সুদৰ্শন : ভবেন বৰুৱা

ইয়াৰ পৰা যেন শুনি-
বহুত দূৰৰ কোলাহল,
আৰু উচুপনি।

গতিময় নীলকণ্ঠ নিঠৰতা
অনিৰ্বাণ উজ্জ্বল নিৰ্বাণ-
সুদৰ্শন অশোকচক্রত
অদৃশ্য ৰথৰ চকাবোৰৰ ঘৰ্ঘৰণি।

কুমাৰৰ দুহাতৰ মাজত,
কলৰ চকাত, জাহাজৰ চকাত
হিৰণ্ময় বিক্রমত চক্রবৎ ঘৰ্ঘৰতা

ইয়াৰ পৰা যেন শুনি
হীৰাকুড, দামোদৰৰ গুমগুমনি

অদৃশ্য মেঘে মেঘে মৃদংগৰ ধ্বনি-

চকুৰ মণিত ঘূৰে
নদীয়ে নদীয়ে ভঁহা সূৰ্য্যাস্তৰ
আন্ধাৰ কঁপোৱা তিৰবিৰণি।