ৰাফেল ৰহিম, মুনীন ভূঞা, পবন বেজবৰুৱা, হৰেশ বেজবৰুৱা, অসীম শর্মা, হৰেণ বুজৰবৰুৱা, চেহীৰ আহমেদ, ডা. শান্তনা বৰদলৈ, মঞ্জু গোস্বামী, মঞ্জুলা দাস, ঝর্ণা শইকীয়া, ৰেণু শর্মা, কৃষ্ণা বৰুৱা, সূৱর্ণ ভূঞা, মনোমতী গোঁহাই, অঞ্জনা বৰুৱা, কুসুম পাঠক, ৰঞ্জনা শর্মা বৰদলৈ, ৰত্না দত্ত, শকুন্তলা শর্মা, ধ্রুৱজ্যোতি বৰদলৈ, ক্ষেত্রধৰ বৰগোঁহাই আৰু লগতে এতিবাৱ প্রতিষ্ঠিত অভিনেতা তথা পৰিচালক ব্রজেন বৰা, শিশু শিল্পী সঞ্জীৱ শর্মা, শিশু শিল্পি অমিতাভ গগৈ আদি।
৭০ ৰ দশকটোতেই নাট্যকাৰ যদু বৰপূজাৰী অনুবাদিত বিশ্ববিশ্রুত নাট্যকাৰ শ্বেইক্সপীয়েৰৰ কেইবাখনো নাটক যেনে- ‘ৰোমিঅ জুলিয়েট’, ‘অথেল’, ‘হেমলেট’, ‘জুলিয়াছ চিজাৰ’আদি প্রচাৱ কৰা হৈছিল। শ্বেইক্সপীয়েৰৰ নাট প্রচাৰ কৰাতো এটা অনাতাঁৰ কেন্দ্রৰ বাবে গৌৰৱৰ কাৰক। তাহানি এই কেন্দ্রৰ পৰা প্রচাৰিত অন্যান্য উল্লেকযোগ্য নাটসমুহ হ’ল ঘন হাজৰিকাৰ ‘শ্বহীদ’, ৰজনী শর্মাৰ ‘মুনীন্দ্র আণ্ডাৰ মেট্রিক’, সুশীল গোস্বামীৰ ‘কুকুহা’, ‘অভিনেত্রী’, ‘সজাত বন্দী’, ‘দেইতি বৰুৱাৰ ঘোঁচা’, মাণিক আহমেদ প্রযোজিত ‘নাস্তিক’, অৰুণ শর্মাৰ ‘চিঞৰ’, ‘অগ্নিগড়’, ‘নিবাৰণ ভট্টাচার্য’, ‘অদিতিৰ আত্মকথা’, লুৎফুৰ ৰহমানৰ ‘বন্ধ দুৱাৰ’ ইত্যাদি। ইয়াৰ উপৰিও অংকীয়া ভাওনাৰ অনাতাঁৰ নাট্যৰূপ প্রচাৰিত হৈছিল। জ্যোতিপ্রসাদ আগৰৱালাৰ ‘লভিতা’, ‘শোনিতকুঁৱৰী’, ‘ৰূপালীম’ আদিৰ  প্রচাৰে সোণত সুৱগা চৰাইছিল।
১৯৭৯ চনত প্রচাৰিত হৈছিল মুনীন ভুঞা ৰচিত আৰু প্রযোজিত যুগজয়ী নাটক ‘হাতী আৰু ফান্দী’ আৰু সেই বছৰৰ সর্বভাৰতীয় আকাশবাণীৰ বার্ষিক নাট প্রতিযোগিতাত এই নাটখনে প্রথম পুৰস্কাৰ লাভ কৰে। এই নাটকতো মই প্রযোজনাৰ সহযোগী আছিলো। মুনীন আছিল এগৰাকী Perfectionist। সেয়ে ‘হাতি আৰু ফান্দী’ বাণী বন্ধনৰ পৰা সম্পাদনালৈকে আমাৰ কেইবাদিনো লাগিছিল। মুনীনক সন্তুষ্ট কৰাতো কঠিন, প্রতিটো দিশ নিখুট হ’ব লাগিব। মোৰ আজিও মনত আছে ডাবিং ৰূমৰ পৰা খঙতে উচাট্‌ মাৰি ‘যি কৰা কৰি থাকা’ বুলি ওলাই যায়। আকৌ অলপ পিছতে তামোল এখন মুখত লৈ হাঁহি এটা মাৰি সোমায়হি। নাটকখনত হাতীয়ে মুহিৰামক মৰা দৃশ্যটোৰ Sound effect  মুনীনৰ একেবাৰে মনঃপুত নহ’ল। মোক ক’লে ‘ভাল লগা নাই real হ’ব লাগিব।’ দুয়ো ওলাই গ’লো। ডাঠ কাগজৰ বাকচ এটা গোটাই, পিছফালৰ হাবিৰ পৰা শুকান ডাল-পাত মেৰাই লৈ ষ্টুডিঅ’ত মাইক্র’ফনৰ সমুখত থৈ মোক ক’লে তুমি ৰেকর্ড কৰাচোন। দেখিলো, তেও২ বাকচটোৰ ভিতৰত ভৰি এখন সুমুৱাই হাতীয়ে গছকা শব্দ এটা উলিয়াইছে। সেই শব্দৰ লগত আকৌ জিলিৰ মাত হাতীৰ মাতৰ পিছত mix কৰা হ’ল। ফলত আমি পালোঁ এটা অপুর্ব sound effect । এইখন নাটকত মুহিৰামৰ চৱিত্রটো মুনীনে বলিষ্ঠ অভিনয়েৰে শ্রোতাৰ অন্তৰত গভীৰ সাঁচ বহুৱাবলৈ সক্ষম হৈছিল।অন্যান্য শিল্পীসকল আছিল- সুৰেন্দ্র নাথ শর্মা, গোলাপ দত্ত, ফজলুল ৰহিম ৰাফেল, পবন বেজবৰুৱা, জয়া দুৱৰা আৰু শিশু শিল্পী সঞ্জয় খাৰঘৰীয়া। নাটকখনৰ বলিষ্ঠ সংলাপ, আৱহ সংগীত আছিল মুনীনৰ নিজৰ সৃষ্টি। কোনো কথাতে আপোচ নকৰিছিল। অন্ততঃ নাটকৰ ক্ষেত্রত।
এইয়াই আছিল মুনীনৰ কর্মস্পৃহা। তেওঁ আছিল সামাজিকভাৱে দায়বদ্ধ নাট্যকাৰ। ১৯৮৩ চনত তৰুণচন্দ্র পামেগাম ৰচিত ‘সেতু’ নামৰ নাটখনি মুনীনে প্রযোজনা কৰিছিল। সেই নাটখনতো অভিনয় কৰা উপৰিও প্রযোজনাৰ সহযোগী আছিলোঁ। আকাশবাণী ডিব্রুগড় কেন্দ্রৰ আন এগৰাকী অভিনেত্রী তথা আবৃত্তিকাৰ আছিল কার্যবাহী বিষয়া কমল শর্মা। এই কেন্দ্রৰ পৰা প্রচাৰিত বহু নাটকত সাৱলীল অভিনব কৰি নিজৰ দক্ষতাৰ পৰিচয় দি থৈছে। বিশেষকৈ ‘অথেল’ নাটখনিট খলনায়ক ইয়াগ’ৰ চৰিত্রত কমল শর্মাৰ অভিনয় প্রতিভা মুর্ত হৈ উঠিছিল।
১৯৯৭ চনত আন এখন নাট ‘উৰুখা’ই বঁটা প্রতিযোগিতাত দ্বিতীয় পুৰস্কাৰ লাভ কৰিছিল। এই নাটখনিৰ এটা আমোদজনক জন্ম কাহিনী আছে। ‌এখন গাঁৱৰ এটা সঁচা কাহিনী মোৰ সহকর্মী লোহিত ডেকা আৰু ৰূপজ্যোতি দুৱৰাক কৈ শুনাইছিলোঁ ১৯৯৫ চনতে। তেওঁলোকে নাটক এখন লিখি পেলাৱক বুলি তাগিদা দিলে, পিছে দুবছৰ ধৰি নাটকখন লিখা নহ’ল। এদিন দুয়ো ঠিক কৰিলে আমাৰ ঘৰলৈ আহি নাটকখন লিখিব তেওঁলোকে। মই মাত্র সংলাপবোৰ কৈ যাম। এদিন দুয়ো আহি ওলালহি, সেইদিনা কাগজ-কলম লৈ দুয়ো বহি লিখিবলৈ লৈছেহে মাত্র এনেতে কাৰেন্ট গ’ল। লোহিতে ক’লে ‘কোনো কথা নাই, মম জ্বলাই হ’লেও আজি নাটক সম্পুর্ণ কৰিম।’ যি কি নহওঁক মমৰ পোহৰত তেওঁলোকে সালসলনিকৈ নাটকখন লিকি উলিয়ালে। তাৰ পিছতে আহিল প্রযোজনাৰ পট, সেয়াও এক কাহিনী, Real Sound effect  বাণিবদ্ধ কৰিবলৈ এদিন পুৱতি নিশা চাৰি বজাতে আমি তিনিও পালোগৈ গাঁৱত থকা আমাৰ সহকর্মী তৰুণ গগৈৰ ঘৰ, গগৈৰ পৰিবাৰক জগাই লোহিতে দা এখন খুজি বাঁহ কাটিবলৈ ধ৭ৰিলে আৰু ৰেকর্ডাৰ লৈ ৰূপজ্যোতি ব্যস্ত হৈ পৰিল। দূৰৈৰ পৰা ভাঁহি আহিল কুকুৰাৰ ডাক, তাৰ পিছতে চালৰ ওপৰলৈ পানী মাৰি তলত টোপ্‌ টোপ্‌কৈ পৰা শব্দ বাণীবদ্ধ কৰিলে লোহিত ডেকাই। নাটকখনৰ প্রয়োজনীয় Sound effect  সুন্দৰকৈ বাণীবদ্ধ কৰি লোৱা হ’ল। পিচে সেইদিনা পুৱাই গগৈৰ ঘৰত কৰা আমনিৰ কথা আমি পাহৰিবেই গ’লোঁ।গগৈৰ পৰিবাৰে আকৌ চাহ-জলপানৰ দিহা কৰিছিল। যি কি নহওক, পিছত হেনো ধেমালিতে কৈছিল- “সেইকেইজনে নাটকৰ কাৰণে আহি মোৰ ঘৰতে এখন নাটক কৰি থৈ গ’ল। সেই লোহিত ডেকা বোলাজনে জেওৰা ভেটিবলৈ থোৱা বাঁহকেইডালকে ঘপিয়াই কাটিলে বাপেকে, ৰূপজ্যোতি বোলাজনে আকৌ চালৰ ওপৰলৈ পানী মাৰিলে যিমান পাৰে।” তাহানিৰ সেই মধুৰ স্মৃতিবোৰে আজিও আমনি কৰে। নাটখনত সুন্দৰ অভিনয় কৰি শ্রোতাক আপ্লুত কৰিছিল ৰাজশ্রী বৰুৱা, লক্ষ্যজিত কোঁৱৰ, ৰজনী শর্মা, অঞ্জলী বৰুৱা, মনোমতী গোহাঁই, লোহিত ডেকা, ৰূপজ্যোতি দুৱৰা, দিগন্ত বৰঠাকুৰ, শিশু শিল্পী কৰবী ডেকা, উত্তম দাস আৰু চুমু চেতিয়াই।
পৰবর্তী সময়ছোৱাতো ভালেমান বলিষ্ঠ নাট্যকাৰৰ নাটক এই কেন্দ্রৰ পৰা প্রচাৰ কৰা হৈছে।যসশ্বী নাট্যকাৰ অৰুণ শর্মাৰ ‘ত্রিলজী’ নিসংগ বাঁহীৰ সুৰ তাৰে অন্যতম।তিনিটা খণ্ডত নাটকখেইখন আছিল অগ্নিগড়, নিবাৰণ ভট্টাচার্য আৰু অদিতীৰ আত্মকথা। প্রযোজনাৰ দায়িত্বত আছিলো মই। সেয়ে ক’ব খোজো যে অনাতাঁৰ নাট ৰচনাৰ যিটো audiotechnique অর্থাৎ শ্রব্য কলা- অৰুণ শর্মাৰ সেই বিষয়টোৰ ওপৰত জ্ঞান আছিল অপৰিসীমঞ অনাতাঁৰ নাট ৰচনা কৰিবলৈ audiographic ৰ এটা  Pre-concept  বা পূর্ব ধাৰণা থকাটো একান্ত বাঞ্চনীয় যিটো অৰুণদাৰ আছে। এইয়াও হয়তো অন্যতম কাৰণ যে অৰুণদাই শ্রোতাৰ মনঃপুত তথা উপভোগ্য হোৱাকৈ অনেক নাট উপহাৰ দিব পাৰিছে। অৰুণদাৰ নাটকত মই ভাল পোৱা দিশকেইটা হ’ল- প্রযোজনাৰ বিস্তৃত সমল, মানৱীয় প্রমূল্যবোধ, চৰিত্র অংকনৰ সুনিপুণ কৌশল, শ্রোতাৰ অন্তৰত চিন্তাৰ উদ্রেক কৰিব পৰা ইন্ধন। সংলাপবোৰ স্বকীয় ষ্টাইল তথা অভিনয় শৈলী, সমাজৰ প্রতি দায়বদ্ধতা, উপজীব্যৰ সার্বজনীনতা, তথা নিৰবিচ্ছিন্ন কাহিনীৰ গতিময়তা।তদুপৰি নাটকৰ পৰিসমাপ্তিৰ ক্ষেত্রত শ্বেইক্সপীয়েৰৰ নাটৰ সৈতে এটা সামঞ্জস্যতা দেখা যায়। শ্বেইক্সপীয়েৰৰ নাটৰ চৰিত্র সমূহৰ মাজত যি Perplexity  অথবা অনিশ্চয়তা বা অস্থিৰতা নিহিত থাকে, অৰুণদাৰ নাটকৰ ক্ষেত্রতো সেই Perplexity  অনুভূত হয়। এইয়া হয়তো অৱচেতন মনত প্রভাৱ বা অনিচ্ছাকৃত হ’বও পাৰে।অৰুণদাৰ নাট প্রযোজনা কৰি এইয়া মোৰ এক ব্যক্তিগত অনুভৱহে মাত্র।আকাশবাণী ডিব্রুগড় কেন্দ্রৰ অন্য এক সাফল্য হ’ল ২০০০ চনত অৰুণ শর্মাৰ সাহিত্য একাডেমী পুৰস্কাৰ প্রাপ্ত উপন্যাস ‘আশীর্বাদৰ ৰং’ৰ ১৩টা খণ্ডৰ অনাতাঁৰ ধাৰাবাহিক প্রচাৰ। প্রযোজক আছিল মাণিক আহমেদ। আকাশবাণীৰ ডিব্রুগড় কেন্দ্রৰ ঘোষক আজয়ানন্দ বৰা আৰু প্রবাত ধ্রুৱজ্যোতি বৰদলৈও কেইবাখনো  নাটক প্রযোজনাৰ সৈতে জড়িত আছিল।
আকাশবাণী ডিব্রুগড় কেন্দ্রৰ পৰা তাহানিতে হাস্য-ব্যংগৰ নাটকো প্রচাৰ কৰা হৈছিল। তাৰে ভিতৰত উল্লেখযোগ্য হ’ল ৰজনী শর্মা ৰচিত বিখ্যাত ধাৰাবাহিক ‘মুনীন্দ্র আণ্ডাৰমেট্রিক’। কেইবাবাৰো পৰীক্ষা দি মেট্রিক পাচ কৰিব নোৱাৰা দুজন ছাত্রৰ মর্মবেদনাক হাস্য-বংগৰ মাধ্যমেৰে অতি মনোগ্রাহী তথা সফল ৰূপত উপস্থাপন কৰিছিল নাট্যকাৰে। ছাত্র দুজনৰ চৰিত্রত ৰজনী শর্মা, মুনীন ভূঞা আৰু শিক্ষকৰ ভাৱত মাখন ৰাজখোৱাৰ সাৱলীল অভিনয়ে শ্রোতাক অপৰীসীম হাঁহিৰ খৌৰাক যোগাইছিল। ইয়াৰোপৰি লুৎফুৰ ৰহমানৰ হাস্য-বংগ নাট- ‘কথা কোৱা গৰু’, ‘বেজ’এ শ্রোতাৰ যঠেষ্ট সমাদৰ লাভ কৰিছিল।আকাশবাণী ডিব্রুগড় কেন্দ্রৰ আন এগৰাকী কর্মক্ষম তথা নিষ্ঠাবান কার্যবাহী বিষয়া লক্ষ দত্তই ৮০ৰ দশকৰ পৰাই নিৰবিচ্ছিন্নভাবে বুজন সংখ্যক নাটক প্রযোজনা কৰি শ্রোতাৰ মনৰ খোৰাক যোগাবলৈ সক্ষম হৈছে। শ্রীদত্তই প্রযোজনা কৰা নাটসমূহৰ ভিতৰত লক্ষী মহন্তৰ ‘এলান্ধু’, চৈয়দ আব্দুল মালিকৰ ‘সূৰুযমুখীৰ স্বপ্ন’, ইমতিয়াজ আলিৰ ‘গুৱাহাটীৰ পৰা বোকাখাটলৈ’, সুৰেন্দ্রনাথ শর্মাৰ ‘ভূপেন্দ্র বৰুৱা’, অৰুণ গোস্বামীৰ ‘ভূত’, লক্ষী মহন্তৰ ‘সাধনী’, মদন শর্মাৰ ‘এপষেক আৰু এটা দিন’, নন্দ চুতীয়াৰ ‘এজন বৃদ্ধৰ আত্মকথা’, সপোনজ্যোতি ঠাকুৰৰ ধাৰাবাহিক ‘মধুৰতম সময়’, মহেন্দ্র হাজৰিকাৰ ‘পঞ্চতন্ত্রম’, লাৱণ্য গগৈৰ ‘সিংহাসন’ উল্লেখযোগ্য। ইয়াৰোপৰি আৰু অনেক নাটক লক্ষী দত্তই প্রযোজনা কৰিছে। যিবোৰ এই মুহূর্তত মনলৈ অহা নাই। ডিব্রুগড় কেন্দ্রৰ নাট বিভাগৰ আছে এক বর্ণাঢ্য ইতিহাস। থোৰতে লিপিবদ্ধ কৰাতো সম্ভবো নহয়।বহুতো কথা নশ্চয় বাদ পৰি গৈছে, তাৰ বাবে ক্ষমা প্রার্থনীয়। নাটকৰ সমান্তৰালকৈ উপন্যাস পাঠৰ অনুষ্ঠানত ‘ক্রমশঃ’ৰ যোগেদিও শ্রোতাসকলে বহুবোৰ উপন্যাসৰ পাঠ শুনাও নিশ্চয় মনত আছে। উল্লেখ কৰা ভাল হ’ব ‘ভিক্তৰ হিউগ’ৰ ‘La Miserable’ৰ অসমীয়া অনুবাদ দীণ-দুখী আছিল ডিব্রুগড় কেন্দ্রৰ ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠানৰ প্রথমখন উপন্যাস।
সাম্প্রতিক কালত ইলেক্‌ট্রনিক মাধ্যম সমূহৰ মাজত প্রৱল প্রতোযোগিতা তথা সময়ৰ গতিময়তাৰ ধামখুমীয়াত সমাজৰ বহু পৰিবর্তন তথা সাংস্কৃতিক সংকট লক্ষণীয়। বিনন্দীয়া জগতখন আজি এটা পর্যায় পাইছেগৈ, য’তনেকি সমাজৰ বহু লোক আত্মকেন্দ্রিক হৈ পৰিছে। তদুপৰি পশ্চিমীয়া সংস্কৃতিৰ ঢৌৱে সমাজ জীৱনলৈ কঢ়িয়াই আনিছে দুর্যোগ।ইলেক্‌ট্রনিক মাধ্যম সমুহেই সৃষ্টি কৰিছে সম্ভোগবাদী বাতাবৰণ, যাৰ ফলশ্রুতিত জনসাধাৰণৰ চিন্তা-চেতনা, সততা, ন্যায়, নৈতিকতা তথা মানৱীয় প্রমূল্যৰ বিপৰীতে ভোগ-লিপ্সাই প্রাধান্য লাভ কৰিছে। এই তীব্র প্রতিযোগিতাৰ মাজতে শ্রোতাৰ ৰূচিসন্মত সাংস্কৃতিক পৰম্পৰা অটুট ৰাখিবলৈ দশকজুৰি অহৰহ যুঁজ দি আহিছে আকাশবাণীয়ে। সেইয়া প্রণীধানযোগ্য, সেবে অনাতাঁৰ কেন্দ্রৰ চাহীদা কমি যোৱা নাই, বৰঞ্চ বাঢ়িছেহে।আমি আকাশবাণী অনাগত দিনবোৰত সমাজৰ প্রতি দায়বদ্ধতাৰ কথা সুঁৱৰি নাট্যকাৰসকল আগবাঢ়ি আহিব, সমাজ সংস্কাৰমূলক বলিষ্ঠ নাটক উপহাৰ দি এক প্রত্যয়দীপ্ত ভৱিষ্যতৰ আশা সঞ্চাৰ কৰিব শ্রোতাৰ প্রাণত।

বিশেষ কৃতজ্ঞতা : লোহিত ডেকা, আকাশবাণী ডিব্ৰুগড়
 

Previous Article

Dhumuha (1957)

Next Article

অসমীয়া আধুনিক গীতৰ জনপ্ৰিয়তাত আকাশবাণীৰ অৱদান

You may also like

Leave a Reply

Your email address will not be published. Required fields are marked *