প্ৰকৃতি
ফুলকলি ফুলি গোন্ধ
বোৱাই প্ৰীতিৰ সোঁত
          সৰি পাছে নাইকিয়া হ’ল;
সি ফুলৰ মউ পিয়া
এটি ভোমোৰা বলিয়া
          ঘুৰি ঘুৰি ফুৰিছে অকল 
উৰি ফুৰে বেজাৰৰ
হৃদয়  ৰাগিণী তাৰ
          বৰষি যে সিও গুচি গ’ল;
ক’ৰ কোন কিবা হ’ল
চিৰস্মৃতি পমি গ’ল
          প্ৰকৃতিযে তেনেকৈয়ে ৰ’ল                                                                                     
                                
সৌন্দৰ্য্য

কি মোহিনী মাৰি মোৰ ভুলালি হৃদয়

ভাঙিলি ব্রতৰ বান্ধ দুৰ্বল প্রাণৰ
ক’ত ক’ৰবাত এফেৰি ৰূপৰ কান্তি
অজ্ঞানে সজ্ঞানে সেয়ে ধ্যান জ্ঞান মোৰ

ভূমুকি মাৰোগৈ য’তো নাই অধিকাৰ
উন্মত্তৰ দৰে ফুৰো ঘৰত পৰত
প্রাণৰ আকাংক্ষা মোৰ হ’ল বহুমুখী
কৰ্তব্যৰ ঋণ দেখো নপৰে মনত

ফুৰিছো যাত্রীৰ বেশে স্বদেশ বিদেশ
সৌন্দৰ্য্য আভাস য’তে পাওঁ একনিকা
সুন্দৰৰ আৰাধনা জীৱনৰ খেল
অভিনয় অন্তে ঘোৰ কাল যৱনিকা

 

নিয়ৰ

মুকুতা মণিটি পাহিত জিলিকে
ফটিক পানীত ধোৱা
নিশাৰ তৰা এটি সৰিয়েহে আছে
সৰগত টোপনি যোৱা

নিজম আকাশৰ নিচুক কথাটি
হিয়াত থৈছে সাঁচি
কোন কাহানিৰ সপোন দেখিছে
কোনে হাঁহিছিল নাচি

ফুলনিত কোনে নিশা নাচিছিল
ছিগি ৰই গ’ল মণি
ৰঙিলীৰ ভাব হাঁহি নাচোনৰ
ৰ’ল চিন এইকণি

ৰাতিৰ ধেমালি জোনৰ নিফুট
হাঁহিৰে থৈছে সানি
পুৱাৰ হেঙুলি বেলিটিলৈ চাই
এটুপি চকুৰ পানী

নিয়ৰ কলিৰে শোভে ফুলজুপি
চাইছো ভাবতে ভাঁহি
হায় কি বিষম পেলালে বায়ুৱে
জোকাৰি ফুলৰ পাহি

 

অজেয়

হে নিয়তি! তই যদিও দুখৰ
পিহনি শিলত থ’ই,
ভাঙিলি মোৰ জীৱন শস্য
চূৰ্ণ বিচূৰ্ণকই।

বাৰু চাবি মোৰ চকুলোৰে তাকে
সানি পুটকি ল’ই,
বান্ধিম আশাৰ পিঠা-পনা-লাৰু
ভুঞ্জি নিচুকিব অ’ই।
সহস্র হৃদয় যালৈ নেমেলে
পথাৰৰ শস্যয়ো থোক,
তিতিকি কেঁতুৰি বন খাৰধিও
মিলক বা নিমিলক।

হে নিয়তি! তই যদিও দুখৰ
জ্বলন্ত কুণ্ডত ফুটন্ত জীৱন মোৰ,
ভসম কৰিলি ধূলি উৰুৱালি
গচকি পেলালি ওৰ।

চা, হেৰ’ চা
চাওঁতে চাওঁতে উপচি পৰিল
ফুলে পাতে মোৰ কুঞ্জলতা,
স্নিগ্দ্ধ প্রেমৰ জীৱন দায়িনী
শাখা প্রশাখা যুতা।
সহস্র হৃদয় জিৰাব ইয়াতে
ফুলিব মৰুৰ মাজে,
য’ত নাছিল একোৱেই কঠুৱা কালৰ                  
কাঁইট কলিত বাজে।

মানৱ-বন্দনা

আহিছে মানুহ     গইছে মানুহ
     মানুহ মায়াপী জীৱ;
মানুহ সোঁতৰ     অন্ত নাইকীয়া
     বুলিলে মৰত কিয়?

মানৱী জনম     দিয়া উটুৱাই
     মানৱী কৰম সোঁতে;
মানুহৰ মৰম     বুজিবা মানুহে
     ধৰম যে মৰমতে ।

মানুহেই লগ     মানুহেই সঙ্গ
     মানুহেই পৰাৎপৰ;
এই যে পৃথিৱী     স্বগৰ্তো অধিক
     মানুহৰ নিজাপী ঘৰ।

মানুহেই দেৱ     মানুহেই সেৱ
     মানুহ বিনে নাই কেৱ;
কঁৰা কঁৰা পূজা     পাদ্য-অৰ্ঘ্য লৈ
     জয় জয় মানৱ-দেৱ।