পলস
 

পলাশৰ জুই নুমালে এতিয়া। শাল আৰু চতিয়ন
বনত মানৰ দিনৰ অতীত বহাগৰ ধুমুহাৰ
কিমান সপোন সৰি গ’ল তাৰ কোনে ৰাখে খতিয়ান
কলঙ কপিলী দিজুৰ পাৰত ককাদেউতাৰ হাড় ।
বুঢ়ী আইতাৰ কলিজাৰে গজে বন নহৰুৰ ফুল ।

ডাৱৰে কি কলে : দিয়া আৰু দিয়া, নি:শেষকৈ দিয়া
আলিৰ কাণত গছপুলি ৰোৱা – এটা হাইস্কুল খোলা;
পথিক প্ৰিয় যে সদায়ে বাটত, কাঢ়া দুটি হুমুনিয়া!
উৰুখা পানীয়ে উটাই নিয়ক মৰা মকৰাৰ খোলা ।
আমাৰ পলসে সাৰুৱা কৰক কলঙৰ দুয়োকূল !

আমাৰ নাতিৰ নতুন পামৰ নাঙলৰ শিৰলুত
আমি সাৰ পাম । সিহঁতে পঢ়িব আমাৰ জীৱাশ্মত
জাতিস্মৰৰ হাঁহি উঠা সাধু । সপোন অন্ধ যি গলিত
আমি থাকো তাৰে নয়ন জুলিত সিহঁতৰ ভৱিষ্যত ।