দুখন তপোবন
 

দুখন তপোবন,
     তাৰে এখনি মাটিত লাগি থকা;
ৰূপৰ চমক লাগি
     কণা হয় চকু-
ওচৰক দূৰ কৰে,
     দূৰক ওচৰ,
          তাত
দেহাটোকে দেখে মনোহৰ ।

বতাহত পাৰলিৰ গোন্ধ আহে,
টোপনিয়ে হেঁচা মাৰি ধৰে,
আনখন স্বগৰ্ৰ সীমাত;
     তাত
চকুলোৰে গা ধুই
     ভোগে আঁঠু লয়;

স্বৰ্গ আৰু পৃথিৱীৰ সীমা;
     নাই তাত দেহৰ গৰীমা
ভোগৰ বুৰঞ্জী হয় শেষ;
ৰূপৰাণী সন্যাসিনী-বেশ ।