হলধৰ : অপূৰ্ব শৰ্মা

    ৰাতিপুৱা বাহিৰৰ পৰা আহি বলোৰামে নাদৰ পাৰত মুখখন ধুবলৈ গৈছিল, হঠাৎ ভঁৰালটোলৈ চকু পৰাত প্ৰতি দিনৰ চিনাকি দৃশ্যত তেওঁ কিবা এটা বৈসাদৃশ্য অনুমান কৰিলে। পিছমুহুৰ্ততে বৈসাদৃশ্যটো চেতনাত পৰিষ্কাৰ হৈ পৰিল: ভঁৰালৰ গাধৈত আজি কিছুদিন ধৰি থৈ দিয়া তেওঁৰ নতুন আধা-চঁচা নাঙলটো নাই। অবিশ্বাস আৰু বিস্ময়ে তেওঁৰ মনৰ মাজত লুকা-ভাকু খেলিলে। বিপদত পৰা মানুহৰ দৰে তেওঁ দুৰ্বল হৈ পৰিল। ভঁৰালটোৰ ফালে গৈ তেওঁ ভঁৰালৰ তললৈ, ইফালে-সিফালে অসহায়ভাৱে চকু ফুৰালে। তেওঁ এবাৰ আগচোতাললৈ গ’ল, আকৌ ঘূৰি ঘৰৰ পিছফালেৰে গৈ গোহালিৰ কাষেৰে অনিশ্চয়ভাৱে বাৰীৰ ফালে গ’ল। সন্দেহৰ ডাৱৰে তেওঁৰ মন আন্ধাৰ কৰি  আনিলে। ক্ৰমে তেওঁৰ অন্তৰৰ পৰা বিস্ময় আৰু অবিশ্বাসৰ ধুৱঁলি দূৰ হ’ল, দুৰ্বলতা আঁতৰিল আৰু ধীৰে ধীৰে তাৰ ঠাইত ক্ৰোধৰ উগ্ৰ তাপ সঞ্চাৰিত হ’ল। “চালা….কুকুৰৰ…।” হঠাৎ এটা বিস্ফোৰণ হ’ল আৰু কিছুসময় তীব্ৰ গৰ্জনেৰে নেদেখা শত্ৰুৰ বিৰুদ্ধে তেওঁৰ মুখেদি বিচিত্ৰ শব্দৰ ফিৰিঙতি উফৰিবলৈ ধৰিলে। তুঁহ জুইকুৰা ফুৱাই থকাৰ পৰা কাণ উনাই মালতীয়ে ৰান্ধনী ঘৰতে তত্‌ ল’লে।
    আজি এমাহমানৰ আগতে দুপৰীয়াৰ ৰ’দজাক পিঠিত লৈ একান্তমনে নতুন নাঙলটো চাঁচি থাকোঁতে হঠাৎ আহি মাঘি মহাজনে মাত দিলেহি, “কি অ’ বলো, নাঙল চাঁচিছ?” মহাজনৰ মাতত বলোৰামৰ মনোযোগেই কেৱল নেভাগিল, এটা অশুভ ইংগিত একো কাৰণ নোহোৱাকৈ তেওঁৰ মনত বিৰিঙি উঠিল।
    “হয়, মহাজন” নাঙলটো ঘূৰাই লৈ ইচ্ছা কৰিয়েই মহাজনতকৈ নাঙলটোত বেছি মনোযোগ দি উত্তৰ দিলে।
    “দুটা দেখোন? পোঁজা যেন পাইছোঁ। ক’ত পালি?” মহাজনৰ আগ্ৰহত বলোৰামে অস্বস্তিবোধ কৰিলে।
    “ৰায় নেপালীয়ে বাৰীত কৰতিয়াল লগাইছে। মই বাছি বাছি এই দুটা চাপৰিৰ পৰা অহা গাড়ীত তুলি লৈ আহিলোঁ।” তেওঁ আগ্ৰহবিহীন কণ্ঠেৰে উত্তৰ দিলে।
    “ভালেই হ’ল দে। মোকো অহাবাৰলৈ নতুন গৰুহালৰ বাবে নাঙল এটা লাগিব। এইটো ময়ে নিম। ভালকৈ চাঁচি-মেলি দিবি। মই পিছে ফাংফালহে লগাম হ’বলা; নতুন মাটি অলপ ভঙাব লাগিব।” মহাজনে একে উশাহতে ক’লে।
    “এস্‌…মহাজন, লেঠাহে লাগিল। এইটো ভিনিহিয়ে পছন্‌ কৰি থৈ গৈছে। ভিনিহিৰ নাঙলটোৰো অৱস্থা নাই। তেনেই বুঢ়ী হ’ল…।”
    “কোন? চন্দ্ৰ? এঃ হ’ব দে। সি এটা বিচাৰি ল’ব। এইটো ভালকৈ চাঁচি দে। লাগিলে মই অলপ পইচাকে দিম।”
    “হৰি ঈশ্বৰ, মহাজন ভাল কথা কৈছে। আপোনাৰ পৰানো পইচা ল’মনে? থাকিলে এনেয়েই দিম। এইটো পিছে ভিনিহিক নিদিলে মোৰ জবানেই জুঠা হ’ব। চাঁচি-মেলি শনীবৰীয়া হাটৰ দিনা কাৰোবাৰ গাড়ীত পঠাই দিবলৈ সইত্‌ খুৱাই গৈছে। কিয়, বাৰীতে দেখোন ইমানবোৰ গছ আছে, গন্ধেশ্বৰক কৈ এটা কটাই ল’লেই হ’ল।” বলোৰামে কথাটো সহজ কৰি পেলাব খুজিলে, কিন্তু মহাজনে জানে, পোঁজাকাঠৰ এনেকৈ চঁচা নাঙল এটা পোৱা সহজ নহয়।
    অসমতলত এই বিপৰীত উদ্দেশ্যপূৰ্ণ কথোপকথন সেইদিনা আৰু কিছুসময় চলে আৰু অনুক্ত তিক্ততাত শেষ হয়। বলোৰামে ভিনিহিয়েকৰ নাঙলটো সোনকালে পঠাই দি নিজৰটো চাঁচিবলৈ ল’লে। কিন্তু সৰিয়হ পেলাবৰ সময় হোৱাত আধা চঁচা নাঙলটো গাধৈত তুলি থৈ তেওঁ চাপৰিলৈ গ’ল। কালি ৰাতি মাত্ৰ তেওঁ চাপৰিৰ পৰা ঘূৰি আহিছে আৰু আজি, বিশ্বাস কৰিব নুখুজিলেও, তেওঁ এই কথা গ্ৰহণ কৰিবলৈ বাধ্য হ’ল যে বহু কষ্টেৰে প্ৰায় সম্পূৰ্ণ কৰি অনা তেওঁৰ হেঁপাহৰ নতুন নাঙলটো চোৰে নিলে। হিতাহিত জ্ঞানশূন্য হৈ চিঞৰি চিঞৰি গুৱাল-গালিৰে ৰাতিপুৱাৰ গাওঁ থান-বান কৰাৰ পিছত তেওঁৰ অন্ধ-ক্ৰোধ কিছু শাম কাটিলে। কিন্তু মনৰ ভিতৰত অতৃপ্তি আৰু অপমানৰ একুৰা তুঁহ-জুই মনে মনে জ্বলিবলৈ ধৰিলে, কিয়নো মহাজনৰ তেওঁৰ নাঙলটোৰ প্ৰতি আক্ৰোশৰ কথা তেওঁৰ মনত পৰিল আৰু তেওঁ বুজিলে যে যদিও মহাজনে কেতিয়াও তেওঁৰ নাঙল চুৰ কৰিবলৈ নাহে, তথাপি এই দুৰ্ঘটনাৰ ক’ৰবাত মহাজনৰ নেদেখা হাত আছে।
    দুদিন ধৰি বলোৰাম খঙে-দুঃখে গোমোঠা হৈ থাকিল। কিন্তু এনেকৈ থাকিলে সংসাৰ নচলে। চাপৰিৰ মিঠা-আলু খান্দিবৰ হৈছে। খান্দি ৰাতিয়েই বস্তাত ভৰাই গাড়ীত তুলি দেওবৰীয়া হাটলৈ নিব লাগিব। তেওঁ সোমেশ্বৰক চাপৰিলৈ লগ ল’বলৈ গ’ল। সোমেশ্বৰ নাই। নাই? ৰাতিপুৱাই ক’লৈ গ’ল?
    “এঃ কিনো ক’ব? আজি তিনিদিন কান্ধৰ বিষত মানুহটোৱে তত পোৱা নাই। কালি আস্পাতাললৈ গ’ল, বোলে বেজী ল’ব লাগিব তিনিটা। তাকে ল’বলৈ গৈছে আজি। তাকেহে কৈছোঁ বোলোঁ…” সোমেশ্বৰৰ ঘৈণীয়েক ৰেৱতীৰ কথা সহজে শেষ নহয়। বলোৰাম চিন্তাত পৰিল।
    আবেলিলৈ তেওঁ কণল’ৰাৰ ঘৰলৈ গাড়ীখনৰ কথা ক’বলৈ গ’ল। কোনো কথা নাই, কণল’ৰাই নিজে গাড়ী লৈ যাব। তাৰো মাটিমাহ আধাবস্তামান আছে, হাটলৈ নিব লাগে।
    “মই আকৌ ৰাতিপুৱা সোমেশ্বৰক লগ ধৰিবলৈ গৈছিলোঁ। তাৰ বোলে হেনো কান্ধৰ বিষ, সিৰ বাগৰিছে।”
    “আও, আচলটোৰ ওচৰলৈকে গৈছিলি! সি আজিকালি ডাঙৰ মানুহ; মাখি ছালকণ ছিগিলেও আস্পাতাল পায়গৈ। আমাৰ কান্ধৰ বিষ কান্ধতে যায়, তাৰ কান্ধ বিষালে বেজী লয়। এলাপেচা ডাক্টৰৰ চিকিচাই নহয়, একেবাৰে চৰকাৰী ডাক্টৰ!” কণল’ৰাই বিদ্ৰূপসনা বিৰক্তি প্ৰকাশ কৰিলে।
    “কান্ধ বিষাবলৈনো পালে কেনেকৈ?”
    “এ বৰ ডাঙৰ ঘটনা। এৰাবাৰীৰ পৰা কাঠৰ টুকুৰা মহাজনৰ ঘৰলৈ কঢ়িয়াইছিল।”
    আঁকি? বলোৰামৰ প্ৰশ্নকেইটা ওলাই নাহিল, কেৱল চকুৱে-মুখে বিয়পি গ’ল। তেওঁৰ গা চেবালে। সন্দেহ আৰু উত্তেজনাৰ বতাহে মনৰ তুঁহ-জুইকুৰা কোবাই গ’ল। এৰা, কান্ধৰ বিষ মানুহৰ কান্ধতে যায়,  সোমেশ্বৰে তাৰ বাবে এমাইল দূৰৰ হাস্পতাললৈ ঢপলিয়াইছে। পইচা দি বেজী লৈছে। বিশ্বাস-অবিশ্বাসৰ ছাঁ-পোহৰে তেওঁৰ মনত খেলা কৰিলে। হয়নে? এইটো হ’ব পাৰেনে? সোমেশ্বৰ আৰু মহাজন? মহাজন…কিন্তু সোমেশ্বৰ? তেওঁ বিবুধি হ’ল।
    আলুখিনি ভালকৈ বিক্ৰী হৈ গ’ল। মাৰ্কিন কাপোৰ দুগজমান, দহনেচীয়া সূতা দুমুঠি কিনি তেওঁ সন্তুষ্ট মনে ঘৰলৈ ঘূৰিছিল। কণল’ৰাই গাড়ী চলাইছে। ঘৰমুৱা গৰুহালে হৰ্‌ হৰ্‌কৈ খালী গাড়ীখন টানি নিছে। গাড়ীত দীঘল দি পৰি বলোৰামে নানাধৰণে কথাবোৰ আঁত লগাবলৈ চেষ্টা কৰিলে।
    পিছদিনা ৰাতিপুৱা ভাল চাই মিঠা-আলু অলপ টোপোলা বান্ধি বলোৰাম হাস্পতাললৈ ওলাল। ফুকন ডাক্টৰৰ ঘৰত বেবেজীয়াৰ গণেশ দাইটিৰ ল’ৰা দেউতি লগুৱা হৈ আছে। সিবাৰ মালতী আৰু ছোৱালীজনীৰ বৰকৈ পেট-চলাৰ সময়ত ডাক্টৰে বহুত সহায় কৰিছিল; সেই উপকাৰ তেওঁ পাহৰিব নোৱাৰে। মাজে মাজে বাৰীৰ দুই-এপদ বস্তু তেওঁ এতিয়াও ডাক্টৰৰ ঘৰত দিয়ে। ডাক্টৰ হাস্পতালৰ বেমাৰী চোৱাত ব্যস্ত। বলোৰামে আলুখিনি নি ডাক্টৰণীৰ হাতত দি ভিতৰফালে মূঢ়া এটা পাৰি বহিল। নাল ছিগা পিয়লা এটাত চাহ আৰু পিৰিচ এখনত চুজি অকণমান আনি দি দেউতিয়ে তেওঁৰ লগত দুই-একাষাৰ কথা পাতিবলৈ লাগিল। কথাৰ চলতে তেওঁ উলিয়ালে, “আমাৰ সোমেশ্বৰেও বোলে বেজী লৈছেহি?”
    “অঁ, সিদিনা মাঘি মহাজনে লৈ আহিছিল ছাৰৰ ওচৰলৈ।”
    “আঁ?” বলোৰামে যেন চক্‌ খাই উঠিল।
    “মহাজননো আকৌ কিয় আহিছিল?” ৰ’ব নোৱাৰি তেওঁ সুধিলে।
    “মহাজনেহে চাৰক টকা দি গৈছে। সোমেশ্বৰ কাইটিয়েনো ক’ৰপৰা বেজী ল’বলৈ পইচাখন পাব? পিছত চাগৈ ধানত মাৰি দিব।” দেউতিয়ে ক’লে। অভীষ্ট সিদ্ধিৰ শেষত বলোৰামে এটা দীঘল হুমুনিয়াহ কাঢ়িলে। আশা কৰামতেই খবৰখিনি পোৱা গ’ল।
    বলোৰাম এতিয়া নিশ্চিত। তেওঁৰ মনত গঢ় লৈ অহা সন্দেহটো এতিয়া এটা পৰিষ্কাৰ সত্য। সোমেশ্বৰৰ হতুৱাই মহাজনে তাৰ নাঙলটো সৰকাইছে আৰু গধুৰ, কেঁচা নাঙলটো নৈৰ পাৰ কৰি কঢ়িয়াই নিয়াত সোমেশ্বৰৰ কান্ধত সিৰ বাগৰিছে। এতিয়া মহাজনে তাৰ চিকিৎসাৰ খৰচ ভৰিছে। কিন্তু ক’তো একো সাক্ষী-প্ৰমাণ নাই। গতিকে, প্ৰথম কাম চুৰি মালটো বিচাৰি উলিওৱা। কিন্তু সেইটোৱেই এটা অসম্ভৱ কাম। কিন্তু হায়! বলোৰামে পুনৰায় হুমুনিয়াহ কাঢ়িলে। সোমেশ্বৰেনো তাক এইদৰে শতুৰু শালিব লাগেনে? মহাজনৰ হাতত তাৰ মাটি গ’ল। এতিয়া সি মহাজনৰ মাটিত আধি কৰে। তাৰো ধাৰত-সুতত কাটি যিখিনি পায়, তাৰে সোমেশ্বৰৰ বছৰটো নুঘূৰে। থকাৰ ভিতৰত বাপেকৰ দিনৰ গৰু গাড়ীখন আছেগৈ, বেছিভাগ মহাজনৰে ভাড়া মাৰে; মহাজনে সিকিটো-আধলিটো দিয়ে, সি মাতিব নোৱাৰে। তথাপি সি মহামূৰ্খই মহাজনৰ ভৰি চেলেকি থাকে। আৰু আজি মহাজনৰ উচটনিত সি তেওঁৰ, বলোৰামৰ, অন্যায় কৰিবলৈ চুৰিত হাত দিলে!
    কিন্তু বলোৰামে অসম্ভৱক সম্ভৱ কৰাৰ চেষ্টা এৰি নিদিলে। বৰলা ভদ্ৰকান্তই আদবয়সত এজনী বাটলু তিৰোতা আনিছিল। সেই ভদ্ৰকান্তৰে গাঠলুকৈ ‘মেনেসা-পুত্ৰ’ ধোৰোকা; গাঁওখনত সকলোৰে ঘৰে ঘৰে পিত্‌পিতাই চাহ-জলপানৰ জুতি লৈ ফুৰে; চাপৰিলৈ কুঁহিয়াৰ পেৰিবলৈ নিয়াৰ লোভ দেখুৱাই বলোৰামে ধোৰোকাক বিশ্বাসত লৈ কামত লগালে আৰু দুদিনৰ ভিতৰতে ধোৰোকাই খবৰ আনি দিলে যে মহাজনৰ বৰ-ঘৰৰ ভিতৰত, ডাঙৰী থোৱা চাংখনৰ তলত বলোৰামৰ নাঙলটো আধা-চঁচা হৈ বেজাৰ মনেৰে শুই আছে। বলোৰাম উত্তেজিত হৈ উঠিল। তেওঁৰ প্ৰতি কৰা অপকাৰ আৰু অপমানৰ বিৰুদ্ধে মহাজনক অপদস্থকৰিবলৈ তেওঁ উত্ৰাৱল হ’ল। কিন্তু উত্ৰাৱল হ’লে নহ’ব। তেওঁ নিজকে শান্ত কৰিলে আৰু মনে মনে বহুত চিন্তা কৰি চালে। কিন্তু কোনো উপায় স্থিৰ কৰিব নোৱাৰিলে। তেওঁ গজেন মাষ্টৰৰ ওচৰ চাপিল। গজেন মাষ্টৰ ভাটি ফালৰ, প্ৰবাসী; তেওঁ গাঁৱৰ সকলোৰে নিজে হোৱা অভিভাৱক।
    “আ–, বৰ ডাঙৰ কাম কৰিব খুজিছা। প্ৰমাণ কৰিব পাৰিবা?”
    “কি প্ৰমাণ লাগে মাষ্টৰ? ৰায় নেপালীয়ে ক’ব, যেয়ে দেখিছে সেয়ে ক’ব, মোৰ মাইকী মানুহে ক’ব। কোন মানুহে নিজৰ নাঙল নি চাঙৰ তলত সুমায়? কওকচোন!”
    মাষ্টৰে বিজ্ঞ হাঁহি মাৰিলে। “তেনেকৈ চালে নহয়। চব কথা তেনেকৈ নহয়, বুজিছা? পুলিচত দিয়া, পুলিচৰ বাহিৰে উপায় নাই। নিয়মৰ কথা আছে নহয়।” মাষ্টৰে ক’লে।
    বলোৰাম ঘৰলৈ আহিল। পুলিচত দিয়া, অৰ্থাৎ ৪ মাইল বাটকুৰি বাই গৈ পুলিচক কেইটকামান সিধা দিয়াগৈ; পুলিচ আহি মহাজনৰ ঘৰত চাহ-জলপানৰ জুতি লওকহি, সিধা-পাতি লওকহি। চব ফুচ্‌-ফাচ্‌ হ’ব। পুলিচে একো নকৰে। ইহঁত চব এক জাতৰ। কিন্তু মাষ্টৰে কৈছে পুলিচৰ বাহিৰে উপায় নাই। তেন্তে? সঁচাই একো উপায় নাইনে?
    মনৰ অশান্তিত বলোৰামে আৰু কিছুদিন কটালে। কি কৰা যায়? তেওঁ মনৰ মাজতে চট্‌ফট্‌ কৰে। ধোৰোকাই তেওঁক সাহ দিছে, “ককাইটি, কি চাই আছা? দিয়া ভেদ ভাঙি, যি হয় হওক।”
    ইতিমধ্যে বছৰেকীয়া নাট মেলা হ’ল। নিয়মিতভাৱে নামঘৰত আখৰা চলিল। বলোৰামৰ অশান্তিয়ে তাৰ মাজতো মনটো কুট্‌কুটাই কামুৰি থাকিল। বৰ ধেমালিৰ দিনা তেওঁ পুনৰ ধোৰোকাক পঠালে, বস্তুটো আগৰ ঠাইত আছেনে নাই সি আকৌ এবাৰ চাই আহক। এইবাৰ তেওঁ মন ডাঠ কৰিছে; ভাওনাখন হৈ যাওক, নাট-সামৰণিৰ দিনা তেওঁ ৰাইজৰ আগত কথাটো উলিয়াই ৰাইজকে বিচাৰ কৰিবলৈ দিব। ইমানখন ৰাইজৰ কথা মহাকনে নামানিবনে?
    কিন্তু ধোৰোকাই বেয়া খবৰ আনিলে, নাঙলটো আগৰ ঠাইত নাই। বলোৰাম জঁই পৰি গ’ল। এতিয়া তেওঁ কি বুলি ৰাইজক বিচাৰ দিব? হায় হায়, ইমান সুবিধাটো অথলে গ’ল। তেওঁৰ সাহৰ অভাৱতে এইখন হ’ল, ধোৰোকাৰ কথা শুনা হ’লেই ভাল আছিল। তেওঁ পলম কৰি থকা বাবেই চব মাটি হ’ল।
    ভাওনাখন ভালেৰেই হৈ গ’ল। কিন্তু বায়ন হৈয়ো বলোৰামে নাটখনত উৎসাহেৰে ভাগ ল’ব নোৱাৰিলে। নাই, তেওঁৰ অকণো স্ফুৰ্তি নহ’ল। এখন বেজেনাতো মন নবহিল; বজাই ভাল নেলাগিল।
    নাট-সামৰণিৰ দিনা আবেলি। তেওঁৰ টোপনি-ক্ষতি ভালকৈ পূৰাবই পৰা নাই; আবেলি চাহ এবাটি খাই বিড়ি কিনিবলৈ তেওঁ ঘনছামৰ দোকানলৈ আহিল। দোকানৰ বাহিৰতে বাৰান্দাৰ বেঞ্চ এখনত বহি থকা সোমেশ্বৰলৈ নোচোৱাকৈ তেওঁ দোকানত সোমাব খুজিলে।
    “কি অ’ ককাইটি…” সোমেশ্বৰে মাত দিলে। বলোৰামৰ খঙে টিঙিচকৈ টোপি-ক্ষতিৰ মগজটো উতলাই পেলালেগৈ।
    “এই, তই মোক ককাইটি নেচেলাবি।” কৰ্কশস্বৰে তেওঁ ক’লে। সোমেশ্বৰে থত্‌মত্‌ খালে। মুখৰ ৰং সলনি হ’ল।
    “আও কিনো নগৰত…” সোমেশ্বৰৰ ভাৱৰি সঁকীওৱা কোমল উত্তৰটো শেষ নহ’ল। বলোৰামে সংযম হেৰুৱালে। অতদিনৰ অশান্তি, অতৃপ্তি, দুশ্চিন্তা, অপমানৰ জ্বালা হোলোককৈ ওলাই আহিল।
    “জগৰ লগোৱা নাই? কটা নিধক, কুকুৰ, চোৰ, হাৰামজাদা…” তেওঁ ক্ৰমে উচ্চগ্ৰামলৈ যাব ধৰিলে।
    সোমেশ্বৰে কণ্ঠস্বদৰ বাধ্য হৈ তপত কৰিলে, “এই ককাইটি, ককাই নেমানিম কিন্তু, চাই-চিতি কথা ক’বি দেই, কৈ দিছোঁ…”
    “কি চাব লাগে অ’? কিচাব লাগে? চালা, চোৰৰ জাত!”
    “কি চুৰ কৰা দেখিছিলি অ’? কি চুৰ কৰা দেখিছিলি?”
    বলোৰাম পাগলৰ দৰে হ’ল। “কি চুৰ কৰিছিলি? চালা চোৰ, চালা চোৰ, কি চুৰ কৰিছিলি মই ক’ব লাগে? মোৰ নতুন নাঙলটো চুৰ কৰা নাছিলি, হাৰামজাদা? মহাজনৰ হুকুমত গাধৈৰ পৰা মোৰ আধা চঁচা নাঙলটো চুৰ কৰিছিলি, কুকুৰ। কান্ধৰ বিষত আস্পাতালত বেজী লৈছিলি, মহাজন বাপেৰে পইচা দিছিল, চালা চোৰৰ জাত। মই নাজানো? মই ক’ব লাগে— নিলাজ; মই নেজানো? মই ক’ব লাগে, চলা গোলাম, গোলামৰ সঁচ। মহাজনে গু খাবলৈ ক’লে তই গু খাবি। হাৰামজাদা, লাঠুৱা, বেইমান…!”
    ইতিমধ্যে দোকানৰ বাৰান্দাত কিছু মানুহ, ল’ৰা-ছোৱালী এই দুই চৰিত্ৰক কেন্দ্ৰ কৰি থিয় হ’লহি। ঘনছামৰ দুজনী ঘৈণীয়েক আৰু এবুৰি ল’ৰা-ছোৱালীয়ে চকোৱাৰ কাষৰ জপনাৰ ওচৰত জুম পাতিলেহি। দোকানৰ ভিতৰৰ পৰা হা-হা কৰি গজেন মাষ্টৰ ওলাই আহিল।
    “হেঃ কি কৰা, কি কৰা? সৰু ল’ৰাৰ দৰে কাজিয়া! বৰ ভাল মুখ দিয়া তোমালোকৰ।” তেওঁ দুয়োকো ভৰ্ৎসনা কৰিলে।
    “ইয়াৰ মই জান শেষ কৰিব লাগিছিল, মাষ্টৰ। ই চুৱাখোৱাই মহাজনৰ বুধি শুনি মোৰ আধা-চঁচা নাঙলটো নি মহাজনৰ শোৱা চাঙৰ তলত সুমুৱাইছেগৈ। মহাজনে তাক নাঙঠ কৰিলে, সি কিন্তু মহাজনৰ চুৱা চেলেকিবলৈ এৰা নাই।”
    “ঐ, বৰকৈ যে টেটু ফালিছ, উলিয়াই দিব পাৰিবি? প্ৰমাণ দিব পাৰিবি?” সোমেশ্বৰৰ কণ্ঠ তীব্ৰ হ’লেও তাত উগ্ৰতা নাই। এটা এটাকৈ বলোৰামে যি ধৰণে ঘটনাবোৰ কৈ গৈছে, সোমেশ্বৰে তাত তৎবিচূৰ্তি খালে আৰু ভিতৰি ভিতৰি দুৰ্বল হৈ পৰিল।
    “মই কিয় উলিয়াই দিম? শোৱা চাঙৰ তলৰ পৰা নি ক’ত গুৱনিয়ে-মূতনিয়ে লুকুৱাইছ মই কি জানো? তই উলিয়াই দে?”
    “উলিয়াই দিব নালাগে ৰ’বা। উলিয়াই দিব লাগে কিয়? সোমেশ্বৰ, তুমি নিছা যদি সৈ কাঢ়াঁ, নহ’লে কোনে নিছে পুলিচত দিব লাগিব। বৰ বেয়া কথা হৈছে। নিজৰ ভিতৰত এইবোৰ…বৰ বেয়া কথা।” মাষ্টৰে মাত দিলে।
    “মাষ্টৰ, ইয়াৰ বাপেক মৰিবৰ সময়ত মই তিনিৰাতি সমানে পৰ দিছোঁ। মৰাৰ দিনা গাঁৱত মানুহৰ নামে চোকোৰা এটাও নাই, চব কঠাইচুকত ভাওনা চাবলৈ গ’ল। মই সূতাৰ গাঁৱৰ পৰা মানুহ মাতি আনি নিজে বাঁহ কাটি মৰা শ কান্ধত লৈ চছানলৈ গৈছোঁ। তাৰ হালৰ দমৰা চবকাত পৰোঁতে মোৰ গুটীয়া দমৰাটো বিনা ভেৰোণে তাক খেতি উঠাবলৈ দিছোঁ। এতিয়া উপাকাৰীক অজগৰে খায়।” বলোৰামে মাষ্টৰক গোচৰ দিলে আৰু সোমেশ্বৰৰ ফালে ঘূৰি পুনৰ কণ্ঠলৈ তেজ আৰু তীব্ৰতা আনি আঙুলি জোকাৰিবলৈ লাগিল, “মহাজনে তোৰ চব চুঁচি নিছে, তোৰ শিক্ষা হোৱা নাই, মূৰ্খ! বাপেৰৰ বেমাৰত, শৰাধত ধাৰ কৰা টকা আৰু সুতত মাৰি তোৰ মাটি কোনে হজম কৰিলে? আকালৰ দিনত টকা ধাৰলৈ দি কোনটো বাপেৰে ধানত মাৰি লয়? শতুৰুক নাকাটি তই মিতুৰলৈ টোঁৱাইছ, অহমক! কি কাৰণে? কিহৰ ভয়ত? অ’— মাটি আধিলৈ নিদিয়াৰ ভয়ত? তোৰ বুকু ডাঠ থাকিলে নিদিওঁ বুলিয়েই মাটি নিদিবলৈ মহাজনৰ তাগজ আছেনে? কেঁচুৰ দৰে কেৰ্‌মেৰ্‌ কৰি থাকিবি খালী! তোক মাটি নিদি কাক দিয়ে চাই লচোন এবাৰ। খেতি কৰি আছ, সেই মাটিৰ ওপৰত তোৰ একো হক নাই? মোৰ লগত এইবাৰ চাপৰিলৈ ওলাবি, চাম হালোৱাৰ মাটি কোনে বন্ধ কৰে।” বলোৰাম হঠাৎ ৰ’ল আৰু জেপত বিড়ি বিচাৰিলে। মাষ্টৰৰ মধ্যস্থতা আৰু তেওঁৰ একপক্ষীয় আধিপত্যৰ ফলত দৃশ্যটোৰ উগ্ৰতা কমি আহিছিল। বলোৰামৰ সপক্ষে দুই-এক সমৰ্থনসূচক মন্তব্য আহিল। এক আচৰিত পৰিবেশ আৰু অনুভূতিৰ মাজত নিমাত হৈ সোমেশ্বৰে তলমূৰ কৰিলে। তাৰ মনৰ মাজত এটা কেতিয়াও অনুভৱ নকৰা ৰূপান্তৰ ঘটিব ধৰিছিল। লাজ-অপমানত জৰ্জৰিত হৈ বলোৰামৰ কথাৰ মাজত সি প্ৰথমবাৰৰ কাৰণে তাৰ আত্মমৰ্যাদাৰ কথা অনুভৱ কৰিলে। এক নতুন উপলব্ধিয়ে , নতুন সাহসে তাৰ মনৰ লাজ, ভয়, সংকোচ নোহোৱা কৰি পেলালে। এৰা, কাক সি ভয় কৰিছে? সি কাৰ গোলাম? মহাজনে তাক ভিকহু কৰিছে, তথাপি সি কিহৰ ভয়ত মহাজনৰ বহতীয়া হৈ আছে? আৰু থাকিয়েইবা সি বাচিছেনে? কি লাভ হৈছে তাৰ? এটা বুজি নোপোৱা চেপা মাৰি ধৰা পুৰণি বান্ধোনৰ পৰা সি লাহে লাহে মুকলি হৈ পৰিল।
    “এই চোৱাঁ, খাটি কথা কৈছে বলোৰামে। ভয় নকৰিবা। সঁচা কথা ক’বলৈ ভয় কৰিব নাপায়। আৰু নহ’লে ময়ে যাওঁ আৰু পুলিচত—” গজেন মাষ্টৰ বাহিৰৰ ফালে ঘূৰিব খুজিছিল, সোমেশ্বৰ আহি তেওঁৰ ভৰিত পৰিল।
    “হেঃ কি কৰা? বলোৰামক মাফ খোজাঁ। ৰাইজক মাফ খোজাঁ। যোৱাঁ, বৰ ডাঙৰ ভুল কৰিছিলা। মানুহ মানুহৰ ইমান গোলাম হ’ব নেপায়। যোৱাঁ, নাঙলটো আনি দিয়া।” গজেন মাষ্টৰে কৈ কৈ তেওঁৰ চাইকেলৰ ওচৰলৈ গ’ল। সোমেশ্বৰ বলোৰামৰ ফালে ঘূৰিল আৰু সহজ আন্তৰিকতাৰ সুৰত ক’লে, “ব’ল ককাইটি, আনোগৈ।”
    “যা—আ, মই আকৌ কিহলৈ যাম? তই আনগৈ। য’ৰ পৰা আনিছিলি, ত’তে থৈ আহগৈ। নাঙল কঢ়িয়াওঁতে কাৰো কান্ধৰ বিষ নহয়, যা। মই বিড়ি কিনিবলৈহে আহিছিলোঁ!” অলপ আগৰ অগ্নিমূৰ্তি মানুহটোৱে একে সহজ, আন্তৰিক সুৰত ভৰ্ৎসনা কৰিলে।
    “দে তেনে বিড়ি এটাকে।” নিলাজ হাঁহি এটা মাৰি সোমেশ্বৰে ক’লে। চকু ঘোপা কৰি বলোৰামে তালৈ চালে আৰু জেপৰ পৰা বিড়িৰ মুঠাটো উলিয়াই এটা তালৈ আগবঢ়াই দিলে।
    ইয়াৰ পাছত এটা অভিনৱ দৃশ্য ৰচিত হ’ল।
    আবেলিৰ গাঁৱৰ বাটেদি কান্ধত আধা-চঁচা নাঙল এটা লৈ সোমেশ্বৰে কুকুৰ-লৰ দি গৈছিল আৰু তাৰ পিছে পিছে এজাক সৰু সৰু নঙঠা আদ-নঙঠা ল’ৰা-ছোৱালীৰ কলৰোলময় এটা সমদল আগবাঢ়িছিল। হঠাৎ সোমেশ্বৰ এবাৰ ৰ’ল আৰু লাহেকৈ ঘূৰি পিছফালৰ সমদলটোলৈ চালে। সমদলটো সন্ত্ৰস্ত হৈ ৰৈ গ’ল। সোমেশ্বৰ পুনৰ আগবাঢ়িল আৰু দলটোৱে পুনৰ তাক অনুসৰণ কৰিলে। সোমেশ্বৰৰ মনটো আচৰিত ধৰণে পাতল লাগিল, কান্ধত গদা লৈ সি যেন নামঘৰত ভাওনাৰ প্ৰবেশহে কৰিছে। আকৌ এবাৰ সি পিছফালে ঘূৰি চালে আৰু এক অদ্ভুত স্ফূৰ্তিত তাৰ সোঁহাতখন ওপৰলৈ দাঙি লঘুকণ্ঠে চিঞৰিলে, “ধৰ, নাঙল চোৰক, ধৰ!” দুই মূহুৰ্তৰ নীৰৱতাৰ পিছত হঠাৎ একেলগে অসমান কণ্ঠত তাৰ পিছফালে প্ৰতিধ্বনি হ’ল, “ধৰ, নাঙল চোৰক ধৰ!” কি আনন্দত সোমেশ্বৰে জানে, তাৰ মুখত হাঁহি মেল খাই গ’ল। এইবাৰ তাৰ কণ্ঠ আৰু এক পৰ্দা ওপৰলৈ গ’ল।
    হোঁকাটো হাতত লৈ মহাজনে বাৰান্দাৰ পৰা দূৰৰ শব্দটো শুনিলে। চকু ঘূৰাই প্ৰথমে তেওঁ কেইমূ্হুৰ্তমান দৃশ্যটো বিশ্বাস কৰিব পৰা নাছিল। তাৰ পিছত ভূত দেখাৰ দৰে একো নুবুজি প্ৰায় দৌৰি গৈ বাৰান্দাৰ কাষৰ চকোৱাৰ আঁৰত থিয় হ’ল। তেওঁৰ গাত কঁপনি উঠিল, বুকুখন ঢপ্‌ঢপাই উশাহ বন্ধ হ’ব যেন লাগিল। সমদলটো সৰৱে যেতিয়া আহি তেওঁৰ পদূলি পালেহি মাঘি মহাজনে যেন তেওঁৰ নিয়তিক স্বচক্ষে দেখা পালে। তেওঁ দেখিলে যে মহা আনন্দে চিঞৰি চিঞৰি কান্ধত নাঙল লৈ সোমেশ্বৰে কুকুৰ-লৰ দিছে। তাৰ পিছত ঢপলিয়াইছে গাঁৱৰ ল’ৰা-ছোৱালীৰ জাক। আৰু সৰৱ শিশুৰ জাকটোৰ মাজত হাঁহি-চিঞৰি ক’ব নোৱাৰা হৈ গৈছে মহাজনৰ অতি মৰমৰ নুমলীয়া ল’ৰাটো! মাঘি মহাজনৰ দেহটো দুবাৰমান জোৰে জোৰে কঁপি উঠিল। কলিজাটো কেইমূহুৰ্তমান বন্ধ হৈ গ’ল। তেওঁ শিলৰ দৰে মাটিত পোত খাই ৰ’ল।