লাজ : সঞ্জীৱ পল ডেকা

     নাৰায়ণ কাকতিৰ অণ্ঠ-কণ্ঠ শুকাই আহিছিল। তেওঁৰ পুলিছী মেজাজটো হঠাৎ বাঢ়ি আহিব খুজিছিল। তথাপি তেওঁ নিয়ন্ত্ৰণ কৰিলে। খঙেই বা কাৰ ওপৰত দেখুৱাব। ইমান সৰু চুবুৰিটোত যে এনেকুৱা এটা ঘটনা ঘটিব কোনেও ভবাই নাছিল। তাতে গাওঁখনৰ সৰহ সংখ্যক মানুহৰেই লিখা-পঢ়া নাই। এজন কেৰাণী আৰু এজন  হাইস্কুলৰ শিক্ষকৰ বাহিৰে বাকী সকলোৰে এটাই জীৱিকা—দিনহাজিৰা। অৱশ্যে তিনিজন কাঠমিস্ত্ৰি, দুজন মান ৰিক্সাচালক, থেলাচালকো নোহোৱা নহয়। মুঠতে চুবুৰিটোৰ প্ৰায়বোৰ প্ৰায়বোৰ মানুহেই জীৱিকাৰ সন্ধানত ৰাতিপুৱাই ওলাই যায়। সন্ধিয়া আকৌ নিজ নিজ ঘৰলৈ উভতি আহে। 
     সুদীৰ্ঘ কৰ্মজীৱনৰ অভিজ্ঞতাত কাকতিৰ এই অভিজ্ঞতা এক অভিনৱ সংযোজন। সৰ্বদিশৰপৰা পিছপৰি থা এনেকুৱা এখন গাওঁ এইখন দেশতে যে থাকিব পাৰে, কাকতিয়ে ভবাই নাছিল। তাতে ঘটনাটো‍ও ৰোমাঞ্চকৰ।
     দোষী ধৰা পৰক নপৰক, ইয়াৰ পৰা যে একো কামত নাহিব কাকতিয়ে ইতিমধ্যেই অনুমান কৰিছিল। সেয়ে ঘটনাটো তেওঁ এক প্ৰকাৰৰ পাহৰিবলৈয়েই যত্ন কৰিছিল। কিন্তু পৰহি এছ পি চাহাবৰ পৰা পোৱা নিৰ্দেশতহে তেওঁ পুনৰ এই গাঁৱত উপস্থিত হৈছেহি।
     পথাৰৰ এচুকত থকা মহীৰামৰ ঘৰৰ পৰা আহি কাকৰিহঁতৰ দলটো প্ৰকাণ্ড আমগছজ্পাৰ তলতে ৰ’লহি। প্ৰত্যেকজনেই তেওঁলোকৰ নাক আৰু কপালত জিলিকি উঠা ঘামৰ টোপালবোৰ মচি ললে। তাৰ পিছত চিপাহী বিমলে কাকতিক উদ্দেশ্য কৰি আমজোপাৰ ফেৰেঙা ডালটোলৈ চাই মন্তব্য কৰিলে—এইজোপাই যত কুটৰ ঘাই ছাৰ। এইজোপা নহ’লে ঘটনাটো ঘটিবলৈকে নাপালেহেঁতেন ছাৰ। নে কি কয় ছাৰ ?
     কওঁতে বিমলে ঠিকেই কৈছে। পঞ্চায়তৰ কৰ্মীয়ে এইখন গাঁৱতহে আৰু বেনাৰখন মাৰিবলৈ পালেনে? যিবোৰ মানুহে ’ক’ৰ চুক কেইটা তাক নাজনে, সিহঁতে আকৌ বেনাৰৰ ভাষা কি বুজে? চৰকাৰৰ সাফল্য, বছৰ পূৰ্ণ হোৱা – এইবোৰৰ সৈতে সিঁহতৰ সম্পৰ্কইট বা কি? বেনাৰৰ অৰ্থ বুজি নাপাই নিলে আৰু কোনোবাই সোলোকাই কিবা দৰকাৰ হ’ব পাৰে বুলি। সেইটো ইমান ডাঙৰ অপৰাধ হ’ব পাৰেনে যে পুনিছে অনুসন্ধান চলাই দিব লাগে। কাকতিৰ এছ পিলৈ মনে মনে বৰ খং উঠিল। সৰু সৰু মানুহবোৰে কিবা অপৰাধ কৰিলেই ’প্ৰশাসন যন্ত্ৰ’ যে শক্তিশালী সেইটো দেখুৱাব খোজে, আনহাতে দেশখনত কিমান কি হৈ থকা নাই। মূল্যবান সম্পত্তি চুৰ কৰিছে, কোটি কোতি টকাৰ কেলেংকাৰী ধৰা পৰিব লাগিছে। মেধাবীসকলক বঞ্চিত কৰি টকাৰ বিনিময়ত অযোগ্য শিক্ষকক নিযুক্তি দিব লাগিছে। কিন্তু অপৰাধীৰ শাস্তি ক’তা। তেতিয়া প্ৰশাসন যন্ত্ৰইথ কিয় অন্ধৰ ভাও লয় ?
     অৱশ্যে কাকতিৰ অপৰাধী বিচাৰি উলিওৱাত বাধা নাই। কিন্তু আজি এছ পিয়ে দিয়া কঠোৰ নিৰ্দেশতহে কাকতিৰ মনত কেইবাটাও ‘কিয়’ উদয় হৈছে। এছ পি য়ে তেওঁক কৈছিল – অপুনি ঘটনাটো সাধাৰণ ভাৱে লৈছে যেন লাগিছে। সেই দৰিদ্ৰ, অশিক্ষিত মানুহবোৰক দেখি আপোনাৰ সহানুভূতি জগাটো সাধাৰণ কথা। কিন্তু অপৰাধী তেওঁলোকৰ মাজৰে নহ’লে হ’ব কোন? দুই-তিনি দিনৰ ভিতৰত দোষী উলিয়াব নোৱাৰিলে আপোনাৰ লাজ, মোৰ লাজ। ওপৰৰ পৰা ইফালে সদায়ে ফোনৰ উপৰি ফোন।
: ছাৰ, কি ভাবিছে? – বিমলৰ মাতত কাকতিৰ সম্বিৎ ঘূৰি আহিল। 
: দোষীক আমি দুই-এদিন্ৰ ভিতৰত ধৰিব লাগিব। নহ’লে সদায় এনেকৈ মাকো মাৰি থাকিব নোৱাৰি বুজিছ।
     কথাখিনি কৈ কাকতিয়ে আমগছজোপাৰ ফেৰঙা ডালটোলৈ একেথৰে চালে। এই ডালটোতেই বিশ-পঁচিশদিন পূৰ্বে শাসনত থকা চৰকাৰখনে এখন বেনাৰ মাৰিছিল চতুৰ্থ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষ্যে। তাত আছিল বিগত চাৰি বছৰৰ সম্পূৰ্ণ হোৱাৰ খতিয়ান। কিন্তু আচৰিত, দুদিনৰ পাছত সেইখন অন্তৰ্ধান হৈ থাকিল। কোনে বা প্ৰথমতে কথাটো গম পালে, গৈ গৈ কথাটো মুখ্যমন্ত্ৰীৰ কাণ পৰ্যন্ত পালেগৈ। কেউফালে হৈ চৈ লাগিল। এই সমষ্টিৰ বিধায়কক মুখ্যমন্ত্ৰীয়ে ক’লে—কি হে তোমাৰ সমষ্টি? আমাক ইমান অপমান কৰিব পাৰে। তাৰ পাছত তেওঁ এছ পিক নিৰ্দেশ দিছে সোনকালে দোষীক আটক কৰিবলৈ। 
     ঘটনাটো ইতিমধ্যে বাতৰি কাকততো প্ৰকাশ হৈছে। প্ৰথম পৃষ্ঠাতে ছপা হৈছে : চৰকাৰৰ বেনাৰখন অন্তৰ্ধান। নিৰক্ষৰ চুবুৰিত ৰাজনীতিৰ খেল। 
     আচলতে ঘটনাটো ইমানখিনি গৈ নাপালেহেঁতেন। গাঁৱে-ভূয়ে থকা সৰু সৰু ‘নেতা’বোৰৰ বাবেহ এনে হ’বলৈ পালে। সিহঁতেহে হুলস্থূল লগাই দিছে এই ঘটনাত বিৰোধী দলৰ হাত আছে বুলি। ওপৰমহলেও তাক সন্দেহ কৰিছে। ইফালে সন্মুখত ইলেকচন আহিব লাগিছে। 
: আমি ইয়াত ৰৈ থাকি একো লাভ নাই। বাকী থকা ঘৰ কেইটা ঘৰ কেইটা সোনকালে চাই লওঁ ব’ল । — কাকতিয়ে এটা হুমুনিয়া কাঢ়ি চিপাহীকেইজনলৈ চাই ক’লে।
     কাকতিৰ দলটো লক্ষীমাষ্টৰৰ চোতাল পালেহি। মাষ্টৰৰ সিওতে কাকতিৰ ইতিমধ্যে ভাল চিনাকি গঢ়ি উঠিছে। মাষ্টৰৰ সৈতে কাকতিৰ ইতিমধ্যে ভাল চিনাকি গঢ়ি উঠিছে। মাষ্টৰে তেওঁক চকীখন আগবঢ়াই দিলে। 
: নিয়মটো কৰোঁ আৰু। আমাৰ এইবোৰেই কাম বুজিছে ডেকা। জীৱনৰ কোনো চাৰ্ম নাই। — নাৰায়ণ কাকতিয়ে লক্ষী মাষ্টৰৰ ফালে চাই ক’লে। 
     বিমলহঁত ঘৰৰ ভিতৰলৈ সোমাই গ’ল। কাকতি বাহিৰতে ৰ’ল। এইখন চোতালতে পৰহি মিটিং আকাৰে মানুহবোৰক বুজাই দিয়া হৈছিল। লক্ষীমাষ্টৰে এই ক্ষেত্ৰত বহুত সহায় কৰিছিল। পুলিছে সফা পাতি ক’ৰবাত অপৰাধী ধৰা কাকতিয়ে কেতিয়াও শুনা নাছিল। তথাপি তেওঁ মানুহবোৰক বুজাব খুজিছিল। 
     লক্ষীমাষ্টৰেও মানুহবোৰক মাতি আনিছিল। গামোচা পিন্ধি উদং গাৰে কিছুমান আহিছিল, বুকুত মেঠনি মাৰি তিৰোতা কিছুমান আহিছিল। আনকি গোটেই গাতে ফোঁহোৰাভৰ্তি নাঙঠ-পিঙঠ ল’ৰা-ছোৱালীও লক্ষী মাষ্টৰৰ বাৰাণ্ডাত ভিৰ কৰিছিল। সকলোৰে চকুত কাকতিয়ে দেখিছিল  এক ভয়াৰ্ত দৃষ্টি।
     কাকতিয়ে কৈছিল – আপোনালোকক ইয়ালৈ কিয় মাতি অনা হৈছে আপোনালোকে নিশ্চয় গম পাইছে। আজি এসপ্তাহ ধৰি মইম আপোনালোকৰ ইয়ালৈ আহি থক দেখিছে। ঘৰে ঘৰে অনুসন্ধান কৰি থকা দেখিছে। ইয়াৰ কাৰণ বেনাৰখন। বেনাৰখনত চৰকাৰৰ সাফল্যৰ কথা উল্লেখ আছিল। তাত আপোনালোকৰ দৰে দীন-দুখীয়াসকলক কৰা সাহয্যৰ কথা উল্লেখ আছিল । কিন্তু আচৰিত কথা আম গজজোপাৰ পৰা আপোনালোকে সেইখন নোহোৱা কৰিলে। চাওক, আপোনালোক সৰু মানুহ সৰু হৈয়ে থাকক। কাৰোবাৰ কু-চক্ৰান্তৰ বলি হৈ এনে অপৰাধ কৰিলে কঠোৰ শাস্তি বিহা হ’ব। এতিয়ও সময় আছে, স্বীকাৰ কৰক কোনে এই কাম কৰিছে।
     মানুহবোৰে একো মাত মতা নাছিল। পুলিছৰ আগত সিহঁতে মাত মাতিবলৈ সাহ কৰা নাছিল।
     নাৰায়ণ কাকতিৰ অনুৰোধত লক্ষীমাষ্টৰেও কৈছিল—আপোনালোকৰ সৈতে মোৰ তেজৰ সম্বন্ধ আছে। এই পুলিছ চাহাবে কি ক’লে নিশ্চয় শুনিলে। আমি হাজিৰা কৰি খোৱা মানুহ, ওৰেটো জীৱন হাজিৰা কৰিবইচ লাগিব। যি দলেই চৰকাৰ গঠন নকৰক, যি দলৰেই পতন নঘটক, আমাৰ দুখ কোনেও মোচন কৰিব নোৱাৰে। কিমান লাজৰ কথা, আমাৰ গাওঁখনৰ নাম পেপাৰত উঠিছে, গোটেই দেশাৰ ৰাইজে চোৰৰ গাওঁ বুলি জানিছে। গতিকে স্বীকাৰ কৰক। 
     নাই, সভাই কাম নিদিলে। কাকতিয়ে ভাবিছিল সৰল মুখৰ মানুহবোৰে স্বীকাৰ কৰিবই, নেকি। সিদিনা তেওঁ এবাৰ মাত্ৰ ভাবিছিল—দেখাত মূৰ্খ আৰু সৰল মানুহবোৰ ভিতৰি কমপ্লেক্স নেকি ? 
বিমলহঁত ওলাই আহিল। নাৰয়ণ কাকতিয়ে উটঃই ক’লে—আহিছোঁ, শাস্তি দিছো মিছাতে আপোনাক।
: নাই, নাই, আপোনালোকৰ কৰ্তব্য কৰিছে আৰু। 
     কাকতিহঁতৰ লগতে বাটৰ মূৰলৈ লক্ষীমাষ্টৰো আহিল। 
     এইখিনিতে একেলেথাৰিয়ে তিনিঘৰ মানুহ আছে। বিমলহঁত প্ৰথমতে মূৰৰ ঘৰটোলৈ গ’ল।
     ঘৰ দুটা। সৰু সৰু। চপৰ চাপৰ। এটা ঘৰ নৰাৰে ছোৱা। দুয়োটা ঘৰ কাঁহিবনেৰে বেৰ দিয়া বাৰিষা যে দুয়োটা ঘৰতে পানী পৰিব সেইটো সহজে অনুমেয়।
     নাৰায়ণ কাকতিয় অগেয়ে এইটো ঘৰলৈ অহা নাছিল। বিমলহঁতেই আহি গুচি গৈছিল। কাকতিয়ে লক্ষ্য কৰিছিল প্ৰথম তালাচি চলোৱাৰ দিনাখন প্ৰত্যেকেই যেন লাজ আৰু ভয় অনুভৱ কৰিছিল। কিছুমানে বেকেটা হাঁহিৰে কৈচিল—ছাৰ, আমাৰ কাপোৰ-কানি এয়াই আৰু। তাতে সৰু ল’ৰাটো‍ই তাৰ ওপৰতেই হগা-মূতা কৰে। আপোনালোক চৰকাৰী মানুহবোৰে চাগৈ এনেকুৱা কাপোৰ দেখাই নাই। 
     কাকতিৰ মনটো মৰি গৈছিল। মুনিহ-তিৰোতা আৰু ল’ৰা-ছোৱালীয়্ৰে পাঁচোটা  মানুহ একেখন বিছনাতে শোৱে। কাপোৰ মাত্ৰ দুখন কেঁথা। নাৰায়ণ কাকতি চোতালত থিয় হৈ থাকোঁতেই হঠাতে তেওঁক অবাক কৰি মহিলা এগৰাকী ভৰিতে পৰিলহি। তাই কন্দিবলৈ ধৰিলে।
: চাওঁ, চাওঁ কি হৈছে। কিয় কান্দিছে ?
     মহিলাগৰাকী থিয় হ’ল। তাৰ পাছত ক’বলৈ ধৰিলে – ছাৰ মোক শাস্তি নিদিব ছাৰ। এই কণমানি ল’ৰাটোৰ কথা ভাবক ছাৰ নহ’লে ইয়াক কোনে পোহপাল দিব? অন্ততঃ কাম কাম কৰিব পৰা হ’লেও বেলেগ কথা আছিল।
: কি হৈছে নকয় কিয়? – কাকতিয়ে অলপ উমান পালে।
: ছাৰে ময়ে আনিছিলোঁ সেই কাপোৰখন। কিন্তু ইমান যে হৈ চৈ হ’ব মইত ভবাই নাছিলোঁ ছাৰ – মহিলা গৰাকীৰ ভয়াৰ্ত কান্দোন তেতিয়াও শেষ হোৱা নাই।
: ইমান দিনে কিয় মনে মনে আছিল ?—কাকতিয়ে প্ৰশ্ন কৰিলে। 
: ছাৰ পৰহি দিনাখন মইম ঘৰত নাছিলোঁ । তাৰ আগেও আপোনালোকৰ মানুহ আহিছিল কিন্তু …
: ক’ত লুকুৱাই ৰাখিছিল ইমান দিনে ? কিয় চুৰি কৰিছিল আপুনি ?
: ছাৰ ইয়াৰ দেউতাকে গছ কাটি ফুৰিছিল। কিন্তু যোৱা কাতিতে গছৰ পৰা পৰি সিফলীয়া হ’ল। তাৰ পাছত ময়ে হাজিৰা কৰি ফুৰোঁ, ভূঁই ৰো‍ওঁ, ধান জাৰোঁ, আহু নিকাওঁ..। কিন্তু হাজিৰাৰ পইৰচাৰে খাবলৈয়ে নোজোৰে। বিধবা পেঞ্চনৰ কাৰণে কিমান দিন গ’লো। একো নাপালোঁ। .. ছাৰ !
: কওঅক কিয় চুৰ কৰিলে ?
: ছাৰ মোৰ পেটিকোটটো সেই বিয়াত দিয়াই। বাতি বাতি কিমান দিন পিন্ধিম ইফালে পিন্ধিবওপ নোৱাৰোঁ। ছাৰ মইস সেই কাপোৰখনেৰে পেটিকোট সি লৈছোঁ। সেইটো ছাৰ, মেলি দিয়াটোৱেই। কিন্তু ছাৰ, মোক শাস্তি নিদিব। .. ছাৰ, পিন্ধি থকা কাৰণে আপোনালোকে বিচাৰি পোৱা নাছিল।
     কাকতিৰ কি কওঁ কি নকওঁ লাগিল। বুকুখনৰ ক’ৰবাত তেওঁ প্ৰচণ্ড বিষ অনুভৱ কৰিলে। যি হওক বেনাৰখান এছ পিৰ অফিচত জমা দিবই। লাগিব তেওঁৰ নিৰ্দেশত বিমলহঁতে পেটিকোটৰ সিয়নি কাটিলে। পানীত তোৱা মাৰ্কিন কাপোৰখনত অস্পষ্টকৈ কাকতিয়ে দেখা পালে সাম্যবাদ চৰকাৰৰ বৃহৎ সাফল্য। দেশত দাৰিদ্ৰ দূঈকৰণ, নিৰক্ষৰতা দূৰীকৰণ সকলোতে অভূতপূৰ্ব সাফল্য। তদুপৰি বিধবা পেঞ্চন, বৃদ্ধ পেঞ্চন…। তাৰ পাছত আৰু তেওঁৰ মাতি থাকিবলৈ ইচ্ছা নগ’ল।
     অসহায় হৈ কান্দি থকা মহিলাগৰাকীৰ ওচৰলৈ গৈ তেওঁ ক’লে – শুনিছে, আপুনি ভয় কৰিব নালাগে। আমি আপোনাক এৰেষ্ট নকৰো নহয়। শুনক, এয়া লওঁক পাঁচশ টকা। পেটিকোট কিনি ল’ব।
     নোটখনত থকা মহাত্মা গান্ধীৰ ছবি অৰু স্বধীনতাৰ বিপ্লৱৰ ছবিটিত চকু দিবলৈ নাৰয়ণ কাকতিৰ সত নগ’ল। খণ্ডিত বেনাৰখন লৈ তেওঁলোক জীপত বহিলহি। 


ৰচনা কাল : ২০০৫;  ১৬-৩১ ডিচেম্বৰ, ২০০৭ সংখ্যা ‘প্ৰান্তিক’ত  গল্পটো ‘নিলাজ’ শিৰোনামাৰে প্ৰকাশ হৈছিল ।