প্ৰিয়তমাৰ চিঠি

সৌন্দৰ্য্যৰ বুকুৰ কাঁচলি উদঙাই
প্ৰকৃতিৰ চোঁ-ঘৰ চালো পিত্ পিত্;
কুকুৰাঠেঙীয়া এই আখৰকিটিত
যি অমিয়া ঘঁহা আছে, কতো আৰু নাই।
কবি-নিকুঞ্জত ফুলি কত কবিতাই,
মলয়াত উটি উটি ফুৰে পৃথিৱীত,
তোমাৰ চিঠিয়ে কিন্তু জানে যিটি গীত
কবিতাৰ কাব্যে তাৰ গোন্ধকো নাপায়।

ফুল ফুলে,সৰি যায়,শুকায় বননি;
বসন্তৰ কুঁহিপাত ৰ’দত লেৰেলে।
তোমাৰ চিঠিয়ে প্ৰিয়ে জানে কি মোহিনী,
নিতৌ নোহোৱা বাহী,ন ন ফুল মেলে।
যত শুঙো, চুমা খাওঁ,নালাগে আমনি,              
হৃদয়ত হেপাহৰ ভোটাতৰা জ্বলে।