লাজ : ৰিজু হাজৰিকা

আপুনি কেবাজনীও খুলশালী থকা ঘৰত বিয়া কৰাই পাইছেনে বাৰু? কিন্তু মোৰ এই পোৱাটোৱেই দুৰ্ভাগ্য। হে বিয়া নকৰোৱা মতা মানুহসকল, আপোনালোকে যাতে এই দুৰ্ভাগ্য মাতি নানে। অৱশ্যে সকলোকে মই এই অনুৰোধ কৰা নাই। মোৰ লেখীয়া দুৰ্ভগীয়াবোৰৰ প্ৰতিহে মোৰ এই সাৱধান বাণী।
‌    মোৰ এটা দুৰ্ভাগ্যৰ কথা অকণমান শুনি আমনি পাব নেকি? তৃতীয় ওৰফে শেষৰজনী খুলশালীৰ বিয়া পাতিছিল। ছপোৱা চিঠিও পঠিয়াইছিল আৰু সেই চিঠিৰ তলতে নিজ হাতেও এক কলম লিখি দিছিল “……….তহঁত তিনিদিনমান আগতেই জৰুল আহিবি। তহঁত নাহিলে কিন্তু খুব বেয়া পাম।” শ্ৰীমতীয়ে মোতকৈ চিঠিখন আগতেই পাইছিল। পঢ়ি কিন্তু তেওঁৰো মুখখন অলপ গোমা গোমা দেখা গৈছিল। সেই সময়ত তেওঁৰ গা নৰিয়া আছিল। ন মাহ। বিয়াত তেওঁ যাব নোৱাৰে বুলি নিশ্চিতভাৱে জানিছিল।
    চিঠিখন পাই মোৰো ভাল লগা নাছিল। বিয়াত যাবলৈ নাপাম কিবা কাৰণত, এই দুখত যে মোৰ মন বেয়া লাগিছিল তেনে নহয়। আচলতে বিয়াত যাব লাগিলে টকাৰ অঙ্কটো মই কেনেকৈ মিলাম এই কথা ভাবিহে মোৰো দুখ লাগিছিল। মন খুলি পইচা খৰচ কৰিবলৈ নাপালে মোৰ কেতিয়াবা চৰকাৰখনৰ ওপৰত ৰাগ উঠি যায়। চিনু প্ৰভাৰ ওপৰত অৱশ্যে খং কৰাৰ হেতু নাই। প্ৰায় সময়তে পইচা নহ’লে তেওঁ মনে মনে থাকেই। বেছি দামৰ কাপোৰ এখন কিনি দিব ওলালেও তেওঁ আপত্তিহে কৰে। গতিকে তেওঁৰ ওপৰত মোৰ খং অহৈতুকী। কিন্তু চৰকাৰখন? কত ৰকমৰ কম্পালচৰী কৰি কেৰাণী কেইটাৰ বুকুৰ তেজ টুপিহে খায়। দেহা মাটি কৰি অ’ভাৰ টাইম কৰোঁ, তাকো সিহঁতে ইনকামৰ ভিতৰত সুমুৱাই দিব। আৰু দৰমহা লোৱাৰ সময়ত দেখিব আপোনাৰ কিমান ৰকমৰ যে ডিডাকচন! চৰকাৰখনৰ চকু পৰে বেছিকৈ কেৰাণীকেইটাৰ ওপৰতহে। ঠিকাদাৰ, জমাদাৰসকলৰ ভিতৰুৱা ইনকামবোৰৰ কথা তেওঁলোকে খবৰ নকৰে।
‌    দৰমহা পাইছিলোঁ এশ আশী টকা। পোৱাৰ তুলনাত দিব লগা প্ৰত্যেক মাহতে বেছি হয়। আকৌ তাৰে মাজতে একোটা নভবা নতুন খৰচ আহি পৰে। দৰমহা পোৱাৰ কিছুদিনলৈ প্ৰায় অবাটে খোজ কাঢ়িব লগা হয়। শ্ৰীমতীৰ হতুৱাই গেলামাল, তৰকাৰী, গাখীৰ আদিৰ নিয়মীয়া বাকীবোৰ দিয়াওঁ। কিয়নো প্ৰত্যেক মাহৰে বেলেঞ্চ ৰৈ যাবলগীয়া হয়। তাতে এইবাৰ বিয়া। নগ’লেও নহয়, গ’লেও মৰণ। ইতিমধ্যে টকাৰ অঙ্কটোও কমি আহিছে।
    তথাপি বিয়াত যাবলৈ ওলালোঁ। লগত ডাঙৰজনী ছোৱালীও ওলাল। চিনুপ্ৰভাই ক’লে—“প্ৰেজেনটেচনটো কিন্তু ভালকৈ দিব, লাগে লাগিলে এসাজ লঘোনে থাকিম।” যাবৰ সময়ত সেই কথাষাৰকে সোঁৱৰাই দিয়া কাৰণে মোৰো খংটো টিঙিচকৈ উঠিল। ক’লোঁ—“অকল তোমাৰ ভনীয়েৰাৰ বিয়াৰ প্ৰেজেনটেচনটো ভালকৈ নিলে হ’বনে? আকৌ কত বিয়া নিমন্ত্ৰণ আহিব। তুমিতো দেখিছাই, কিমানখন বিয়াৰ নিমন্ত্ৰণ টকাৰ বাবে ৰক্ষা কৰিব নোৱাৰিলোঁ।” চিনুপ্ৰভাই নামাতিলে। ভাবিলে বোধহয় আৰু মাত দিলে মোৰ যোৱাটোৱে বন্ধ হৈ যাব।
    আচলতে হয়। বিয়াৰ বাবদ আজিকালি আমি বহুত ফৰমেলিটি ৰক্ষা কৰিব লগাত পৰোঁ। দুই এজন পৰম বন্ধুৰ বিয়াতো যাব নোৱাৰোঁ। তাৰে দুই এজনে লগ পালে কেতিয়াবা কয়—“বিয়াত কেলেই নগ’ল? অ’ আপোনাৰ দৰে মানুহনো আমাৰ বিয়ালৈ যাবনে ভাই!” আমাৰ দৰে মানুহ মানে কি কথাৰ ইঙ্গিত দিছে বুজিব হেৰি! তেতিয়া কিয় বিয়াত যাব নোৱাৰিলোঁ তাৰ কিছুমান ৰেডিমেড কৈফিয়ৎ দিব লগাত পৰোঁ। ‘যেনে—বুজিছে ভাই, যাবলৈ বুলি ভাবি আছিলোঁ, কিন্তু ডাঙৰজনী ছোৱালীৰ এনে অসুখ হ’ল, অথবা শ্ৰীমতীৰ ‘তমুক’ হ’ল, অথবা অফিচত চি-এল একেবাৰে নাই, ইত্যাদি’।
    বিয়াঘৰত, দেখিলোঁ প্ৰায়বোৰ ইষ্ট-কুটুম্বই আহি ঘৰ ভৰি পৰিছে। মোক দেখি খুলশালীজনী মানে কইনাজনী আগবাঢ়ি আহি ক’লে—“গাড়ী এখন ঠিক কৰি হ’লেওতো বাইদেউক লৈ আহিব পাৰিলেহেঁতেন।” মই অকণমান হাঁহিলোঁ। হাঁহি ক’লোঁ—“ঠিক আছে দিয়া, আমি আহিছোঁ নহয়। গোটেইকেইজনে ঘৰখন এৰি অহাটোও টান নহয়।”
‌    বিয়াত মই কোনজন মিতিৰে কি প্ৰেজেনটেচন আনিছে, আলেঙে আলেঙে চাই ফুৰিব লগা হ’ল। দেখিলোঁ—কোনোবাই গিলাচ, কোনোজনে পান-বঁটা, কোনোজনে চামৰাৰ চুটকেচ, কোনোজনে কাপোৰ, ইত্যাদি নানা ৰকমৰ বস্তু আনিছে। কথাটো খোলা-খুলিভাৱে ব্যক্ত নকৰিলেও আচলতে বিয়াবিলাকত নিমন্ত্ৰিত মিতিৰ বিলাকৰ মাজত এটা প্ৰতিযোগিতা চলে—কোনে কিমান ভাল বস্তু দিব পাৰে। এই প্ৰতিযোগিতাটো বেছিকৈ হয় শালপতিয়েকহঁতৰ মাজত। মই শহুৰৰ প্ৰথমজনী ছোৱালী বিয়া কৰাইছিলোঁ। দ্বিতীয়জনী বিয়া কৰাইছিল চিদানন্দ কাকতীয়ে।
    বিয়াৰ ঘৰত কাকতীক লগ পালোঁ। দুয়োজনেই পৰস্পৰৰ খবৰ খাতি ললোঁ। তেখেতে মোৰ পৰিবাৰ কিয় আহিব নোৱাৰিলে কাৰণটো জানি অলপ দুখ কৰিলে। কিন্তু এতিয়া কথা হ’ল, কোনে কি উপহাৰ আনিছে কেনেকৈ খবৰ লোৱা যায়। মই নিছিলোঁ মাত্ৰ টকা কেইটাহে লগত। ভাব—গধূলি চাইকেল কৰি গৈ টাউনৰপৰা কিবা এটা কিনি আনিম। একো অসুবিধা নাই। শহুৰৰ ঘৰ টাউনৰ ওচৰতে।
    আমাৰ সেই অঞ্চলত বিয়া-বাৰুৰ প্ৰথা অলপ বেলেগ ধৰণৰ। ৰাতি ৰভাতলত যেতিয়া দৰা-কইনাৰ হাত একেলগে লাগে আৰু পুৰোহিতে মন্ত্ৰপাঠ কৰে, তেতিয়াহে দৰা-কইনাৰ উপহাৰৰ বস্তুবোৰ তুলি দিয়ে। পুৰোহিতে উছৰ্গা দিয়া জনৰ নামটো উচ্চাৰণ কৰি মন্ত্ৰ পাঠ কৰে, ৰভাতলীৰ বিয়াৰ মানুহবোৰ সেইখিনি সময়ত অলপ উদগ্ৰীৱ হৈ কোনে কি বস্তু দিয়ে চাই থাকে। আৰু তেতিয়াই কোনে কি ভাল উপহাৰ দিব পাৰে গৌৰৱৰ কথাটো আহি পৰে। সেই কাৰণে ত্ৰিশ টকা দামৰ চামৰাৰ চুটকেচ নিয়া জনৰ আগত পাঁচ টকা দামৰ পান-বঁটাটো লৈ যাবলৈ লাজ কৰে। কম দামৰ উপহাৰ নিয়া সকলে সেইখিনি সময়ত মানুহৰ মাজতে মূৰটো গোজা মাৰি—‘হেই মোৰটোও লৈ যোৱা হে’ বুলি এজনৰ হাতত দিয়ে।
    মোৰ খুলশালীৰ বিয়াতো উছৰ্গাৰ সময় আহি পৰিল। মানুহবোৰ নিৰ্জন হৈ পৰিল। প্ৰায়বোৰ মানুহৰে উছৰ্গাবোৰ দিয়া হ’ল। মানুহৰ মাজৰ পৰা দুই এষাৰ মাত ভাহি আহিল—‘বাৰু, এতিয়া কইনাৰ ভিনদেৱেক দুজনে বা কি দিয়ে।’ শালপতিয়েও মোৰ পিনে ডিঙি মেলি চালে, ময়ো তেনে কৰিলোঁ। মোৰ মনৰ ভাব—তেখেতে আগেয়ে কি দিয়ে তেনে চাই লওঁ। তেখেতৰো মনৰ ভাব বোধহয় সেয়েই আছিল। অৱশেষত ময়েই আগেয়ে দিলোঁ সোণৰ আঙঠি এটা আৰু পাটৰ মেখেলা এখন। তাৰ পাছত কাকতীৰ পাল পৰিল। তেখেতেও দিলে সোণৰ আঙঠি এটা আৰু টকা বিশটা। মানুহবিলাকৰ মাজত কথাৰ গুণ্ গুণনি উঠিল। শুনিবলৈ মোৰ ধৈৰ্য্য নাথাকিল।
    বিয়া ভগাৰ পাছত শালপতি আৰু মই শুবলৈ আহিলোঁ। বিয়াত মানুহৰ উদুলি-মুদুলি। শুবলৈ ঠায়েই নাই। এখন বিছনা খালী, তাতে আহি দুয়ো শুলোঁ। টোপনি দুয়োৰো অহা নাছিল। তেতিয়া ৰাতিও আৰু বেছি নাছিল। কাকতি শালপতিৰ মুখেৰে এটা দীঘল হুমুনিয়াহ ওলাই আহিল। মই মাত দিলোঁ—“টোপনি অহা নাই।”তেখেতে ক’লে—“টোপনি আৰু ক’ত আহিব হেৰি। মই যোৱাৰ চিন্তাটোহে কৰিব লগা হ’ল।” তেখেত অলপ ৰ’ল আৰু পুনৰাই ক’লে—“বুজিছে, আপোনাৰ আগত নো লাজ কৰিবলৈ কিটো আছে। ভাবিছিলোঁ কেৱল আঙঠিটোকে দিম আন একো নিদিওঁ। পিছে আপোনাক দেখি লাজত পৰি টকা বিশটাও দি দিলোঁ। এতিয়া কাইলৈ যাওঁ কেনেকৈ তাকে চিন্তা কৰিছোঁ।” গাড়ীৰ ভাৰাখিনিও হাতত নাই। মাষ্টৰ মানুহ দিয়কচোন, ভেমটো আছে—টকা নাই।
    মোৰ মনে মনে হাঁহি উঠিছিল। আনন্দত নক’ব—দুখত আৰু সমবেদনাত। এইবাৰ মই ক’লোঁ—“নহয় দিয়ক আৰু, পাটৰ মেখেলা খনহে দিম বুলি ভাবিছিলোঁ। কিন্তু ৰভাৰ তলত মানুহবিলাকৰ আগত এনে লাজত পৰি গ’লোঁ যে আঙঠিটো উলিয়াই দিব লগা হ’ল। ঘৰ খনত এটাই মাত্ৰ আঙঠি। তাকেই দি দিলোঁ। কি কৰিম, বাহিৰৰ ভেমটো বজাই ৰাখিব লাগিব। কেৰাণী মানুহ দিয়কচোন, কেইটানো টকা পাওঁ!”
    ইয়াৰ পাছত কাকতীয়ে ক’লে—“বুজিছে, সোণৰ আঙঠি দিয়াৰ শক্তি আচলতে মোৰ নাছিল। কিন্তু উদ্ধবৰ মাকে নেৰে। কয় বোলে—এইজনীয়েই শেষৰ ভনী। তাইক কিবা এপদ ভাল বস্তু দিব নোৱাৰিলে মানুহে কি বুলিব। আৰু তেওঁৰ মতে ভাল বস্তু হ’ল সোণৰ গহনা। মাষ্টৰ মানুহ—এইবোৰ ঝামেলা ভালো নাপাওঁ, তাতে পৰে আহি মোৰ ওপৰতহে।”
    এইবাৰ মই নামাতিলোঁ। ময়ো কেৰাণী মানুহ বুলি ক’বৰ ইচ্ছা আছিল। নক’লোঁ। একেটা কথাকেনো বাৰে বাৰে কিমান কৈ থাকিম।
    ৰাতি পুৱাল। ৰ’দ উঠিল। কইনা যোৱাৰ কন্দা-কটা আৰম্ভ হ’ল।
    মোৰ ছোৱালীজনী কইনাৰ লগতে গ’ল। সেই চেগতে দুয়ো শালপতি ওলাই আহিলোঁ। তেখেতৰ গাড়ীৰ ভাৰাখিনি ময়েই দিলোঁ। ক’লোঁ—“আপোনাৰ তথাপি মোতকৈ বহুত লাভ। কিয়নো আপুনি এজনী খুলশালীয়েকৰ বিয়াতহে দিলে। মই যে দুজনীৰ দিলোঁ। অৰ্থাৎ আপোনাৰ পৰিবাৰকে ধৰি” বুলি হিঃ হিঃ কৈ হাঁহিলোঁ। কাকতীয়ে ক’লে—“হেৰি, আপুনি দিয়া আঙঠিটোকেইতো ভাঙি অলপ বেলেগ কৰি দিলোঁ। নহ’লেনো সোণ কিনিবলৈ টকা ক’ত পাওঁহে? দৰমহা পাওঁনো কেইটা। খাবলৈকে নুকুলায়। হেৰি, মাষ্টৰৰ দৰমহা বঢ়াৰনো কি হ’লহে? কাগজে-কলমেহে নেকি? কামত একো নাই দেখোন?”
    দুয়োৰে এৰা এৰি হ’বৰ হ’ল। কাকতী শালপতিয়ে নমস্কাৰ দিলে। ময়ো প্ৰতিনমস্কাৰ দিলোঁ। তেখেতে একেবাৰে শেষ মূহুৰ্তত ক’লে—“এইবোৰ কথা যাতে আপোনাৰ সেই মাকহঁতে নুশুনে।” কথা খিনি একেবাৰে কাণৰ কাষত কোৱা দি সৰু সৰুকৈ ক’লে। মই “ইঃ ৰাম, কেলেই শুনিব। এইবোৰ আমাৰ মাজৰ কথা হেৰি” বুলি কৈ দুয়ো এৰা এৰি হ’লোঁ।
    ঘৰ পাই শ্ৰীমতীক বিয়াৰ বিৱৰণ ব্যক্ত কৰিলোঁ। তেওঁৰ মুখখন ধান পাচিৰ দৰে গভীৰ হ’ল। ক’লে—“ঘৰখনত মাথোঁ সেইখিনিয়েই সোণ আছিল। তাকো আপুনি দি দিলে। এঠাইলৈ যাবলৈ হ’লে এপদ গহনা পিন্ধিবলৈ নাপাওঁ। এতিয়া দেখিব নহয়, মিনু কেনেকৈ পিন্ধি-উৰি আহিব আৰু মই ওলাম সুধা হাতে। কথাখিনি কৈ চিনুপ্ৰভাই মুখখন কান্দো কান্দো কৰিলে। মোৰ চকু দুটা চিনুৰ হাত, গল, কাণৰ পিনে যাবলৈ ধৰিলে।
    হয় মই তেওঁক এপদ গহনাও দিব পৰা নাই। লাজ আৰু দুৰ্বলতাখিনি ঢাকি ৰাখি ক’লোঁ—“হেৰা ৰাণুৰ মাক, দুখ নকৰিবা। মই লাজটোহে ৰক্ষা কৰি আহিলোঁ। আজি কালিনো গহনা কেলেই লাগেহে। সেইবোৰ নিপিন্ধিলেওতো মই তোমাক সুন্দৰী সুন্দৰী দেখোঁ। বাৰু বাৰু দুখ নকৰিবা। এই মাহৰপৰা ইনক্ৰিমেণ্ট হ’ব। কিবা কৰিম।”
    চিনুপ্ৰভাই হাঁহিলে। ক’লা মেঘে ঢাকি থকা আকাশখনত হঠাতে সূৰ্য্যটো ওলালে যেনে লাগে তেনে লাগিল মোৰ। কিন্তু চাকৰি, নিমন্ত্ৰণ আৰু লাজ, তিনিটা উপগ্ৰহই মোৰ পেটটোৰ ভিতৰত খুন্দিয়াবলৈ ধৰিলে।