লক্ষ্মীনাথ বেজবৰুৱাই প্ৰদান কৰা ‘জয়মতী’ চলচ্চিত্ৰৰ উদ্বোধনী ভাষণটো

No Comments Share:
Lakshminath Bezbaroa

১৯৩৫ চনৰ ১০ মাৰ্চত কলিকতাৰ ৰাওনাক থিয়েটাৰত মুক্তি লভিছিল প্ৰথমখন অসমীয়া চলচ্চিত্ৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘জয়মতী’। এই চলচ্চিত্ৰখনৰ প্ৰদৰ্শনী উদ্বোধন কৰিছিল সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই। উদ্বোধন কৰি দিয়া বেজবৰুৱাদেৱৰ উদ্বোধনী ভাষণটো তলত আগবঢ়োৱা হ’ল – 

আজি বৰ মঙ্গলৰ দিন। আজি অসমৰ এটা গৌৰৱৰ দিন। ‘জয়মতী’ শ্ৰীমান জ্যোতি বোপাৰ অশেষ চেষ্টা, অপৰিসীম ধৈৰ্য্য আৰু ধনব্যয়ৰ ফল। তেওঁ প্ৰকৃততে এজন শিল্পী। তৰুণ অসমৰ জয়মতী এখন উজ্জ্বল দাপোণ। মই আশা কৰোঁ, যাতে অইন প্ৰদেশৰ লগে লগে এই লাগতিয়াল প্ৰতিষ্ঠানটোৱে অসমত ভালকৈ শিপায়, জকাইচুকৰ অসম যাতে গোটেই ভাৰততে নিজৰ গৌৰৱ আৰু জাতীয়তা বিলাই ফুৰিব পাৰে, মই দেখিছোঁ, জয়মতী ছবিৰ পুৰণি গীত-মাত, বচন, ঘৰ-দুৱাৰ কাৰুকাৰ্য্য সকলো অসমীয়া ঠাচত কৰিবলৈ শ্ৰীমান জ্যোতি বোপাই অশেষ চেষ্টা কৰিছে। মোৰ অপাৰ আনন্দ যে মোৰো মানসী কন্যা কল্পনাৰ নাগিনী প্ৰকৃতিৰ ছোৱালী ডালিমীক মই ভবামতে, মই কল্পনা কৰা মতে দিঠকত দেখিবলৈ পালোঁ। 

যি কালৰ ঘটনা আৰু কাৰ্য্যৰ চিত্ৰ ফিল্মখনে প্ৰকাশ কৰিছে, সেইবোৰ সাইলাখ সেই কালৰ যেন লাগে। ভাৰতৰ নানা ঠাইত আন আন ভাৰতীয় ভাষাত ঐতিহাসিক আৰু পৌৰাণিক ঘটনা আৰু কাৰ্য্যৰ সবাক চিত্ৰ মই দেখিছোঁ। আন নেলাগে ই কলিকতাতে আগেয়ে বঙলা আৰু হিন্দী ভাষাৰ তেনে ফিল্ম দেখিছোঁ। কিন্তু সেইবোৰ মোৰ মনৰ সেই পুৰণি কালোপযোগী পাৰিপাৰ্শ্বিকতা এনেদৰে সৃষ্টি কৰিব পৰা নাছিল। দ্বিতীয় কথা মোৰ মনত লাগিছে যে আগেয়ে কেতিয়াও ফিল্ম নেদেখা বা ফিল্মত ভাও নিদিয়া অসমীয়া মতা আৰু তিৰোতাই এনে সুন্দৰকৈ এই জয়মতী ফিল্মত ভাও দিব কেনেকৈ পাৰিলে? মুঠতে কব পাৰি যে জয়মতী ফিল্মত ভাৱৰীয়া-ভাৱৰীয়ানীয়ে সপ্তদশ শতিকাৰ অসমক এই ফিল্মত পুনৰ্জ্জীৱন দি দেখুৱালে সতীৰ সতীত্বৰ সনাতন তেজ,প্ৰকৃত বীৰৰ দুৰ্জ্জয় মহিমা পোহৰাই দিলে। মোৰ নাটখনৰ সৰহ ভাগ মানুহ তেওঁ আৰু তেওঁলোকৰ চৰিত্ৰ ঐতিহাসিক, কিন্তু ডালিমীক মোৰ মানসপটৰ বাহিৰে ইহজনমত দেখিবলৈ পাম,কিন্তু ডালিমীক মোৰ জয়মতী ফিল্মৰ ডালিমীয়ে মোৰ সপোন দিঠক কৰিলে। মোৰ মনৰ চিত্ৰপটত থকা সেই চঞ্চল, সৰল,আনন্দময়ী প্ৰকৃতিৰ জীয়ৰী, এঘাৰ বছৰীয়া ডালিমীক মই ফিল্মত সোঁশৰীৰে পখিলাটিৰ দৰে উৰি ফুৰা দেখিলোঁ। যিটী ছোৱালীয়ে জয়মতী ফিল্মত মোৰ মানস প্ৰতিমা ডালিমীক মোৰ চকুৰ আগত থিয় কৰি দিলে, সেই ভাৱৰিয়ানী ছোৱালীটিক মই লগ পোৱাহেঁতেন তাইৰ মূৰত হাত দি আশীৰ্ব্বাদ দিলোঁহেতেন। আশাকৰো চিত্ৰলেখা মুভিটোনৰ গৰাকীয়ে মোৰ আশীৰ্ব্বাদ-নিৰ্ম্মালি ফুলপাহি তাইৰ খোপাৰ বনফুলত একাশে গুজি দিব।    

উত্স: বাঁহী
 

Previous Article

Meghmukti মেঘমুক্তি (1979)

Next Article

যোৰহাটত মহাত্মাৰ প্ৰথম পদাৰ্পণ

You may also like

Leave a Reply

Your email address will not be published. Required fields are marked *