চকুলো
 

নোলায় চকুলো মোৰ পুত্র শোকত, প্রভূ!
পুত্র শোক সন্তাপৰ নোহে ইটো চিন;
ইযে মুকুতাৰ মালা, তোমাৰেই প্রতিদান,
দেৱ মনোলোভা ৰত্ন- শোভে ৰাতি দিন।
তোমাৰ ফুলনিবাৰী তোমাৰেই তৰুলতা
যি ফুল ফুলিল তাত তাৰে এটি আনি,
অৰ্পিলো পূজাৰ অৰ্থে, ভকতি অন্তৰ আজি
তোমাৰ পাৱতে পুনু লোৱা প্রভু, তুমি।
ই চকুলো নোহে মোৰ অপত্য শোকৰ চিন
ই যে প্রভু পুত্রলই নিৰ্মালি পিতাৰ,
স্বৰ্গীয় অঞ্জনৰূপী দুয়োটি চকুতে পিন্ধি
আজীৱন ৰম চাই চৰণ তোমাৰ।
চকুলো দুধাৰি প্রভু, তোমাৰ নিৰ্মালি মোৰ,
অন্ত হ’ব অন্তিমত, ভগ্ন হ’ব মোহ ঘোৰ।                                          
                                                                             
কবি

 

মৰতত থাকি তুমি নিতে লোৱা ঘ্রাণ
নন্দন বনত ফুলা পাৰিজাত ফুল;
আঁকা কত ছবি তুমি সুন্দৰ অতুল
অমৰাপুৰৰ, কবি অমৰ পৰাণ!
সুখে আৰোহন কৰি মানস ৰথত
কল্পনা ৰাজ্যত তুমি কত ক্ৰীড়া কৰা
পিয়াহ-আতুৰ, হায় নৰৰ মুখত
অমৃতৰ ৰস আনি আঁজলিৰে ধৰা।
দেৱতা! দেৱতা! কবি,এই জগতৰ
তুমিয়ে জীৱন্তে দেৱ প্রতিমা দেৱৰ;
কি স্বৰগ, কি মৰত, কি পাতালপুৰী
কি নগৰ, কি অৰণ্য তীৰ সাগৰৰ
সকলোকে দেখা তুমি, সকলোতে ফুৰি
আঁকা ছবি সকলোৰে, তুমি চিত্রকৰ।