অৰ্পিতাৰ এৰাতি : দেৱব্ৰত দাস

খিড়িকী কাষৰ এজনীয়া ছিট দুটা জোৰা দি পতা বিছনাখনৰ একোণত বহি থুঁতৰিত হাত, চকু বাহিৰত, চকুত উদাসীনতা, বিষন্নতাও বুলি পাৰি নেকি – ইপিনে ডবাটোৰ ভিতৰত কোনে কি কৰি আছে তাৰ পিনে ছোৱালীজনীৰ অকণো কৌতূহল নাই । শাৰীৰ অদৰকাৰী আঁচলখন কান্ধৰ ওপৰেৰে টানি নি শৰীৰৰ উৰ্দ্ধাংশ কৃপণতাৰে ঢাকি লৈ – আনকি ভৰিৰ পতাখনো শাৰীৰ পাতলিৰ সম্পূৰ্ণ এন্ধাৰত- এটা অলস ঔদাৰ্য তাইৰ সম্পূৰ্ণ অৱয়বত অৱস্থিত – এটা সমৰ্পণৰ ভাব । ডাবাটোৰ ভিতৰত থিতাপি লৈ উঠাৰ পাছত প্ৰথমবাৰৰ বাবে প্ৰথমবাৰৰ বাবে তাই মন দি চাওঁতেই তাইৰ মুখভংগীত ফুটি উঠা চৰম সমৰ্পণৰ ভাবটোৱে মোক আকৃষ্ট কৰে । ম‍ই মনে মনে ঠিক কৰোঁ, কেতিয়াবা এই ছোৱালীজনীক লৈ গল্প লিখিলে তাইৰ নাম থম – অৰ্পিতা । অৰ্পিতা কি ? গাংগুলী নে আচাৰ্য, ৰায় নে মজুমদাৰ ? কাৰণ ইতিমধ্যে তাইৰ দেউতাকৰ মুখত বঙালী মিহলোৱা হিন্দী (ভাত আনি দিয়া খানচামাটোৰ সৈতে ভাতৰ লগত দিয়া মাছৰ স্বাস্থ্য সম্পৰ্কীয়া উত্তপ্ত বিতৰ্কৰপৰা ) শুনি ম‍ই নিশ্চিত যে ছোৱালীজনী মানে অৰ্পিতা, শাৰী পৰিহিতা ছদ্মবেশী অসমীয়া নহয়, তাই সঁচাই বঙালী । অসমীয়াই হওক বা বঙালীয়েই হওক, তাই মূলতঃ এজনী ছোৱালী, মোটামুটিকৈ ধুনীয়া এজনী ছোৱালী আৰু তাই বৰ্তমান অন্য এক পৃথিৱীত বিচৰণৰতা, পাৰিপাৰ্শ্বিকৰ প্ৰতি সম্পূৰ্ণ অন্যমনস্ক, চুপচাপ খিড়িকীৰে বাহিৰৰ এন্ধাৰত এনে এক বিন্দুত মনোনিৱেশ কৰাত ব্যস্ত তাই, যাক অতি সহজে ইনফিনিটি নাম দিব পাৰি । তাইৰ এই অন্যমনস্ক সৌন্দৰ্যই চুম্বকৰ দৰে মোৰ মনৰ কৌতূহলী অংশটোক টানি নিলে । ম‍ই চাৰমিনাৰ হুপি হুপি তাইৰ পিনে একেথৰে চাই ৰ’লো, মোৰ বাবে নিৰ্দিষ্ট থ্ৰিটায়াৰৰ মাজৰ বিছনাখনত । এনেতে কিৰণে বাথৰুমৰপৰা উভতি আহি মোৰ মনোনিবেশ ভাঙিলে – “কি ঔ, ত‍ই এতিয়াই লাং খালিচোন ? ইমান সোনকালে শোৱনে ?”

এই গল্পটো আচলতে মোৰ আৰু অৰ্পিতাৰ গল্প । ম‍ই নায়ক অৰ্পিতা নায়িকা । আমাৰ বাহিৰে আন কাৰো কথা এই গল্পত থকা অনুচিত । অথচ দিগদাৰী এইখিনিতে যে ঘটনা বৰ্ণাবলৈ অৱশ্যম্ভাৱী ভাবে কেইটামান অদৰকাৰী চৰিত্ৰ আহি পৰে, যাৰ উপস্থিত গল্পটোত হয়তো তিমান দৰকাৰী নহয়, অথচ ইঁহতৰ কথা নক’লেও ঘটনাটো পোনপটীয়াকৈ বৰ্ণাব নোৱাৰি । এনেকুৱা অদৰকাৰী – অনাহূত চৰিত্ৰবোৰৰ ভিতৰত এটা হ’ল কিৰণ দেৱনাথ, মোৰ বন্ধু,  এক অফিছতে কাম কৰোঁ আৰু অফিছৰ কামতেই আমি এয়া ট্ৰেইনত উঠি আন এখন চহৰলৈ গৈ আছোঁ । হঠাতে যাবলগীয়া হ’ল—ইপিনে ৰিজাৰ্ভেচন নাই—গতিকেই দৰকাৰ পৰিল  দুই নম্বৰ অদৰকাৰী চৰিত্ৰৰ, মানে কৃষ্ণৰ । কৃষ্ণ আমাৰ চুবুৰিৰে । তেনেই ডেকা ল’ৰা । অলপতে এন. এফ. ৰেলৱেত সোমাইছে—টি.টি.ই । ষ্টেচনত তাক দেখা মাত্ৰেই মোৰ উত্‍ফুল্ল মন, হেঁচা-ঠেলাকৈ যাব নেলাগে আজি । কৃষ্ণ আছে যেতিয়া বহিবলৈ হ’লেও ৰিজাৰ্ভেচনত ছিট দুটা অন্ততঃ পাম । ভাগ্যে দেখা গ’ল, সেইদিনা ট্ৰেইনত ভীৰ এনেয়ে সেৰেঙা আৰু কৃষ্ণ‍ই ইপিনে সিপিনে ঘূৰি আমাক থ্ৰিটায়াৰ ডবাটোৰ দুটা ছিট, মানে দুখন বিছনা যোগাৰ কৰি দিলে । এৰাতিৰ বাবে শুবলৈ চাৰে পাঁচটকাকৈ দুটা ছিটৰ এঘাৰ টকা হয় । ম‍ই তাক তিনিখন পাঁচটকীয়া নোট দিলো । সি মোক ভঙনীয়াখিনি ওভতাই দিবলৈ পাহৰিলে । ট্ৰেইন ষ্টেচন এৰাৰ কিছু পাছত ক’লা ইউনিফৰ্ম পিন্ধা আন এজন টিকেট চেকাৰে আমাক ৰিজাৰ্ভেচনৰ স্লিপ এখন লিখি দি গ’লহি । গল্পটোৰ চাৰি নম্বৰ আৰু শেষ অদৰকাৰী চৰিত্ৰ অৰ্পিতাৰ দেউতাকে খানচামাটোৰ সৈতে দীৰ্ঘ তৰ্ক-বিতৰ্কৰ পাছত তেতিয়াও বাহিৰলৈ চাই ৰোৱা জীয়েকক সোনকালে শুবলৈ আৰু আন আন খুচুৰা উপদেশ দি আৰু উত্তৰত হুঁ, হা আদি মনোচিলেবল্‍ শুনি জীয়েকৰ বিছনাৰ পৰৰ বাংকত উঠি অলপ পাছতে নাকেৰে প্ৰমাণ দিলে যে তেওঁ দুৰ্ঘোৰ টোপনিত । কিৰণৰ বাহিৰে আনকেইটা অদৰকাৰী চৰিত্ৰৰ উল্লেখো ইয়াতেই শেষ । 

কিৰণক ক’লো যে অহাকালি যঠেষ্ট কাম কৰিবলগীয়া আছে । চহৰখনত আমাৰ অফিছৰ শাখা অফিছটোৰ সমস্ত ডকুমেন্ট, ফাইল-পত্ৰ চালিব-জাৰিব লাগিব । আজৰি সময় পোৱা যায় নে নাযায় তাৰ ঠিকনা নাই, গতিকে আড্ডা দি আধা ৰাতি শেষ কৰাতকৈ থ্ৰিটায়াৰত জাগা পাইছো যেতিয়া সোনকালে শুই পৰাই বুদ্ধিমানৰ কাম । কিৰণে ভাল ল’ৰাৰ দৰে মোৰ উপদেশ শুনি তলৰ বাংঅকটোত ততালিকে শুই পৰিল । সঁচা কথা ক’বলৈ হ’লে মোৰ তেতিয়ালৈ অকণো টোপনি ধৰা নাছিল । ইচ্ছা কৰা হ’লে, অথবা আন ঠাইত হোৱা হ’লে কিৰণৰ সৈতে ম‍ই আৰামত এঘণ্টা দুঘণ্টা আড্ডা দিলোহেঁতেন । কিন্তু ঠিক সেইটো সময়ত সেইটো পৰিৱেশত এজনী ধুনীয়া ছোৱালীৰ বিষণ্ণ আকৰ্ষণীয়তা একেমনে উপভোগ কৰাৰ লোভত ম‍ই কিৰণৰ লগত আড্ডা মৰাৰ লোভ সামৰিলো ।

কোনো পৰীক্ষাৰ ৰিজাল্ট আউট হোৱা নাই । তেন্তে কেলেই অৰ্পিতা আজি এই নিথৰ ৰাতি ট্ৰেইঅনৰ ঝিকঝিক শব্দৰ মাজত, ডবাত শুই থকা আন আন যাত্ৰীবোৰৰ নিঃশব্দ উপস্থিতি আওকাণ কৰি একেমনে উদাসীন, বিষণ্ণ বদনা ? তাইৰ বেদনা নিতন্ত‍ই ব্যক্তিগত নেকি ? যেনেকৈ, ধৰা যাওক, কোনোবা চতুৰ প্ৰেমিকে হেজাৰ ৰঙীন অঙ্গীকাৰ, নিৰৱচ্ছিন্ন প্ৰেমৰ প্ৰতিজ্ঞা তুচ্ছতাৰে ভাঙি দূৰলৈ আঁতৰি গৈছে তাইৰপৰা, অথবা তাইৰ বিবাহ প্ৰস্তাৱত কিবা বিঘিনি ঘটিছে অলপতে, মাক-দেউতাকৰ সাধৰ কোনোবা পাত্ৰ‍ই তাইক দেখি পছন্দ কৰিও অসম্ভৱ এটা পৰিমাণৰ বৰপণ দাবী কৰি বহি আছে, যাৰ ফলত তাইৰ পতিগৃহগমন সম্পূৰ্ণ অসম্ভৱ । কি ? কি তাইৰ ৰহস্য আচলতে ? ক’ত তাইৰ দুখৰ পেৰাৰ চাবি ? বৰ্তমানৰ প্ৰতি তাইৰ অনাস্থাৰ সূত্ৰ, তাইৰ বহি বহি থকাৰ ভংগীত, তাইৰ প্ৰতি সমস্ত অবিচাৰৰ ফলত ওপজা যি অভিমান, তাৰ উ‍ত্‍স সেই সুগভীৰ দুখৰ কস্তুৰীৰ প্ৰকৃত স্বৰূপ কেনেকুৱা, তাৰ বিভিন্ন অল্টাৰনেটিভে মোৰ মগজ তোলপাৰ লগাই থাকিলেও, কেতিয়া ক’ব নোৱাৰো, মোৰ দুচকু এসময়ত জাপ খাই আহিল টোপনিত । তেতিয়াও অৰ্পিতা আগৰ দৰেই একেথৰে বহি খিড়িকীৰে বাহিৰলৈ চাই আছে । বহুত আগেয়েই ডবাটোৰ লাইটবোৰ নুমাই দিয়া হৈছে । মাজে মাজে নীলা বাল্ববোৰ জ্বলি আছে । ডবাটোত নীলা আলোক । নীলা হেনো বিষাদৰ ৰং – মোৰ এজন চিত্ৰকাৰ বন্ধুৱে কৈছিল এদিন । নীলা ৰং গালে-মুখে সানি লৈ ছোৱালীজনী বহি আছিল অলপ অসাৱধান ভংগীত । সেই দিনালৈ, ৰাতি শোৱাৰ আগলৈ এইটোৱেই মোৰ শেষ স্মৃতি । নীলা ৰং আৰু অৰ্পিতা । বিষাদ আৰু অৰ্পিতা । দুয়ো একেলগে । ম‍ই শুই পৰিলো ।

সেই ৰাতি মোৰ দুবাৰ টোপনি ভাঙিছিল । প্ৰথমবাৰ এটা অদ্ভুত শব্দ শুনি ম‍ই উঠি পৰোঁ । এটা ফোপনিৰ শব্দ । শব্দটো অৰ্পিতা বিছনাৰপৰা । চকু মেলি চাই দেখোঁ, অৰ্পিতাই বেৰাৰ পিনলৈ মুখ কৰি শুই আএ আৰু ফোঁপাই ফোঁপাই উচুপি আছে (নিকট প্ৰিয়জনৰ মৃত্যু ? পৰীক্ষাত অসফলতা ? ঠগ প্ৰেমিকৰ পৃষ্ঠ ভংগ নে বিবাহত বিঘিনি ?) । এজনী অচিনাকী ছোৱালীক ৰাতি সকলোৱে শুই থকা অৱস্থাত সান্ত্বনা দিবলৈ দিবলৈ যোৱাটো কিমান দূৰ যুক্তিসংগত হ’ব, ঠিক কৰিব নোৱাৰি ম‍ই আকৌ টোপনি গ’লো । মনৰ একোণত অৱশ্যে তাইৰ উচুপনি বন্ধ কৰিবলৈ একো কৰিব নোৱাৰাৰ বাবে অস্বস্তি এটা ৰৈ গ’ল ।

দ্বিতীয়বাৰ এনেয়েই টোপনি ভাঙিল । ৰাতি কেইটা বাজিল, চাবলৈ বাঁওহাত ডাঙোতেই অৰ্পিতাৰ বিছনাৰ পিনে চকু গ’ল- সৰ্বনাশ । বিছনা খালী । এই ৰাতিখন ছোৱালীজনী ক’লৈ গ’ল ? বাথৰুমলৈ? এৰা, বাথৰুমলৈ যাব পাৰে । মনৰপৰা উদগ্ৰীৱতা দূৰ হোৱাত কোঠাটোৰ ইপিনে সিপিনে চকু ফুৰালোঁ । অৰ্পিতাৰ দেউতাক টোপনিত লালকাল । কিৰণো । দুই-তিনি মিনিটমান বাট চালোঁ । তাৰ পাছত অৰ্পিতা উভতি নহাত এইবাৰ ম‍ই নিজেই বিছনাৰ নামি পৰিলোঁ । বাথৰুমৰ পিনলৈ খোজ ল’লোঁ ।

দৃশ্যটো দেখিয়েই মোৰ বুকুখন চিৰিংকৈ গ’ল । বাথৰুমৰ ওচৰৰ ডবাটোৰ দুৱাৰখন খোলা । দুৱাৰৰ ৰড এডালত খামুচি ধৰি বিপজ্জনকভাৱে ওলমি আছে অৰ্পিতা । হাতৰ মুঠি নামমাত্ৰ শিথিল কৰিলেই তাই তত্‍ক্ষণাত্‍ জোৰেৰে বাহিৰলৈ, ঘন্টাত কমেও চল্লিশ-পঞ্চাশ মাইল বেগে ধাৱমান ট্ৰেইনখনৰপৰা পৰি যোৱা অৱস্থাত । জীৱন আৰু মৃত্যুৰ মাজত ওলমি থকা অৰ্পিতাৰ শৰীৰটো দেখিয়েই প্ৰথম উপলব্ধিয়ে মোৰ মনত বিজুলীৰ দৰে ছাত্‍ মাৰি ধৰিলে, সেইটো হ’ল—আত্মহত্যা ! ছোৱালীজনীয়ে আত্মহত্যা কৰিব ওলাইছে । অথচ তেতিয়াও মোৰ আৰু তাইৰ মাজত এটা কৰিডৰৰ অনতিক্ৰম ব্যৱধান । ম‍ই লৰি গৈ তাইক বাধা দিম, তাৰ উপায় নাই । তদুপৰি এইমাত্ৰ টোপনিৰপৰা উঠি অহা মোৰ সম্বিতে আকস্মিক এনে এটা বিপদৰ সন্মুখীন হৈ হতভম্ব হৈ গৈছে । ম‍ই তত্‍ক্ষণাত্‍ দৌৰি গৈ তাইম কোঠাৰ ভিতৰলৈ টানি আনিব লাগে, এই দায়িত্বৰ কথা সম্পূৰ্ণ পাহৰি গৈঁছো ম‍ই । এটা কৰুণ মৃত্যুৰ একমাত্ৰ নিৰ্বাক, অসহায় দৰ্শকৰ ভূমিকালৈ পৰ্যবসিত অসহায় মোৰ চকুৰ সন্মুখতে পিছমুহূৰ্ততে কিন্তু এটা ব্যতিক্ৰম ঘটনা ঘটি গ’ল । দুৱাৰৰ ৰডডালত খামুচি ডবাৰ বাহিৰত ওলমি থকাৰপৰা অৰ্পিতা এইবাৰ ভিতৰলৈ সোমাই আহিল, দুয়োহাতেৰে খামুচি ধৰিলে ৰডডাল । মুঠি দুটাৰ ওপৰত মূৰটো লুকুৱাই তাই উচুপিব ধৰিলে । আত্মহত্যাৰ বাবে যিমানখিনি দুঃসাহস দৰকাৰ, তাৰ অভাৱবোধ কৰিয়েই নেকি, তাই এইবাৰ উচুপিবলৈ ধৰিলে । দুৰ্ঘটনাটো নঘটিল । মোৰ উশাহ-নিশাহ আকৌ আৰম্ভ হ’ল ।

ইমানপৰে মূৰ্তিৱত্‍ থিয় হৈ থকা ম‍ই এইবাৰ আগবাঢ়ি গ’লোঁ । তাইৰ কান্ধত হাত থলোঁ । তাই চকুপানীভৰা মুখ তুলি মোৰ পিনে চালে । ম‍ই মোৰ চকুলৈ যিমান পাৰো কৰুণা, দয়া, বাত্‍সল্য আদিৰ ছাপ আনিবলৈ চেষ্টা কৰিলোঁ । অৰ্পিতাই মোৰ পিনে চায়েই মোক দুহাতেৰে সাবটি ধৰি হুকহুকাই কান্দিবলৈ ধৰিলে । মোৰ কান্ধখন এতিয়া তাইৰ শৰীৰৰ আশ্ৰয় । মোৰ হৃদয়খন তাইৰ সমস্ত বেদনাৰ । ম‍ই আশ্ৰয়দাতাৰ ভূমিকাত অভিনয়ৰ বাবে নিজকে উপযুক্ত কৰিবলৈ প্ৰাণপণে চেষ্টা চলাই গ’লোঁ । লাহে লাহে তাইৰ চুলিৰ ওপৰেৰে হাত বুলাই গ’লো । মাজে মাজে তাইৰ কান্ধৰে ওপৰেৰে । তাই তেতিয়াও হুকহুকাই, সমস্ত শৰীৰ আৰু বেদনাৰ ভাৰ এজন দয়ালু অচিনাকীৰ আশ্ৰয়ত এৰি দি, তাইৰ সমস্ত অসফলতাৰ বাবে পশ্চাতাপত ব্যস্ত । ম‍ই তিমানপৰে এক মহতী আত্মালৈ উত্তীৰ্ণ । ম‍ই যেন ধৰাৰ সমগ্ৰ দুখী মানৱতাৰ বেদনা মোৰ বিশাল বুকুৰে শুহি লৈছোঁ । এনেকৈয়ে পৃথিৱীৰ সমস্ত লাঞ্চিত-প্ৰৱঞ্চিতজনে যেন মোৰ নিৰ্ভয় আশ্বাসৰপৰাই মুক্তিৰ সন্ধান বিচাৰি পাইছে—আত্মহত্যাৰ বিকল্প, নতুন জীৱন-ধাৰণৰ বাবে সংগ্ৰামৰ প্ৰস্তুতি । ম‍ই আবেগত জোৰেৰে অৰ্পিতাক সাবটি ধৰিলোঁ । আমাৰ দুয়োৰে মাজত কৈফিয়ত্‍ বা আশ্বাসবাণীৰ বিনিময়ত বিনিময় হোৱা নাই । আমি দুয়ো দুয়োৰে সান্নিধ্যত চুপচাপ । নিশ্চুপ উপস্থিতি মাত্ৰ‍ই যেন আমাৰ দুয়োৰে বাবে যথেষ্ট ।

আমি দুয়ো দুয়োকো আঁকোৱালি লৈ নিৰ্বাক থিয় হৈ ৰ’লো বাথৰুমৰ কাষত কৰিড’ৰত । তাইৰ বাবে এইখিনি যে তাই দুখুনীৰ বাবে নিষ্ঠুৰ জগতত এজন অন্ততঃ সহানুভূতিশীল বাকী আছে আৰু ম‍ই ভণ্ডৰ বাবে এইখিনিয়ে যথেষ্ট যে ম‍ই আন একো কৰিব নোৱাৰিলেও অন্ততঃ এটা দুখী আত্মাৰ স্বস্তি-সংগ্ৰহত সহায় কৰি দিব পাৰিছোঁ । আচৰিত কথা, ইমান এটা ডাঙৰ ঘটনা ঘটি গ’ল, অথচ ডবাৰ আন কোনোৱেই সাৰ নাপালে । অহাকালি কিৰণক যেতিয়া এই অদ্ভুত ঘটনাটোৰ কথা কম, সি অবাক হৈ যাব, আচৰিত হৈ যাব । তাৰ টোপনি নভঙাৰ বাবে আৰু ছোৱালীজনীক ভালকৈ লক্ষ্য নকৰাৰ বাবে আপচোচ কৰিব । তাৰ পাছত লাহে লাহে ঘটনাটো পাহৰি পেলাব ।

ম‍ই মোৰ বিছনাৰ পৰা আকৌ তাইৰ পিনে চালোঁ । ধুমুহাৰ পাছত শান্ত লেণ্ডস্কে’পৰ দৰে নিচিন্তভাৱে তাই শুই পৰিছে এক অদ্ভুত সন্তুষ্টিৰ ভাব মুখত লৈ । মোৰ টোপনি নাহিল কিন্তু । গৰম লাগিছিল । পাঞ্জাবীটো খুলি গাৰুৰ ওচৰত থৈ আকৌ বাগৰ দিলোঁ । পাঞ্জাবীটোত লাগি থকা অৰ্পিতাৰ লিপষ্টিক, পাউডাৰ আৰু ঘামৰ সানমিহলি গন্ধ‍ই মোক আমনি কৰিবলৈ ধৰিলে । অকৌ অৰ্পিতাৰ পিনে চকু গ’ল – এটা শিশুৰ দৰে তাইৰ শায়িত শৰীৰতো একধৰণৰ নিৰ্দোষ সৌন্দৰ্য সনা, বেদনাৰ ছাপৰ নামমাত্ৰও নাই এতিয়া । তাইৰ নিৰ্বিকাৰ আননত গভীৰ প্ৰশান্তি ।

নিচেই ৰাতিপুৱাতে আমাৰ গন্তব্যস্থান পালোগৈ । আমি বিছনা-পত্ৰ লৈ নামি গ’লোঁ । অৰ্পিতা তেতিয়াও নিশ্চিন্তমনে টোপনিত লালকাল । দেউতাকে তাইৰ ভৰিপতানত বহি নিৰ্বিকাৰ-মিক্সাৰ হুপি আছে । ম‍ই আৰু কিৰণ কুলিটোৰ পিছে পিছে গেট অভিমুখে । হঠাতে কি খেয়াল হ’ল, ম‍ই এনেয়ে উভতি চালো আমাৰ ডবাতোৰ পিনে । খিড়ীকিত অৰ্পিতাৰ মুখ । ইতিমধ্যে টোপনিৰপৰা তাই সাৰ পাই উঠি বহিছে । খিড়ীকিৰে ঠিক মোৰ পিনেই চাই আছে তাই । তাইৰ চকুৱে চকুৱে পৰিলো । তাইৰ মুখত এটা অদ্ভুত অভিব্যক্তি । ম‍ই ধৰা পৰি গ’লোঁ । তাইৰ চকুত কি বাৰু সেয়া ? মোৰ বাবে ধন্যবাদ নে ম‍ই মনে মনে পলাই অহা বাবে তাচ্ছিল্য- উপহাস ? তাইৰ দৃষ্টিৰ ভাষাৰ পাঠোদ্ধাৰ ম‍ই কৰিব নোৱাৰিলো । এনেকৈয়ে এইখিনিতে গল্পৰপৰা মোৰ তথা নায়কৰ প্ৰস্থান ।

বৰ্ণিত ঘটনাটোৰ বিশ্বাসযোগ্যতা সম্পৰ্কে অকণমান দিগদাৰী থাকি গ’ল । আন সকলোৱে বিশ্বাস কৰিলেও গল্পটো পঢ়ি উঠি কিৰণে কিন্তু অবিশ্বাসৰ হাঁহি মাৰিব, ক’ব, – “ভাল গাজা মাৰিছ দেই – ম‍ই তোৰ লগতেই থাকিলোঁ- ইমানখন কাণ্ড ঘটি গ’ল- অথচ ম‍ই তাৰ ভূ-কে নাপালোঁ । ঘটনাটো ভাল সাজিছ দেই ।” লগে লগেই ম‍ই কৈ উঠিম –“নহয়—নহয়, এই ঘটনাটো মনে সজা নহয় । ঘটনাটো সঁচাকৈয়ে .. “ মোক শেষ কৰিব নিদি পুনৰ কৈ উঠিব—“ অন্ততঃ মোৰ আগত এনেকুৱা গাজা নামাৰিবি বুইছ । সঁচা হোৱা হ’লে ঘটনাতো ঘটাৰ ঠিক পিছদিনাই ত‍ই কমচেকম মোৰ আগত দোহাৰিলিহেঁতেন দেচোন । ঘটনাটো নিশ্চয় তোৰ মনে সজা ।” –“বুইছ দোস্ত, মানুহৰ জীৱনত কেতিয়াবা কেতিয়াবা এনে একোটা আপুৰুগীয়া ঘটনা ঘটি যায়, যিবোৰৰ আবেদন একমাত্ৰ নিজৰ ওচৰতহে; আনিকি শ্ৰেষ্ঠতম বন্ধুৰ সৈতেও এনে ঘটনাৰ আমেজ ভগাই ল’ব নোৱাৰি । এতেকেই.. “

এসময়ত ছাত্ৰ-জীৱনতে এই পৃথিৱীৰপৰা, এই দেশৰপৰা, দুখ-দাৰিদ্ৰ্য আঁতৰোৱাৰ প্ৰয়াসত যথেষ্ট কিবাকিবি কৰিছিলোঁ—বাগানে বাগানে, কলে-কাৰাখানাই ঘূৰিছিলো । কামৰূপ, লক্ষীমপুৰৰ বানপানী ভাঙি দৰিদ্ৰ খেতিয়ক-শ্ৰমিকৰ মাজলৈ গৈ বিচাৰিছিলো এই দুখৰ উত্‍স ক’ত ? এতিয়া সেইবোৰ ল’ৰা ধেমালী যেন লাগে । এতিয়া ম‍ই চৰকাৰী চাকৰিয়াল । আৰামত মন-মজ্জা-বিবেকি সকলো বিক্ৰী কৰি আৰামত দিনপাত কৰি আছোঁ । তথাপি মাজে মাজে দুখী, আৰ্ত মানৱতাৰ বাবে কিঞ্চিত্‍ কিবা কৰিবলৈ পালে কিজানি আত্মসন্তুষ্টি লভিব পাৰোঁ, সেয়ে উপৰোক্ত ঘটনাটো গঢ়ি চালো- দুখুনী অৰ্পিতাৰ আশ্ৰয়দাতা সান্ত্বনাদাতাৰূপে নিজকে সজাই চালোঁ – কিৰণহঁতে বিশ্বাস কৰকেই বা নকৰক, গল্পত বৰ্ণোৱাৰ দৰে সেই ৰাতি এনে এক ঘটনা ঘটা হ’লে ম‍ই কিজানি অৰ্পিতাক সান্ত্বনা দিবলৈ পাই গভীৰ প্ৰশান্তি লভিলোহেঁতেন । অৱশ্যে মাজৰাতিখন একোথা শুই থকা মানুহৰ অনুপস্থিত-উপস্থিতিত এজনী গাভৰুৰ সতে ঠিক তেনেকুৱা ব্যৱহাৰ কৰাৰ সত্‍সাহসখিনি মোৰ আছে নে নাই. সেয়া সন্দেহৰ কথা । ম‍ই হয়তো আত্মহত্যা কৰিবলৈ ওলোৱা অৰ্পিতাৰ ভুলখিনি, তাইৰ লাজখিনি নীৰৱতাৰে লুকুৱাই ৰাখিবলৈ নগৈ হুলস্থূল লগাই দিলোহেঁতেন আৰু মোৰ হুলস্থূল শুনি আগ-পিছ নুগুনি অৰ্পিতাই হয়তো সঁচাসচিকৈয়ে ট্ৰেইনৰপৰা জাঁপ মাৰি দিলেহেঁতেন ।