মোৰ মনত পৰা সৰু সৰু জ্যোতি-কথা : ড: ভূপেন হাজৰিকা

No Comments Share:
Bhupen Hazarika with Jyoti Prasad Agarwalla

সাহিত্য সভা হ'ব। ১৯৩৬ চনত। তেজপুৰ উখল-মাখল। জ্যোতিপ্ৰসাদ, বিষ্ণুপ্ৰসাদ দুয়ো লগলাগি গৈছে জ্যোতিৰ জেউতি আৰু ৰাভাৰ আভাৰে সাংস্কৃতিক সভা উজলাবলৈ। মই আৰু বহুতে দুয়োৰে লগে লগে লৱৰি ফুৰিছোঁ – গীত শিকিব লাগে, মুকুট সাজিব লাগে, আখৰা কৰিব লাগে -আৰু কত কি? এদিন গীত গাই আছোঁ। মই তেতিয়া ক্লাছ ছিক্সৰ ল’ৰা। গীত গাওঁতে মোৰ মুখলৈ জ্যোতিপ্ৰসাদে একেথৰে চাই আছিল। মই বোলোঁ – কি হ’ল, এনেকৈ চাই আছে। পাচত দেখোঁ, তেওঁ মুখ চোৱা আর্চি এখন লৈ আহি মোৰ মুখৰ সন্মুখত ধৰি ক’লে, "ভূপেন তোমাৰ মুদ্রাদোষ আছে। তুমি আর্চি চাই গান গোৱা। নিজেই দেখিবা।” মই গাই গাই মোৰ মুখাৱয়ব দেখি আচৰিত হ’লোঁ। দেখিলোঁ, মোৰ বাওঁ চকুৰ ওপৰৰ ভুৰুটো গান গাই থাকোঁতে নাচে, আৰু মুখখন মই নজনাকৈয়ে অলপ বিকৃত হয়। জ্যোতিপ্ৰসাদে ক’লে, “দুদিনমান এনেকৈয়ে নিজৰ মুখ চাই গান গালেই ঠিক হৈ যাব। শুনা, মনত ৰাখিবা গায়কেগীত গাওঁতে ৰাইজে গায়কজনৰ প্ৰকাশভঙ্গিমা লক্ষ্য কৰে। গায়কে নাটঘৰত থিয় হলেই Pleasant লাগিব লাগে।” সঁচাকৈয়ে, এই কথাষাৰিয়ে মোক মোৰ মুদ্রাদোষৰ বিষয়ে সজাগ কৰিলে। কেইদিনমান পিচত, মোৰ হতুৱাই আকৌ গান গোৱালে। চালে। চাই জ্যোতিপ্ৰসাদে ক’লে, “অ, এইবাৰ ঠিক হৈ গ’ল।” – যাক সম্ভাৱনাপূর্ণ শিষ্য বুলি ভাবে, তেনে লোকৰ (তেওঁ ল’ৰাই হওক বা বুঢ়াই হওক) সম্পূর্ণ দিশ সুন্দৰতৰ কৰাত জ্যোতিপ্ৰসাদে সদায় যত্ন কৰিছিল। 

হাস্যৰসো কম নাছিল জ্যোতিৰ গাত। কলিকতাৰ ‘চেনোলা’ কোম্পানীয়ে এবাৰ মোৰ এখন ফটো বিচাৰিলে — ‘আমাৰ কনিষ্ঠতম শিল্পী’ আখ্যা দি ৰেকর্ড সঙ্গীত বোলা কাকতৰ পূজা সংখ্যাত ছপাবলৈ। কলিকতাৰ এটি ফটো ষ্টুডিঅলৈ মোক লৈ গ’ল। নেভী বু হাফপেন্ট আৰু ডাবল ব্রেষ্টৰ কোট এটি পিন্ধি গৈছিলো। জ্যোতিপ্রসাদে মোক টাই এডাল মাৰি দিলে। মই গীত গাই পোৱা সোণৰ মেডেল এটা মোৰ কোটৰ এফালে আঁৰি দিব লাগে। অলপ ৰিবন বিচাৰিলে। নেপালে। ফটোগ্রাফাৰজনক কেচি এখন খুজিলে। মোৰ ডিঙিত লাগি থকা নতুন টাইডালৰ তলখিনি কেঁচিৰে খচ্‌খচ্‌কৈ কাটি পেলালে। মোৰ দুখ লাগিল। কটা টাইৰ অংশ ৰিবনৰ দৰে কৰি, তাতে মেডেলটো আৰি মোৰ বুকুত পিন মাৰি দি ফটো তোলালে। মোৰ মুখখন ওফন্দিয়েই থাকিল। পাচত, মোক জোকাই জোকাই ক’লে, “ভূপেন, টাইৰ দিন উকলিব। ব্ৰিটিছ যাবগৈ নহয়! তদুপৰি, তোমাৰ কোটৰ তলত লুকাই থকা টাইডালৰ কোনখিনি নাই, মানুহে ফটোখন দেখিলে জানো ধৰিব পাৰিব?” মোৰ ডাৱৰীয়া মুখত হাঁহি বিৰিঙিল। মই বুজিলোঁ। 
 

১৯৪৮ চনৰ কথা। শ্বিলঙৰপৰা জীপ এখনত জ্যোতিপ্ৰসাদৰ সৈতে আহিছো। জ্যোতিৰ স্বাস্থ্য দুৰ্ব্বল। যুদ্ধোত্তৰ কালত আৰু স্বাধীনতাৰ পাচত সমাজত দুর্নীতি দেখি মার্ক্সবাদক ভালপোৱা জ্যোতিয়ে স্বৰচিত গীত এটি আবৃত্তি কৰি শুনাইছে— 
“তই জনা নাই 
তই যাক ভাব 
মুৰ্খ জনতা 
মূঢ় জনতা
ৰূঢ় জনতা বুলি 
যাৰ হ’ব খোজ স্বয়ংসিদ্ধ নেতা 
সেই জনতা আজি প্রবুদ্ধ হ’ল।” 
মই মুখলৈ চাই ৰলো। জ্যোতিৰ মুখত মহা ক্রোধ। চকুত যেন অগনিহে জ্বলিছে। জ্যোতিয়ে ক’লে, “জানা, মই এটি ব্যংগ গল্প লিখিছো।” একাংশ কওঁ –

“এসময়ত চৰকাৰৰ কৃষি বিভাগে মাটিত ইনজেকশ্বন দি ২১ টকা খৰচ কৰিলে প্রতি বর্গফুটত। তাৰে এক বর্গফুটত এটি ৰঙালাও হ’ল বৰ প্ৰকাণ্ড। গাঁৱৰ মানুহে সেই লাওটো ঘূৰি ঘূৰি চালেহি। হাটলৈ নিওঁতে কোনেও কিনিবলৈ সাহস নকৰিলে। পিচে, এখন গাৱত ভোজ আছিল। চান্দা তুলি সেইখন গাৱে কিনি নিলে সেই লাওটো।
দাম কিন্তু দিলে মাথো ১৩ টকা। তাৰ ওপৰত দাম নুঠিল। মন কৰিবা, লাওটো হওঁতে সাৰৰ ইনজেকশ্বনৰ খৰচ পৰিছিল ২১ টকা। যাহওক, গাঁৱৰ মানুহে ভোজ খাই থাকোতে যেতিয়া লাওটো জিভাত দিলে, খাওঁতাসকলৰ মুখ বিকৃত হল। কিয়? লাওটোত ঔষধৰ ভেকেটা-ভেকেট গোন্ধ। সোৱাদ, আমাৰ বাৰীত হোৱা ৰঙালাওৰ দৰে নহয়। সেৰেকা। ভোজৰ তৰকাৰী সেইদিনা পেলনি গ’ল।
এয়া চৰকাৰৰ কৃষি বিভাগৰ ম'হতকৈ শিং চৰা পলিচিৰ বিষয়ে কৰা ব্যঙ্গ। তাৰ পাচত, জ্যোতিয়ে আকৌ গল্পটোৰ আন অংশ ক’লে— “এবাৰ দেশৰ খেতিত কাকতী ফৰিং পৰিল। খেতিয়কৰ হাহাকাৰ। চৰকাৰক কওঁতে কৃষি বিভাগৰ মন্ত্ৰীজনে মুখ্য মন্ত্ৰীলৈ ফোন কৰিলে। মুখ্য মন্ত্ৰীয়ে বাতৰি পঠালে শিক্ষামন্ত্ৰীলৈ। শিক্ষামন্ত্ৰীয়ে বহুতো বিশেষজ্ঞ' আৰু অধিক বিশেষজ্ঞ (কাকতী ফৰিং মৰাৰ) হ’বলৈ গৱেষণা কৰিবলৈ ইউৰোপ-আমেৰিকালৈ পঠালে। ইফালে, কাকতী ফৰিং লাহে লাহে বাঢ়িহে গ'ল। পাচত, শিক্ষামন্ত্ৰীয়ে পুলিচ মন্ত্ৰীলৈ ফোন কৰিলে। পুলিচ মন্ত্ৰীয়ে মুখ্য মন্ত্রীক ক’লে, “ছাৰ, মই উজু উপায় পাইছোঁ।” মুখ্য মন্ত্ৰীয়ে ক’লে, “কি উপায়, পুলিচ মন্ত্রী?” পুলিচ মন্ত্ৰীয়ে ক’লে, “কাকতী ফৰিংবোৰক এৰেষ্ট কৰিম ছাৰ!” যেনে কথা, তেনে কাম। পথাৰলৈ গৈ যেতিয়া শ শ পুলিচে মার্চ কৰি কাকতী ফৰিংবোৰক এৰেষ্ট কৰিবলৈ গ’ল, তেতিয়া বুঢ়া খেতিয়ক এজনে টিলা এটিত থিয় হৈ দুখমিশ্রিত কণ্ঠেৰে চিঞৰি উঠিল— “মন্ত্রীদেউ, পুলিচে কাকতী ফৰিং বন্দী কৰিব নোৱাৰে। দেশত ঘোচ খোৱাৰ যিহে সীমা বাঢ়িছে দিনে দিনে বাঢ়ি অহা কাকতী ফৰিংবোৰে পুলিচকো ঘোচ দি, আমাৰ শস্য খাবই খাব, সকলো নাশ কৰিব। তদুপৰি, আপোনালোকে গৱেষণা কৰিবলৈ পঠোৱা বিশেষজ্ঞ চাহাবকেইজন ইউৰোপ, আমেৰিকাৰ পৰা উভতি আহে মানে আমি আমাৰ হোকাৰ পানীৰেই এই কাকতী ফৰিংবোৰ মাৰি শেষ কৰিম বুলি খেতিয়ক ৰাইজ একগোট হলো। …যাওক আপোনালোক ইয়াৰপৰা…”
–এয়া জ্যোতিৰ Social satire, প্রতীকধৰ্ম্মী। এতিয়া থকাহ’লে জ্যোতিয়ে হয়তো এই গল্পটো নাটঘৰত মেলি দিলেহেঁতেন। 

 

জ্যোতিপ্রসাদে মহাত্মা গান্ধীক বৰ ভাল পাইছিল। ১৯২১, ১৯৩১, ১৯৪২ চনত সংগ্রাম কৰিছিল। জে'ললৈ গৈছিল। স্বাধীনতাৰ পাচত গান্ধীবাদক পাহৰা লোকসকলকৰ ওপৰত খং উঠি কেতিয়াবা আমাক কৈছিল, “মহাত্মা গান্ধীয়ে বিজ্ঞান ভাল পাইছিল। দেশৰ অৰ্থনৈতিক উন্নতিৰ বাবে সমস্যাৰ আঁতি-গুৰি উলিয়াইছিল।" উদাহৰণ স্বৰূপে, মহাত্মা গান্ধীৰ সৈতে হোৱা এটি ব্যক্তিগত কথা আমাক বৰ্ণাইছিল। তেজপুৰত জ্যোতিপ্ৰসাদৰ পকীঘৰত সৰ্ব্বভাৰতীয় নেতাসকলক আতিথ্য দিয়া হৈছিল। তেতিয়া জ্যোতিপ্রসাদ বিলাতৰপৰা উভতি আহিছে মাত্র। এনেতে মহাত্মা গান্ধী তেজপুৰত তেওঁলোকৰ ঘৰত উঠিলেহি। গান্ধীজীয়ে জ্যোতিক মতাই আনি সুধিলে, “জ্যোতি, বিলাতত কি শিকি আহিলা ?” জোতিয়ে ক’লে, “চিনেমা পৰিচালনা কৰাৰ কথা অলপ শিকি আহিছোঁ।” গান্ধীজীয়ে ক’লে, “চিনেমা যি বস্তুত তোলে অর্থাৎ কেঁচা ফিল্ম কৰিবলৈ তোমাক সিহঁতে শিকালেনে?” জ্যোতিয়ে ক’লে, “নাই শিকোৱা।” নিৰ্ম্মল হাঁহি এটি মাৰি হেনো গান্ধীজীয়ে ক’লে, “সাম্রাজ্যবাদীসকলে সেই আচল বস্তুবোৰ নিশিকায় আমাৰ পৰাধীন জাতিবোৰক। সেইবোৰ শিকালেই যে ভাৰতে কেঁচা ফিল্ম নিজেই কৰিব। আৰু তেতিয়া হ’লেই যে সিহঁতৰ বজাৰ বেয়া হ’ব।” ডেকা জ্যোতিপ্ৰসাদে তলমূৰ কৰিলে। 
 

এই সঁচা কাহিনীটো বৰ্ণাই জ্যোতিপ্ৰসাদে আমাক প্রায়েই কৈছিল, “জননেতা সদায়েই দূৰদৰ্শী হব লাগে। গান্ধীজীৰ সেই বৈজ্ঞানিক দৃষ্টিভঙ্গী আছিল বুলিয়েই তেওঁ জনতাক নেতৃত্ব দিব পাৰিছে। সকলো নেতাই জননেতা হব নোৱাৰে।" 
 

ৰাজনৈতিক কাৰণত ব্ৰিটিছ পুলিচৰ হাত সাৰিবলৈ পলাই থকা কালত কলিকতাত শিশুৰ কাৰণে ৰচা জ্যোতি ৰামায়ণখন পঢ়ি পঢ়ি মোক কৈছিল, “মোৰ ৰামায়ণত বাল্মীকিৰ বনখনৰ বর্ণনা এনেকৈ কৰিছে— যাতে অসমীয়া অকণিহঁতে নিজৰ ঘৰৰ অসমীয়া বাৰীখনত থকা যেন পায়। তাত কেতেকীফুল ফুলে৷ হেটুলকা চৰায়ে মাতে। কেৰ্কেটুৱাই টোকাৰী বায়। শিয়ালে গীত গায়..। ক্লাছিক কাব্য ৰামায়ণক অসমীয়া শিশু মনত সুমুৱাবলৈ সিহঁতে জনা প্রতীকেৰে বৰ্ণাব লাগিব সকলো কথা। তদুপৰি, তাৰ আবৃত্তিও যেন Musical হয়। ঠিক যেন – Walt Disney ৰ Animal Symphony-হে " জ্যোতিপ্ৰসাদৰ শিশু-প্ৰেমৰ তুলনা নাই। অকণিৰ বাবে লিখা প্রত্যেকটো কবিতা, গীতেই তেওঁৰ মনত লুকাই থকা শিশুসুলভতাৰ প্রমাণ দিয়ে। 
 

"চাবা, তুমি যি কৰা, তাতেই যেন তুমি সোমাই থাকা। অর্থাৎ শিল্প সৃষ্টিত অষ্টাজনৰ নিজৰ দৃষ্টিভঙ্গী যেন থাকে।” এই কথাষাৰ জ্যোতিয়ে প্রায়েই আমাক কৈছিল। জ্যোতিৰ লিখা পঢ়িলেই গম পাওঁ, এয়া জ্যোতিৰ লিখা। জ্যোতিৰ গীত শুনিলেই গম পাওঁ, এয়া জ্যোতিৰ সুৰ-সংযোজনা। এইখিনিতে মাথোঁ কালি (৫-১-৬৬) কলিকতাত ঘটা ঘটনা এটি বর্ণাওঁ। এইচ-এম-ভি ষ্টুডিঅ'ত কালি এটি গীত বাণীবদ্ধ কৰিবলৈ আখৰা কৰি আছোঁ। ডুৰেজী নামৰ কলিকতাৰ বিখ্যাত বেহেলাবাদক এজনে গোৱা গীতটি শুনি আছিল। ডুৰেজীক আমি সন্মান কৰে। তেওঁৰ বয়স এতিয়া নিশ্চয় আঢ়ৈকুৰি পাৰ হৈ আৰু ছয়বছৰমানত সোমাইছে। মই গোৱা গীতটি অলপ শুনি তেওঁ মোক চিঞৰি ক’লে, “ভূপেন, এইটো জোতিপ্ৰসাদৰ সুৰ নিশ্চয়।” মই আচৰিত হ’লো। ভুৰেজীয়ে আকৌ ক’লে, “মনে আছে ভূপেন, ১৯৩৬ সালে তুমি এতটুকু ছোট ছেলে। আমি জোতিপ্ৰসাদেৰ নাটকেৰ সব গানেৰ বেহেলা বাজিয়েছি। মনে থাকবে না? জ্যোতিৰ সুৰ ত্রিশ বংসেৰৰ পৰ শুনলেও ধৰা যায়। ওৰ যেন নিজস্ব কিছু একটা ছিল– যা সহজে ভোলা যায়না।" মই শলাগিলোঁ ডুৰেজীৰ কথা। মনে মনে ভাবিলো, জ্যোতিৰ নিজস্ব ভঙ্গীৰ মৰণ নাই। সি সদা জ্যোতিষ্মান। তাৰ পাচত, ডুৰেজীয়ে মই গোৱা জ্যোতি-গীতটি মন দি শুনিলে বুকুখন তেওঁৰ হমহমাইছিল এই গীতটি শুনি– "গাঁৱৰ ল’ৰা আগ বাঢ়ি যাম, হাবি কাটি আগ বাঢ়ি যাম, পৰ্ব্বত ভাঙি আগ বাঢ়ি গৈ বাট উলিয়াম, নিতউ নতুন পাম। জুইসুৰীয়া, জয়্সুৰীয়া নতুন নাম গাম। ৰাইজৰ বৰ নামঘৰতে সোণৰ ৰূপৰ পাট মেৰিওৱা বৰখুঁটা লগাম। —” 
 

অসমক বোলছবিৰে চহকী কৰিবলৈ গৈ জ্যোতিয়ে শেষত দাৰিদ্ৰ্য সাবটি ল’লে। বুজিবলৈ কিন্তু কাকো নিদিলে। এদিন কথাই কথাই মোক এটি ঘটনা ক'লে। তেওঁৰ জীৱনৰ শৈশৱত ঘটা তেজপুৰৰ গণেশঘাটত কোনোবা এজন খটাসুৰ শিশু বন্ধুৱে জ্যোতিক বিড়ি এটি হাতত দি হেনো ক’লে— যাচোন, যদি সাহ আছে, সৌ সেন্দূৰসনা গণেশৰ মূৰ্ত্তিটোৰ আগত থিয় হৈ তই এই বিড়িটোত হোপা এটা মাৰ।" বিপ্লৱী মনৰ জ্যোতিয়ে কাক কেয়াৰ কৰে ? জ্যোতিয়ে ক’লে, “বৰ একেবাৰে। এই মূৰ্ত্তিটো এচটা শিলহে। মই এই মূৰ্ত্তিটোত এটা লাঠি মাৰিবও পাৰে। বিড়িটো খামেই এই শিলপাটৰ আগত। তই জোকাই লৈছ যেতিয়া, মই বিড়ি কেতিয়াও খোৱা নাই যদিও খামেই।” 
–সৰুকালৰ এই ঘটনাটি ফহিয়াই আমাক কৈছিল, “মই যুগ যুগৰ সংস্কাৰক সন্মান কৰিছিলোঁ বুলিয়েই কিন্তু সংস্কাৰমুক্ত হ’বলৈকো সৰুৰে পৰা পিচ হোহকা নাছিলো। পিচে, শিশু অৱস্থাত মই কৰা এই উৎপতীয়া কামটোৰ বাবে পাচত মই অনুতাপ কৰিছিলো। কাৰণ, গণেশ যদি শিলেই তেন্তে শিল এটাক অকলে এৰি নথওঁ কিয়?” 
সেই জ্যোতিয়েই পাচত নীলিম আকাশৰ বিশালতাক আৰু উদাৰতাক চিৰসুন্দৰ বুলি কৈ গাইছিল-“মোৰে জীৱনৰে সখা কৃষ্ণ, বজাৱ কি সুৰে বেণু-সুৰৰে জিঞ্জিৰি পিন্ধালি মোক সুৰৰে জিঞ্জিৰি– – 
এদিন জ্যোতিয়ে আমাক মিঠা হাঁহি এটি মাৰি কৈছিল– “ভূপেন, গণেশঘাটৰ গণেশৰ আগত সৰুতে দপপদপোৱা দেখিয়েই চাগৈ মোৰ জীৱনত পইচা নহ’ল। যিকণ আছিল, সেইফেৰাও জানো কলৈ গ’লগৈ?” 

 

আজি জ্যোতি থকাহেঁতেন, মই ক’লোঁহেঁতেন – “জ্যোতি ককাইদেউ, তোমাৰ ধনেৰে তোমাক চিনিম, নে তোমাৰ মনেৰে চিনিম ? তুমি দৰিদ্ৰ ল’ৰা। আজীৱন ত্যাগ কৰিছিলা অসমৰ সাংস্কৃতিক ৰেনেছাৰ বাবে – সকলো দিশতে বৰঙনি দি। তুমি দৰিদ্ৰ হ’লা। পিচে, দেশক সেই সৌন্দৰ্যবোধৰ ঐশ্বৰ্য দি গ’লা মোনে মোনে। তুমিয়ে মহাশক্তিমান। তোমাৰ ভাষাতেই কওঁ—‘মৃত্যু গছকি আনা জয় জিনি কৰি দুৰ্জ্জয় অভিযান—” সোণৰ চামুচ মুখত লৈ জন্মিও তুমি হাঁহিমুখে সকলো এৰিলা। তোমাৰ সোণ-ৰূপ নাছিল সঁচা। পিচে, তুমি দেখোঁ ৰাইজৰ বৰনামঘৰতে সোণৰ ৰূপৰ পাট মেৰিয়াই বৰখুঁটা লগাই গ’লা৷…কোনো সভ্য দেশে তোমাক পাহৰিব নোৱাৰে-নেপাহৰে।
 

এই লেখাটি প্ৰথম প্ৰকাশ হৈছিল 14 জানুৱাৰী, 1964 চনত 'অসম বাণী' কাকতত


 

Previous Article

মই বিধানসভাৰ সদস্য কিয় হৈছিলো ? : ড: ভূপেন হাজৰিকা

Next Article

Assamese Children’s Magazine – An Incomplete Discussion

You may also like

Leave a Reply

Your email address will not be published. Required fields are marked *