ভোগালি
 

তুমিতো জানাই

এই কবিৰ আৰু একো নাই।
এটাই মাথোঁ কামিজ
তাৰো ছিগো ছিগো চিলাই।

প্রেম নিশ্চই এনেকুৱাই।
আৱৰণ খুলি হৃদয় জুৰায়।


শোভাযাত্রাত নিহতজনৰ কবিতা
 

এই জুইকুৰা ময়েই জ্বলালো।
জানো আই, এই জুইৰ পোহৰত
তোমাৰ ৰুগ্ন মুখত উদ্ভাসিত
হৈ উঠিব
পৃথিৱীৰ অপৰূপ ৰূপ।
সেয়ে জুইকুৰা ময়েই জ্বলালো।
দিনৰ পিছত দিন ৰাতিৰ শেহত
দোকমোকালিৰ কোমল বতাহেৰে
মোক নিচুকাই কি ৰং পোৱা
মই নাজানো আই! নিষ্ঠুৰ ক্ষমাৰে
মাথোঁ মোক নেহানিবা। তোমাৰ বাবে
আই, বহুবাৰ প্রিয়জনৰ বুকুৰ তেজ দিলো
এইবোৰ মোৰ মন্ত্রপূত শৰীৰ

জন্মৰ ঋণ পৰিশোধ কৰাৰ আনন্দত
মই যে আজি অধীৰ
সেয়ে, জুইকুৰা ময়েই জ্বলালো।