বিগ বাজাৰ : মনালিচা শইকীয়া

এনেদৰেই বিষণ্ন দিনবোৰৰ দবা কঢ়িয়াই গৈ থকা ৰে’লগাড়ীখন হঠাতে ৰৈ দিছিলহি৷স্মৃতিৰ সাজেৰে পুৰঠ দেখাইছিল দিনবোৰক৷এদিন এটা দবাৰ পৰা নামি আহিল এখন শুকুৰবৰীয়া বজাৰ৷দীঘলীয়া গতিপথত এটাত ক্ষন্তেক ৰৈ সিহঁতে চাই পঠিয়ায় শুকুৰবৰীয়া ছাইৰঙী সন্ধিয়াটোলৈ৷বিস্ফোৰিত পোহৰৰ ৰেখাৰ দৰে জিলিকি উঠিছে শিলগুটিয়া এটা বাট,বিশাল শাখা-প্ৰশাখাৰে স্থিতি মজবুত কৰা এজোপা প্ৰকাণ্ড আঁহত,সেই আঁহতৰ শিপাত নলীয়া কটাৰীৰে ঘপিয়াই থকা সৌটো বুধুৱা…৷বজাৰলৈ আহ-যাহ কৰি থকা মানুহবোৰৰ চিনেমাৰ ফ্লেশ্ববেকৰ দৰে শ্লথ গতি৷ভাগ্যে,গছে কথা ক’ব নোৱাৰে৷নহ’লে বুধুৱাৰ নলীয়া কটাৰীৰ ঘাপত গছেও কেঁকাই উঠিলহেঁতেন!শুকুৰবাৰৰ গধূলি মানেই উলাহ৷ঝুনঝুন পায়েল,ঝিনঝিন কাঁচৰ খাৰু,মুড়িৰ লাৰু,শুকান বুট ভজা আৰু বতাহ কঁপি যোৱাকৈ খিলখিল হাঁহিৰ বন্যা৷
এক আদিম মতলীয়া গোন্ধে আহিব লগীয়া নিশাটোক বন্য কৰাৰ প্ৰয়াস কৰে৷ঘৰ্মাক্ত শৰীৰ,ধঁপাত,বিড়ি আৰু সুগন্ধি পাউডাৰৰ মিশ্ৰিত গোন্ধ!বুধুৱাৰ মাকৰ তপত কেৰাহীত শুকান বুট ভজা৷মৰলীয়া গছৰ এটোপালকৈ বান্ধি দিয়ে৷দাম দহ পইচা৷
বুধুৱাই কেৰাচিনৰ চাকিটো দাঙি ধৰিছে৷বহি থকা বস্তাখনৰ মুখখন মেলি খুচুৰা পইচা ভৰাইছে মাকে৷
কট্‌ৰ কট্‌ৰ…৷
শুকান বুট চোবাই গুচি যায় লয়লাস নিপুণ ভাস্কৰ্যবোৰ৷
ক’লী মেমৰ কাহিনীত সিহঁত অভ্যস্ত৷
সিহঁতে জানে,ক’লা চামৰাৰ তলেৰে প্ৰবাহিত সিহঁতৰ উত্তপ্ত তেজেৰে বগা চাহাবহঁতৰ ক্ষুধাৰ পিয়লা ভৰে৷কোনে জানে,চাহাবৰ দৃষ্টিয়ে কেতিয়া যাঠী এপাটৰ দৰে কাক শানি ধৰিব৷
চাহাবৰ গাড়ীৰ মাত শুনিলেন বুকুত যেন মাদলহে বাজে৷
বজাৰখনৰ গাতে লাগি থকা বাঁহৰ চকুৱাখনৰ শিপাৰে ট-টকৈ জিলিকি ৰয় তাইৰ দুচকু৷ঠিক ৰাতিৰ তৰাৰ দৰে৷
এমুঠন কলিজা৷নতুনকৈ বাঢ়িবলৈ ধৰা কবিপুলিবোৰৰ দৰে তায়ো বাঢ়িছে৷সিপাৰৰ ব্যস্ত পৃথিৱীখনক চুব নোৱাৰি ছট্‌ফটাই থাকে তাইৰ কণমানি আত্মা৷বাবু লাইনৰ পৰা গৈ লেবাৰ লাইনত ভৰি থ’বগৈ নোৱাৰে৷মগজুত তাইৰ বিভেদৰ পাঠ!
এৰা,সেইকণ বয়সত শ্ৰমিক কন্যা হ’ব নোৱৰাৰ যাতনাৰে দুখী আছিল তাই৷ভাল নালাগে ‘বাবু লাইন’ৰ পকীঘৰৰ বেৰা৷সুশোভিত ফুলনি,বন্দী জীৱন৷চকুৱাখৰ সিপাৰৰ মুকলি পৃথিৱীখনলৈ তধা লাগি চাই থাকে,ভেলেঙীৰ দৰে৷ভেলেঙীয়েইতো তাই৷চালে চায়েই থাকে৷মিশ্ৰিত কোলাহল,খাৰু মণিৰ ঝনঝননি,বান্দৰৰ নাচ,ডম্বৰুৰ আৱাজ!
দুগ দুগ দুগ…
নাচ কদমী নাচ…
ৰাইজক চালাম দে৷
থিয় হৈ দে৷
হাত তালি…হাত তালি৷ৰাইজ হাত তালি দিয়ক৷
গিৰ্জনি মৰা হাঁহি৷কোনোবাই এটা ওলকবি দলিয়াই দিছে৷এখন ‘কুকিজ’ বিস্কুট৷দোকানীৰ সৈতে ছোৱালীহঁতে মুখ চুপতি মাৰিছে৷
“মাগ’ এত্‌না দাম৷হাম্‌ৰা বস্তু নাই কিনব হ’…৷টুকুন্‌টা কম কৰ্ দে৷তবে হ’লে কিনে পাৰব৷”
তেলত ভজা ফুলৰি৷খুৰ্মা,জিলাপীৰ গোন্ধ৷
পৰা হ’লে!দুহাত ভৰাই একোছা ৰঙীন খাৰু পিন্ধিবলৈ পোৱা হ’লে৷মৰলীয়া পাতত বন্ধা শুকান বুট দুটামান কটৰ কটৰকৈ চোবাবলৈ পোৱা হ’লে!কঁপি থকা চাকৰি পোহৰত মুখবোৰ যেন একো একোখন ছবিহে!
পাছত,তাই ক’ৰবাত এটা টোকাৰী গীত শুনিছিল৷বোধহয় কোনোবা মন্দিৰৰ প্ৰাংগণত৷নতুবা অৱনী দাইটিৰ মুখত৷
‘কেলৈ আহিলোঁ ময়াৰ বজাৰলৈ৷
জাৰত গধূলি হ’ল
তেল নাই,শলা নাই,বন্তি জ্বলা নাই
অধমৰ গতি হ’ল…৷’
জীৱনৰ অৰ্থহীনতাক চিঞৰি চিঞৰি জনাব খোজা প্ৰাণকাতৰ সেই সুৰ ক’ৰবাত যেন বাজি থাকিল৷তাই কল্পনাত সাজি উলিয়াইছিল এখন মায়াৰ বজাৰ৷দীঘল বগা চোলা আৰু মেলা চুলিৰে মায়াই গধূলিৰ বজাৰত সোমাইছে…৷সকলো মায়াৱী হৈ উঠিছে৷অসহায় বাটৰুৱাই বাট বিচাৰি ঘুৰ্মুটিয়াই ফুৰিছে৷ঠিক পৰীৰ সাধুবোৰৰ দৰে এখন মায়াৰ বজাৰ!
ক’ত আছে সেই বজাৰ!কোন সেই বাটৰুৱা?মায়াৰ বজাৰত ভৰি দি যি বাট হেৰুৱাই পেলালে!তাইতো দেখিছিল ৰঙাগড়া বাগিছাখনহে৷দেখিছিল এজাক মানুহৰ উন্মাদনা!
নিজৰ মাজতে স্ফূ্ৰ্তি কৰে৷চিঞৰ-বাখৰ কৰে৷গীত গায়৷কান্দে৷
বহু বছৰৰ পাছত অৰ্থনীতিৰ ছাত্ৰী হৈ থাকোঁতে বজাৰৰ সংজ্ঞা পঢ়িছিল তাই৷এখন বিশাল বজাৰৰ কথা৷মূল্যৰ বিনিময়ত সামগ্ৰীৰ বিনিময় হোৱা বজাৰখনৰ সৈতে কি এক তফাৎ আছিল সেই শুকুৰবৰীয়া বজাৰখনৰ!
কলেজত ক্লাছৰ পাছত তাই তাক কৈছিল শৈশৱৰ সেই শুকুৰবৰীয়া বজাৰখনৰ কথা৷চকুৱাৰ এই পাৰে চাই থকা তাইৰ নিজৰ কথা৷সি তাৰ ক্ষীণ-মীন শৰীৰটো জাৰি-জোকাৰি এটা গতলৈ আনি লয়৷তাৰ পাছত তাৰ স্বভাৱসুলভ ভংগীমাৰে কৈ যায়, ‘তুমি কোৱাচোন,কি কি বিনিময় হৈছিল সেইখন বজাৰত?কেৱল মূল্যৰ বিনিময়ত বস্তু?নহয়,তাত আৰু বহু কিবাকিবি বিনিময় হৈছিল৷বিনিময় হৈছিল হাঁহি৷ভালপোৱা৷তুমি হয়তো নেদেখিলো৷তাত দুচকুৰ সলাজ চাৱনিৰে সৈতে বিনিময় হৈছিল প্ৰেম৷হৃদয়ৰ বাৰ্তা…৷’
‘বা: !বা !দোস্তি৷অৰ্থনীতি এৰি একেবাৰে ইংৰাজী সাহিত্যত ধৰিলা যে!’ সিহঁতে গিৰ্জনি পাৰি হাঁহিছিল৷সিওঁ হাঁহিছিল,ওঁঠ দুখন সামান্য বেঁকা কৰি৷তাৰ পাছত ছিগাৰেটৰ ধোঁৱাবোৰ কুণ্ডলী পকাই বাজ কৰিছিল৷তাইলৈ চাই কৈছিল, ‘সেই যে তোমাৰ অৱনী খুড়াই গাইছিল ‘মায়াৰ বজাৰলৈ কেলৈ আহিলে’ বুলি…৷সেই মায়াৰ বজাৰত ইতিমধ্যেতুমিভৰি থৈছা সোণপাহি…৷’
আ:!কি যে একন আৱেগত কেতিয়াবা কিবাকিবি এসোপামান তাই গাই পায় আৰু সি নাম দিয়ে তাইক ‘সোণপাহি’ ‘ফুলপাহি’…৷বিভিন্ন ভংগীমাত,য’তে-ত’তে তাইক এই নামবোৰেৰে মাতি দিয়ে সি৷
আৰু সঁচাকৈয়ে তাই এক শ্লথ গতিৰে সোমাই পৰিল এখন মায়াৰ বজাৰত৷চৌপাশে প্ৰহেলিকা৷চমকনি৷দলে দলে আহিব ধৰিছে স্বপ্নৰ সদাগৰ৷প্ৰত্যেকেই মেলি ধৰিছে নিজ নিজ বেহা৷এজনে চিঞৰিছে, ‘ আহা,তোমাক উৰিবলৈ শিকাম৷তোমাৰ দুখন পাখি গজিব৷পৰীৰ দৰে মহাকাশত উৰি ফুৰিবা৷মৰ্ত্যৰ মানুহক দিবাহি স্বৰ্গৰ বতৰা৷আঁহা…৷আমি তোমালোকৰ বাবেই আহিছোঁ৷ এই বেহা লৈ আহিছোঁ৷’
দৌৰি গৈছে ৰাণী,চম্পাহঁত৷খামুচি ধৰিছে সদাগৰৰ হাত৷সিহঁতৰ মুখত হিন্দী চিনেমাৰ গীতৰ কলি৷
‘অ’ মেৰী স্বপনো কি সদাগৰ,মুঝে এইচি জাগা লে যাওঁ…৷’
সদাগৰৰ পৰামৰ্শ মতে গঢ়ি পেলাইছে ক্ষীণাংগী কৰি নিজক৷দুভৰিত খাপ খাই পৰিছে ওখ হিল৷হাঁহিবলৈ শিকিছে৷মেক্‌অ’ভাৰ শিকিছে৷পৃথিৱীখন চাবলৈ শিকিছে…৷Fly high Airlines-ৰ দুখন পাখিৰে সাগৰ,মহাসাগৰৰ ওপৰেৰে উৰি উৰি মজা লৈছে ডাৱৰৰ৷ওপৰৰ পৰা ক্ষুদ্ৰ হৈ পৰা সিহঁতৰ সৰু চহৰখনতকৈ পৃথিৱীখন বহু ডাঙৰ যেন লাগে সিহঁতৰ৷
সদাগৰে কয়, ‘সহজ নহয় পৰী হোৱাটো৷তোমাৰ বৰ জোখ সঠিক হ’ব লাগিব৷আবেদনময়ী হৈ উঠিব লাগিব৷বজাৰত মেদবহুলতাৰ কদৰ নাই৷ওজন কমোৱা৷’
ওজন কমাবা?কিমান কমাবা?দুমাহত দহ কেজি?সঠিক জোখত গঢ়িব বিচাৰা শৰীৰ?আন এক বেহা মেলি অন্য এক সদাগৰৰ আহ্বান, ‘দুমাহত কমি যাব দহ কেজি৷আমাৰ কাষলৈ আঁহা৷মাত্ৰ ত্ৰিশ হাজাৰ টকা খৰচ…৷’
বয়ল খোৱা,এক্সাৰচাইজ কৰা৷ন’ জাংক ফুড…৷ছাইড এফেক্ট নাই৷শ্লিম হোৱাৰ ঔষধ খোৱা৷সহজ নহয়৷শৰীৰ গঢ়া সহজ নহয়৷শৰীৰেই আটাইতকৈ দামী এতিয়া৷মিছ ইণ্ডিয়া নোহোৱা?মিছ ব্ৰহ্মপুত্ৰ!মিছ লুইত…!শৰীৰক সুখী কৰিলেই সুখী হ’ব তোমাৰ আত্মা৷টানি নিব খোজে তাইক সদাগৰহঁতে৷
‘কথা পাতিব বিচাৰিছা?গোটেই ৰাতি মৰুভূমিৰ মাজ,সাগৰৰ বুকুত থাকিও কথা পাতিব বিচৰা যদি আমাৰ কোম্পানীৰ ম’বাইল কানেকশ্যন লোৱা…৷অ’ফাৰ আছে৷চুমা খোৱা,প্ৰেমালাপ কৰা…৷’ এশ কোটি গ্ৰাহকৰ বিশাল বজাৰ৷বিগ বজাৰ৷মেটমৰা ভাৰৰ বোজা লৈ দলে দলে সদাগৰ৷দুৱাৰমুখতে বজাৰ বহিছে৷ফিট হৈ উঠা দেহবল্লবীৰে যেন মেডোনাৰ দৰে চমকি উঠে!ব্ৰিটনি স্পেয়াৰ্ছৰ দৰে চুলিৰ বন্যা…৷
দলে দলে আগুৱাই আহে সদাগৰহঁত৷give and take…৷’
এই শৰীৰ সজাই থ’বৰ বাবে নহয়৷ঘন্টা দৰত তুমি মূল্য পাবা৷যদি পূৰণ কৰিব পাৰা বন্য ক্ষুধা৷তাই দেখে গুচি গৈছে বহুতো৷ক’ৰবাত যেন মেজিক ঘটি যায়৷চমৎকাৰ ঘটি যায়৷বাপুৰাম বৰাৰ ফ’নটো বাজি উঠে কঠীয়াতলী গাঁৱত৷
‘দেউতা,নতুন কাম এটা পাইছোঁ৷’
‘কি কাম মাজনী?’
‘কোম্পানী এটাত৷’
‘কি কাম কৰিব লাগিব তই?’
‘টুৰত থাকিব লাগিব৷গাড়ী ঘৰ দিছে৷পইচাও বহুত৷মোৰ কাৰণে আৰু ভাবিব নালাগে৷’
চমৎকাৰ!তাই শুনা পায় শুকুৰবৰীয়া বজাৰখনৰ বান্দৰ নচোৱা গীতৰ ৰি-মেক!নতুন বাজনাৰ লহৰত বাজি উঠে সেই সুৰ…৷
ডুগ্ ডুগ্ ডুগ্
নাচ কদমী নাচ…
নাচ কদমী নাচ…
কদমীহঁতে নাচি থাকে৷নাচি থাকে৷নাচি নাচি কদমীহঁতে বজাৰত সোমাই পৰে বৃহৎ এই মেলাত৷বেচা-কিনা৷ক্ৰেতা-বিক্ৰেতা৷উথপথপ…৷দৌৰাদৌৰি৷টনা-আজোঁৰা৷নাই কি?
জীৱন গঢ়াৰ সদাগৰ!
উৰিবলৈ শিকোৱা সদাগৰ৷শৰীৰ গঢ়া সদাগৰ!
কেৰিয়াৰ গঢ়া সদাগৰ!গেৰান্টি আছে তেওঁলোকৰ৷নহ’লে পইচা ৱাপস!
তেন্তে দেৰি কিয়?এই দৌৰাদৌৰিত সৌ সিদিনা ৰাজেশ খনিকৰে আত্মহত্যা কৰিলে হালোৱা গৰু দুটা বেচাৰ দুখত৷পুতেকে পইচা বিচাৰি হুলস্থুল কৰিছিল৷তাক এখন বাইক লাগে৷অতিষ্ঠ হৈ বেচি দিলে হালৰ গৰু৷নিজেও ওলমি দিলে গোহালিতে৷তেওঁ নিচিনিছিল বিগ বজাৰ৷ৰাজমাইৰ বজাৰখনেই তেওঁৰ জীৱনত দেখা সৰ্ববৃহৎ বজাৰখন আছিল!
আলাউদ্দিনৰ চাকিয়ে পোহৰাই তুলিছে পৃথিৱী৷য’তে-ত’তে আলাউদ্দিনৰ জিনটো৷ ‘হুকুম কৰক আকা…’
আকাই হুকুম কৰি গৈছে ৷জিনে ভৰাই তুলিছে আকাৰ ঐশ্বৰ্যৰ ভঁৰাল৷তাকে চাই হাঁহি দিলে চকুৱাৰ আঁৰ হৈ পৰা এজনীয়ে৷ভেলেঙীৰ দৰে তাইৰ দুচকু৷ৰ’দৰ ৰং শুহি আকাশে গঢ়ি দিয়া ৰামধেনুৰ বাটেৰে পাৰ হৈ যায় এজাক পৰী৷হাতে হাতে সিহঁতৰো আলাউদ্দিনৰ চাকি৷
‘তোমাৰ ছাল যদি হাইৱে’ কৰিবলৈ বিচাৰিছা,ছানস্ক্ৰীণ সানা৷ওফৰি পৰিব সূৰ্য দেৱতা৷তুমি হৈ উঠিবা ইহঁতৰ দৰে…৷’
পিছে পিছে বিপাশা বসু৷কৰীনা কাপুৰহঁতক দেখি হাঁহি উঠি গ’ল তাইৰ৷
‘এয়া পিন্ধা,এনেকৈ পিন্ধা,এনেকৈ খোৱা….এইবোৰ খোৱা,এইবোৰ খোৱা…৷
বাট দেখুৱাবলৈ মই আছোঁ৷Follow me…৷’
কি আচৰিত!Follow me বুলি আগত থকা লীডাৰগৰাকীৰ পাছত শাৰী পাতি হাজাৰ Follower৷ বিগ বজাৰত তেওঁলোক উথ্‌পথপ লগাইছে৷
চিধা চুলি কাৰ্ল কৰিছে৷কাৰ্ল চুলি চিধা কৰিছে৷
গ’ল্ড ফেচিয়েল,থাই মাচাজ কৰিছে৷
পিজ্জা,বাৰ্গাৰ খাইছে…৷
ডিস্ক’ত নাচিছে…৷ড্ৰিংকছ কৰিছে৷
মায়াৰ বজাৰত সঁচাকৈয়ে গধূলি হ’ল সিহঁতৰ৷তেল,শলা একো নাই৷কি গতি হ’ব এতিয়া তাইৰ…৷ বজাৰতে বাট হেৰাব খোজে…৷মনত পৰে শুকুৰবৰীয়া বজাৰখনলৈ৷কি কৈছিল বাগানৰ সেই বজাৰখনত বিনিময় হৈছিল আৰু বহু কিবাকিবি৷সজল দুচকু,হৃদয়ৰ বাৰ্তা…প্ৰেম সকলো…৷য’ত কোনো মূল্য নিৰূপিত হোৱা নাছিল৷এয়েনে সেই অৱনী খুড়াই গোৱা মায়াৰ বজাৰ!বাট হেৰুৱাৰ ভয়ত কাতৰ হৈ তাই খামুচি ধৰে তাৰ হাত এখন৷সি এপলক চায় তাইলৈ…৷তাৰ পাছত হাঁহি মাৰি কয়, ‘ফুলপাহি,যদি হৃদয় বিচাৰিছা,ব’লা বাহিৰ হওঁ এই বিগ বজাৰৰ পৰা…৷ইতিমধ্যে বহুত দেৰি হ’ল৷বাট বিচাৰি লওঁ আহাঁ…৷’