অপেক্ষাত উৰ্মিলা অথবা… : দেৱব্ৰত দাস 

উৰ্মিলা নামৰ ছোৱালী এজনীৰ গল্প এইটো। ছোৱালীজনীৰ কথা কেনেকৈ আৰম্ভ কৰোঁ? দেখিবলৈ তাই মোটামুটিভাৱে ধুনীয়া। অলপতে তাইৰ বিয়া হৈ গৈছে ডাক্তৰ এজনৰ সৈতে। গাৰ পৰা মাহ-হালধিৰ গোন্ধ এতিয়াও নাইকিয়া হোৱা নাই। বিয়াৰ পাছতেই ততাতৈয়াকৈ ততাতৈয়াকৈ গুচি আহিল তাই সীমাত নতুনকৈ বাঢ়িব ধৰা চহৰ এখনলৈ, য’ত জনজাতীয়, অ-জনজাতীয়, সকলো ধৰণৰ মানুহৰ বাস। ওচৰে পাঁজৰে চাওতালি আৰু নেপালী গাঁৱো আছে। আৰু আছে চাৰিওপিনে গভীৰ অৰণ্য, ওখ ওখ গছেৰে ভৰা। ঠাইখনৰ পৰিস্থিতি আজিকালিৰ অসমৰ জলন্ত ৰাজনৈতিক পটভূমিত অলপ অলপ বিপজ্জনক। ডাক্তৰ গিৰীয়েকক উৰ্মিলাই এইবাবেই সোনকালে এই ঠাইখনৰ পৰা অইন এঠাইলৈ ট্ৰেন্সফাৰৰ বাবে চেষ্টা কৰিবলৈ অনুৰোধ কৰিছিল। কিন্তু ডাক্টৰে বিশেষ কাণসাৰ নকৰিলে। কাৰণ, যোৱা কেইবছৰমান ধৰি নি:স্বাৰ্থভাৱে ঠাইখনৰ জনসাধাৰণলৈ আগবঢ়োৱা আশাশুধীয়া সেৱাৰ বাবে ডাক্তৰ আজিকালি অত্যন্ত জনপ্ৰিয় লোক। এনে জনপ্ৰিয় লোকৰো শত্ৰু থাকিব পাৰেনে? ভয় কৰিবলৈ একো নাই।
ঘটনাৰ দিনা ৰাতি ভাত খাই থাকোঁতই ডাক্তৰক খবৰ দিলেহি নন্দ কম্পাউণ্ডৰে – “ছাৰ, উজানপুল গাঁৱৰ কেচটো  ছিৰিয়াছ হেনো। মানুহ গাড়ী লৈ আহিছে। ডিছপেন্সাৰিত ৰৈ আছে।
ডাক্তৰে ‘অলপ ৰ’বা’ বুলি বাকীখিনি সনা ভাত গ্ৰোগ্ৰাসে গিলি হাত ধুবলৈ গ’ল। নন্দ আহোতেই উৰ্মিলাৰ গাটো জিকাৰ খাই উঠিছিল। গামোচাখন ডাক্তৰৰ পিনে আগবঢ়াই দি তাই ক’লে – “ এই ৰাতিখন ইমান দূৰৰ গাঁৱলৈ নগ’লেই নহয়নে? তাতে আকৌ কছাৰী গাঁৱৰ মাজেৰে পাৰ হৈ যাব লাগিব। ৰাতিপুৱালৈ যাম বুলি কৈ পঠিয়ালেওচোন হয়”।
ডাক্তৰে ক’লে – নাই, নাই, যাবই লাগিব। চিনাকি মানুহ, নগ’লে বৰ বেয়া কথা হ’ব। তোমাৰ অকলেথাকিবলৈ বেয়া লাগিলে নন্দৰ ঘৈণীয়েকক মাতি আনিবা। ইয়াতে শুই থাকিব। মই যিমান পাৰো সোনকালএ উভতি আহিম। 
ডাক্তৰ গ’লগৈ। পাকঘৰৰ কাম – কাজ অঁতাই উৰ্মিলাই ভাবিলে, নন্দৰ ঘৈণীয়েকক নামাতো। কেঁচুৱাকেইটাই আচহুৱা পৰিবেশ পাই কন্দা কটা কৰি জ্বলা কলা কৰি থাকিব। তাতকৈ অকলেই ৰাতিটো কটোৱা যাওক। অপেক্ষাত। যেতিয়ালৈকে তেওঁ ঘূৰি নাহে। উৰ্মিলাই দুৱাৰ খিড়িকীবোৰ ভালকৈ মৰা হৈছেনে নাই আকৌ এবাৰ চাই নি:সন্দেহ হৈ সমুখৰ কোঠাতে আৰামী চকীখনত বহি ৰ’ল, ওচৰতে ঊলৰ মোনাটো আৰু আলোচনী দুখনমান লৈ। অলপ পাছতে তাই ভাবিলে, টেপটোও লগাই দিয়া যাওঁক। কোঠাটোত ভাহি উঠিল অসমীয়া চিনেমাৰ গান।
এনেকৈয়ে তাই এতিয়া ডাক্তৰ উভতি নহালৈকে অপেক্ষা কৰি থাকিব। ডাক্তৰ যোৱা বেছি সময় হোৱা নাই। সেয়ে উৰ্মিলাই এতিয়া ‘মন হীৰা দৈ চাইকেল নহয়…’ জাতীয় গান শুনি শুনি নিশ্চিন্ত মনে গিৰীয়েকৰ বাবে ছুৱেটাৰ গুঠি থাকিব। আৰু এই সকাহতে মই ভাবি ল’ম, গল্পটোত ইয়াৰ পাছত কি ঘটোৱা যায়। মোৰ গল্পৰ নায়িকাজনী, অৰ্থাত উৰ্মিলা, তাইচোন তেনেই নতুন কইনা। বৰ্তমান গিৰীয়েকৰ প্ৰেমৰ, আদৰৰ, চেনেহৰ আতিশায্যত আপ্লুতা। তাইৰ এই নিশ্চিত ভাবনাহীন জগতখনত দুশ্চিন্তাৰ ধুমুহা বোৱাই দিবলৈ মোৰ অকণো ইচ্ছা যোৱা নাই। ছোৱালীজনীয়ে সংগীতৰ তালে তালে অকন অকনকৈ ভৰি লৰাই, চকুৰ দৃষ্টি আৰু দুহাতৰ আঙুলিত ধৰি ৰখা ঊলৰ শলা দুডালৰ গতি একনিষ্ঠ কৰি গুঠি আছে এটা ধুনীয়া চুৱেটাৰ। এনে সময়ত তাৰ মনত তাইৰ মনত, ডাক্তৰ গিৰীয়েকৰ বিপদৰ আশংকা উত্পন্ন কৰিবলৈ মোৰ মুঠেই সত যোৱা নাই। কিন্তু অসমৰ ৰাজনৈতিক বতৰটোৱেই এনেকুৱা যে মোৰ হাতত তাৰ বিকল্প উপায়ো নাই। জনজাতীয় অঞ্চলৰ মাজেৰে আজিকালিৰ এই সন্ত্ৰাসপূৰ্ণ দিনত অ-জনজাতীয় মানুহ কেইজনমান ৰাতি বিয়লি অকলশৰে নিৰ্ভয়ে পাৰ হৈ যাব, এই কথা কোনো গল্পৰ পাঠকে বিশ্বাস নকৰে।     
 সৌ সিদিনাৰ কথা। ওদালগুৰিৰ ওচৰৰ ঠাই এখনত মাতব্বৰ দৰে কেইবাবছৰো বাস কৰা বনবিভাগৰ বিষয়া এজনক ওচৰৰ গাঁও এখনৰ ৰাইজে জংঘললৈ লৈ গৈ দাৰে ঘপিয়াই হত্যা কৰিলে। তেওঁৰ দোষ আছিল, সেই গাঁওখনত এদিন ৰেইদ কৰিবলৈ আহি বাটতে এন্ধাৰ হোৱা বাবে আশ্ৰয় বিচৰা পুলিছৰ দল এটাক হেনো তেওঁ অফিচত এৰাতি কটাবলৈঅনুমতি দিছিল। পুলিছৰ দলটোৱে অৱশ্যে গাওঁখনত কম অত্যাচাৰ কৰা নাছিল। 
টে’পৰ গান কেতিয়াবাই শেষ হৈ গ’ল। ছুৱেটাৰ গুঠি গুঠি আমনি লগাত উৰ্মিলাই এইবাৰ আলোচনী এখন তুলি ল’লে। তাই পঢ়িব ধৰা গল্পটো এনেকুৱা – এখন অকলশৰীয়া ঠাইৰ পুৰণা ভগা ছিগা প্ৰাসাদ এটাত কেইবাটাও মৃতদেহ আৱিষ্কৃত হৈছে। পুলিছে সন্দেহ কৰে স্কুলৰ মাষ্টৰ এজনক, যিজনে তান্ত্ৰিক সাধনা কৰে শ্মশানলৈ গৈ। তেওঁক মাতি অনা হৈছে পুলিছ থানালৈ জবানবন্দী ল’বলৈ। এনেতে উৰ্মিলাৰমনত পৰি গ’ল গোৱালপাৰাৰ থানা এখনৰ অ’ চি তাইৰ সম্পৰ্কীয় ভিনিহিয়েক এজনৰ কথা। পৰীক্ষা দি উঠি আই কেইদিনমানৰ বাবে ফুৰিবলৈ গৈছিল বায়েক ভিনিহিয়েকৰ ঘৰলৈ। এদিন গধুলি সোনকালেই ঘৰলৈ উভতিল ভিনদেউ। বায়েকক সোনকালে ভাত ৰান্ধিবলৈ ক’লে। সেইদিনা হেনো জনজাতীয় সন্ত্ৰাসবাদী ছাত্ৰনেতা এজন ধৰা পৰিছে। গোটেই ৰাতি কুৱেশ্বনিং কৰা হ’ব। চহৰৰপৰা ছিনিয়ৰ অফিছাৰ এজন আহি পাবহি এতিয়া। সোনকালে ভাত খাই ভিনিহিয়েক ল’ৰালৰিকৈ গ’লগৈ। সেই ৰাতি কি কাৰণে জানো উৰ্মিলাৰ ভালকৈ টোপনি অহা নাছিল। বাৰে বাৰে তাই সাৰ পাই গৈছিল ডেকা এজনৰ আৰ্তনাদ শুনি। সিহঁতৰ কোৱাৰ্টাৰটো আছিল থানাৰ তেনেই কাষতে। আৰ্তনাদবোৰৰ পৰা উৰ্মিলাই অনুভৱ কৰিবলৈ চেষ্টা কৰিলে, কুৱেশ্বনিঙৰ নামত ডেকাজনৰ ওপৰত শাৰীৰিকভাৱে কিমান অত্যাচাৰ চলোৱা হৈছে। পাছদিনা পুৱা তাই ছয়াময়াকৈ দেখিলে মূৰত বেণ্ডেজ বন্ধা, নাক-মুখ ফুলি উঠা সোতৰ ওঠৰ বছৰীয়া ল’ৰা এটা।তাক ডাংকোলালৈ লৈ যোৱা হৈছে এম্বুলেঞ্চ এখনলৈ, খুব সম্ভৱ চিকিত্সাৰ বাবে। ৰাজনীতিৰ যিবোৰ মেৰেপেচে এনে সৰলমতীয়া সাহসী ল’ৰাবোৰক এনেকৈ আত্মঘাতী হ’বলৈ শিকাইছে, মনৰ মাজত অবিশ্বাসৰ বীজ সিঁচি, ওচৰচুবুৰীয়াক, আপোনজনক ঘিণাবলৈ শিকাইছে, পুলিচ অথবা সুৰক্ষাৰ নামত এনেকৈ অত্যাচাৰৰ বলি হ’বলৈ বাধ্য কৰাইছে, সেইবোৰ মেৰপেচলৈ তীব্ৰ ঘৃণা আহি পৰে তাইৰ মনে মগজুৱে। 
তাই আলোচনীখন গুচাই থলে। ঘড়ীটোলৈ চকু দিলে। চাৰে – বাৰ। তাই এইবাৰ উঠি গৈ চকুৱে মুখে অকনমান পানী মাৰিলে। অকনমান চাহকে খোৱা যাওক। এইবুলি তাই পাকঘৰলৈ গৈ ষ্টভত পানী তপতালে। পানীখিনি গৰম হৈ উতলাৰ পাছত কিয় জানো তাইৰ চাহ খোৱাৰ ইচ্ছা কমি গ’ল। পানী একাপ বাকী লৈ তাত ইন্সটেন্ট কফি আৰু চেনি দুচামুচকৈ মিহলাই উঠি অকণ গাখীৰো ঢালি ল’লে। কাপটো হাতত লৈ তাই আকৌ বাহিৰৰ ৰুমলৈ ওলাই আহিল। চাৰি ঘণ্টা মানেই হ’ল। ইমানপৰে ডাক্তৰ উভতি আহিব লাগিছিল। কেলেই দেৰি কৰিছে বাৰু? কিবা অপায় অমঙ্গল ঘটা নাইতো? 
এই যে মোৰ গল্পৰ নায়িকাজনী, উৰ্মিলা যাৰ নাম, তাইৰ গিৰীয়েকে এনে বিপদসংকুল ৰাতি তাইক অকলে এৰি থৈ গুচি গ’ল কোনোবা উজানপুল নামৰ দুৰ গাঁও এখনৰ অচিনাকী ৰোগী, কাৰোবাৰ সংকটমোচন কৰিবলৈ – বাটত যদি তেওঁক কিবা বাধা বিঘিনিয়ে পায়, তেনেহ’লে তেওঁৰ নববিবাহিতা পত্নীৰ কি দশা হ’ব সেই কথা এবাৰো নভবাকৈ। এনে আপোনভোলা পৰোপকাৰী মানুহবোৰৰ বাবেই নিজা নিজা উদ্দেশ্য সিদ্ধি কৰিবলৈ সুবিধা হয় আপোনপেটীয়া স্বাৰ্থপৰ ৰাজনৈতিক নেতাবোৰৰ। উদাহৰণস্বৰূপে এই ডাক্টৰজনৰ আজি নিশা বাটত যদি কিবা দুৰ্ঘটনা হয়, তাৰ বিৱৰণ বাতৰিকাকতত ৰাইজে পঢ়িব। উত্তেজিত হ’ব। আৰম্ভণিতেই আন্দোলনটো প্ৰশমিত কৰিবলৈ অকণো চেষ্টা নকৰা চৰকাৰ সমালোচনাত জৰ্জৰিত হৈ আৰু বেছি অত্যাচাৰী হৈ উঠিব। আৰু এনে অত্যাচাৰৰ মুখামুখি হৈ জনজাতীয় ৰাইজৰ নিৰপেক্ষ অংশটোও লাহে লাহে চৰকাৰ বিৰোধী হৈ পৰিব বা সংঘাতকামী কাৰ্য্যত যোগ দিব। অৰ্থাত্, আন কথাত, আন্দোলনটোৰ সপক্ষে বা বিপক্ষে জনমত বৃদ্ধি পাব। কিন্তু এই সকলো ঘটনাৰ অন্তৰালত লুকাই পৰা এজনী নৱবিবাহিতা ছোৱালীৰ চকুপানীখিনিৰ কথা কোনেও মনত নাৰাখিব। এই চকুপানীখিনিক লৈ মোৰ দৰে ধূৰ্ত বা নিৰপেক্ষ গল্প লেখক কোনো কোনোৱে হয়তো গল্প লিখিব, নাটক লিখিব। কিন্তু তেজ মঙহৰ এই ছোৱালীজনীৰ কি হ’ব? স্বামীহাৰা, আশ্ৰয়হীনা, কমবয়সীয়া এই ছোৱালিজনীৰ অসহায়তাখ্নি কোনে ভাৰ ব’বলৈ আগবাঢ়ি আহিব? 
তাই বৰ্তমানকফি খাই উঠি আকৌ ঊল গুঠিবলৈ লৈছে। তাইক মই কৈ দিওঁ নেকি, সেইদিনা ৰাতি ৰৌতাৰ ওচৰত কি ঘটিছিল। মই গৈ আছিলো নাইট বাছ এখনেৰে শিৱসাগৰলৈ। বানপানীৰ বাবে উত্তৰপাৰ হৈ তেজপুৰৰপৰা কলিয়া ভোমোৰা দলং পাৰ হৈ উজনিমুৱা বাছবোৰ। হঠাত ৰৌতাৰ ওচৰত বাছখন ৰৈ গ’ল। আগৰ নাইট বাছখনলৈ হেনো জনজাতীয় উগ্ৰপন্থীয়ে পেট্ৰল বম নিক্ষেপ কৰিছে। কাঁড় এডালত পেট্ৰলৰ বটল বান্ধি খোলা খিড়িকীৰে ভিতৰলৈ মাৰি পঠোৱা হৈছিল। বটলটো ভাগ্যে বাহিৰত পৰি ফাটিল। কাঁড়ডাল গৈ এক মহিলাৰ পিঠি চুঁচৰি ঘাঁ লগাই থৈ গ’ল। ৰাতি ডেৰমান বজাত সেই বাছখনৰ পিছে পিছে কেইবাখনো বাছ ৰৈ গ’ল পুলিছী সুৰক্ষাৰ অপেক্ষাত। 
আজি এই দোভাগ ৰাতি গিৰীয়েকলৈ বাট চাই চাই ক্লান্ত হৈ পৰা মোৰ গল্পৰ নায়িকা উৰ্মিলাই সেই ৰাতি বাছৰ ওপৰত চলোৱা আক্ৰমণটোৰ কথা জনা হ’লে এইমাত্ৰ তাইৰ চকুলৈ নামি অহা চিলমিলিয়া টোপনিৰ মাজতে তাই কিজানি এনেকুৱা অমংগলীয়া সপোন দেখিলেহেঁতেন। তাই দেখিলেহেঁতেন কাঁড় এডালত জ্বলন্ত জুই বান্ধি দি মাৰি পঠিওৱা হৈছে তাইৰ গিৰীয়েকৰ পিনে। গিৰীয়েকে সেই খেদি অহা জ্বলন্ত মৃত্যুৰপৰা হাত সাৰিবলৈ দৌৰি আছে ঊৰ্ধ্বশ্বাসে। কাঁড়ডালে কিন্তু গিৰীয়েকৰ পিছ এৰা নাই। যিপিনেই গৈছে কাঁড়ডাল তেওঁৰ পিছে পিছে গৈ আছে। এইডাল ক’ৰ আপদীয়া কাঁড়? ঠিক এনে এডাল কাঁড় আজি অসমৰ সংহত সমাজক অসমৰ সম্প্ৰীতিক হত্যা কৰিবলৈ ধনুত জোৰাই দিয়া হৈছে জনজাতীয় ৰাইজৰ হাতত। এনেহেন অৱশ্যাম্ভাৱী মৃত্যুৰ বাৰ্তা বহনকাৰী কাঁড়ডালৰ সন্মুখত সম্পূৰ্ণ অসহায়ভাৱে অসমখন ৰৈ আছে থিয় হৈ আৰু অসমৰ অকামিলা বুদ্ধিজীৱী আৰু চৰকাৰবোৰে যেন প্ৰায় হাত সাৱটি বহি আছে এটা আমোঘ পৰিণতিৰ বাবে অপেক্ষা কৰি। তেওঁলোকৰ ৰৈ থকাটো ঠিক যেন উৰ্মিলাৰ এই ৰৈ থকাটো। 
হঠাত চকমককৈ তাই সাৰ পাই গ’ল। ঊল গুঠি থাকোতই তাইৰ কেতিয়া টোপনি গ’ল তাই নিজেই নাজানিলে। সাৰ পায়েই তাই ঘড়ীটো চালে। চাৰে তিনি বাজি গৈছে। তাই টোপনিত কিবা বেয়াসপোন দেখিলে নেকি বাৰু? সমুখৰ পিনৰ খিড়িকী এখনৰ পৰ্দা এখন গুচাই তাই বাহিৰলৈ চালে। নাই, কোনো গাড়ীৰ হেডলাইটৰ পোহৰ নাই। কোনো গাড়ী অহা নাই। বাহিৰত কেৱল আন্ধাৰ। মনৰ মাজত হাজাৰটা দুশ্চিন্তা লৈ তাই পুনৰ চকীখনলৈ উভতি আহিল। তাইৰ কৰিবলগীয়া একো নাই। তাই এতিয়া কেৱল ৰৈ থাকিব। গিৰীয়েক আহেনে নাহে তালৈ বাট চাই। তাই চকীখনত বহি অকলশৰে কেৱল ৰৈ থাকিব। 
যিসকল পাঠকে জনজাতীয় উগ্ৰপন্থী কাৰ্য্য কলাপৰ পটভূমিত লিখা এই গল্পটোত মোৰ আন আন সাধাৰণ গল্পবোৰৰ দৰে ৰহস্য, ৰোমাঞ্চজাতীয় মুখৰোচক এখন আকৰ্ষণীয় ৰচনা পঢ়িবলৈ পাম বুলি ভাবিছিল, তেওঁলোকৰ সন্মুখত ক্ষমা প্ৰাৰ্থনা কৰি জনাব খুজিছোঁ যে উৰ্মিলাৰ গিৰীয়েকক সেইদিনা ৰাতি জনজাতীয় উগ্ৰপন্থীৰ হাতত বন্দী কৰি অথবা পাছত কাৰোবাৰ কৌশলেৰে হয়তোবা ডাক্তৰে আগেয়ে উপকাৰ কৰি যোৱা কোনোবা জনজাতীয় এজনেই কৌশলৰে তেওঁক মোকলাই কোনোমতে শেষ মূহুৰ্তত ৰোগীজনৰ কাষ পোৱাই, তেওঁৰ জীৱন ৰক্ষা কৰিব পৰা ধৰণৰ এটা লোমহৰ্ষক গল্প লিখাৰ লোভটো সামৰি কেৱলমাত্ৰ এই উৰ্মিলাৰ অসহায়ভাবে ৰৈ থকাটোক লৈয়েই গল্পটো শেষ কৰিলো। তাৰ কাৰণ হ’ল, বৰ্তমান অসমৰ ৰাজনৈতিক না ছাঁয়া-না-পোহৰৰ এই টোৱালাইটত এনে এটা সাংঘাতিক ভাবুকিৰ সন্মুখতো একো নকৰাকৈ বা চৰকাৰৰ বা চিন্তাশীলসকলৰ বা আপোনাৰ বা মোৰ কেৱল ভাগ্যক ধিয়াই অসহায়ভাবে উৰ্মিলাৰ দৰে ৰৈ থকাটোতকৈ বেছি মৰ্মন্তুদ গল্পআন একো হ’ব নোৱাৰে বৰ্তমানৰ এই বাৰুদভৰা সন্ধিক্ষণত।