কি লৱনু দিলা মোক : অম্বিকাগিৰী ৰায়চৌধুৰী

তোমাৰ পুলক পৰশ লাগি
       ফুলিল যি মোৰ ফুল, হে প্ৰিয় !
              ফুলিল যি মোৰ ফুল,
তাৰ গোন্ধত জীৱন মৰণ
       বিভোৰ বিয়াকুল, হে প্ৰিয় !
              বিভোৰ বিয়াকুল!

মোৰ দিন খেনবোৰ মন্থন কৰি
       কি লৱণু দিলা মোক, হে প্ৰিয় !
              কি লৱণু দিলা মোক ?
তাৰ বাবে আজি হাবাথুৰি খাই
       ক্ষিপ্ত লোক আলোক, হে প্ৰিয় !
              ক্ষিপ্ত লোক আলোক ।