সুখৰ কাঁইট : অভিজিত শৰ্মা বৰুৱা

এন ডি টি ভিত গুৰুত্বপূৰ্ণ বাতৰি এটা চাই থাকোঁতে মই সময়ৰ কথা পাহৰিয়েই গৈছিলোঁ। ফিলিপাইনছত ভয়াবহ ভূমিকম্প। শ শ লোক মৰিছে। বহুতো ঘৰ একেবাৰে ভাগি পৰিছে। এন ডি টি ভিয়ে বৰ সুন্দৰ ক’ভাৰেজ কৰিছে। সেইবোৰ চাই থাকোঁতে মাজে মাজে মোৰ অসমৰ কথাও মনত পৰিল। অসমকে ধৰি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলো হেনো ভূমিকম্পপ্ৰৱণ অঞ্চল। ইয়াতো যিকোনো মূহুৰ্ততে ভমিকম্পৰ এনে ধ্বংসলীলা চলিব পাৰে… ইচ! এই ভাগি পৰা বিল্ডিংটোৰ ভিতৰত থকা কোনোবা বাৰু বাচি আছেনে? শ্ৰীমতীয়েও তন্ময় হৈ বাতৰি চাই আছে। তেনে সময়তে ফোনটো বাজি উঠিল। দীঘলীয়া ৰিং। নিশ্চয় এছ টি ডি বা আই এছ ডি। আমি দুয়ো একেলগে ঘড়ীলৈ চালোঁ। ন বাজি দহ মিনিট। নিশ্চয় ৰিম্পিৰ ফোন। আজি দেওবাৰ। আমি আমাৰ ঘড়ীমতে ন বজাত কম্পিউটাৰ অন কৰাৰ কথা আছিল। এইবোৰ নিউজ চাই কথাটো পাহৰিয়েই গৈছিলোঁ।
    মই উঠি গৈ ফোনটো ধৰিলোঁ। হয়, ৰিম্পিৰেই ফোন। তাই অধৈৰ্য কণ্ঠেৰে ক’লে, ‘দেউতা, তোমালোকে কম্পিউটাৰ অন কৰা নাই হ’বলা। মই দহ মিনিট ধৰি কানেক্ট কৰিবলৈ চেষ্টা কৰি আছোঁ!’ মই ক’লোঁ, ‘এ… কিবা এটা চাই থাকোঁতে পাহৰিয়েই গৈছিলোঁ। কৰিছোঁ ৰ।’ মই লৰালৰিকৈ কম্পিউটাৰটো অন কৰিলোঁ। কাগজ এখনত লিখি থোৱামতে বাকী কামবোৰ কৰিলোঁ। কম্পিউটাৰৰ ঠিক ওপৰতে সংযোগ লাগি থকা ক্ষুদ্ৰ কেমেৰাটো অন কৰিলোঁ। আজিকালি অৱশ্যে কাগজখন নাচালেও চলে। কৰি কৰি মুখস্থ হৈ গৈছে। অলপ পাছতে কম্পিউটাৰৰ পৰ্দাত পৃথিৱীৰ ইটো মূৰত থকা ৰিম্পিৰ মুখখন ভাহি আহিল। তাত এতিয়া ৰাতিপুৱা। তাই হাফ পেণ্ট আৰু ছাৰ্ট পিন্ধি চাহ খাই আছে। ওচৰতে নাতি মিথুন।
    ‘মা ক’ত?’ কম্পিউটাৰৰ ছাউণ্ড বক্সৰ পৰা ৰিম্পিৰ মাত শুনা গ’ল। ‘আহি আছোঁ ৰ’ বুলি শ্ৰীমতীও কম্পিউটাৰৰ সন্মুখলৈ আহিল। ‘এনেকৈ তাই শুনিব নেকি’ বুলি মৃদু সুৰত কৈ মই তেওঁৰ হাতত সৰু মাইক্ৰ’ফোনটো তুলি দিলোঁ। তাৰ পাছত মাক-জীয়েকে কথা আৰম্ভ কৰিলে। কথানো আৰু কি? শাক খোৱা, মাছ খোৱা কথাই বেছি!
    ‘জোঁৱাই ক’ত?’ অলপ পাছত এওঁ সুধিলে। ‘আহি আছে ৰ’বা। এইমাত্ৰ শুই উঠি বাথৰুমলৈ গৈছে। বৰ এলাহ হৈছে। আৰু এই কথা পতাৰ সময়তে দেখোন এওঁৰ কামো বেছি হয়। মাতি দিছোঁ ৰ’বা। তুমি বাৰু মিথুনৰ লগত কথা পাতাচোন।’
    তাই আঁতৰি গ’ল। আমি দুয়ো নাতিৰ মুখ চাই চাই তাৰ লগত কথা পাতিবলৈ আৰম্ভ কৰিলোঁ। তাৰ জন্মই আমেৰিকাত। বয়স ছবছৰমান হৈছে। মাকে তাক অসমীয়া ভালেই শিকাইছে। মানে কাম চলি যোৱাকৈ ক’ব পাৰে। লাহে লাহে ক’লে বুজিও পায়। খন্তেক পাছত কমলেশ- মানে জোঁৱাই আহিল। সি উত্তৰ ভাৰতীয় হ’লেও ৰিম্পিৰ লগত পৰি এতিয়া অসমীয়া ভালদৰে ক’ব পৰা হৈছে। সি আমাৰ খবৰ ল’লে। মোক ভালকৈ দেখা নাই বুলি কৈ অলপ আগবাঢ়ি আহিবলৈ ক’লে। তাৰ পাছত ক’লে, ‘দেউতা আপুনি বাৰু অলপ খীণাইছে নেকি?’ ৰিম্পিয়েও ক’লে, ‘অঁ, ময়ো বৃহস্পতিবাৰতকৈ অলপ খীণোৱা যেন দেখিছোঁ।’ মই হাঁহি ক’লোঁ, ‘এঃ, তহঁতৰ আৰু কথা। ক’তনো খীণাইছোঁ? একেইতো আছোঁ।’ ৰিম্পিয়ে তথাপি মাকক ক’লে, ‘মা, তুমি অলপ চকু দিবা দেই।’
    পোন্ধৰ মিনিট পাছত আমাৰ কথা-বতৰা শেষ হ’ল। সিহঁত আচলতে বৰ ব্যস্ত। অলপ পাছতে তিনিও ভাগে ভাগে ওলাই যাব লাগিব। তথাপি তাৰ মাজতে যে ঢৌতে খৰ মাৰি এইকণ সময় উলিয়ায়। সিহঁতৰ পৰা ছশ কিলোমিটাৰ দূৰত লছ এঞ্জেলছত থকা আমাৰ পুত্ৰইতো কেতিয়াবা সেইকণ সময়ো উলিয়াব নোৱাৰে। তাৰ লগতো আমি আগতে নিয়মীয়াকৈ, মানে দুদিনৰ অন্তৰে অন্তৰে, এনেদৰে মুখ চাই চাই কথা পাতিছিলোঁ। কিন্তু আমেৰিকাত সেই ইক’ন’মিক শ্ল’ ডাউন হোৱাৰ পৰা তাৰ দৰে ইণ্ডিয়ান ছফ্টৱেৰ ইঞ্জিনিয়াৰৰ কাম আৰু বাঢ়ি আহিল। সি কয়, ‘অৱস্থা বৰ ভাল নহয়, দেউতা, আমি এতিয়া বাৰঘণ্টালৈকে কাম কৰোঁ। কেতিয়াবা বেছিহে হয়। এনেকৈ যদি নিজকে কোম্পানীৰ বাবে অপৰিহাৰ্য কৰি নাৰাখোঁ, তেন্তে ভৱিষ্যত নিৰাপদ নহ’ব। ইমান সুন্দৰ পে’ ইণ্ডিয়াত নাপাম, তাতে ইয়াৰ গ্ৰীণ কাৰ্ডো লৈ লোৱা হ’ল।’ মই তাক কওঁ, ‘তই ঠিকমতে কাম কৰ। আমি ঠিকেই আছোঁ। কথা পাতিবলৈ সময় নাপালে নাই। বেছি দৰকাৰ হ’লে আমিয়ে ফোন কৰিম দে।’ সি পাছে অফিচলৈ যাওঁতে কেতিয়াবা ফোন কৰে। মই কেতিয়াবা কওঁ, ‘এনেকৈ ফোন কৰিলে গাড়ী চলোৱাত দিগদাৰ নহয়? আৰু পুলিচেওতো ধৰিব পাৰে।’ সি হাঁহি কয়, ‘তাৰ বাবে কিছুমান সুব্যৱস্থা মই কৰি লৈছোঁ দিয়া। তুমি চিন্তা কৰিব নালাগে।’ পুত্ৰ-বোৱাৰীৰ ল’ৰা-ছোৱালী দুটা। ছোৱালীজনী ডাঙৰ। তাই বাৰু স্কুললৈ গৈছে। কিন্তু সৰু ল’ৰাটোৰ এবছৰ হৈ গৈছেহে। তাৰ বাবেই সমস্যা বেছি। সি জন্ম হোৱাৰ সময়ত আমি ছমাহৰ বাবে গৈছিলোঁ। তেতিয়া বাৰু চলি গৈছিল। এতিয়াহে দুয়োটাৰ বেছ কষ্ট হৈছে। পুত্ৰ-বোৱাৰী দুয়ো চাকৰি কৰে। বোৱাৰী গুজৰাটী। সিহঁতৰ ঘৰৰ ওচৰতে – মানে দুমাইলমান দূৰত এটা ভাৰতীয় পৰিয়াল আছে। তাৰ মহিলাগৰাকীয়ে চাকৰি নকৰে। তেওঁ কেঁচুৱা ৰাখে। সেইটো তেওঁৰ প্ৰফেশ্যন। ঘণ্টা বাঢ়িলে ৰেট বাঢ়ি যায়। ল’ৰাটোক এতিয়া উপায় নাপাই তাতে থ’ব লাগে। ছোৱালীৰ বাবে স্কুলতে এটা বন্দবস্ত কৰা হৈছে যে মাক-দেউতাক নহালৈকে তাই তাতে এঠাইত থাকিব। তাত খাব, শুব বা মন গ’লে পঢ়িবও। এনেকৈ বহুত ল’ৰা-ছোৱালী তাত থাকেই। গতিকে ল’ৰা-ছোৱালীয়ে ৰাতিপুৱাই উঠি উশাহ নোপোৱাকৈ কাম কৰিব লাগে। তাততো আৰু ইয়াৰ দৰে কাম কৰা বাই পোৱা নাযায়। ঘৰৰ কাম কৰা, এবাৰ ছোৱালীক স্কুলত থোৱা, এবাৰ কেঁচুৱাক থোৱা, অফিচলৈ ওলোৱা, ঘূৰি আহি আকৌ কামৰ বোজা – মুঠতে সময় নাই সিহঁতৰ।
    ৰাতি সাধাৰণতে খোৱাৰ দৰে দুখন শুকান ৰুটি খাই মই শুবলৈ গ’লোঁ। মোৰ ছুগাৰ আছে, লগতে হাই প্ৰেছাৰ। ডাক্টৰৰ দিহামতে চলিব লাগে। ডাক্টৰো আকৌ মোৰ ছোৱালীয়ে ঠিক কৰি দিয়া। জী-জোঁৱাই দুয়ো ডাক্টৰ। সিহঁতৰ লগৰে এজন ইয়াত নামজ্বলা ডাক্টৰ। তেওঁ সিহঁতৰ অনুৰোধত মোৰ – মানে আচলতে আমাৰ দুয়োৰে – স্বাস্থ্যৰ ওপৰত চকু ৰাখে। তেওঁ বৰ ব্যস্ত হ’লেও জুনিয়ৰ কাৰোবাক পঠিয়াই ৰেগুলাৰ প্ৰেছাৰ আদি জোখায়। আমি এপইচাও দিব নালাগে। জী-জোঁৱাইৰ খৰচ সেইবোৰ। ল’ৰাই আন খা-খৰচৰ বাবে নিয়মীয়াকৈ টকা পঠিয়ায়। দুয়োটাই মিলি আমাক গাড়ী কিনি দিছে, ড্ৰাইভাৰ ৰাখি দিছে। ঘৰুৱা কোনো খৰচৰ বাবে মই পেন্সনৰ টকাত হাত দিবলগীয়াই নহয়। লগৰ সকলোৱে কয় – মোৰ হেনো সুখ। বিৰাট সুখ। কুলাই পাচিয়ে নধৰা সুখ। উপযুক্ত ল’ৰা-ছোৱালী, জোঁৱাই-বোৱাৰী। সুখ নহ’ব কিয়?
    আমাৰ ঘৰৰ ওচৰতে থাকে কুমুদ কলিতা। আমি দুয়ো সহপাঠীতো আছিলোৱেই, পাছত সহকৰ্মীও হ’লোঁ। আমাৰ ডাঙৰ, ধুনীয়া দালানৰ ওচৰত তেওঁৰ আছাম টাইপ ঘৰটো অৱশ্যে অলপো খাপ নাখায়। আচলতে আমি দুয়োজনেই একেলগে ইয়াতে মাটি কিনিছিলোঁ আৰু একেলগে আছাম টাইপ ঘৰ দুটাও সাজিছিলোঁ। কিন্তু মোৰ ল’ৰা-ছোৱালী দুয়োটাই ভাল চাকৰি – অন্যাৰ্থত ভাল আয় কৰাৰ পৰিপ্ৰেক্ষিতত মোৰ সেই আছাম টাইপ ঘৰটোৰ ঠাইত ক্ৰমে এই সুদৃশ্য দালানটো সজা হ’ল আৰু কলিতাৰ ল’ৰা-ছোৱালীকেইটা অনুপযুক্ত হোৱাৰ পৰিপ্ৰেক্ষিতত তেওঁ আগৰ সেই আছাম টাইপ ঘৰতে থাকিবলগীয়া হ’ল। পেন্সনৰ টকাত হাত লগাবই নোপোৱা মোৰ বিপৰীতে ল’ৰা-বোৱাৰীৰ সৈতে কুমুদ কলিতাৰ ঘৰখন মূলতঃ কলিতাৰ পেন্সনৰ ওপৰতহে চলে। এটা কথা ঠিক যে আমাৰ ল’ৰা-ছোৱালী দুটাক ভাল কৰাত মই বৰ জোৰ দিছিলোঁ, কষ্টও যথেষ্ট কৰিছিলোঁ। অফিচৰ পৰা অহাৰ পাছত কলিতা তাছ খেলিবলৈ ওলায় যায়। মই নাযাওঁ। দুই সন্তানক পঢ়া-শুনা দেখুৱাই দি ঘৰতে থাকোঁ। টকাৰ অভাৱ সত্বেও, নিজে একো এটা নলৈ ল’ৰা-ছোৱালীহঁতক ভাল ঠাইত টিউছন, আৰু আন ক’চিং দিয়াইছিলোঁ। তাৰ ফল অৱশ্যে ভালেই হ’ল। ল’ৰাই আই আই টিত ছীট পাই তাতে কম্পিউটাৰ ছায়েন্স পঢ়িবলৈ গ’ল। ছোৱালীয়েও তাই বিচৰা মতেই মেডিকেল পঢ়িবলৈ পালে। হায়াৰ ছেকেণ্ডাৰীৰ পৰাই সিহঁতে ঘৰ এৰাৰ দৰেই। দুয়োটাই ভাৰতত চাকৰি কৰি এবছৰমানহে থাকিলে নেকি। তাৰ পাছত আমেৰিকা পালেগৈ। এতিয়া সিহঁতে তাত গ্ৰীণ কাৰ্ড পাইছে। অস্বাভাৱিক একো নঘটিলে ঘূৰি অহাৰ কথা নাই।
    কলিতাৰ দুটা ল’ৰা, দুজনী ছোৱালীৰ এটায়ো মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন নাপালে। তাৰ বিপৰীতে মোৰ ল’ৰাটোৱে মেট্ৰিকত ষ্টেণ্ড কৰিছিল আৰু ছোৱালীজনীয়ে ডিষ্টিংছন লৈ পাছ কৰিছিল। কলিতাৰ সৰু ছোৱালীজনীয়ে সাধাৰণভাৱে বি এ পাছ কৰিলে। কিন্তু তায়ে পাছে সিহঁতৰ ঘৰৰ ভিতৰত আটাইতকৈ শিক্ষিতা। দুই নম্বৰ ল’ৰাটো আই টি আই পঢ়ি এতিয়া টি ভি মেকানিক। সি ইয়াত নাথাকে। বিয়া-বাৰু কৰোৱাৰ পাছত শহুৰেকৰ ঘৰৰ ওচৰতে টি ভি ভাল কৰা দোকান এখন খুলিছে। এতিয়া হেনো সি ম’বাইল ফোনো ভাল কৰে। ডাঙৰ জীয়েকক এ এছ টি চি বাছৰ কণ্ডাক্টৰ এজনে বিয়া কৰালে। সিহঁত ইয়াতে থাকে। সৰু জোঁৱায়েক স্কুলৰ শিক্ষক। সিহঁত থাকে ছিপাঝাৰত। ডাঙৰ ল’ৰাটোৱে কোনোমতে হায়াৰ ছেকেণ্ডাৰী পাছ কৰি বহুদিন অনাই-বনাই ঘূৰি ফুৰিছিল। এতিয়া বাপেকে ঘৰৰ সন্মুখতে গেলামালৰ দোকান এখন খুলি দিছে। সি বিয়া-বাৰু কৰাই ঘৰতে আছে। আগতে হেনো মাজে মাজে এটুপি ধৰিছিল। বিয়া কৰোৱাৰ পাছত সম্ভৱ এৰিলে। তাৰ আয় বোধকৰোঁ বৰ ভাল নহয়। কলিতাইহে এই বয়সতো নিজৰ পৰিবাৰৰ উপৰিও পুতেকৰ পৰিয়ালকো খুৱাব লাগে, নাতিয়েক দুটাক বিহুৱে-পূজাই কাপোৰ দিব লাগে। অৱশ্যে তেওঁ ডাঙৰ পুতেকক কৈয়েই দিছে, ‘ঘৰত খোৱাৰ কথা আৰু মোৰ এই নাতিহঁতৰ খৰচৰ কথা তহঁতে চিন্তা কৰিব নালাগে। তই তোৰ আয়েৰে নিজৰ আৰু ঘৈণীয়েৰৰ খৰচৰ কথা চিন্তা কৰ।’
    মাজে মাজে কলিতা আমাৰ ঘৰলৈ আহে। কথা পাতে, ঘৰুৱা সমস্যাবোৰ কয়। মানুহজন খাৰাংখাচ। কেতিয়াবা আমাক কৈ দিয়ে, ‘বেয়া নাপাবা ভাই। মোৰ কিন্তু তোমালোকলৈ হিংসা, ঈৰ্ষা সকলো হয়। ল’ৰা-ছোৱালীকেইটা ভাল হ’ল বাবেইতো তোমালোক ইমান আৰামেৰে থাকিব পাৰিছা। টকাৰ চিন্তা নাই, স্বাস্থ্য ৰক্ষাৰ চিন্তা নাই, গাড়ী-ঘোঁৰা-ড্ৰাইভাৰৰ চিন্তা নাই। ঈশ্বৰে নকৰক, কেতিয়াবা যদি তোমালোকৰ সামান্য কিবা বেয়াও হয়, তেন্তে বুজিবা যে মোৰ দৰে চকুচৰহাৰ চকু পোৰাৰ বাবেই তেনে হ’ল।’ মই তেওঁক আশ্বস্ত কৰিবলৈকে কওঁ, ‘আমাৰনো ক’ত ভাল? মোৰ দেখোন ছুগাৰ আছে। সদায় চেক কৰি থাকিব লাগে।’ কলিতাই তপৰাই কয়, ‘মোৰ হ’বলা নাই বুলি ভাবিছা। মাজে মাজে গাটো ঘপকৈ যেনেদৰে বেয়া লাগে, নিৰ্ঘাত ছুগাৰ থাকিবই লাগিব। কিন্তু ভয়তে টেষ্টেই নকৰাওঁ। ছুগাৰ বেছি আছে বুলি জানিলেনো কি হ’ব? পাছৰখিনিৰ কথাও চিন্তা কৰিব লাগিব। ইমান দামী চিকিৎসাৰ খৰচতো বহন কৰিব নোৱাৰিম। সীমিত আয়েৰে নিয়মত চলিবও নোৱাৰিম। গতিকে মাজতে ষ্টেছনত ৰোৱাৰ কথা ভবা নাই। ঘপকৈ কিবা এটা হৈ সিপুৰী পোৱাৰ কথাই চিন্তা কৰি আছোঁ।
    কলিতাৰ সঁচাকৈয়ে বৰ কষ্ট। পুৱা নাতিয়েকক স্কুলত থ’ব লাগে, আবেলি আকৌ আনিব লাগে। দোকানখনৰ বাবে পুতেকৰ সময় নহয়, ঘৰুৱা কামৰ বাবে বোৱাৰীয়েকৰ সময় নহয়। পইচা বচাবলৈ বুলি থৈ আহোঁতে বা আবেলি আনিবলৈ যাওঁতে কলিতা ৰিক্সাত নাযায়। ৰং যোৱা ছাতিটো লৈ খোজ কাঢ়ে। নাতিয়েকৰ স্কুললৈ গ’লে তেওঁ আমাৰ ঘৰৰ আগেদিয়েই যাব লাগে। মই বাহিৰৰ বাৰাণ্ডাত বহি থাকিলে কেতিয়াবা মোৰ লগতে আহি খন্তেক বহি যায়। গৰমৰ দিনত সোমাই আহি কয়, ‘তোমাৰ ঘৰতে সোমাই ঠাণ্ডা পানী এগিলাচ খাই যাওঁ, আৰু এ চিৰ ঠাণ্ডাত অলপ বহি যাওঁ দিয়া। এইবোৰ সুখটো আমাৰ জীৱনত নহ’ব।’
    মাজতে দুদিনমান কলিতা অহা নাছিল, বাটতো মই দেখা পোৱা নাছিলোঁ। গতিকে মই এদিন খবৰ ল’বলৈকে গ’লোঁ। গৈ দেখিলোঁ কলিতা শয্যাশায়ী। মই যাওঁতে ডাক্টৰ আহিছিল। মাকক অলপ সময়ৰ বাবে গেলামালৰ দোকানখনত থাকিবলৈ কৈ বৰপুত্ৰও দেউতাকৰ লগতে আছিল, মানে ডাক্টৰৰ লগত কথাবোৰ আলোচনা কৰি আছিল। মোক দেখি সি ক’লে, ‘দেউতাই ক’ৰবাত নাম-প্ৰসংগলৈ গৈ বুট মাহৰ প্ৰসাদ খালে। তাৰ পাছত ফুড পইজনিং হৈ গ’ল। এতিয়া যথেষ্ট ভাল পাইছে। …ঠিক আছে, খুৰা, আপুনি অলপ বহকচোন। মই দৰৱকেইটা লৈ আহোঁ।’ সি ডাক্টৰৰ লগত ওলাই গ’ল। বোৱাৰীয়েকে কলিতাক ডাক্টৰে কোৱামতে কিবা পথ্য খুৱাই থৈ গ’ল। নাতি-নাতিনী দুটা ককাকৰ ওচৰতে বহি আছিল। সিহঁতক মৰমেৰে ওচৰ চপাই কলিতাই সেহাই সেহায়েই মোক ক’লে, ‘ইহঁতে আকৌ মোক মৰিবলৈ নিদিয়ে বুজিছা।’ মই ক’লোঁ, ‘ককাকক খুব ভাল পায় যেন পাইছোঁ।’ কলিতাই মুখ বেকেটাই কয়, ‘এঃ সেইবোৰ নহয়। ইহঁতৰ কথা হ’ল. মই মৰিলে ইহঁতে পেন্সনৰ টকা নাপাব, ছাৰ্ট-পেণ্ট, মৰ্টন-চানাচুৰ নাপাব। এইবোৰহে চিন্তা সিহঁতৰ।’ সিহঁতে লগে লগে প্ৰতিবাদ কৰিলে, ‘সেয়া নহয় দেই, ককা।’
    কলিতাৰ পুতেক-বোৱাৰীয়েক আমাৰ ঘৰলৈ তেনেকৈ নাহে। তেওঁৰ পৰিবাৰ কিন্তু কেতিয়াবা আহে। মানুহগৰাকী বেয়া নহয়। আমি ক’ৰবাত দূৰলৈ বিয়া খাবলৈ গ’লে আৰু তালৈ কলিতাহঁতকো মাতিলে তেওঁলোকক আমি আমাৰ গাড়ীতে বিয়ালৈ লৈ যাওঁ। তেওঁলোকে কয়, ‘ল’ৰা-ছোৱালীৰ বাবেই বুলি কৈছোঁ, দিয়াচোন। মানে তোমালোক সিহঁতৰ বাবেই ইমান ওপৰ পালাগৈ আৰু আমি আমাৰ সন্তানৰ বাবেই ইমান তললৈ গ’লোঁ যে আচলতে আমাৰ মাজত ইমান মিল থাকিবই নালাগে।’ শুনি ভাল পালেও মই বাধা দি কওঁ, ‘সেইবোৰ বাদ দিয়াহে। আমাৰ লগত আগৰেপৰা সহপাঠী আৰু সহকৰ্মী বুলিহে সম্পৰ্ক আছিল। সেই সম্পৰ্ক মৰাৰ দিনলৈকে অটুট থাকিব।’
    প্ৰতি বৃহস্পতি আৰু দেওবাৰে জী-জোঁৱাইৰ লগত আমি কম্পিউটাৰ আৰু কেমেৰাৰ যোগেদি সন্মুখাসন্মুখিকৈ কথা পাতোঁ। নাতিটোও যেন আমাৰ বাবে ৰৈ থাকে। সি সদায় আমাক কিবা এটা নহয় কিবা এটা নতুন দেখুৱাবলৈ যত্ন কৰে। এদিন নতুন খেলনা দেখুৱাব, এদিন হয়তো দেখুৱাব নতুন পোছাক। এদিন দেওবাৰে সি আইতাকক ধুনীয়া শ্বাৰ্ট এটাকে পিন্ধি কেমেৰাৰ একেবাৰে সন্মুখলৈ আহি আইতাকক দেখুৱাই সুধিলে, ‘আইতা কোৱাচোন কেনেকুৱা লাগিছে?’ আইতাকে ক’লে, ‘বৰ ধুনীয়া। কিন্তু তুমি বুটামকেইটা মৰা নাই কিয়?’ তেওঁৰ হাতখন কম্পিউটাৰৰ স্ক্ৰীণৰ ওচৰলৈকে গ’ল। তাৰ গ্লাছত স্পৰ্শ কৰিহে তেওঁ হয়তো উপলব্ধি কৰিলে যে নাতি আছে সাত সাগৰ তেৰ নদীৰ সিপাৰে আৰু নাতিয়েকৰ ছাৰ্টৰ বুটাম মাৰি দিয়াটো তেওঁৰ বাবে কোনোপধ্যেই সম্ভৱ নহয়।
    এইবাৰৰ পূজাৰ ঠিক আগৰ কথা। কলিতা দুই নাতিয়েকক লৈ আমাৰ ঘৰৰ আগেদি ক’ৰবালৈ গৈছিল। মই আৰু শ্ৰীমতী বাহিৰতে আছিলো।মই কলিতাক সুধিলোঁ, ‘গোটেই পাৰ্টি লৈ ক’লৈ যোৱা?’ কলিতাই মুখ বেকেটাই ক’লে, ‘ক’লৈ যাবা আৰু! ইহঁতক হেনো পূজাৰ কাপোৰ লাগে। কালিৰ পৰা কুটুৰি আছে। পৰহি পেন্সনৰ টকা পালোঁ নহয়! এতিয়া সিহঁতক কাপোৰ, পুতলা, পিষ্টল, বেলুন কিনি দি তাৰ আধা শেষ কৰি আহোঁগৈ! পূজাত আকৌ দুই জী-জোঁৱায়ো পৰিয়াল লৈ অহাৰ কথা। সিহঁতৰ বাবেও পাৰিলে সৰু-সুৰা হ’লেও কিবাকিবি কিনিব লাগে। কেনেকৈ মিলাওঁ জানো? মাহৰ শেষত আকৌ তোমাৰ ওচৰত হাত পাতিবই লাগে নেকি?’
    ‘এঃ সেইটোনো কি কথা। দৰকাৰ হ’লে নিবা আৰু।’ মই ক’লোঁ।
    ‘ল’লেও মাত্ৰ কেইদিনমানৰ বাবে। অহা মাহৰ পেন্সন পালেই দি দিব পাৰিম,’ কলিতাই ক’লে।
    মই কলিতাক ভালদৰে জানোঁ। অভাৱ থাকিলেও তেওঁৰ স্বভাৱ নষ্ট হোৱা নাই। ধাৰ তেওঁ পৰাপক্ষত নলয়েই, আৰু ল’লেও সোনকালে সেই ধাৰ নমৰাকৈ শান্তি নাপায়।
    ‘খৰচৰ উপৰি খৰচ বুজিছা।’ কলিতাই কৈ গ’ল, ‘ঘৰটো সৰু। ইমানগাল মানুহ কেনেকৈ ধৰে? তোমালোকৰ নিচিনা দালান হোৱাহেঁতেন কথা বেলেগ আছিল। পূজাৰ কেইদিন ঢালাই বিছনাই কৰিব লাগিব। এওঁ কৈছে মাটিত পাৰিবলৈ দুখনমান তোছক কিনিব লাগে। মইনো বাৰু কেনেকৈ কিনো? তথাপি চাওঁ। দাম বেছি হ’লে টেণ্ট হাউছৰ পৰা ভাৰাতে ল’ম নহ’লে।’
    ‘দৰকাৰ হ’লে আমাৰ ঘৰৰপৰাই নিব পাৰিব। আমাৰ সেইবোৰ এনেয়েহে পৰি থাকে।’ এওঁ ক’লে।
    মই তৎক্ষণাত শ্ৰীমতীলৈ ঘূৰি চালোঁ। এওঁ বাৰু কিবা দুখত বা আক্ষেপত কৈছে নেকি? বা সৰুকৈ হ’লেও হুমুনিয়াহ কাঢ়িছে নেকি? …নাই, তেনে ভাব নাই। বোধকৰোঁ এওঁ আনক সহায় কৰাৰ সু-উদ্দেশ্যতে কৈছে।
    ‘নাই নাই। আপোনালোকক ইমান দিগদাৰ নিদিওঁ। কিবা এটা কৰি মিলাম আৰু।’ কলিতাই এওঁক ক’লে। তাৰ পাছত মোলৈ চাই ক’লে, ‘কাম বহুত আছে। যাওঁ দিয়া। পাছত লগ পাম।’
    কলিতা আগবাঢ়ি যোৱাৰ পাছত মই কিছু দেৰি সেইফালেই চাই থাকিলোঁ। আমাৰ ঘৰত ঠাই-বিছনাৰ অভাৱ নাই। কিন্তু আপোন কোন আহি থাকিব? কাৰ ইমান সময় বা সুবিধা? হওঁতে আমাৰ হাতত টকাৰো অভাৱ নাই। কিন্তু পূজাত কাৰ বাবে কি কিনিম? কেনেকৈ দিম? কোনে আমাক কিবা খুজি কুটুৰি থাকিব? পূজালৈকে বা কাৰ লগত যাম? নাতি-পুতি… ।
    মই শ্ৰীমতীলৈ চালোঁ। তেৱোঁ যেন কিবা চিন্তা কৰি আছে। মই তেওঁক সুধিলোঁ, ‘মই যিবোৰ কথা চিন্তা কৰিছোঁ, তুমিও সেইবোৰকে চিন্তা কৰি আছা নেকি?’
    প্ৰশ্নটো নিঃসন্দেহে অবান্তৰ বা অৰ্থহীন হ’ল। মই কি চিন্তা কৰি আছোঁ, মই নোকোৱাকৈ তেওঁ কেনেকৈ জানিব? কিন্তু তেওঁ তেনেই সহজ প্ৰশ্ন এটাৰ উত্তৰ দিয়াৰ দৰে ক’লে, ‘অঁ!’
    ‘সিহঁতক ভালদৰে পঢ়ুৱাই-মেলি বা ভুলেই কৰিলোঁ নেকি?’ মই স্বাৰ্থপৰৰ দৰে ক’লোঁ।
    মোৰ প্ৰশ্নৰ উত্তৰ নিদি তেওঁ যেন নিজকে ক’লে, ‘কিছুমান সুখ আমি হয়তো কেতিয়াও নাপাম।’
    ‘হয় দিয়া।’ এটা হুমুনিয়াহ মোৰ ডিঙিৰে উজাই আহিল।
    শ্ৰীমতীয়ে একো নামাতিলে।
    ‘দুখৰো হয়তো সুৰভি থাকে। আৰু সুখৰ মাজতো কাঁইট থাকে।’ মই দাৰ্শনিকৰ দৰে ক’লোঁ।
    তেওঁ এইবাৰো একো নামাতিলে। কেৱল দিগন্তলৈ চাই থাকিল। সেইফালে চাই থাকিয়েই তেওঁ হয়তো দুখৰ সুৰভি কি বুজিবলৈ যত্ন কৰিছে আৰু… আৰু সুখৰ কাঁইটে হয়তো মোৰ দৰে তেওঁকো বিন্ধিছে।