কবিৰ কামনা
 

মই কবি,গাওঁ গান,শব্দৰ সপোন সাজোঁ লিখো যে কবিতা,

ফুল আৰু পখিলাৰ বিচাৰি চাওঁ প্ৰেমৰ ৰজিতা ।
দূৰণিৰ বননিত প্ৰাণৰ হিল্লোল কঁপে,পুৱতি তৰাই,
সৰগৰ সিপাৰৰ অপল্পপ জেউতিৰ সংকেত জনায় ।

কলং-পাৰৰ এই দূবৰিত আকাশৰ বিচাৰো তুলনা,
সৰি পৰা শেৱালিৰ কোমল সুবাসে মোক কৰেহি উন্মনা।
বকুল ডালত সৌ সখিয়তী পখীটিৰ কৰুণ বিননি,
মোৰ ই অন্তৰ ভৰি আকাশ উপচি পৰে তাৰ প্ৰতিধ্বনি ।

মই যি কবিতা ৰচো,গানৰ ভাষাৰে গাওঁ প্ৰাণৰ বিননি,
কোনোবা জোনাক নিশা তৰুণ হিয়াত তাৰ লাগেনে কঁপনি ?
দাপোনত মুখ চাই আপোন ৰূপত মুগ্ধা কোনো ৰূপহীৰ,
পৰেনে মনত বাৰু এফাঁকি কবিতা এই বিৰহী কবিৰ ?

বিফল-যৌৱনা কোনো গাভৰুৱে নেভাবেনে কোন সেই কবি,
ছন্দৰ তুলিৰে আঁকে অশ্ৰুক্লান্ত জীৱনৰ সোনোৱালী ছবি ?
মাটিৰ চাকিটি মোৰ উৰণীয়া বা লাগি হঠাতে নুমায়,
প্ৰীতিৰ বতাহে মোৰ আকাশী তৰাৰ হায় হিয়া নকঁপায় !

কি বিচাৰো প্ৰতিদান? কঙাল হৃদয়ে মোৰ বিচাৰে কি ধন?
হাঁহিৰ বিজুলী এটি,দুটুপি চকুলো ভৰা এযুৰি নয়ন |                                 

 

সাগৰ দেখিছা ?
 

সাগৰ দেখিছা? দেখা নাই কেতিয়াও?  

ময়ো দেখা নাই, শুনিছোঁ তথাপি,
নীলিম সলিলৰাশি বাধাহীন উৰ্ম্মিমালা 
আছে দূৰ দিগন্ত বিয়াপি ।
মোৰ ই অন্তৰ খনি সাগৰৰ দৰে নীলা, 
বেদনাৰে – দেখা নাই তুমি ?
উঠিছে মৰিছে য’ত বাসনাৰ লক্ষ  ঢৌ
তোমাৰেই স্মৃতি – সীমা চুমি ।
শুনা নাই? 
মোৰ সাগৰত তুমি শুনা নাই ধুমুহাৰ উতলা সঙ্গীত ?
বুজা নাই?
অনুভৱো কৰা নাই ফুলনিত বসন্তৰ কোমল ইঙ্গিত?
দেখিছাতো ৰামধেনু?
বাৰিষাৰ ডাৱৰত পোহৰৰ মোহন গৌৰৱ;
প্ৰেমৰ পোহৰ-দীপ্ত মোৰ হিয়া আকাশত 
দেখিছানে ৰঙৰ উছৱ ?
মাজনিশা সাৰ পাই শুনিছানে কেতিয়াবা কেতেকীৰ হিয়া ভগা মাত?
ভাবিছানে এটিবাৰো পখীৰ ডিঙিত কান্দে মানুহৰ বুকুৰ সম্বাদ!
মই জানো,তুমি কিটো জানা,হেৰা মোৰ হিয়াহীনা প্ৰিয়া! 
তুমি জানা মাথোঁ
তুমি তুমি,মই মই।
তুমিতো নাজানা-হায়,  
কিয় বাৰু কিয় আমি গাথোঁ
জঁই পৰা মালতীৰে জয়ৰ গৌৰৱ মালা?  
মিলনৰ কাৰেঙ সোনালী
সাজোঁ কিয় পৃথিৱীৰ দুখৰ বোকাৰে আমি? 
হৃদয়ৰ ৰঙা তেজ ঢালি
প্ৰতিমাৰ পখালোঁ চৰণ কিয়?  
তুমি নুবুজিবা সখি! কিনো বেদনাত
ষষ্ঠীত প্ৰতিষ্ঠা কৰা দেৱীক বিসৰ্জো আমি বিজয়াৰ বিফল সন্ধ্যাত!
সন্ধিয়া আহিছে নামি? 
থক হেৰা নেলাগে জ্বলাব চাকি;
দুটি নয়নৰ
সহজ প্ৰভাৰে আজি নাশিবা 
তিমিৰ তুমি অন্ধকাৰ মোৰ জগতৰ।

মনোৰমা
 

চকুত তোমাৰ সপোনৰ মায়া
মুখত জোনৰ বিমল ছাঁ,
নিশাহত যেন কোমল ঘাঁহৰ
সুৰভিৰে পূৰ মৃদুল বা।
ক’লা চুলিটাৰি, কোনে সানি দিলে
আঁউসী নিশাৰ সুষমা তাত?
কেতিয়া শিকালে কপৌৱেনো তাৰ
মন কিবা কৰা উৰুঙা মাত?
আগ বাৰিষাৰ বা ৰিবৰিব
বতাহৰ দৰে তোমাৰ হাঁহি,
উলাহতে তাৰ নাচিছে কলং
বিহ মেটেকাই মেলিছে পাহি।
দহোটি আঙুলি চঁপা কলি যেন    
পদুমৰ ঠাৰি দুখনি হাত,
ছুই দোৰপতি থৰকবৰক 
তত নাইকিয়া মাকোৰ গাত।
নিপোটল বুকু লাটুমণি ওঁঠ
দুয়োপাৰি দাঁত ডালিম গুটি,
মৰুময় মোৰ জীৱনত সখী
তুমি কবিতাৰ একেটি সুঁতি।