তুমি অমিতাভ : আনন্দ চন্দ্র বৰুৱা


মহাশূন্যৰ মহা-আকাশত
মহা নিস্তব্ধ মহা আনন্দৰ
মহা সৌন্দৰ্য্যত বহি
তুমি অমিতাভ
তুমি স্থানু
তুমি অচল।

অনন্ত কোটি ব্রহ্মাণ্ডই
তোমাক বিচাৰি
ঘূৰিছে পকিছে
নৃত্য-ছন্দত
সদায় চঞ্চল।

তুমি অমিত আভা
তুমি বিদ্যুৎপ্রভা
জ্যোতিৰ পুঞ্জ
স্বপ্ন-নিকুঞ্জ,
গুঞ্জনহীন
অনুচ্চাৰিত
শব্দৰ ধ্বনি,
আহত নোহোৱাকৈ
বহি আছা তুমি
অৰুণ বৰণ
হাঁহিৰ ৰেখাটি লৈ।
তুমি অমিতাভ
তুমি স্থানু
তুমি অচল।