সোণোৱাল কছাৰীৰ লোক-সমাজত বাইথ’ পূজা আৰু ব’হাগ বিহুৰ প্ৰাসংগিকতা – এটি অৱলোকন

No Comments Share:
Source : Wikicommons

ব্ৰজেন সোণোৱাল

জীৱ-সংস্কৃতিৰ মূলতে ব্ৰহ্ম বুলিয়েই বুজিব লাগিব । ‘যিটো ব্ৰহ্ম নোহে তৰ্ক গোচৰ ; নপাৱে বচনে মনে ওচৰ’ – সিয়েই ব্ৰহ্ম । উপনিষদে কৈছে ‘যতোবাইমানিভূতা নিজায়ন্তে যেন জাতানি জীৱন্তি । যৎ প্ৰয্যন্তভিসং বিশন্তি তদ্বিজিজ্ঞাসস্ব তদব্ৰহ্মোতি’ । সি যিকি নহওক, সভ্যতাৰ প্ৰাতঃকালৰ পৰাই যুগে যুগে মানুহৰ বৌদ্ধিক চিন্তা-চেতনাই ত্বৰান্বিত কৰি আহিছে ন ন ভাৱোন্মাদনা, ন ন চিন্তা, ন ন তাত্ত্বিক দৃষ্টিভংগীৰ আৰু তাৰেই স্ৰোতস্বিনীত মানুহে আৱিষ্কাৰ কৰিছে জীৱনায়নৰ নৱ নৱ দিশ, নৱ নৱ হাথিয়াৰ । মানুহৰ বুদ্ধিসত্তা বিয়পি পৰিছে সাহিত্যত, দৰ্শনত, শিল্পত, ভাস্কৰ্যত,কাব্যত, অৰ্থনৈতিক বুনিয়াদ গঠনৰ নৱ নৱ দিগন্তত ; সৃষ্টিৰ প্ৰেৰণাত ঘটিছে কৃষ্টিৰ উন্মাদনা । অসমৰ অন্যতম খিলঞ্জীয়া জনগোষ্ঠী (বড়ো জনগোষ্ঠীৰ অন্যতম ঠাল) সোণোৱাল কছাৰীৰ লোক-সমাজতো কৃষ্টিৰ উন্মেষ ঘটিছিল সম্ভৱতঃ তেতিয়াৰে পৰা, যেতিয়াৰে পৰা তেওঁলোকে তেওঁলোকৰ ‘কিৰাত’ ধৰ্মক জীৱন-পথৰ অৱলম্বন কৰি জীৱনায়নৰ দিশ আগুৱাই নিয়াৰ সংগ্ৰামত লিপ্ত হৈছিল । এই যাত্ৰা-পথৰ মাহেন্দ্ৰ ক্ষণত এটি প্ৰণালীৱদ্ধ কৃষিনিৰ্ভৰ জীৱন-পদ্ধতি আৰম্ভ কৰিবলৈ লোৱাৰে পৰা উক্ত ধৰ্মবিশ্বাসৰ পটভূমিত বিকাশ ঘটিছিল অনেকবোৰ লোক-কলা, কৃষ্টি-সংস্কৃতিৰ । তাৰেই অন্যতম লোক-কৃষ্টি হ’ল ‘বাইথ’ পূজা’ আৰু ইয়াৰ সৈতে সংপৃক্ত ‘ব’হাগ বিহু’ । সোণোৱালসকলৰ সমাজ-জীৱনলৈ লক্ষ্য কৰিলে দেখা যায় যে অন্যান্য কৈৰাতজ্ জনগোষ্ঠীসমূহৰ দৰেই এওঁলোকৰো জীৱন-পদ্ধতি ত্ৰিমুখী, ত্ৰিধাৰা সমন্বিত – আধিভৌতিক, আধিদৈৱিক আৰু আধ্যাত্মিক অৰ্থাৎ জাগতিক, মানসিক আৰু আধ্যাত্মিক । জনগোষ্ঠীটোৰ মূল উপাস্যদেৱতা হ’ল ‘খ্ৰীং খ্ৰীং বাইথ’’ ।তেওঁলোকে তেওঁলোকৰ প্ৰথম আৰু প্ৰাচীনতম স্তুতি-গীত ‘হায়দাং গীত’ত ‘হা ইয়হ নমো নাৰায়ণ…….’ বুলি নাৰায়ণৰূপী ব্ৰহ্মাক প্ৰণাম জনাই সৃষ্টিতত্ত্বৰ ৰহস্য ব্যাখ্যা কৰে । তেওঁলোকে বিশ্বাস কৰে যে ব্ৰহ্মাই আদিতে এটোপাল জলবিন্দু সৃষ্টি কৰিছিল ; সেই জলবিন্দুৰ আশ্ৰয়তেই পৰমাত্মাই স্থিতি লভিছিল আৰু সেয়ে পৰমাত্মাৰ আদি ৰূপ হ’ল ‘নাৰায়ণ’ । এই নাৰায়ণক আৰোপ কৰা হৈছে ‘শিৱ’ত । শিৱ সৃষ্টিৰ দেৱতা আৰু সৃষ্টিৰ প্ৰতীক হৈছে ‘লিংগ’ । সেয়ে সৃষ্টিৰ প্ৰতীক‘শিৱলিংগ’ক পৰমব্ৰহ্মৰ ৰূপ জ্ঞান কৰি তেওঁলোকে ইয়াক উপাসনা কৰে আৰু তেওঁলোকৰ উপাস্যদেৱতা এই ‘শিৱ’ বা‘কিৰাত’ হোৱাৰ বাবেই হয়তো তেওঁলোকৰ ধৰ্মটোৰ নাম হয় ‘কিৰাত’ বা ‘কৈৰাত’ । কিৰাত দেৱতাক বড়ো ভাষাত বাথান বা বাথৌ বুলি কোৱা হয় আৰু তাৰেই অপভ্ৰংশ ৰূপত হয়তো সোণোৱালসকলে ইয়াক ‘বাইথ’ আৰু তাৰ উপাসনাক‘বাইথ’ পূজা’ বুলি অভিহিত কৰিছে । বাইথ’ পূজা সোণোৱালসকলৰ কেৱল আধ্যাত্মিক পৰম্পৰাই নহয়, আৱহমান কালৰে পৰা পালন কৰি অহা ব’হাগ বিহুৰ সৈতে সংপৃক্ত ই এটি কৃষিভিত্তিক লোক-উৎসৱ তথা লোক-সংস্কৃতি । এই পূজা/উৎসৱ শিৱৰাত্ৰিৰ পিছৰ দ্বিতীয় সোমবাৰক কেন্দ্ৰ কৰি তিনিদিনীয়াকৈ তিনিচুকীয়া জিলাৰ ডাঙৰীৰ বৰপথাৰ-নপথাৰ গাঁওত অৱস্থিত তেওঁলোকৰ স্থায়ী মন্দিৰ প্ৰাংগণত ব্যাপক মন্ত্ৰোচ্ছাৰণ, বন্তি প্ৰজ্জ্বলন আৰু গীত-বাদ্য-নৃ্ত্যৰ সমন্বয়ত মহাসমাৰোহেৰে অনুষ্ঠিত হয় । সম্প্ৰতি, অন্য সোণোৱালপ্ৰধান অঞ্চলত ইয়াক এদিনীয়াকৈ সমাপন কৰা দেখা যায় । জনামতে, এই পূজা সমাপনৰ পিছৰ পৰাই হেনো ব’হাগ বিহুৰ আখৰা কৰিবলৈ বা ৰাতি বিহু মাৰিবলৈ সামাজিকভাৱে বৈধতা লাভ কৰা যায়,যাক চ’তৰ বিহু বুলিও আখ্যা দিয়া  হয় । ইয়াৰ পিছত নিৰ্দ্দিষ্ট ধৰ্মীয় পৰম্পৰা অনুসৰি গৰুক শিৱৰ বাহনৰূপে পৱিত্ৰ জ্ঞান কৰি ত্ৰিশূলৰ আৰ্হিত বাঁহেৰে তৈয়াৰ কৰা ‘চাটমাৰী’ সহ মাহ-হালধিৰে গৰু গা ধোঁৱাই চ’তৰ সংক্ৰান্তিত ‘গৰু বিহু’ আৰু প্ৰথম ব’হাগৰ দিনা উপাস্যদেৱতা আৰু পূৰ্বপুৰুষৰ উদ্দেশ্যে নৈবেদ্য আগবঢ়াই ‘মানুহ বিহু’ পালনেৰে হুঁচৰি শুভাৰম্ভ কৰি সোণোৱালসকলৰ মাজত গোটেই মাহজুৰি বিহু পতাৰ পৰম্পৰা আছে ।

ভাৰতীয় দৰ্শনৰ মতে শিৱৰ প্ৰথম অৰ্থ হৈছে – কল্যাণ বা মংগল । ‘অনাদ্যনন্তমখিলস্য মধ্যে বিশ্বস্য স্ৰষ্টাৰমনেকৰূপম । বিশ্বস্ব্যৈকং পৰিবেষ্টিতাৰং জ্ঞাতা শিৱং শান্তি মত্যন্তমেতি ।।‘ শিৱৰ দ্বিতীয় অৰ্থ হৈছে – পুৰুষ-শক্তি বা চিতি-শক্তি (Cognitive in its zenith status – zenith status of the cognitive principle i.e. the Supreme Non-attributional entity) । সোণোৱালসকলে কিৰাত দেৱতাৰ উদ্দেশ্যে জামুগছৰ খুটাক ‘শিৱলিংগ’ৰূপে পূজা-অৰ্চনা কৰে ।

অধ্যাত্মতত্ত্ববিদসকলৰ মতে তন্ত্ৰৰ জন্ম ভাৰতত । ঋকবেদীয় যুগৰ শেষৰ পিনে আৰু যজুৰ্বেদীয় যুগৰ প্ৰাৰম্ভত অৱতাৰৰূপী ভগৱান শিৱৰ মনুষ্যৰূপত আৱিৰ্ভাৱ হৈ ইয়াক বিধিৱদ্ধ, ছন্দোৱদ্ধ আৰু প্ৰণালীৱদ্ধ ৰূপ দি মানুহক চৰম সত্যৰ দিশেৰে আগুৱাই লৈ গ’ল । ইয়াৰ আগতে ই বিক্ষিপ্ত আৰু অমাৰ্জিত ৰূপত আছিল । ইয়াকেই আমি শৈৱতন্ত্ৰ বুলিব পাৰোঁ । এই শৈৱতন্ত্ৰত দিক্ষিত হৈ মানুহে বাস্তৱ জগতৰ সৈতে সামঞ্জস্য ৰাখি চৰম সত্যৰ দিশেৰে মন ধাৱিত কৰিবলৈ শিক্ষা লাভ    কৰিলে । সেয়ে, শিৱত শৰণ লৈ কিৰাতসম্ভূত লোকসকলে অতীজৰে পৰা নিজস্ব সংসাৰ ধৰ্ম পালনেৰে এই শৈৱতন্ত্ৰ বা কিৰাত ধৰ্ম পালন কৰি আহিছে । প্ৰাকঐতিহাসিক যুগৰে পৰা পালন কৰি অহা সোণোৱালসকলৰ অতি আদৰৰ লোক-পৰম্পৰা বাইথ’ পূজা আৰু ব’হাগ বিহুও এই কৈৰাত সংস্কৃতিৰেই অংগ বুলি ঠাৱৰ কৰিব পাৰি ।কিয়নো, অধ্যাত্মদৰ্শনৰ দৃষ্টিৰে ইয়াৰ সম্পাদন বিধি নিৰীক্ষণ কৰিলে অনুমান কৰা যায় যে এই পূজা/উৎসৱ মূলতঃ শিৱৰ দ্বাৰা উদ্ভাৱিত তন্ত্ৰস্বভাৱসমৃদ্ধ আধ্যাত্মিক আচাৰ-আচৰণ । ইয়াত ‘হায়দাং গীত’ আৰু ‘হায়দাং নৃত্য’ পৰিৱেশনেৰে পূজা-অৰ্চনা কৰাৰ লগতে ‘বৰদৈছিলা’ক আমন্ত্ৰণ জনাই মাটিৰ উৰ্বৰতা কামনাৰে স্বতঃস্ফূৰ্ত উন্মাদনা, উল্লাস-আনন্দ আৰু উদ্দাম বিহুনৃত্যৰে বহাগ বিহুৰ আগমণি বা বিহু নমোৱা পৰ্ব সমাপন কৰা হয় । এই পূজা/উৎসৱ মৌখিকভাৱে বাগৰি অহা বিভিন্ন কিংবদন্তি, প্ৰবাদ, লোক-কথা, আখ্যান ইত্যাদিৰ আধাৰতেই পালিত হৈ আহিছে যদিও মূলতঃ ই সৃষ্টিতত্ত্বৰ সৈতে সংপৃক্ত এটি কৃষিভিত্তিক সামাজিক-আধ্যাত্মিক উৎসৱ, যি সম্প্ৰতি সামাজিক-সাংস্কৃতিক উৎসৱলৈ পৰিৱৰ্তন ঘটিছে । ইয়াত সৃষ্টি-স্থিতি-প্ৰলয়ৰ সমন্বয়ত ক্ষিতি-অপ-তেজ-মৰুৎ-ব্যোমতত্ত্বৰ স্পন্দনাত্মক সমান্তৰালতা আৰু সৃষ্টিতত্ত্বৰ সৈতে একাত্ম হৈ ধনাত্মক ভাৱ স্ফূৰণৰ দ্বাৰা উৰণ, বুৰণ, গজন আৰু ভ্ৰমণ – এই চাৰিশ্ৰেণী জীৱৰ সৰ্বাত্মক কল্যাণৰ উপৰি মানুহৰ আধিভৌতিক, আধিদৈৱিক আৰু আধ্যাত্মিক দুঃখ নিৰসনৰ আধ্যাত্মিক প্ৰয়াস কৰা হয় । ইয়াত ‘হা ইয়হ নমো নাৰায়ণ,পৃথিৱী হেনো সৃজাইছে………’ – এই হায়দাংগীতৰ তালত নিৰ্দ্দিষ্ট অংগচালনা আৰু বিধিসন্মত মুদ্ৰাৰে পৰিৱেশন কৰা নৃত্য মূলতঃ শিৱৰ তাণ্ডৱ নৃত্যৰ সৈতে সামঞ্জস্য ৰাখি কৰা নৃত্য । কেতবোৰ নিৰ্দ্দিষ্ট মুদ্ৰাৰে সৃষ্টিতত্ত্বৰ সাংগীতিক প্ৰকাশ আৰু লয়লাস ভংগিমাৰে আত্মস্থ হৈ পৰিৱেশন কৰা এই হায়দাংগীত, হায়দাং নৃত্য আৰু হুঁচৰিৰ জৰিয়তে শব্দচৈতন্য, ভাৱতৰংগ প্ৰভৃতিৰ সুষম সমন্বয়ত স্বতঃস্ফূৰ্ত ভাৱোন্মাদনাৰ দ্বাৰা ইয়াত পুৰুষ আৰু প্ৰকৃতিক উপাসনা কৰা হয়, য’ত হুঁচৰি গোৱাৰ আগতে ‘বৰদৈছিলা’ক দেৱীৰূপে সন্মান জনাই আমন্ত্ৰণ জনোৱা হয় । বিশ্বাস যে এই বিশেষ তান্ত্ৰিক পদ্ধতিৰ প্ৰভাৱত পুৰুষে প্ৰকৃতিৰূপত সক্ৰিয় হৈ বৰদৈছিলাৰূপে ধৰাৰ বুকুলৈ নামি আহে, ধৰণী উৰ্বৰ হয়, সৃষ্টিৰ বীজ অংকুৰিত হয়,বসুমতী সেউজ-সুন্দৰ হয় । উল্লেখনীয় যে ইয়াত নৃত্যৰত ময়ুৰ পক্ষীৰ নৃত্য-ভংগিমাৰ সৈতে সামঞ্জস্য ৰাখি ‘হায়দাং নৃত্য’আৰু বিভিন্ন জীৱৰ স্বভাৱগত প্ৰৱণতা, সেইসমূহৰ পৰা নিঃসৃত স্বৰধ্বনি আৰু মেঘৰ গাজনি-ঢেৰেকণিৰ সৈতে সামঞ্জস্য ৰাখি পৰিৱেশন কৰা হয় ‘বিহু’, য’ত ঢোল, তাল, পেঁপা, বাঁহী, সুতুলি, গগনা, টকা ইত্যাদিৰ সমাহাৰ ঘটোৱা হৈছে আৰু সেইসমূহৰ ঐক্যতানৰ সু-সমন্বিত শব্দতৰংগৰ দ্বাৰা প্ৰকৃতিক জগাই তোলাৰ পৰম্পৰা চলি আহিছে, যি অধ্যাত্মবিজ্ঞানৰ গভীৰ ৰহস্য আৰু তাৎপৰ্য বহন কৰাৰ লগতে কলা-সংস্কৃতিৰ অপূৰ্ব নিদৰ্শন দাঙি ধৰে । সেয়ে, বাইথ’ পূজা আৰু ব’হাগ বিহুৰ সম্বন্ধ ওতঃপ্ৰোত – যাৰ সফল সমাপনৰ মাহাত্ম্য আৰু প্ৰকৃতিয়ে জনোৱা সঁহাৰিৰ চাক্ষুস আৰু প্ৰত্যক্ষ অভিজ্ঞতাৰ কথা মানুহৰ মুখত প্ৰকাশ্য ৰূপ পোৱা পৰিলক্ষিত হয় ।

অধ্যাত্মদৰ্শনৰ দৃষ্টিত পৰম চৈতন্যসত্তা হ’ল ‘পুৰুষ’ আৰু ইয়াৰ অভিপ্ৰকাশেই হ’ল ‘প্ৰকৃতি’ । এই পুৰুষ আৰু প্ৰকৃতি সম্বন্ধে জ্ঞাত হ’বলৈ হ’লে প্ৰয়োজন হয় বিশেষ আধ্যাত্মিক অনুশীলন আৰু সেই অনুসৰি বাইথ’ পূজা আৰু ব’হাগ বিহুৰ নিগূঢ় তত্ত্ব, তাৎপৰ্য আৰু প্ৰাসংগিকতাও ইয়াতেই নিহিত থকা যেন লাগে । কিয়নো, অধ্যাত্মদৰ্শনৰ মতে সৃষ্টিচক্ৰৰ ভূমা-বিৱৰ্তন প্ৰক্ৰিয়াৰ যি পৰ্যায়ত ক্ৰিয়াশীলা হৈ প্ৰকৃতিয়ে কাৰ্যভূমিকা পালন কৰে, সেই পৰ্যায়তেই আধুনিক বিজ্ঞানে ঢুকি নোপোৱা কাৰ্বন পৰমানুতকৈয়ো সুক্ষ্মাতি-সুক্ষ্ম কেতবোৰ জৈৱিক সত্তা নিৰ্গমণ ঘটে – যিসমূহ ক্ষিতি,অপ, তেজ, মৰুৎ আৰু ব্যোমতত্ত্বৰ উপৰি ভাৱতৰংগৰ মাধ্যমেৰেও প্ৰৱাহিত হ’বলৈ সক্ষম । এই জৈৱিক সত্তা, শক্তি আৰু প্ৰাকৃতিক পৰিঘটনাসমূহৰ সম্পৰ্কে অতীজৰে পৰা ঋষি-মুনি তথা আধ্যাত্মিক সাধকসকলে গভীৰ নিৰীক্ষণ আৰু মানসাধ্যাত্মিক পৰীক্ষা-নিৰীক্ষা চলাই আহিছে আৰু এইক্ষেত্ৰত সেইসকলৰ সাধনালব্ধ অভিজ্ঞতাৰে বৃহৎ ব্ৰহ্মাণ্ডীয় শক্তিৰ অস্তিত্ব সম্বন্ধে ৰহস্য উদ্ঘাটন কৰিছে, যাক সেইসকলে ‘প্ৰাণ শক্তি’ বা ‘জীৱৎ শক্তি’ বুলি আখ্যায়িত কৰিছে । এই প্ৰাণ শক্তি বা জীৱৎ শক্তিয়ে ভূমাবিৱৰ্তন প্ৰক্ৰিয়াত সক্ৰিয় হৈ যি ৰূপত ক্ৰিয়া কৰে, সিয়েই হল ‘প্ৰকৃতি’ । প্ৰকৃতি নিজস্বভাৱে কোনো শক্তি নহয় ; ই বৃহৎ ব্ৰহ্মাণ্ডীয় শক্তি বা পৰম চৈতন্যসত্তাৰ অনন্ত ক্ৰিয়াশীল কাৰ্যশৈলীৰে অভিপ্ৰকাশ মাত্ৰ (উৎস-Microvitum in a Nutshell – P.R. Sarkar) । এই জীৱৎ শক্তি দুই প্ৰকাৰৰ – ‘ধনাত্মক’ আৰু ‘ঋণাত্মক’ আৰু ইয়াৰ কাৰ্যভূমিকাও দুইধৰণৰ – (১) ই যেনেদৰে জীৱৰ গ্ৰন্থি-উপগ্ৰন্থিক প্ৰভাৱিত কৰি স্বভাৱসুলভ প্ৰৱণতাক নিয়ন্ত্ৰিত কৰে, (২)তেনেদৰে, ব্যষ্টিগত বা সমষ্টিগত আৱেগ-অনুভূতি সম্বলিত ভাৱ স্ফূৰণত ইয়াৰ সুক্ষ্মতম অংশৰ প্ৰৱহন নিয়ন্ত্ৰিত হ’ব পাৰে ।সেয়ে, ধনাত্মক আধ্যাত্মিক কাৰ্যভূমিকাৰ দ্বাৰা মানুহে ধনাত্মক শক্তি লাভ কৰি কাংক্ষিত ফল লাভ কৰিবলৈ সক্ষম হয় ।আচলতে, জীৱৎ শক্তিক যথোপযুক্ত নিয়ন্ত্ৰণ ঘটাই তাৰ দ্বাৰা কাংক্ষিত ফল লাভ কৰাই হ’ল তন্ত্ৰ সাধনাৰ মূল লক্ষ্য, যাক বিদ্যাতন্ত্ৰ আখ্যা দিয়া হয় । ইয়াৰ ঋণাত্মক দিশ বা অবিদ্যাতন্ত্ৰ সম্বন্ধে আলোচনা কৰা আজিৰ বিষয়-বস্তু নহয়, সেয়ে তাক স্পৰ্শ কৰাৰ পৰা এই মুহূৰ্তত বিৰত থাকিলোঁ ।  

আগেই কোৱা হৈছে যে বাইথ’ পূজা আৰু ব’হাগ বিহুৰ লোকাচাৰসমূহ মূলতঃ শাক্তধৰ্মী তন্ত্ৰস্বভাৱসমৃদ্ধ আচাৰ-আচৰণ, যদিও এইসমূহত একো একোটা আখ্যান অথৱা জনশ্ৰুতি জড়িত হৈ আছে । সম্ভৱতঃ শিৱই কৈৰাতজসকলক উপৰোল্লিখিত ব্ৰহ্মাণ্ডীয় শক্তিৰ ধনাত্মক নিয়ন্ত্ৰণৰ এই শিক্ষাকেই দি গৈছিল – যি জীৱৰ সামগ্ৰিক কল্যাণৰ হকে কৰা ধনাত্মক ভাৱ স্ফূৰণৰ দ্বাৰা প্ৰকৃতিক জগাই তোলে । উল্লেখনীয় যে এই পূজাত উপাস্যদেৱতাৰ উদ্দেশ্যে উৎসৰ্গীকৃত মন্ত্ৰপুত সোমৰস (চাউল আৰু বিশেষ উদ্ভিদৰ পাতেৰে তৈয়াৰী পানীয়) আৰু বলিৰ কুকুৰাৰ মাংস শান্তিজল আৰু প্ৰসাদৰূপে পৰিৱেশন কৰাৰ বিধি প্ৰচলন আছে । এইক্ষেত্ৰত ইয়াৰ তাৎপৰ্য আৰু কাৰ্যকাৰিতা বিচাৰ কৰিবলৈ হ’লে উপৰোল্লিখিত তথ্য অনুসৰি আমি ক’ব পাৰোঁ যে এই দুবিধ দ্ৰব্য যদিও তামসিক, পূজাৰীৰ পূজামন্ত্ৰত প্ৰৱাহিত ধনাত্মক শ্ৰেণীৰ জীৱৎ শক্তিয়ে ইয়াক সাত্বিক খাদ্যলৈ পৰিৱৰ্তন ঘটায় আৰু ভক্তবৃন্দৰ মনত ধনাত্মক ভাৱৰ স্ফূৰণেৰে আধ্যাত্মিক উন্মাদনাৰ স্পন্দন তোলে । ই এনে এক আধ্যাত্মিক প্ৰক্ৰিয়া যে ইয়াত উৰণ, বুৰণ, গজন আৰু ভ্ৰমণ – এই চাৰিশ্ৰেণী জীৱৰ স্বভাৱসুলভ প্ৰৱণতাৰ সৈতে সামঞ্জস্য ৰাখি সকলো জীৱৰ সৰ্বাত্মক কল্যাণাৰ্থে ‘শিৱ’ আৰু ‘পাৰ্ৱতী’ অৰ্থাৎ ‘পুৰুষ’আৰু ‘প্ৰকৃতি’ক ‘কিৰাত’ আৰু ‘কিৰাতী’ৰূপে উপাসনা কৰা হয় । সেয়ে, এই কথাও আমি ক’ব পাৰোঁ যে পূজাৰী প্ৰমুখ্যে ভক্তৰ এই নিবিড় আধ্যাত্মিক ভাৱোন্মাদনাৰ ফলত উপাসনাথলিত পৰম আত্মিক পৰিৱেশ ৰচিত হয়, যাৰ ফলত ধনাত্মক সামূহিক ভাৱসংৱেগৰ প্ৰৱাহ সংঘটিত হৈ একীভূত ভাৱতৰংগৰ মাধ্যমেৰে ধনাত্মক জীৱৎ শক্তি প্ৰৱাহিত হয়, যি ক্ষিতি,অপ, তেজ, মৰুৎ আৰু ব্যোমতত্ত্বক প্ৰভাৱিত কৰে । বিহুও এনে এটা প্ৰক্ৰিয়া যে ইয়াত অংশগ্ৰহণকাৰীসকল গীত-বাদ্য-নৃত্যৰ সমন্বয়ত স্বতঃস্ফূৰ্ত উল্লাসত মতলীয়া হৈ পৰে, যাৰ ফলত সমন্বিত পৱিত্ৰ ভাৱ আৰু শব্দ-তৰংগৰ প্ৰৱাহ সংঘটিত হয় । এই সমন্বিত ভাৱ-সংৱেগ আৰু শব্দৰ তৰংগদ্ৰৈৰ্ঘ্যই সুক্ষ্মতকৈয়ো সুক্ষ্মতৰ ৰূপ পৰিগ্ৰহ কৰি প্ৰকৃতিৰ সৈতে একাত্ম হৈ পৰাৰ প্ৰক্ৰিয়া ৰচনা কৰাৰ লগতে ইয়াৰ সৈতে সংযোগ সাধন কৰাত সক্ষম কৰি তোলে, যাৰ পৰিণতি স্বৰূপে আমি অনুকুল পৰিৱেশত প্ৰকৃতিৰ সৈতে সহাৱস্থান কৰিবলৈ সুযোগ লাভ কৰোঁ । সোণোৱালসকলৰ হুঁচৰিত বাঁহেৰে তৈয়াৰী একোডাল ‘টকা’সহ স্বকীয় নিয়মৱদ্ধ প্ৰথাৰে নিৰ্দ্দষ্ট মুদ্ৰাশৈলী আৰু অংগচালনাৰে উল্লসিত স্বৰে ঘৰে ঘৰে  গীত পৰিৱেশন কৰি, মন-শৰীৰ-আত্মাৰ একত্ৰীকৰণৰ জৰিয়তে গৃহস্থৰ মংগলাৰ্থে আশীৰ্ৱাদ বৰিষণ কৰা হয় আৰু হুঁচৰি গোৱা অন্ত পৰিলে ৰোগ-ব্যাধি, অপায়-অমংগল বিসৰ্জন দিয়া বুলি গন্য কৰি টকাডাল গাঁওৰ বাহিৰলৈ নি বিসৰ্জন দিয়া হয় । ইতিমধ্যে উল্লেখ কৰা হৈছে যে জীৱৎ শক্তি ভাৱতৰংগৰ মাধ্যমেৰেও প্ৰৱাহিত হ’বলৈ সক্ষম । সেয়ে, ইয়াৰ সপক্ষত আমি এইকথা ক’ব পাৰোঁ যে হুঁচৰিত অংশগ্ৰণকাৰীসকলে ধাৰণ কৰা শুদ্ধ ধাৰণা, পৱিত্ৰ ভাৱ, শুভকামনাই ৰোগ-ব্যাধি, অপায়-অমংগলৰ কাৰক ঋণাত্মক জীৱৎ শক্তিৰ বিনাশ ঘটায় আৰু তাৰ ঠাইত ধনাত্মক জীৱৎ শক্তিৰ প্ৰৱহন ঘটাই পৰিয়াল একোটাত অনুকুল বাতাবৰণ সৃষ্টি কৰে । অন্যহাতে, এইকথা সকলোৰে জ্ঞাত যে পৃথিৱীয়ে সূৰ্যৰ চাৰিওদিশে প্ৰদক্ষিন কৰোঁতে ইয়াৰ গতিশীল পৰ্যায়ত ঋতুৰ পৰিৱৰ্তন ঘটে আৰু এনেদৰেই চ’তৰ সংক্ৰান্তিত পৃথিৱী আৰু সূৰ্যৰ দূৰত্ব এনে এক স্থানত অৱস্থান কৰেহি যে তেতিয়া সূৰ্যৰ পোহৰ বিষুৱ ৰেখাৰ ওপৰত একেবাৰে লম্বভাৱে পৰে । সেয়ে, কোনো কোনো পণ্ডিতে এই‘বিষুৱ’ৰ পৰাই ‘বিহু’ শব্দটো উৎপত্তি হোৱা বুলিও ক’ব খোজে । সি যিকি নহওক, এই ব্ৰহ্মাণ্ডীয় পৰিঘটনাৰ ফলশ্ৰুতিয়েই হৈছে সূৰ্যৰ তাপৰ তাৰতম্য, প্ৰাকৃতিক বাতাবৰণ, বতৰ পৰিৱৰ্তনৰ লগতে জীৱৰ স্বভাৱসুলভ প্ৰৱণতা আৰু মানুহৰ মনৰ ওপৰত ইয়াৰ ক্ৰিয়া-প্ৰতিক্ৰিয়া । এই পৰিঘটনাক মানি লয়ো আমি ক’ব পাৰোঁ যে বসন্ত ঋতুত জীৱৎ শক্তিৰ সঞ্চাৰণৰ মাত্ৰা প্ৰৱল হৈ জীৱৰ স্নায়ু বা গ্ৰন্থি-উপগ্ৰন্থিক প্ৰভাৱিত কৰে, যাৰ প্ৰভাৱত উৰণ, বুৰণ, গজন আৰু ভ্ৰমণ – এই চাৰিশ্ৰেণী জীৱৰ আনুভূতিক চেতনা আৰু স্বভাৱসুলভ প্ৰৱণতা সজীৱ-সক্ৰিয় হৈ উঠে ; জীৱৰ মাজত যৌৱনোচ্ছিত প্ৰাণোচ্ছল উন্মাদনাৰ জোৱাৰ উঠে ; প্ৰজননৰ উদ্দিপনা জাগে ; সৃষ্টিৰ উন্মাদনাৰে প্ৰকৃতিৰ স’তে একাত্ম হৈ পৰাৰ প্ৰক্ৰিয়া ৰচিত হোৱাত এক প্ৰাকৃতিক মহোৎসৱৰ বাতাবৰণ গঢ় লৈ উঠে । তাৰেই স’তে সংগতি ৰাখি এই জীৱৎ শক্তিৰ সঞ্চাৰণত নিয়ন্ত্ৰণ ঘটাই তাক বিশ্বকল্যাণ, প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা আৰু পৃথিৱী শস্য-শ্যামলা কৰি তোলাৰ দিশেৰে ধাৱিত কৰাৰ মনোষ্কামনাৰ পৰিণতিতেই কিৰাতসম্ভূত জাতিসমূহে এনেধৰণৰ তান্ত্ৰিক ক্ৰিয়া-কলাপ, কৃষ্টি-সংস্কৃতি তথা বসন্ত/বিহু উৎসৱৰ পাতনি মেলা বুলি ক’ব পৰাৰ থল আছে । সোণোৱালসকলেও এই তন্ত্ৰধৰ্মী আধ্যাত্মিক প্ৰথা অৱলম্বন কৰি অতীজৰে পৰা বাইথ’ পূজাৰে বিহু উৎসৱ পালন কৰি আহিছে । অৱশ্যে নৱবৈঞ্চৱ ধৰ্মৰ উত্থানৰ ফলশ্ৰুতিত পৰৱৰ্তী সময়ত ইয়াত বৈঞ্চৱীয় আচাৰ-অনুষ্ঠানৰ প্ৰৱেশ ঘটা পৰিলক্ষিত হয় । সেয়ে, বিহুৰ লোকাচাৰসমূহত আজি এই দুয়োটা পন্থাৰেই স্পষ্ট প্ৰতিফলন দেখিবলৈ পোৱা যায় আৰু সময়ৰ গতিশীল পৰ্যায়ত, বিৱৰ্তনমুখী পৰিস্থিতিত ই সৰ্বজনস্বিকৃত ৰূপ লৈ আজি এক জাতীয় উৎসৱত পৰিণত    হৈছে । এইক্ষেত্ৰত আৰম্ভণিৰূপে আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহই লোৱা উদ্যোগৰ কথা আমি অস্বিকাৰ কৰিব নোৱাৰোঁ ।

যিকি নহওক, জাতীয় উৎসৱ ‘বিহু’ৰ বুকুত নিহিত আছে অতীতৰ ইতিহাস, বৰ্তমানৰ বিৱৰ্তন আৰু ভৱিষ্যতৰ বাণী ; আছে ভোগৰ আনন্দ, তৃপ্তিৰ ক্ষান্তি, সৃষ্টিৰ সৌৰভ আৰু দৃষ্টিৰ ৰোমাঞ্চ । কিন্তু, পৰিতাপৰ বিষয় যে এনে এটি বিনন্দীয়া আৰু আপুৰুগীয়া সাংস্কৃতিক সম্পদ জীৱনশৈলীৰ বাণিজ্যমুখীতাৰ ধামখুমীয়াত পৰি শেহতীয়াভাৱে কৃষিজীৱী সমাজৰ পৰা মেলানি মাগিবলৈ ওলাইছে ; এচাম লাভখোৰ আৰু বণিকগোষ্ঠীৰ হাতোৰাত পৰি ই আজি পন্য সামগ্ৰিত পৰিণত হ’বলৈ গৈছে । গতিকে, অনতিপলমে ইয়াক যুগোপযোগী হোৱাকৈ, মৌলিকতা/স্বকীয়তা ৰক্ষাৰে আধুনিক প্ৰজন্মৰ মনোযোগ আকৰ্ষণ কৰিব পৰাকৈ ন-ৰূপত সজাই গ্ৰাম্য সমাজত পালন কৰাৰ ব্যৱস্থা কৰিবই লাগিব । ইয়াৰ অন্যথা কিতাপৰ পাতৰ বাহিৰে গ্ৰাম্য সমাজত অচিৰেই ইয়াৰ চিন-মোকাম নোহোৱা হোৱাৰ সম্ভাৱনাই অধিক । 
 

ব্ৰজেন সোণোৱাল, গুৱাহাটী, ইমেইল : brojen.sonowal@yahoo.com

Previous Article

Lakshminath Bezbaroa’s letter to Rai Bahadur Krishna Kumar Barooah

Next Article

Poem by Bishnu Prasad Rava in his own handwriting

You may also like

Leave a Reply

Your email address will not be published. Required fields are marked *