চিকাডা : অপু ভৰদ্বাজ

সাংঘাটিক একো ঘটা নাছিল। প্ৰচণ্ড শিলাবৃষ্টি অথবা ডেইপুৰি নিয়া প্ৰখৰ ৰ’দ। সেই বিশেষ দিনটোত কাকতৰ হেডলাইনবোৰো আছিল অনাকৰ্ষণীয়। কোনো গ্ৰেটমেনৰ আবিৰ্ভাৱ কিম্বা তিৰোভাৱ তিথিও নাছিল সেই দিনটো। মুঠতে নিতান্তই এটা সাধাৰণ দিনৰ মামুলি ঘটনা আছিল ৰঘু কোঁৱৰৰ জন্ম। ৰঘু জন্ম হোৱাৰ দিনা অমুকক বৰলে বিন্ধিছিল, ৰঘু জন্ম হোৱাৰদিনা অমুক কৌষ্ঠকাঠিন্য ৰোগত ভুগিছিল- এনেধৰণৰ ঘৰুৱা কোনো সৰু-সুৰা ঘটনা ঘটা বুলিও কোনেও শুনা নাই। জাষ্ট ডেলিভাৰী পেইন…. এণ্ড আফটাৰ অল নৰমেলী বৰ্ন এ বেবী।
ৰঘু কোঁৱৰৰ ল’ৰালিৰ কোনো শ্ৰুতিমধুৰ গল্প নাছিল। ৰঘু যদি অতিমাত্ৰা অঘাইটং হ’লহেতেন! অংক অথবা ঢোলবাদনত ৰঘুৱে যদি পাৰ্গতালি দেখুৱালেহেঁতেন! চিত্ৰাংকণ নাইবা ফুটবল খেলত যদি ৰঘুৰ বৰ ৰাপ হ’লহেতেন!…. পিছে, ওঁহো, নহ’ল। চৰাইবোৰ অথবা পখিলাবোৰে ৰঘুক বৰ বেছি মুগ্ধ কৰা নাছিল। মোজাৰ্টে সাত বছৰ বয়সত কি কৰিছিল ? পিয়ানোত মধুৰ সুৰ তুলি ৰজাক স্তম্ভিত কৰা নাছিলনে? নাই, নাই, সেইবোৰ ৰঘুৱে কৰিব পৰা নাছিল।
ৰঘু কোঁৱৰ যদি নিৰুদ্দেশ হ’লহেতেন ! হেৰাল আৰু দহ বছৰ নাপাত্তা ! পিছে তেনেও নহ’ল। চিগাৰেট হুপি থাকোঁতে ৰঘু যদি দুৰ্ভাগ্যবশতঃ ধৰা পৰি গ’লহেতেন ! নাৰীৰ প্ৰতি যদি ৰঘুৰ তীব্ৰ আকৰ্ষণ থাকিলেহেঁতেন ! ৰঘুৱে যদি আত্মহত্যাৰ চেষ্টা কৰিলাহেতেন ! … পাছে এনে কোনো বেমেজালি নোহোৱাকৈয়ে ৰঘুৰ চেঙেলীয়া বয়সটো আধ্যা পৰিছিল।
.. ৰঘুৱে চিনেমাৰ হিৰো হ’বলৈ মুম্বাইলৈ পলাই যোৱাৰ পাং পাতিব পাৰিলেহেঁতেন, সহপাঠী জোনালী গগৈৰ প্ৰেমত হাবু-ডুবু খাই পৰীক্ষাত ফে’ল কৰিব পাৰিলেহেঁতেন ! হস্তমৈথুনৰ অভ্যাসৰ ফলত ৰঘুৰ স্বাস্থ্য হানিতো হ’ব পাৰিলেহেঁতেন ! আন নহ’লেও ৰঘুৱে জধেমধে কবিতাকে লিখাৰ চেষ্টা কৰিব পাৰিলেহেঁতেন… ! কিন্তু ৰঘুৰ বয়স পঁচিশ অতিক্ৰম কৰাৰ পাছতো কোনো বদনাম নোলাল !  কোনো বিৰল সুখ্যাতিৰো দাবিদাৰ হৈ নুঠিল ৰঘু কোঁৱৰ।
ৰাশিফল আৰু বিজ্ঞাপন  পঢ়াৰ অভ্যাস হৈছিল বেকাৰ ৰঘু কোঁৱৰৰ। ইণ্টাৰভিউ দি বিৰক্ত হোৱা নাছিল এই যুৱক। চাকৰিৰ বাবে ঘোঁচ বিচাৰোঁতে যদি দালালৰ নাকত ৰঘুৱে ঘোচা বহুৱাব পাৰিলেহেঁতেনে, তেতিয়া দহে চাব্বাছ বুলিলেহেঁতেন, চৰ্চা হ’লহেঁতেন ! পিছে তেনে কোনো অঘটন নঘটিল। ব্ৰেইন ড্ৰেইনৰ কবলত পৰিবলৈ ৰঘু কোঁৱৰৰ লাওখোলা ইমান সাৰুৱা নাছিল। তেওঁৰ চাৰ্টিফিকেটজাপ নাছিল অসাধাৰণ সম্পদ। গতিকে কিছু ধন দি কেৰাণীৰ চাকৰি এটা ক্ৰয় কৰিছিল ৰঘু কোঁৱৰে। চুপ-চাপ জিন্দেগী সুকলমে চলাই গৈছিল ৰঘু কোঁৱৰে। দুই-এপইচা উপৰুৱা অৰ্জন কৰি শীঘ্ৰে পৈণত কেৰাণীত পৰিণত হৈছিল ৰঘু কোঁৱৰ। লাখ টকাৰ কেলেংকাৰি কৰিবলৈ ৰঘুৰ পিত নাছিল ! খবৰ কাগজত বাতৰি ওলোৱা নাছিল। মোকৰ্দমাৰ লেঠা লগা নাছিল ৰঘু কোঁৱৰৰ। 
ৰঘু কোঁৱৰে কাহানিও কোনো মিটিঙলৈ যোৱা নাছিল। আমন্ত্ৰণো পোৱা নাছিল, উপযাচিও যোৱা নাছিল। কোনো পূজা সমিতিৰ ছেক্ৰেটাৰী হোৱাৰ চাঞ্চ পোৱা নাছিল ৰঘু কোঁৱৰে। আনকি তেওঁ কোনো সমিতিৰ সদস্য হোৱাৰ যোগ্য বুলিও কোনেও ভবা নাছিল। চহৰখনত ৰঘু কোঁৱৰক চিনি পোৱা মানুহ আছিল খুবেই কম। তেওঁ কাকো একো দান দিয়া নাছিল। সামৰ্থ্য আছিল, নাছিল আগ্ৰহ। চান্দা দিওঁতে তেওঁ তুমুল বা‍ক্‍-বিতণ্ডাত লিপ্ত হৈছিল। ৰঘু কোঁৱৰে আজৰি সময়ত উপন্যাস লিখিব পাৰিলেহেঁতেন, সেইবোৰ ছপা কৰি উলিয়াব পাৰিলেহেঁতেন! না, তেনে উদ্ভট চিন্তা তেওঁৰ মূৰত কাহানিও সোমোৱা নাছিল। হৰধনুৰ দৰে একোছা প্ৰকাণ্ড মোচ ৰখা হ’লে ৰঘু কোঁৱৰ জাকতজিলিকা হ’লহেঁতেনে ! কিন্তু ফেশ্বনৰ প্ৰতি ৰঘুৰ দুৰ্বলতা নাছিল। জুৱা খেলিব পাৰিলেহেঁতেনে ৰঘুৱে, মদ খাই বাতুল হৈ ভ্ৰমিব পাৰিলেহেঁতেনে, জালনোট ছপাব পাৰিলেহেঁতেনে- কৰা নাছিল, ৰঘু কোঁৱৰে জীৱনত কৰা নাছিল তেনে কোনো তামাচা।
ৰঘু কোঁৱৰক কেতিয়াও সাপে খোঁটা নাছিল। বাঘৰ মুখতো পৰা নাছিল ৰঘু কোঁৱৰ। সঁচাই-মিছাই মজাৰ ভূতৰ গল্প ক’ব নাজানিছিল তেওঁ। কোনো নেতাৰ ঘনিষ্ঠ নাছিল ৰঘু কোঁৱৰ। হাইপ্ৰেছাৰ বা ডায়েবেটিছত আক্ৰান্ত হৈ যোৱা-থোৱা অৱস্থা হোৱা নাছিল ৰঘু কোঁৱৰৰ।
এই বৈচিত্ৰ্যহীন মানুহটোৱে এদিন খোজা-বঢ়া কৰি বিয়াখন সাতজোৰা মাৰি পাতিছিল। ৰঘুৰ যদি চিফিলিছ হ’লহেঁতেন ! তেওঁৰ কৰঙনেদি যদি তেজ-পূঁজ ওলালহেঁতেন ! গণিকা খঁকুৱা বুলি ৰঘু কোঁৱৰৰ বদনাম ওলালহেঁতেন ! বেচেৰী ঘৈণী পলাই পত্ৰং দিলেহেঁতেন, শহুৰেকৰ ঘৰৰ পৰা টেলিফোন কৰিলেহেঁতেন- ‘লম্পট, ডাইভোৰ্চ বিচাৰিছোঁ…।’ ফাল্টু, কামুক- খুচীমতে পৰিচিত মানুহবোৰে যা-তা ক’লেহেঁতেন। কিন্তু ৰঘুৰ লাইফত এইবোৰ একো নহ’ল। এবছৰ গ’ল, ৰঘুৰ সন্তান হ’ল। সেই সন্তান যদি বান্দৰ পোৱালিৰ দৰে হ’লহেঁতেন ! চুটি হ’লেও তাৰ যদি এডাল নেজ থাকিলহেঁতেন- তেন্তে ঘটনাই কোনদিশে মোৰ ল’লেহেঁতেন ক’ব নোৱাৰি। পিছে তেনে  নাভূত–নাশ্ৰুত একো নহ’ল। সন্তান এদিন ডাঙৰ হ’ল , ধন ঘটিলে, সংসাৰ পাতিলে। ৰঘু বুঢ়া হ’ল আৰু এদিন মৰি থাকিল।