যোৰহাটত মহাত্মাৰ প্ৰথম পদাৰ্পণ

No Comments Share:
MAHATMA_GANDHI

বেণুধৰ শৰ্মা 

১৯২১ চনৰ (১৮৪৩ শকৰ) বছৰটো যোৰহাটৰ নিমিত্তে সঁচাকৈয়ে নতুন ৰাজনৈতিক চেতনাৰ বছৰ৷এই বছৰৰ ২৪ আগষ্টৰ দিনা যোৰহাটত মহাত্মা মোহনদাস কৰমচান্দ্ গান্ধীৰ ঐতিহাসিক পদাৰ্পণ হয়৷ এই দিনাই শিৱসাগৰীয়া ৰাইজে মহাত্মাৰ অমৃতবৰ্ষী বাণী শুনিবলৈ পায়৷ইয়াৰ অলপ দিনৰ আগেয়ে,অসমৰ পোনপ্ৰথম অগ্নিকলাই অসহযোগী চন্দ্ৰনাথ শৰ্মাই নগৰত অসহযোগৰ জোকাৰ এটা মাৰি থৈ গৈছিলহি,তথাপি এই দিনাখনহে উজনি অসমত কংগ্ৰেছৰ সঁচাসঁচি কাঁচিয়লি ৰ’দ পৰে৷সেই ৰ’দৰ পোহৰ লৈয়ে দেশভক্ত তৰুণৰাম ফুকনৰ মৌবৰষা বক্তৃতাত শিৱসাগৰীয়া ৰাইজ মুগ্ধ হয়৷মৌলানা মহম্মদ আলিৰ গোঁজৰণিত আধামৰা অসমীয়া প্ৰাণ মুঞ্জৰি উঠে৷ ইয়াৰ কিছুদিন আগৰেপৰা কংগ্ৰেছৰ কাম চলি আছিল সঁচা,কিন্তু ঘূঘুয়াভাৱে;এই দিনাৰপৰাহে শিৱসাগৰ জিলাত(যোৰহাট-শিৱসাগৰ-গোলাঘাট) বৰদৈচিলাৰ দৰে অসহযোগ আন্দোলন বলিবলৈ ধৰিলে৷
সদৌ ভাৰতৰ ৰাজনৈতিক অনুষ্ঠান কংগ্ৰেছ;অসহযোগ বা নন্ ক’-অপাৰেচন্ হ’ল তাৰে ঘাই সূঁতি বা ধাৰ;অসহযোগৰে আকৌ জনক হ’ল মহাত্মা গান্ধী৷মহাত্মা, কংগ্ৰেছ,অসহযোগ-এই তিনিওটা শব্দৰে এৰাব নোৱৰা সম্বন্ধ যদিও,মহাত্মা-ঐতিহ্য আৰু উষ্মাত অৱস্থা ভেদে তিনিওৰো অৱস্থান সুকীয়া সুকীয়া৷কিন্তু মহাত্মাৰ অসহযোগ ওলোৱাৰ পিছৰপৰা গা-গছ আৰু ডাল-পাত একেটা হ’ল,অৰ্থাৎ অসহযোগী হ’লেই গান্ধীয়ে উলিওৱা বিধি-বিধান মানি চলিব লাগিব;গান্ধীৰ মতত চলিলেই কংগ্ৰেছী বা কংগ্ৰেছ-ভক্ত হ’ব লাগিব আৰু কংগ্ৰেছী হ’লেই বৃটিছ-শাসনৰ বিৰোধী হ’ব লাগিব৷মুঠ কথা,সদৌ ভাৰতীয় কংগ্ৰেছ সভাত অসহযোগৰ প্ৰস্তাৱ গৃহীত হোৱাৰ পাছৰপৰা বৃটিছ-শাসনৰ লগত জুইপানী অসঞ্চাৰ কৰিবলৈ ফু-ফু-ফা-ফাকৈ জনসাধাৰণৰ মাজত কোৱাকুই হৈ আছিল৷ঠিক এনে সময়তে,সেই মনে-মনে আলচা কথাকে খামখা ৰজঞ্জনা কৰি দিবলৈ ওলালহি স্বয়ং মহাত্মা গান্ধী৷
ইউৰোপীয় চাহখেতিয়কৰ মাজত ত্ৰাস
সেই সময়তে,ইউৰোপীয় চাহখেতিয়কবিলাক উজনি অসমৰ একো-একোজন স্বয়ম্ভু ৰজাই আছিল বুলিব পাৰি৷গবৰ্ণমেন্টৰ আইন-কানুনেও তেওঁবিলাকক স্পৰ্শ কৰিব নোৱাৰিছিল৷বৃটিছৰ আদালতত চাহাববিলাকৰ “সাতখন মাফ্৷”আমাৰ মানুহে সিবিলাকক ছু: বা হে: বুলিলেই ছমাহ ফাটেক খাব লাগে আৰু বাগিচাৰ চাহাবে গোৰ মাৰি আমাৰ মানুহৰ আগ মঙ্গহ নেফানেফ্ কৰিলেও “বেকচুৰে খালাচ!”গান্ধীয়ে বেহাৰ আৰু দক্ষিণ আফ্ৰিকাত বৃটিছৰ গৰ্ব কেনেকৈ খৰ্ব কৰিলে সেই কথা বাতৰি-কাকতত পঢ়ি আৰু মানুহৰ মুখে-মুখে শুনি অসমৰ চাহখেতিয়কসকলো আগৰেপৰা চঁকি আছিল৷এতিয়া সেইজন বৃটিছ-গৰ্ব-নিসূদন মহাপুৰুষ সোঁশৰীৰেৰেই বাগিচা-প্ৰধান ঠাই যোৰহাটত অৱতীৰ্ণ হ’বহি বুলি শুনিলত ,সিবিলাকৰমাজত তৰ-ল—বাম–ল লাগিল৷বাগিচাৰ বনুৱা কৰ্মচাৰী কোনেও যাতে গান্ধীকহে নেলাগে,গান্ধীৰ ছাঁটোকে চাব নোৱাৰে তাৰ বাবে তেওঁবিলাকক নথৈ প্ৰতিবন্ধক জন্মাবলৈ ধৰিলে৷তেওঁবিলাকৰ হুকুম হ’ল, “গান্ধীক চাবলৈ কোনোবা যদি মনে মনে যায়,তেওঁক আৰু বাগিছাত সোমাবলৈ দিয়া নহয়৷”তথাপি,হেজাৰ-বিজাৰ বনুৱা-কৰ্মচাৰীয়ে সেই ভাবুকিলৈ কেৰেপ নকৰি হিল্‌দল্ভাঙি গান্ধীক দৰ্শন কৰিবলৈ জাঁকি মাৰি ওলাই আহিল৷
মাউখে উটিলে গুড়ি পৰুৱাৰো মৰণ নাই
তেতিয়া যোৰহাটৰপৰা মৰিয়ণী-তিতাবৰলৈ সৰু ৰেলগাড়ী এখন চলিছিল৷গান্ধী আগমনৰ বাতৰিটো বিদ্যুৎ সঞ্চাৰে ব্যাপক্ত হ’লত,ৰেলখন চৰকাৰী অৰ্থাৎ গৱৰ্ণমেন্টৰ গুচি ৰাইজৰ হৈ পৰিল৷গান্ধীক চাবলৈ অহা মানুহৰ সেই কেইদিন ইমান হেঁচা-টেপা হৈছিল যে ৰেলগাড়ীৰ বাহিৰে-ভিতৰে,চালে-বেৰে ঠাহ খাই আটাইবোৰ ওলমি আহিছিল৷চৰকাৰী আইন ভাঙিবলৈ কোনেও নোকোৱাকৈয়ে, আৰোহী-মাউখৰহেঁচাত ৰেলৰ আইনখন আপোনা-আপুনি ভাগি গৈছিল৷মাউখে উটিলে বা আঁটিলে গুড়ি পৰুৱাৰো যে মৰণ নাই সেই কথা মহাত্মাৰ আগমনে হাতে-হাতে দেখুৱালে৷ৰাইজ নিমাখিত হ’লেও,একমত হ’লে গৱৰ্ণমেন্টৰ কটকটীয়া আইনখনো টিলিকতে উৰাই দিব পাৰি-এই কথাও তেতিয়াই প্ৰত্যক্ষভাৱে দেখিবলৈ পোৱা হ’ল৷মানুহৰ নিদানে যোৰহাটৰ ন-আলি,গড়ৰ আলি,চেউনীআলি,কঁকিলামুখলৈ যোৱা জগন্নাথ বৰুৱা-আলিত বিৰ দিও বাট পাবলৈ নোহোৱা হৈছিল৷গোটেই শিৱসাগৰ জিলাৰ মতা মানুহবোৰ যেন (মহিলা ওলোৱা নাছিল)গান্ধীক চাবলৈ সেইদিনা যোৰহাটতেহে যেন লাড়ু বান্ধিছিলহি৷
ৰেভাৰেণ্ড এছ.এ. ডি বগ্‌ছ্
২৪ আগষ্টৰ দিনা ৰাতিপুৱাই মহাত্মা যোৰহাট ষ্টেচন পোৱাৰহি কথা৷তেওঁ জিৰাবলৈ ঠাই ঠিক কৰা হৈছে বৰপাত্ৰ কুটিৰত৷ষ্টেছনৰ পৰা বৰপাত্ৰ কুটিৰলৈ মহাত্মাক এতিয়া নিয়া হয় কেনেকৈ?মটৰ থকাসকলেও মটৰ গাড়ী দিব নোখোজে;দিলেই যে চৰকাৰৰ ঘৰৰ ক’লা তালিকাত নাম পৰিব৷ইপিনে মটৰ এখন নহ’লেও নহয়৷ঔৱাটিং বাগিচাৰ মেনেজাৰ ও অন্যতম স্বত্বাধিকাৰী ফণীধৰ শৰ্মাইহে কেৱল মটৰখন দি সহায় কৰিবলৈ মৰসাহ দি ওলাল৷ওলাল হে ওলাল,তেওঁ কিন্তু ৰাতিপুৱা ষ্টেছনৰপৰা মহাত্মাক আনিবগৈ নোৱাৰে,কাৰণ সেইখিনি পৰত ঔৱাটিঙৰপৰা গাড়ী অনা অসম্ভৱ৷সকলোৱেই চিন্তাত পৰিল৷তেতিয়া বাগিচাৰ আৰু চৰকাৰী চাহাববিলাকেহে গান্ধীৰ নামত ডৰ কৰিছিল,আমেৰিকান বেপটিষ্ট মিশ্যনৰ চাহাববিলাকে হ’লে মহাত্মা গান্ধীক দেৱতা দেখা দি দেখিছিল আৰু আমেৰিকাৰ সভা-সমিতিয়েও মহাত্মালৈ শ্ৰদ্ধা জনাইছিল৷তেতিয়া যোৰহাটত বিখ্যাত পাদুৰী চাহাব আছিল ৰেভাৰেণ্ড এছ.এ. ডি বগ্‌ছ্৷ৰাইজৰ অনুৰোধত,তেওঁ মহাত্মাক ষ্টেচনৰপৰা আনি বৰপাত্ৰ কুটিৰত থ’বলৈহে মাত্ৰ মান্তি হ’ল৷তাৰ পিছত আৰু গাড়ী দিব নোৱাৰে৷সেই অনুসৰিয়েই বগ্‌ছ্ চাহাবে নিজেই তেওঁৰ মটৰ গাড়ীখন চলাই মহাত্মাক ২৪ আগষ্টৰ দিনা যোৰহাট ষ্টেচনৰপৰা বৰপাত্ৰ কুটিৰত থৈ গ’ল৷
আৰং পথাৰৰ সভা
এতিয়া য’ত ষ্টেডিয়ম অৰ্থাৎ আৰং-পথাৰ হৈছে,তাতে গান্ধী-সম্বৰ্দ্ধনাৰ বিৰাট মুকলি সভা হৈছিল৷উত্তৰে কাছাৰী ঘৰ,দক্ষিণে পথলুৱা আলি(পুৰণি চেউনী-আলি),পূবে হাইস্কুলৰ ঘৰ,পছিমে বৰপাত্ৰ-আলি –এই চাৰি সীমাৰ ভিতৰত থকা গোটেই মুকলি পথাৰখন যেন এখন মূৰৰ সাগৰহে-বেজী এটি সুমুৱাব নোৱৰাকৈ নিসন্ধি হৈ মানুহৰে গেঁজ খাই আছিল৷ডেপুটী কমিচনাৰৰ বঙলাৰ পৰা শুনি থাকিবপৰা অন্তৰতে মহাত্মাৰ বক্তৃতামঞ্চ৷যোৰহাটৰ একমাত্ৰ পুৰণি ৰাজনৈতিক অনুষ্ঠান সাৰ্বজনিক সভা আৰু মিউনিচিপেলিটিৰ ৰেটপেয়াৰ্চ এচচিয়েচনৰ হৈ দুখন অভিনন্দন বা আদৰণি-পত্ৰ দি গান্ধী মহাত্মাক সেই মঞ্চতে মান ধৰা হয়৷পত্ৰ দুখন লেখি দিছিল যোৰহাটৰ বয়োবৃদ্ধ নাগৰিক ডাঙৰীয়া উপেন্দ্ৰনাথ বৰুৱা আৰু গোলোকচন্দ্ৰ বৰুৱা এম-এ বি-এল্ উকীল ডাঙৰীয়াই৷
মানপত্ৰৰ সমিধানত,মহাত্মাই অসহযোগীৰ দায়িত্ব আৰু কৰ্তব্যখিনি পানীযেনকৈ ফঁহিয়াই দেখুৱালে৷তেওঁ ইংৰাজীৰে(মাজে-মাজে হিন্দীৰেও)বাক্যষাৰহঁত এশাৰী-এশাৰী লেখি পঢ়াৰ দৰে,মুখেৰেই কৈ গৈছিল আৰু ততালিকে প্ৰত্যেক শাৰী বাক্যকে দেশভক্ত ফুকনে অসমীয়া ভাষালৈ ভাঙি(মাজে-মাজে বহলায়ো) শুৱলাকৈ বুজাই দিছিল৷মৌলানা মহম্মদ আলিয়েও “জবৰদস্ত”হিন্দী-উৰ্দু মিলাই তেজী বক্তৃতা দিছিল৷তাকো ফুকনেই দুগুণ তেজ উতলোৱা অসমীয়া ভাষাৰেই বুজাই কৈছিল৷গান্ধীয়ে পোন-পোনকৈ কথাষাৰহঁত কৈছিল আৰু ফুকনে টোপাকাঁড় মৰা-দি মাৰি সেইকথা প্ৰত্যেকজন সমজুৱাৰ অন্তৰত সুমুৱাই দিছিল৷মহম্মদ আলিৰ বুজিব নোৱৰা উৰ্দুও ফুকনৰ মুখত পৰি পনীয়া অসমীয়া হৈ ওলাইছিল৷ফলত,সেই জনসমাজৰ মাজতে বিলাতী কাপোৰৰ মে-জি এটিও ভস্মসাৎ হৈ গ’ল৷তৰুণৰাম ফুকন নোহোৱা হ’লে,কংগ্ৰেছৰ অসহযোগী নীতি অসমীয়াৰ বুকুত কেতিয়াও নেলাগিলহেঁতেন৷ফুকন ঐতিহ্যপূৰ্ণ সম্ভ্ৰান্তকুলীয়া ঢেকীয়া ফুকনৰ বংশধৰ হোৱা বাবেহে-বিশেষকৈ যোৰহাটত-অসমীয়া মানুহৰ সাত শ বছৰীয়া পুৰণি ভেম এটাৰ ওপৰত মাধমাৰ বহুৱাব পাৰিলে৷ঐতিহ্যৰ নাম-গোন্ধ নথকা একোজনক বৃত্তি-পুৰষ্কাৰ দি,ঠেলি-হেঁচি ওপৰলৈ তুলি,সেই কাম কৰাবলৈ লগোৱা হ’লে কংগ্ৰেছৰ অসহযোগ নীতি কদাপি প্ৰসাৰিত হ’ব নোৱাৰিলেহেঁতেন৷ ‘মাইক্’ নাই, ‘গেলেৰী’ নাই,তথাপি ঋষিতুল্য মহাত্মাৰ নিয়ৰ-টোপাল হেন বাণীয়ে,মুখে-পেটে এক মৌলানাৰ মেঘগৰ্জন কন্ঠস্বৰে আৰু প্ৰভাৱশালী দেশভক্তৰ ঠলঠলীয়া ৰূপোৱালী মাতে গছৰ আগত ওলোমা-বাদুলি দি থকা অগণন শ্ৰোতাৰ প্ৰাণত দুৰন্ত সাহ-উদগনিৰ একোটা-একোটা কুণ্ড সৃষ্টি কৰি দিলে৷
ৰাজভক্তৰ ভয়
সুপ্ৰতিষ্ঠিত বৃটিছ-গৱৰ্ণমেন্টৰ সহযোগ পৰিত্যাগ কৰিলে শাসন আৰু সমাজৰ খেলিমেলি লাগিব পাৰে-এনে শঙ্কা কৰি বৃটিছ-শাসনৰ অনুগামী জনদিয়েক যোৰহটীয়া ভব্য-গব্য নাগৰিকে ডেপুটি কমিছনাৰ মি: ফিলিপ্‌ছন চাহাবক লগাইছিলগৈ বোলে,সেই ময়দানত গান্ধীসভাখন যেন পাতিবলৈ দিয়া নহয়৷কিন্তু,বৰলাটৰ কটকটীয়াহুকুম আছিল,বৃটিছ বিষয়াসকলে গান্ধীক পৰিচৰ্য্যা কৰাত সমূলিকে যেন ক্ৰুটী নকৰে৷সেই নিমিত্তে আমাৰ ‘সহযোগী’ৰাজভক্ত কিগৰাকীৰ টুটকীয়া অনুৰোধ বঁজা হ’ল৷ বৰচাহাবৰ দুৱাৰ মুখতেবৃটিছ গবৰ্ণমেন্টৰ লগত সংশ্ৰৱ বৰ্জন কৰিবলৈ গান্ধীয়ে উপদেশ দিলে,মহম্মদ আলিয়ে দাঁত কৰচি বৃটিছ আৰু বৃটিছ-শাসনক তিতা সমালোচনাৰে থকাসৰকা কৰিলে,তথাপি ফিলিপ্‌ছনৰ কেঁতকুটেই নহ’ল৷হাতীয়ে মাউতে ঠাউনি নোপোৱা পানীত ৰৌ-বাহু মাছ সাৰি থাকে,পানীয়েই নলৰে;অথচ চিলচিলীয়া পানীৰ ওপৰত সেন্দুৰী পুঠীৰ চটচটনিত ৰক্ষা নাই৷এনে ৰৌ-বাহুৰ ধৈৰ্য্য,গাম্ভীৰ্য্য আৰু শাসনৰ নিয়মতান্ত্ৰিকতাকে সেইদিনা দেখুৱালে মি: ফিলিপ্‌ছনে৷
ফণীধৰ শৰ্মাৰ ‘একুইলা’ মটৰ-গাড়ী
গান্ধী অহাৰ সময়ত যোৰহটীয়া আঢ্যৱন্তসকলৰ বহুতেই মটৰগাড়ী লোৱা নাছিল৷সাধাৰণতে ঘোঁৰা-বাগীৰেই ফুৰাচকা কৰিছিল৷ঔৱাটিং চাহ-বাগিচাৰ মেনেজৰ আৰু অন্যতম স্বত্বাধিকাৰী ফণীধৰ শৰ্মাই “একুইলা” নামে ইটালী দেশত নিৰ্মিত এখনি মটৰগাড়ী লৈছিল৷ ‘ষ্টীমইঞ্জিনৰ মটৰকে অসমীয়া ফণী শৰ্মাই জয়ে-জয়ে যোৰহাটত নিজে চলাই,খনদিয়েক ফৰ্ড-গাড়ীও ভাঙি,অৱশেষত মটৰ-গাড়ীৰ মৰমটো থাপিথুপি সাঁচি থৈছিল “একুইলা” গাড়ীখনৰ ওপৰতে৷ক’ৰবাত ছেকা একণ লাগে বুলি বা কেনেবাকৈ পোটোকা পৰে বুলি,যাকে-তাকে গাড়ীখনত বহিবলৈ নিদিছিল৷কিন্তু,যোৰহাটত থকা কেইদিন অপহুতা-অসুৰাৰে সৈতে মৌলানা মহম্মদ আলিৰ আঢ়ৈ মোনীয়া বিৰাট বপুটো বহুৱাই,আৰু মহাত্মাকো অনা-নিয়া কৰি আলফুলীয়া “একুইলা” গাড়ীখন ফণী শৰ্মাই চলাই লৈ ফুৰিছিল৷যিখন গাড়ীত ছজনতকৈ সৰহ মানুহ নধৰে,সেইখন গাড়ীত ১৪৷১৫ জন মানুহ উঠি ফুৰাত ও গাড়ীখনৰ শলা এটাও ক’তো ইফাল-সিফাল নহ’ল৷যান্ত্ৰিক পদাৰ্থতো অহিংস ধৰ্মৰ বা-লগা দেখি “সহযোগী”সকলো আচৰিত নোহোৱাকৈ নেথাকিল৷
গান্ধী-মাহাত্ম্যৰ প্ৰভাৱ
আগেয়ে চাহাব বা চাহাবৰ নিচিনা কোনোবা বগা মানুহ এটা বা এজন দেখিলেই আমাৰ মানুহ ভয়তে লেউ-সেউ হৈ পৰে;বাগিচাৰ মাজেদি বাইচাইকেল বা ঘোঁৰাত উঠি যাব নোৱাৰে৷অইন কি,কোনো কোনো কোম্পানীৰ মেনেজাৰ চাহাবৰ বঙলালৈ উঠিব লগীয়া হ’লে তলত জোতাযোৰ সোলোকাই থৈহে যাব লাগে৷চাহাব দেখিলেই দেশীয় মানুহে ছাতি জপাব লাগে৷বাটত ভেটাভেটি হ’লেও, “গোড়া” বিদেশীজনক “দেশী” “নেটিভ”জনে চেলাম দিবই লাগে৷ৰজাঘৰীয়া ক্ষমতাত অধিষ্ঠিত বৃটিছ-দেশাধিকাৰসকলতকৈ বৃটিছ-আভিজাত্য ৰক্ষা কৰাত এই চাহ-খেতিয়কবিলাকেই সদায় তৎপৰ আছিল৷অৱশ্যে,পদুম ফুলাদি দুই-চাৰিজন চাহাবৰ পোৱালি যে চাহনি-বোকাত ফুলা নাছিল,এনে নহয়৷এটাইবোৰেই যে টম্,হেৰী,ডিক্ আছিল সিও নহয়৷শিক্ষিত,বিদ্বান আৰু পৰৰ ৰোষ বুজা চাহাবো সিবিলাকৰ ভিতৰত আছিল৷অসহযোগৰ শঙ্খ বজাৰ পিছৰপৰাই “বৃটিছ প্ৰেষ্টিজ” বা বৃটিছ-ভেমৰ ফোঁপাউৰিয়েই সাৰ হ’বলৈ ধৰিলে৷সেই ভেম-বিষৰ যিবা একণ লেলাউটি বৈ আছিল,তাকো বছৰদিয়েকৰ পিছত পুৰুষ-সিংহ চন্দ্ৰকমল বেজবৰুৱাই নকচাৰী-বৈদিহা চৰকাৰী বাটৰ মকৰ্দমা কৰি একেবাৰেই উৰুৱাই পঠিয়ালে৷মুঠৰ ওপৰতে,মহাত্মাৰ প্ৰভাৱে বৃটিছ-আভিজাত্যৰ ওপৰত যেনেকৈ বাগী-কুঠাৰ বহুৱালে,চাহাবৰ আগত ধেনুভিৰীয়া হোৱা আমাৰ মইসৰু ভাবৰ ৰাজহাড়-ডালহঁতো সাহে-পিতে ডাঠ কৰি আমাক পোন হ’বলৈ শিকালে৷
ব্যক্তিত্বৰ পূজা
বি-এ জগন্নাথৰ “বৰপাত্ৰ কুটিৰ” ঘৰতে (বৰ্তমান জগন্নাথ বৰুৱা কলেজৰ ঘাই ঘৰটোতে) মহাত্মাক দুৰাতি অৱস্থান কৰোৱা হৈছিল৷কুলধৰ চলিহা ডাঙৰীয়াৰ আধাসজা ন-ঘৰটোতে আছিল সভাৰ্য্যা মৌলানা মহম্মদ আলি৷ আলি চাহেবৰ বক্তৃতা শুনি গধূলি চলিহাৰ চোতালতে ইছলামধৰ্মীসকলে মূৰৰ ফেজ টুপীবোৰ অগ্নিদগ্ধ কৰি পেলালে৷দুয়ো গৰাকী মুখ্য-অতিথিক সেৱা-শুশ্ৰুষা কৰি আদৰ-অভ্যৰ্থনা জনাবলৈ জাতি-ধৰ্ম নিৰ্বিশেষে যোৰহটীয়া ৰাইজ উবুৰি খাই পৰিছিল৷একোটা মতবাদ,যিমানেই কি কামিলা আৰু যুক্তিপূৰ্ণনহওক,ব্যক্তিত্বৰ মড়লত সেই মতবাদৰ যুক্তিখিনি বিকশিত নহ’লে,ভাৰতৰ জনপ্ৰাণীয়ে সতকাই তাক গ্ৰহণ কৰা দূৰৈৰ কথা,তাৰ ওচৰকে চাপিব নোখোজে৷সেই গুণেই ভাৰতবৰ্ষত অনন্ত কালৰপৰা ব্যক্তিত্বৰ পূজা চলি আহিছে৷মহাত্মা গান্ধীৰমতবাদতকৈ গান্ধীৰ ব্যক্তিত্বই ভাৰতীয় হৃদয়ত প্ৰভাৱ-প্ৰতিপত্তি বিস্তাৰ কৰাৰ এইটোৱেই ঘাই কাৰণ৷  

Previous Article

লক্ষ্মীনাথ বেজবৰুৱাই প্ৰদান কৰা ‘জয়মতী’ চলচ্চিত্ৰৰ উদ্বোধনী ভাষণটো

Next Article

Lotighoti লটিঘটি (1966)

You may also like

Leave a Reply

Your email address will not be published. Required fields are marked *