কিবা যেন নাই নাই
 

সন্ধিয়াৰ চাকি শাৰী শাৰী

পখুৰী পানীত পৰি
দীঘলীয়া- নাচিছে;

আকাশত ভোটা তৰা
পাৰিষদে বেঢ়ি ধৰা
জিলিকিব লাগিছে।

দীঘল দ’লটি গ’ই
লাহে লাহে সৰু হ’ই
আকাশত মিলিছে;

দুখ শোক আতঁৰাই
মন প্রাণ নচুৱাই
জুৰ বায়ু বলিছে।

ইয়াতে সদায় দেখা
দেখিলে মনত থকা
আহিলেই লগ পায়;

মনে মনে ভাল পোৱা
ভাবিলে কেনিবা যোৱা
কিবা যেন নাই নাই।                                                


মৰাৰ পাছত
 

মৰিলে পামনে দেখা তৰা আকাশৰ
শস্যৰে শোভিত বসুন্ধৰা,
বিস্তৃত জগতখনি আকাশে আৱৰা
কেউপিনে আনন্দৰে ভৰা?

পৃথিৱীৰ গাত গজা কোমল বনত
পৰি থকা কোমল নিয়ৰ,
মৰিলে পামনে দেখা বায়ুৰ মাজত
গহীন চলন ডাৱৰৰ?

কাণেৰে শুনিম জানো প্রকৃতিত বজা
শান্তিময় মোহিনী সংগীত,
তলত জিলিয়ে গোৱা মধুৰ মাতেৰে
বিভুৰ যশস্যা পৃ্থিৱীত?
মৰিলে কাণত যদি একোকে নাবাজে
একো ছাঁয়া নপৰে চকুতো?
হৃদয়ৰ ভাৱ তাপ সিও যদি যায়
সুখ তেন্তে নাই মৰণতো।