দেৱদাসী : অতুলচন্দ্র হাজৰিকা

ব্যৰ্থ-ভৰা জীৱনৰ পুঞ্জীভূত বেদনা বিপুল
নিবেদিছো চৰণত,এই মোৰ চৰণ আকুল ।
যদিও জীৱন ব্যৰ্থ,তথাপিতো তুমি স্বামী মোৰ
বুজা নাই একো অৰ্থ,হিয়া মোৰ বিষাদেৰে পূৰ ।
নাচোনৰ ছেৱে ছেৱে,সঙ্গীতৰ প্ৰতি লহৰত
একোটি মাথোন সুৰ বাজি উঠে হৃদয়-বীণত ।
ভাষা নাই বুজাবৰ অশ্ৰুময় কৰুণ কাহিনী,
হে দেৱতা,হে পাষাণ শুনা শত শোকৰ ৰাগিনী ।
নহওঁ পৱিত্ৰ মই,দাসী মই,সেৱকী তোমাৰ,
তাতকৈ বেছি জানো পাব পাৰো কিবা আধিকাৰ?
জগতৰ স্বামী তুমি,মোৰ স্বামী হ’বা সেই বুলি,
দোষ মোৰ কপালৰ,আছে বহু কলঙ্কৰ মলি ।
পবিত্ৰ অন্তৰলৈ নোৱাৰিলো সেৱিব চৰণ,
জানা তুমি কোন দোষী,মোৰ দোষ – সি বাবে পতন ।
ভুলৰ হুলেৰে হনা কলুষিত গোটেই জীৱন,
নিতৌ সন্ধিয়া বেলা হয় তাৰে অৰ্ঘ্য বিৰচন ।
আৰতিৰ ডবা-কাঁহ,শঙ্খ ঘন্টা যিমানে বাজিব,
মোৰ ই বেদনা ধ্বনি তাতকৈ দুগুনে চৰিব ।
তোমাৰ পুজাৰ ফুল,ভোমোৰাই মউ চুহি খোৱা,
নিচেই আজলী ফুল,তাকে ভাবি তুমি লোৱা ।                   
সেই দৰে হে নিঠুৰ,লবা তুমি মোক নিঘিণায়,
মিলি যাম তোমাতেই,পাপ জন্ম নলওঁ দুনাই ।
সেয়ে হলে দুখ নাই,ব্যাথা আৰু নেথাকে বেদনা,
নটী মই,নাচি নাচি পাষানৰ লভিম কৰুণা ।
অবিচাৰ জগতৰ – নকৰিবা তুমি অবিচাৰ;
লবা যেন নিঘিণায় হৃদয়ৰ ষোড়োষোপচাৰ ।
লবই লাগিব তুমি মোৰ এই ভক্তি ভৰা ফুল;
জীৱনৰ যৌৱনৰ ব্যথৰ্তাৰ তুমিয়েই মূল ।