অস্তাচল
 

পৰুৱাই পোৱা মনে মোৰ
উদঙীয়া ডাৱৰৰ দৰে
এনি তেনি বনাই ফুৰিছে,
সোঁৱৰণি পদুলি মুখত চিৰিলা চিৰিলি হোৱা
আগলতি কলাপাত ঘনে ঘনে লৰিছে চৰিছে ।                                                                                    
কিনো বেহাবলে আহি সোনালী পামৰ পৰা
কেঁচা হালধীৰ সতে সলালো কেঁতুৰি
কিনো নেওঁচাৰ বাবে চিনাকি আলিত মোৰ
জাৱৰী চনকা গছে ধৰিলেহি ঢাকি ?
বুকুত পৰিছে আহি ধূপ ধূপ প্ৰশ্নৰ কুঠাৰ
নিলগত ঘৰে ঘৰে শেৱালী ফুলৰ দৰে
শোৱনি পাটিত সিঁচি ৰিমজিম স্বাদৰ কুঁৱলী,
মালিনী ৰাতিয়ে ঢালে বিৰতিৰ মাদকতা তাতে
মোৰ হলে অন্তহীন এই পথাৰত
স্মৃতিৰ জোনাকীবোৰে কাবুলিৱালাৰ দৰে
ঘূৰি ঘূৰি চক্ৰবৃদ্ধি লুটে ।
তথাপি পালেগে মই আকৌ সোণালী পাম
নতুন ফচল ৰুই ধাৰ মোকলাম
তথাপি জানিছোঁ মই সংশয়ৰ লতা কটা ৰণৰ শেষত
কাইলৈ ধলপুৱাতেই ভৰি দিম চিনাকি আলিত;
তেতিয়া আহিবা দেই,
চাই যোৱা শাৰী শাৰী নাহৰ গছৰ দৰে
স্বপ্নৰ কলচী
চাই যাবা মধুমতী
বুনিয়াদী আশা আছে এতিয়াও
পুঁৱতিৰ আকাশৰ ৰঙা কলিজাত ।