অপত্য : অতুলানন্দ গোস্বামী

কোনে নামটো দিছিল কল্পই মনত পেলাব পৰা নাই। হাঁহিৰাম। কিন্তু অকনো হেনস্থাৰে নহয়। আমাৰ ৰাজ্যপাল এজন, মুখ্যমন্ত্ৰীজনা, এওঁলোককো হাঁহিৰাম আখ্যা দিয়া হৈছে। মোৰ বন্ধু অধ্যাপক এজনকো আমি হাঁহিৰাম বুলিয়ে মাতিছিলোঁ – মুখখন মেলিলেই হাঁহিটো ওলায় বাবে। অথচ আমাৰ হাঁহিৰাম যে? ভাত ৰান্ধিছিল! তাৰ নামটোহে চাবেক, মুখত হাঁহিৰবাবে নহয়। সি এতিয়া পাচলিৰ বেপাৰ কৰিছে। বিয়া কৰালে। এদিন ঘৈণীয়েকক লৈ আহিছিল। মই ধেমালি কঅৰি সুধিছিলো – “ই বাৰু এতিয়া হাঁহেনে মাজে সময়ে? নামটোহে তাৰ হাঁহিৰাম!”
দুয়ো হাঁহিছিল। মৰম লগাকৈ হাঁহিছিল। মুদ্ৰাদোষ হিচাপে নহয়।
এই মানুহজনৰ মুখতো হাঁহিটো প্ৰায় থাকেই। কল্পৰ দোকানৰ পৰা সদায় এটকাৰ আমলখিৰ পেকেট এটা কিনে। সদায়মানে যিদিনাই আহে। টকাটো দিওঁতেও হাঁহি এটা মাৰে। বৰ মিঠা হাঁহিটো। কৃত্ৰিমতাৰ চিন নাথাকে। বগা চুৰিয়া চোলাৰে সম্ভ্ৰম ওপজাব পৰা চেহেৰা মানুহজনৰ। হাতত সেইদিনাৰে কোনোবা কাগজ এখন। সেইখনকে মেলি লৈ বাছষ্টপৰ পকী বেঞ্চখনতে বহে বেছ কিছু সময়। আমলখিৰ পেকেটটো খুলি দুটা বা তিনিটা টুকুৰা মুখত লৈ থাকে।  
বাছষ্টপটো ধুনীয়াকৈ সজাই দিছে কাষৰ বিশাল চৌহদজুৰি থকা নতুনকৈ বহা কোম্পানীটোৰ কৰ্তৃপক্ষই। একেদৰে বিশাল পাঁচমহলীয়া কাৰ্যালয় ভৱনটোৰ চাকচিকৰ লগত ৰজিতাখোৱাকৈ ষ্ট’পটোৰ চালি, বেৰ, গোটেইবোৰ সুন্দৰকৈ সজাই দিছে। চালিৰ ওপৰত, কাষৰ বেৰত কোম্পানীৰ বিজ্ঞাপন।  
এইবোৰ সাজিবলৈ আৰম্ভ কৰাৰ পৰাই কল্পই অকণমানকৈ দোকান এখন খুলি লৈছিল।মেজ এখনৰ ওপৰত এগালমান বটল, বৈয়াম আৰু দুটা খুঁটিৰ মাজত সূতা বান্ধি এতিয়া ওলোৱা অলেখ অকণ অকণ পেকেট। তাৰ মাজত পাণ মছলা আছে। সৰুকৈ কটা মিঠা চুপাৰি আছে। চাদা আছে আৰু আছে, সেই যে ক’লো শুকান আমলখিৰ টুকুৰা। সিও তাৰ মেজৰ ওপৰত পতা দোকানখন যিমান পাৰে সজাই লৈছে।
বাছষ্টপটোত এতিয়ালৈকে পৌৰসভাই কোনো মগনীয়াক পট্টন দিয়া নাই। শুক্ৰেশ্বৰ মন্দিৰৰ ওচৰত ধৰ্মপ্ৰাণ মগনীয়াসকলেহে পাইছে সেই সুবিধা। বাটৰ কাষৰ লোহাৰ জেওৰাতে কানি – কাপোৰ মেলি থোৱা সকলো মন্দিৰ যাত্ৰীৰ উপৰি অন্যৰ বাটৰুৱাই দেখি থাকে।
এইটো বাছষ্ট’পটো কিন্তু নিকা হৈয়ে আছে এতিয়াও। তাত অৱশ্যে কল্পৰো কিছু অৰিহণা নথকা নহয়। সি গ্ৰাহকে পিক পেলাবলৈ সুবিধা পোৱাকৈ চূণে ধঁপাতে সানি পাণ বিক্ৰী নকৰেই। সিদ্ধান্তটো তাৰ নিজৰ। টফি, চকলেট কিনা গ্ৰাহকো নোহোৱা নহয়। 
আৰু এইজন তাৰ প্ৰায় নিয়মিত গ্ৰাহক। পুৱা আঠমান বজাৰ পিছতে আহি ওলায়হি। সদায় নহয়, সেই মাহেকত দুদিন বা এদিন। কিন্তু সেইদৰেও যোৱা প্ৰায় এবছৰ দেখিছে তেখেতক কল্পই। প্ৰথমতে সি ভাবিছিল নিশ্চয় তেখেতে ওচৰতে থকা ইংৰাজী মাধ্যমৰ স্কুলখনত নাতি-নাতিনী কাৰোবাক থ’বলৈ আহে। পিছে হ’বই নোৱাৰে। সেইটো কাম কৰিবলৈ আহিলে আৰু কিছুদূৰ আহি এইখিনিত বহিবলৈ আহিব কিয়? আৰু যদি হয়েই স্কুলৰ কামটো কৰি লগে লগে নিশ্চয় ঘুৰিও যাব। 
কল্পৰ লগত, মাতে কথাৰে নহ’লেও সেইকণ সান্নিধ্যৰ যোগেদিয়েই এটা সম্পৰ্কৰ গঢ় লৈছিল মানুহজনৰ। 
কিন্তু মানুহজননো কোন?
কল্পই ধৰিব পৰা নাছিল। সুধিবলৈকো সিমান অন্তৰংগ হ’বলৈ সি সুবিধা কৰিব পৰা নাছিল। আলেঙে আলেঙে থাকিয়ে মানুহজনৰ উপস্থিতিক মানি লৈছিল সি। সি মন কৰিছিল, মানুহজনে কাগজখন চায় অলপ সময়। মানুহৰ যাতায়ত বাঢ়িলে বা কাষৰ সেই কাৰ্যালয়ৰ চৌহদলৈ মানুহৰ সমাগম বেছি হ’লে এটা সময়ত উঠি যায়। অলপ দূৰ খোজকাঢ়ি গৈ ঘাইপথ পাৰ হৈ সিফালৰ বাছষ্ট’পটো পায়গৈ। 
কিছুদিনৰ পৰা তাৰ যেন চকু পৰিছল, সেই কাৰ্যালয়ৰ বিশাল গেটখন খোলাৰ শব্দ হ’লেই মানুহজনে সেইফালে চায়। মেনেজিং ডিৰেক্টৰৰ গাড়ীখন সোমালে আকৌ ডাঙৰ গেটখন বন্ধ কৰি দিয়ে। কাষৰ সৰু গেটখনেৰে মানুহ সোমাব পাৰে। সেইফালে ওলোৱা সোমোৱা মানুহবোৰৰ ৰেহৰূপ চাবলৈহে যেন মানুহজন বহে কিছু সময়। সেইদৰে ভাবিবৰ প্ৰয়োজনেই নাছিল, যদিহে মানুহজনৰ এই ব্যৱহাৰ প্ৰায় নিয়মিত নহ’লহেঁতেন।
কল্পই জানিব খুজিলে নামটো তেখেতক সুধিও ল’ব পাৰিলেহেঁতেন। জগদীশ মহন্ত মানুহজনৰ নাম। চৰকাৰী চাকৰি এটাই কৰিছিল। অৱসৰ পালে। বৰ সুন্দৰ সুখৰ সৰু পৰিয়াল। ল’ৰা ছোৱালী এহাল। ছোৱালীজনী ডাঙৰ। সিহঁততে প্ৰাণ মানুহজনৰ। সিহঁত দুটাৰ বাবেই কৰিব পৰা সকলোখিনি কৰিলে। 
চাকৰি সূত্ৰে ৰাজ্যৰ বিভিন্ন নগৰত থাকিবলগা হৈছিল মহন্তৰ। সেইদৰে থাকিও ল’ৰা ছোৱালীহালৰ বাবে দিব পৰা গোটেইখিনি সময় দি সিহঁতক সংগ দি পোৱা আনন্দই তেওঁৰ জীৱনকে ধন্য কৰিছিল। 
সিহঁতৰ কাপোৰ কানিৰ জোখবোৰ কেতিয়া সলনি হ’বলৈ ধৰিলে, তেওঁ যেন গমেই নাপালে। ছোৱালীয়ে মেখেলা চাদৰ বা চেলোৱাৰ কামিজ পিন্ধিবলৈ লোৱাৰ পিছতো এদিন তাইৰবাবেকিনি অনা কিবাছবি থকা কমিকৰ কিতাপ এখন দিবলৈ লওঁতে থমকি ৰ’ব লগা হ’ল, জীয়েকে যেতিয়া হাঁহি মাৰি সুধিছিল – ‘এইখন কালৈ আনিছে দেউতা?’ 
মহন্তই যেন মানি ল’ব খোজা নাছিল তাইৰ সেইবোৰ কমিক পঢ়া বয়স পাৰ হৈ গ’ল কেতিয়াবাই। 
অথাপি দিনবোৰ ধৰি ৰাখিবৰ মন গৈছিল মহন্তৰ। ল’ৰাটোৰ অকণ অকণ হাফপেণ্ট দুটা, বনিয়ন দুটা এদিন ধুনীয়াকৈ জাপি আলমাৰীত থকা নিজৰ কাপোৰৰ জাপৰ তলত ভৰাই থ’বলৈ লওঁতে সিহঁতৰ মাকে দেখিলে। সুধিলে – “কি কৰিবা সেইবোৰেৰে?”
‘থকচোন দিয়া; এনেয়ে চুই চাবলৈকে ভাল লাগিব এদিন।‘ মাকে একো কোৱা নাছিল। 
আচলতে সৰু ল’ৰা ছোৱালীৰ কাপোৰবোৰ বেয়া নহয়েই তেনেকৈ। সিহঁতহে বাঢ়ে সোনকালে। কাপোৰবোৰ সৰু হৈ যায়। ভাই ভতিজাৰ ল’ৰা ছোৱালীয়ে পিন্ধিব পৰা বয়স হ’লে সহজে সেইবোৰ হাত সলনি হয়।
ক’ব নোৱাৰাকৈয়ে দিনবোৰ পাৰ হৈ গৈছিল। ল’ৰা ছোৱালীহালেও বুকু জুৰাই থাকিয়ে ডাঙৰ হ’বলৈ ধৰিলে। পঢ়া শুনা কৰিলে। প্ৰথমিক ডিগ্ৰীকেইটা সহজেই পালে দুয়োটাই। ছোৱালী সময়ত এম এ হ’ল। ল’ৰা গ’ল গুজৰাটলৈ। 
ছোৱালীজনীয়ে কলেজএখনত কাম এটা পাইছিলহে। অৱশ্যাম্ভাৱী পৰিবৰ্তন আহিল। চকুত পৰা শিক্ষিতা ছোৱালী। ঘৰখন ভাল। অকণো আহুকাল নোহোৱাকৈ তাইৰ বিয়াখন হৈ গ’ল। আৰু মহন্তৰ চাকৰি কালৰ অন্ত পৰিল। 
সেইবাবে কিন্তু ল’ৰাৰ পঢ়াত অসুবিধা নহ’ল। সি বৃত্তিমুলক বাচনি পৰীক্ষা এটাত সফল হৈ প্ৰযুক্তিবিদ্যাৰ উচ্চশিক্ষা এটা ল’বলৈ সুবিধাপালে। প্ৰচুৰ সম্ভাৱনা থকা শিক্ষা।
পৰিয়ালটোৰ আনন্দ পাৰ ভাঙি গ’ল। সন্তানৰ ভাগ্য দেখি বহুতে যেনেকৈ আনন্দ প্ৰকাশ কৰিছে, এচামে মুখেৰে হাঁহি পেটে ঈৰ্ষা নকৰা নহয়। সেইসকলৰ সৰহভাগেই কিন্তু আপোন মানুহ।
এই আপোন মানুহবোৰ সদায়ে আচলতে আপোনহৈ নাথাকে। কোন কেনেকৈ কোন সময়তপৰ হৈ পৰে ধৰিব নোৱাৰি। মানৱ চৰিত্ৰৰ এই দিশটো বিচাৰ কৰা বৰ টান। পৃথিৱীৰ অতি বিদগ্ধ মনস্তাত্বিকে যদি কৰিছেও আপোনাৰ আমাৰ দৰে সাধাৰণ লোকে সেইবোৰৰ ভূ নাপাওঁ। 
ল’ৰা ছোৱালীৰ সাফল্যৰ আনন্দত ভোল গৈ আছিল পৰিয়ালটো। ছোৱালী আহে জোঁৱাইক লৈ। ছেমেষ্টাৰ একোটা শেষ হ’লে ল’ৰাও আহে দহ পোন্ধৰদিন থকাকৈ। একেবাৰে সাং কৰি ওলাবলৈ দুবছৰ আছেই। 
বাই ভাই একেলগে থাকিলে ঘৰখন উৰি থাকে। মহন্তই আনে দেখাকৈ বৰকৈ স্ফুৰ্তি নকৰিলেও তেখেতৰ মুদ্ৰাদোষৰ দৰে মুখত হাঁহিটো কিন্তু মাৰ নাযায়। মাক কিন্তু বেলেগ। তেখেতেমাটিত ভৰি নিদিয়ে। বতাহত উৰি ফুৰে ইটো কোঠাৰ পৰা সিটোলৈ। 
পুতেক ঘূৰি যোৱাৰ পিছত কেবাদিনলৈকে ঘৰখন নিজম হৈ পৰে। উকা উকা লাগে। কাম যেন নায়েই ঘৰখনত একো! জীয়েকো এদিন যাবগৈ নিজৰ ঘৰলৈ। 
সেইদৰেই দিনবোৰ গৈ থাকে। তাৰ মাজতে আকৌ খদমদম লাগে ঘৰখনত। প্ৰথমটো নাতিৰ আগমন হ’ব। আগে পিছে একেবাৰে উত্সৱৰ থলী হৈ পৰিল। কিমানবোৰ যে কাম, কিমান লেঠা, কিমান আঁচনি। জোঁৱাইৰ মাকো আহি থাকিলহি কিছুদিন। 
ছোৱালী এজনী হ’ল। বিয়নীৰ বাহিৰে কাৰো মনত সেইবাবে অকণো কুণ্ঠাৰ ভাৱ দেখা নগ’ল। গুজৰাটলৈ খবৰ গ’ল ভাগিনী এজনী হোৱা বুলি। পিছদিনাই নহ’লেও দুদিনমানতে অভিনন্দনপূৰ্বক বাতৰি এটা আহিব লাগিছিল। সকলোৱে আশা কৰিছিল সেইদৰেই। 
আশা কৰা মানুহবোৰে বুজা নাছিল যে তাৰ এইটোৱেই শেষ ছেমেষ্টাৰ। সেইটো শেষ হ’লেই সি আজৰি হ’ব। আজৰি হৈয়ে বোলে সিহঁতে কামো পাব। আজিকালি নিয়ম হৈছে বহুজাতিক কোম্পানীবোৰে হেনো শিক্ষানুষ্ঠানতে নিৰ্বাচন কৰে তেওঁলোকক লগা বুদ্ধিমান লোক। দেশীয় ডাঙৰ কোম্পানীয়েও বোলে কৰা হৈছে  তেনে নিৰ্বাচন – কেম্পাছ ছিলেকছন, বাৰীতে বছা বুলিও ক’ব পৰা হয়। 
মহন্তৰ সুযোগ্য পুত্ৰকো, এতিয়ালৈকে গম পাই থকামতে, সেইমতই কোনোবা কোম্পানীয়ে নিয়োগ কৰিব বোলে। পুতেক নিশ্চিত। পৰিয়ালৰ সকলোৰে খবৰবোৰপাই থাকি বুকু ভৰি গৈছে। দুদিন বাট চোৱা, বিজয়ডংকা বজাই ল’ৰা ঘৰ পাবহি।
ডংকা বাজিছিল ঠিকই। ল’ৰাহেঘৰ ঘৰলৈ নাহিল। খবৰ এটা দিলে বৰ ভাল কোম্পানীত চাকৰি এটা পালে বুলি। লগে লগে কামত যোগ দিলে আহমেদাবাদত। বছৰ এটা পাৰ নোহোৱালৈকে ছুটি নাপায়। 
মিছা কথা! বায়েকৰ খং উঠিছিল। চাকৰি আৰু অইন কোম্পানীয়ে দিয়া নাই নেকি কাকো? এনেকৈ কামত যোগ দিবলৈকো সময় নিদিয়াকৈ ক’ৰ কোম্পানী সেইটো?
বাযেকৰ গোজৰণি কোম্পানীয়ে শুনা নাছিল। কোম্পানী সঁচাকৈয়ে ডাঙৰ, গোটেই দেশতে তাৰ শাখা-অফিচ আছে। অসমতো বোলে খুলিব এটা।
সেইবোৰলৈ সময় আছে। সি যে পঢ়ি থাকোতেই এনেকৈ কাম এটা পালে সেইটো জানো ভাল কথা হোৱা নাই? সেইটোতে আনন্দ পোৱাচোন সকলোৱে।
‘সি তাৰ ভাগিনীয়েকজনীক চাবলৈকো এবাৰ মন নকৰিলে-‘ বায়েকৰ অনুশোচনা সেইটোৱে। বৰ আশা কৰিছিল পৰীক্ষা দিয়েই সি ঘৰ পাবহি ঘৰ পোহৰ কৰি ৰখা কেঁচুৱা ভাগিনীয়েকজনী চাবলৈ। দেউতাক মাকক দেখা দিয়াটো তাৰ কৰ্তব্য নহয় জানো? সকলোৰে আশাত চেঁচাপানী ঢালিলে সি। 
চেঁচাপানী কিন্তু সঁচাকৈয়ে ঘটিৰে ঢালিব লগা হ’ল এদিন মাকৰ মূৰত। জীয়েকেই ভিতৰৰ পৰা আনি দিছিল। তাই কোলাৰ কেঁচুৱাটোকো ঘৰতে এৰি এদিন উধাতু খাই মাকৰ ওচৰ পাইছিলহি। দেউতাক আগফালে বাৰাণ্ডাতে বহি আছিল। মুখৰ হাঁহিটো আছিলেই মুখত। সুধিলে – ‘তই অকলেই আহিলি যে মাজনী।‘ 
‘আহিলো ৰ’বা, মাক কিবা এটা কওঁ।‘
মাক ওলাই আহিছিলেই। তেখেতৰ মুখতো সেই দেউতাকে সোধা প্ৰশ্নটোৱেই। মাকক একো উত্তৰ নিদি, সাৱট মাৰি দহৰি ভিতৰলৈ লৈ গ’ল জীয়েকে।
পিছফালে বাৰাণ্ডাতে পাৰি থোৱা চকী এখনত মাকক বহুৱাই লৈ জীয়েকে একো পাতনি নেমেলাকৈ কৈ দিলে – ‘পোনাই বিয়া ক’ৰালে, মা। তাতে, তাৰে ছোৱালী…’ বুলি কৈ নিজে মুখ ঢাকি কান্দি দিলে। 
মাক শিলপৰা কপৌজনীৰ দৰে থৰ লাগিল। মুৰটো আচন্দ্ৰাই কৰা যেন লাগিল। হাত এখন মূৰলৈ নি নিজেই হেঁচা মাৰি ধৰিলে। মুখত মাত নাছিল। জীয়েকে দেখি ভয় খালে। সাউতকৰে ভিতৰলৈ গৈ পানী এঘটি লৈ আহিলগৈ। 
বাহিৰত বহি থকা দেউতাকৰ মনটো চেবালে। জীয়েক অহাৰ ধৰনটো অলপ বেলেগ। নিশ্চয় কিবা এটা হৈছে। তাকে সোধো বুলি ভিতৰ সোমাই আহি দেখে জীয়েকে মাকৰ মূৰত পানী ঢালি আছে।
‘কি হ’ল মাজনী?’ – বুলি উত্কণ্ঠাৰে সুধিলে। 
‘একো হোৱা নাই দেউতা, ৰ’বা কওঁ তোমাক’। জীয়েকে ক’লে।
মহন্ত বহী দিলে ওচৰতে থকা চকীখনত। 
খবৰটো হৃদয়ংগম হ’বলৈ সময় লাগিছিল কিছু। সি বায়েকলৈহে খবৰটো দিলে। মাকক বা দেউতাকক জনাবলৈ নিশ্চয়সংকোচ কৰিলে। বায়েকেও কথাটো শুনিয়েচক খালে এটা। ‘পিছত কথা পাতিম, এতিয়া থ’ বুলি ফোনটো থৈ দিছিল। 
মাকৰ ঘৰলৈ যাওঁতে তেওঁলোকৰ ঘৰুৱা ডাক্তৰ, নগেন বৰুৱাকো মাতি থৈ গৈছিল দেউতাক মাকৰ প্ৰেচাৰটো চাই দিবলৈ।
হোৱাটো নোহোৱা কৰিব নোৱাৰি। মহন্তৰ মুখৰ হাঁহিটো একেই সাঁচ মৰা যেন হৈ থাকিল কিন্তু জনা মানুহে দেখি থাকিল সেইটো যেন কিছু মলিন হৈ পৰিল। মাকৰ ৰাংঢালী স্বভাৱটোও কৰুণ হ’ল। ঘৰলৈ মানুহ দুনুহ আহিলে ভালই লাগে যদিও সোধ পোছ কৰোঁতে যেন আগৰ উলাহ আদৰবোৰ কমি আহিল।
বায়েকে পিছত খবৰ কৰি গম পালে পোনাই বিয়া কৰোৱা ছোৱালীজনীয়েও তাৰ লগতে পঢ়িছিল আৰু তায়ো পোনাই কাম পোৱা কোম্পানীতে চাকৰি পাইছে। একেবাৰে সোণত সুৱগা চৰোৱা কথা।  
পৰিস্থিতি শাম কাটোতে সময় লাগিল। নতুন নাতিনীজনীৰমুখৰ কলকলনি ওলাবলৈ ধৰিলে। তাইক লৈ জীয়েক আহি গৈ থাকিল। আৰু তেনে এটা দিনতে গুজৰাটৰ পৰা খবৰ আহিল পুতেক বোলে অসমলৈ আহিব! বোৱাৰীও। 
মাকৰ উথপথপ লাগিল। কোঠা এটা খালী কৰি সজাবলৈ ল’লে। বয় – বস্তু দুই এপদ জোগাৰ কৰাৰ কথা ওলাল।
পিছে নালাগে। পোনা ঘৰত নাথাকেহি। আহিব মাক-দেউতাকক সেৱা এটি কৰিবলৈ। কিন্তু বোৱাৰীবোলে নাথাকিব ঘৰত। এ চি নাই বুলি জনা বাবে। 
উপায় নাই। সময় ধৰি ৰাখিবৰো উপায় নাই। 
মহন্ত সদায ঘৰা পৰা ওলাই যায় পুৱাৰ ভাগতে। ভাত খাবৰ সময়তহে আহে ঘূৰি। ক’লৈ যায় কাকো নকয়। পৰিবাৰকো নকয়, জীয়েকে এবাৰ সুধিছিল,তাইকো নকয়। যাওক যলৈকে যায়। ভালে ভালে ঘূৰি আহিলেই হয়। 
এদিন সেই বাছষ্টপটোতে বহিছিল কিছু সময়। সুন্দৰকৈ সজাই দিয়া জিৰণিৰ বাবে পকী চালি এখন। বহা বেঞ্চখনো নিমজ। তাতে বহে কিছু সময় মানুহজন। মুখত অৰ্থহীন হাঁহিটো আৰু হাতত কাগজ এখন। এবাৰ উঠি জেপৰ পৰা টকা এটা উলিয়াই কল্পৰ পৰা আমলখিৰ পেকেট এটা কিনে।
কল্প অভ্যস্ত হৈ পৰিছে। ‘আহিলে?’ বুলি প্ৰশ্ন এটাৰে সম্ভাষণ এটা জনায় যিদিনা আহে সিহঁতৰ সেই হাঁহিৰামজন। আহেই প্ৰায়। এটা সময়ত লাহেকৈ উঠি গুচি যায়। কাৰো লগত কথা পতা বুলি মনত পৰা নাই কল্পৰ।
কাৰণ তাক বেৰি ধৰি সুধিছিল আজি গোট খোৱা মানুহবোৰে। সি মাথো কৈছিল – ‘সৌ, সৌফালৰ পৰাই আহে সদায় তেখেত…”। 
‘সৌফালে’বুলি কিবা ঠিকনা বুজায় নেকি?
কল্পৰ পানীৰ জগটোকে আনি হাতেৰে লৈ ছাটি মাৰি দিছিল এজন মানুহে। আহে যদি চতনা ঘূৰক, ভালকৈ সুধি মেলি ঘৰত থৈ দিবগৈ।
কাগজ পঢ়ি থাকোতেই আজি দেখোন ঢলি পৰিল মানুহজন এফালে। কল্পৰ চকুত পৰিল। ‘কি হ’ল ছাৰ’ বুলি সি সাৰ পাইছিলহি। গোটেই মুখখন ঘামত তিতি গৈছে। কি কৰোঁ, কি নকৰোঁকৈ সি মহন্তৰ চোলাৰ জেপত হাত ভৰাই আছে যদি ৰুমালখন উলিয়াই আনিব খুজিলে। গোটখোৱা সকলোৱে দেখি আছিল।
হাতত উঠি অহাখন ৰুমাল নহয়। ধুনীয়াকৈ জাপি থোৱা অকণমান বনিয়ন এটা! পুৰণা, কোমল। 
ৰুমাল কৰিবলৈ সেইটোহে পালে মানুহজনে!
কাষৰ কোম্পানীৰ মুৰব্বীজন ঠিক সেই সময়তে কাৰ্যালয় পাইছিলহিঅ। গেটৰ মুখতে মানুহৰ জুমটো দেখি গাড়ীখন ৰখালে। ছিকিউৰিটিৰ মানুহজনে সুধিলে – ‘ কি হৈছে তাত?’
‘মানুহ এজন বেহুচ হৈ গৈছে, সা- ব!’
চাহাব নামি আহিল। চৌহদৰ বাহিৰত হ’লেও বাছষ্ট’পটো কোম্পানীৰ। খবৰ এটা লোৱা ভাল। 
ওচৰ চাপি থৰ হৈ গ’ল। ‘দেউতা’! অস্ফুট স্বৰে মাতষাৰ দিলে যদিও কল্পৰ বাহিৰে কোনেও ধৰিব নোৱাৰিলে। 
চাহাবে গাড়ীখন কাষলৈ আনিবলৈ দিলে। মেম চাহাবক নামিবলৈ দি মহন্তক গাড়ী তোলাই ল’লে। কল্পৰ খোকোজা লাগিল; মানুহজনৰ জেপত পোৱা সেই এখুঁদমান বনিয়ানটো চাহাবৰ হাতত দিলে লাজ পাব নেকি?
পোনাই দেউতাকৰ কাষতে বহি ড্ৰাইভাৰক নিৰ্দেশ দিলে ইন্টাৰনেচনেল হাস্পাতাললৈ যাবলৈ। সি হোতেল এৰি ভাৰালৈ লোৱা ফ্লেটলৈ এতিয়া যাব নোৱাৰে। মাকলৈকো খবৰ এটা দিয়াব লাগিব। 
আৰু তাক সময় লাগিব সেই কথাটো বুজিবলৈ যে দেউতাকে তাক এবাৰ চাবৰ বাবেই সেইদৰে বহি থাকেহি বাছষ্ট’পত। জেপত সি অকণমান হৈ থাকোতেই পিন্ধা, জোখৰ সৰু হৈ পৰা, তাৰ বনিয়ান এটা।