মৌন মহানগৰ : গীতালি বৰা

‘তাই আমাৰ বাগিচাৰে ছোৱালী।’ সুৰঞ্জনে ক’লে আৰু তাৰ চকু দুটা মুহুৰ্তৰ ভিতৰতে সেমেকি উঠিল।
‘প্লিজ…সুৰঞ্জন।’ তাৰ কঁপি উঠা হাত দুখন হাতৰ মুঠিত সুমুৱাই লৈ মই ক’লোঁ। আৰু ক’বলৈ মোৰ একোৱেই নাছিল। যেন কিবা এক অশুভ শক্তি চাৎকৈ ক’ৰবাৰ পৰা আহি আমাৰ মাজত বহি ল’লে আৰু মোৰ ক’ব লগা কথাবোৰ হেৰাই থাকিল। অথচ মই কিবা এটা কোৱা উচিত। মোৰ সমুখত বাট হেৰুওৱা পথিকৰ দৰে বহি ৰোৱা মোৰ প্ৰিয় বন্ধুজনক মই কিবা এটা কোৱা উচিত।
‘ছৰি’ যি কথা মই উচ্চাৰণ কৰিবলগীয়া আছিল সকলো অভব্যতাৰ বাবে, লজ্জানত মহানগৰীৰ হৈ, সেই কথাটোকে খুব বিনম্ৰতাৰে উচ্চাৰণ কৰি সুৰঞ্জনে আৰু ক’লে – ‘অসময়ত তোৰ অফিচলৈ আহি বহি আছোঁ। তইতো খুব ব্যস্ত থাক এই সময়ত।’
‘ইটচ অ’ কে। তই বহ।’ তাৰ হাত দুখন, তাত লাগি থকা এক অসহায় কম্পনক মই মোৰ হাতৰ মুঠি খুলি এৰি দিলোঁ। কিন্তু তাৰ কষ্ট, অচিন এক ক্ষোভ আৰু আন বহু অজানা কিবা কিবি – যাক উপলব্ধি কৰাৰ চেষ্টা কৰিছোঁ আৰু শিয়ঁৰি উঠিছোঁ প্ৰতিনিয়ত – সেয়া মোৰ ভিতৰত নিগাজী হৈ বহি থাকিল। অলপ পিছতে পিয়নজনে আনি দিয়া একাপ গৰম কফি আৰু এটা পেষ্ট্ৰি যত্নেৰে মই সুৰঞ্জনৰ ফালে আগবঢ়াই দিলোঁ।
সি এবাৰ ধোঁৱাই থকা কফিখিনিলৈ চাই তীৰ্যক হাঁহি এটা মাৰিলে আৰু ক’লে, ‘অসমৰ সৰহসংখ্যক মানুহেই কফিতকৈ চাহ ভাল পায়।’ হয়তো চাহ-কফিৰ প্ৰসংগ এক অকাৰণ উত্থাপন আছিল। হয়তো সুৰঞ্জনৰ হাঁহিটো তীৰ্যক নাছিল। কিন্তু সেই সময়ত এক পুৰণি স্মৃতিয়ে যেন মোৰ মনৰ আঁচলত লাহেকৈ টান মাৰি দিলে। এটা কথা মনত পৰি গ’ল – তিনি/চাৰি বছৰৰ আগৰ। আৰ্ট গেলাৰিত হোৱা এখন প্ৰদৰ্শনীলৈ গৈছিলোঁ। সেয়া এক অনন্য অভিজ্ঞতা আছিল। চাহ মজদুৰসকলৰ জীৱনৰ বিভিন্ন ৰূপ, তেওঁলোকৰ দৈন্য আৰু দুখ-জৰ্জৰতাৰ কাহিনীক চাহ জনগোষ্ঠীৰ এজন তৰুণ শিল্পীয়ে ৩০ খন ছবিৰ জৰিয়তে তুলি ধৰিছিল। তেওঁ নিজে তেওঁলোকৰ দৈন্য আৰু দুৰৱস্থাৰ অংশীদাৰ হোৱাবাবেই হয়তো অদ্ভুত ধৰণে জীৱন্ত, মৰ্মস্পৰ্শী আছিল ছবিবোৰ। শিল্পীজনৰ লগত চিনাকী হৈছিলোঁ। স্বপ্নবিভোৰ দুচকুৰ সেই শিল্পীয়ে বহুকেইখন ছবিৰ অন্তৰ্নিহিত অৰ্থ ব্যাখ্যা কৰি বুজাই দিছিল আমাক।
সেই বিয়লি প্ৰদৰ্শনীৰ সময় উকলি যোৱাৰ পাছত সন্মুখৰ সৰু চাহ দোকান এখনত শিল্পীৰ সৈতে আৰু কেইজনমান শিল্পী-সাহিত্যিক-সাংবাদিকৰ আড্ডা জমি উঠিছিল। আমি জোৰ কৰিও আড্ডাৰ মধ্যমণি শিল্পীজনক চাহ খুৱাব পৰা নাছিলোঁ। এসময়ত চাহ দোকানৰ ঢেলঢেলীয়া হালধীয়া পোহৰত ম্লান হৈ পৰা মুখেৰে তেওঁ ক’লে, ‘বিজ্ঞাপনৰ একো একোজন মডেলে যেতিয়া ভূবন ভুলোৱা হাঁহিৰে চাহৰ প্ৰশংসা কৰে, অদ্ভুত ক্ষোভ আৰু যন্ত্ৰণাই মোক মষিমূৰ কৰি আনে। সেই চাহকাপৰ আঁৰত থকা চাহ শ্ৰমিকৰ ঘাম-তেজ একাকাৰ হোৱা শ্ৰম সহজে কোনেও নেদেখে। বুজা হোৱাৰে পৰা মই চাহ নাখাওঁ– তাত মা-আইতাৰ ঘাম আৰু চকুপানী মিহলি হৈ থকা যেন লাগে।’
…সেই তৰুণ শিল্পীজন – সুৰঞ্জন কৈৰী লাহে লাহে মোৰ ভাল বন্ধু হৈ পৰিল। এতিয়া এয়া – সুৰঞ্জন মোৰ সন্মুখত বহি আছে। বিধ্বস্ত। দুখী।
কফিৰ কাপত চুমুক দিছে সুৰঞ্জনে। এক গোমা মৌনতা আৰু অস্বস্তিৰে কোঠাটো ভৰি পৰিছে। এই অস্বস্তিৰ পৰা মুক্তি বিচাৰি খিৰিকীৰে দৃশ্যমান হোৱা দূৰৰ এখন পাহাৰ, এধানি আকাশলৈ চাই মই আয়নাৰ সুদৃশ্য খিৰিকী খুলি দিলোঁ। কিন্তু অলপ বতাহ, অলপ সেউজীয়াৰ পৰিৱৰ্তে খিৰিকীৰে কি সোমাই আহিল এয়া?
‘বিড়ি জ্বলাই লে জিগৰ চে পিয়া
জিগৰ মা বড়ি আগ হে…’
গান বাজিছে – তলৰ কোনোবা দোকানত। এই ঠাইৰ পৰা মাত্ৰ কেইমিটাৰমান আঁতৰত দুদিন আগতে ৰাজপথেৰে বিবস্ত্ৰ হৈ প্ৰাণৰ মমতাত দৌৰি গৈছিল এক আদিবাসী নাৰী – বিপন্ন, বিতত। মোবাইল, কেমেৰাৰে স্নেপ লোৱা হৈছিল – মিডিয়াৰ বাবে, এক অভূতপূৰ্ব দৃশ্য হিচাপে। তাইৰ আন্দোলিত স্তন আৰু নিতম্বলৈ চাই অট্টহাস্য কৰিছিল এচাম মানুহে আৰু তাই দৌৰি আছিল… হয়তো তাইৰ বাবে সেইদিনাই শেষ হৈ গৈছিল মানুহৰ প্ৰতি আস্থা আৰু বিশ্বাসৰ সেই আৱাহন – যি মানুহক মংগলময়তাৰে উজ্জীৱিত কৰি ৰাখে। হয়তো সেই পলাতকা নাৰীৰ শৰীৰ বুলি একো নাছিল, কোনো অংগ নাছিল, তাত লিপিট খাই থকা লজ্জা নাছিল। আছিল ভয় – মৃত্যুৰ, যি প্ৰচণ্ড গতিৰে কিৰিলি পাৰি তাইক হুৰাই আনিছিল।
…আৰু আজি এই জলমল চহৰত সেই সকলো অতীত। দোকানত বাজিছে ‘বিড়ি জলাই লে জিগৰ চে…’। ৰেস্তোৰাঁত চিকেন দোপিয়াজীৰ সোৱাদ একে আছে। পাৰ্কত প্ৰেম। অফিচত অনিয়ম, দুৰ্নীতি। কিন্তু এয়াই অকল সত্য আৰু শেষ কথা নহয়। মই জানোঁ, জানে সুৰঞ্জনেও – সাম্প্ৰদায়িকতাৰ সূত্ৰক আওকাণ কৰি সকলো পতিতৰ বাবে আন্তৰিকতাৰে প্ৰাৰ্থনা কৰা বহুত মানু্হ আছে। মানৱতাৰ বধ্যভূমিত ৰৈ ম্ৰিয়মাণ হৈ পৰা অনেক জীৱন আছে – ।
গানটোৰ পৰা, – নহয়, আচলতে তাতকৈ অধিক তীক্ষ্ন এক অস্বস্তি-অৱসাদৰ পৰা নিজক, লগতে সুৰঞ্জনকো আঁতৰাবলৈ যত্ন কৰি মই খিৰিকীখন বন্ধ কৰি দিলোঁ। আয়নাৰ খিৰিকীৰ বাহিৰৰ জলমল চহৰখন তেতিয়ালৈ কৃত্ৰিম পোহৰেৰে মোহময়হৈ পৰিছে।
‘জাননে নীতি। বাগানৰ বহু ঘৰত কেইবাৰাতিও চাকি জ্বলা নাই। আখলত জুই জ্বলোৱা হোৱা নাই। অথচ কিমান নিৰুদ্বেগ তহঁতৰ এই চহৰ!…ৰাজনৈতিক সচেতনতা নথকা এচাম মানুহ চহৰলৈ আহে – গুৱাহাটী চাম বুলি। কাৰোবাৰ উচটনিত হিংস্ৰ হৈ উঠা সিহঁতবোৰক ইয়াত পোক-পৰুৱাৰ দৰে পিহি পেলাই নৰ্দমাত পেলাই দিয়া হয়। কাৰোবাক ধৰ্ষণ, কাৰোবাক উলংগ কৰা হয়। অথচ ইয়াত ক’তো একো নহয়। …একেই গতিৰে চহৰ ব্যস্ত হয়, উজলি উঠে। সঁচায়ে বিচিত্ৰ!’
সুৰঞ্জনৰ কণ্ঠ স্বাভাৱিক হৈ আহিছিল। যেন কফিৰ ধোঁৱাৰ দৰে এক বিধ্বস্ত চিন্তা-চেতনাৰ পৃথিৱীৰ পৰা ক্ৰমাৎ বাস্পায়িত হ’বলৈ ধৰিছিল আৱেগ আৰু যন্ত্ৰণাৰ বুদ্ বুদবোৰ।
মোক মোৰ কামৰ সৈতে এৰি সুৰঞ্জন অলপ পিছতে উঠি গ’ল। সি সেইখন বাগিচাৰে ল’ৰা – যিখন বাগিচাৰ এজনী কিশোৰীক নগ্ন কৰি মহানগৰীত দৌৰোৱা হ’ল। সেই একেখন বাগিচাৰ সেউজীয়া পাত, সেই পাতৰ জিৰজিৰ কঁপনিয়ে সুৰঞ্জনৰ শিল্পীসত্তাক গঢ় দিছে। সি কিয় লাজ আৰু দুখত হাউলি নপৰিব? সুৰঞ্জন যোৱাৰ পিছতো চাহপাতৰ আগৰ মৃদু কঁপনিৰ দৰে কিবা এটাই মোক কঁপাই থাকিল।
* * * *
এটাদুঃসংবাদেদিয়াব্যথাবুকুতলৈচহৰখনৰউন্নাসিক ব্যস্ততা আৰু বে-পৰোৱা গতিৰ পৰা পলাই আহিছিলোঁ। নবগিৰি পাহাৰৰ এটা ভাঁজত, এটা পাহাৰ টিঙত তেওঁক দেখা পালোঁ। ক্লান্ত। চেহেৰাত এটা অথিৰ-অবিৰ ভাব। চৌপাশ কিছু পৰিমাণে নিজান আছিল। সম্ভৱতঃ মানুহজনৰ চেহেৰাৰ পৰাও একধৰণৰ নিৰ্জনতা চৌপাশে বিয়পি পৰিছিল। মই নিৰ্জনতা বিচাৰিয়েই পাহাৰীয়া ৰাস্তা বগাই উঠি আহিছিলোঁ এই ঠাইলৈ। মানুহজনৰ উপস্থিতিয়ে মোক সামান্যভাৱে বিৰক্ত কৰিলে।
‘আপুনি কোন?’ মোৰ ফালে মুখ ঘূৰাই ৰোৱা মানুহজনক সুধিলোঁ।
তেওঁ কৰুণ হাঁহি এটা মাৰিলে আৰু ক’লে, ‘নামে মানু্হৰ পৰিচয় দাঙি নধৰে। এই মুহুৰ্তত আপুনি ক’ব পাৰে মই এক দিকভ্ৰান্ত সত্তা।’
মোৰ বিৰক্তি বাঢ়িল। তেওঁৰ ফালে পিঠি দি লঠঙা গছ এজোপাত আউজি মই বহি পৰিলোঁ। এই যে অফিচ নকৰোঁ বুলি কৈ, মহানগৰীৰ মাজমজিয়াৰ পৰা পলাই আহি এজোপা গছৰ তলত এপৃথিৱী নিৰ্জনতা সমুখত লৈ মই বহি পৰিছোঁ, নিঃসন্দেহে এয়া একধৰণৰ বিলাস। তথাপি, সুৰঞ্জনৰ আপোন ভ্ৰাতৃৰ মৃতদেহ বেলতলাৰ নৰ্দমাত উদ্ধাৰ হোৱাৰ খবৰ পোৱাৰ পিছত মই স্বাভাৱিক হৈ থাকিব পৰা নাই। নৱম মানত পঢ়া সুৰঞ্জনৰ ভায়েক ‘মামাৰ বাড়ীত যাম’ বুলি ঘৰত ফাঁকি দি গুৱাহাটীলৈ আহিছিল বাগানৰ আন ল’ৰা-ছোৱালীৰ লগত। জনজাতিকৰণ, আন্দোলন আদি শব্দবোৰ সি আগতে কিজানি শুনাই নাছিল। আদিবাসীৰ ওপৰত চলা নিৰ্যাতন আৰু একেখন বাগানৰ ছোৱালীজনী গুৱাহাটীত বিবস্ত্ৰা হোৱাৰ খবৰ পাই মোৰ সমুখত দুখত ভাগি পৰাৰ সময়তো সুৰঞ্জনে পোৱা নাছিল ভায়েকৰ নিৰুদ্দেশৰ খবৰ। আৰু…এতিয়া.. এটি তজবজীয়া কিশোৰৰ মৃতদেহ সমুখত লৈ হিয়াধুনি কান্দিছে সুৰঞ্জনৰ মাকে, সুৰঞ্জন নিৰ্বাক হৈ পৰিছে। দুখ আৰু ক্ষোভত ফাটি পৰিছে এজুম মানুহ… বাগানৰ পাতবিলাক থৰ হৈ ৰৈ আছে।
মোলৈ ফোন কৰিছিল দীপান্বিতাই। দীপা সুৰঞ্জনৰ প্ৰাক্তন প্ৰেয়সী। ছবিয়ে পেটৰ ভোক নুগুচাই বুলি ইঞ্জিনীয়াৰ এজনলৈ বিয়া হৈ যোৱা দীপান্বিতা এই সময়ত আন কেইজনমান বন্ধুৰ লগত দৌৰি গৈছে সুৰঞ্জনৰ ওচৰলৈ। সকলো সুৰঞ্জনৰ দুখৰ সমভাগী হৈছে। হয়তো তাৰ কান্ধত হাত থৈছে, হয়তো মৌন উপস্থিতিৰেই সান্ত্বনা দিয়াৰ যত্ন কৰিছে সুৰঞ্জনক। মই জানোঁ, সুৰঞ্জনে জানে, সুৰঞ্জনৰ ওচৰত থিয় দিয়া দীপান্বিতা, ৰূপক, আলতাফহঁতেও জানে – সেই প্ৰত্যন্ত বাগানখনত এই সময়ত সিহঁতো নিৰাপদ নহয়। যিকোনো মুহুৰ্ততে শতিকাৰ পাছত শতিকা জুৰি লাঞ্ছিত, বঞ্চিত হৈ অহা মানুহবোৰ হিংস্ৰ হৈ উঠিব পাৰে। দীপান্বিতা, আলতাফহঁতৰ ‘সুৰঞ্জনৰ বন্ধু’ পৰিচয় সিহঁতৰ বাবে মুহুৰ্ততে মচ খাই যাব পাৰে। প্ৰকট হৈ উঠিব পাৰে অন্য এক পৰিচয় – তেওঁলোক সেইখন মহানগৰীৰ বাসিন্দা, য’দ বঞ্চিত মানুহ এচামৰ উগ্ৰতাক বাধা দিবৰ বাবে প্ৰশাসন ব্যৰ্থ হয়, কীট-পতংগৰ দৰে মাৰি-কাটি পেলোৱা হয় স্বপ্নহীন মানুহবোৰক – আনকি, নিজৰ নেতাৰ নাম নজনা এচাম নিৰীহকো।
নিঃসন্দেহে সুৰঞ্জনৰ ভায়েকৰ গলিত মৃতদেহ নৰ্দমাত উদ্ধাৰৰ বাতৰি কাকতৰ বাবে ‘হট কেক’ প্ৰস্তুতৰ উপকৰণ আছিল। কিন্তু মই পলাই আহিলোঁ। তীব্ৰ এক অস্বস্তি, অপৰাধবোধ, সৰ্বোপৰি এক ভীষণ অসহায়তাই মোক প্ৰাণচঞ্চল মহানগৰীৰ ওপৰেৰে হাত ধৰি ইয়ালৈ – এই নিৰ্জনতালৈ লৈ আহিল। মুহুৰ্তৰ বাবেও স্তব্ধ নোহোৱা, ম্লান নোহোৱা মহানগৰীৰ হাই-উৰুমি, কোৰ্হালৰ পৰা নিজকে লুকুৱাবলৈ মই আঁঠুত মুখ গুঁজি দিলোঁ। মোৰ মনতো ক্ষোভ জন্মিছিল। খুব হৃদয়হীন যেন এই মহানাগৰিক জীৱন – ভীষণ স্বাৰ্থপৰ! …আৰু এই মহানগৰ? কিয় নিৰ্বিকাৰ হৈ প্ৰচণ্ড বেগেৰে সময়ৰ হৈতে ধাৱমান হয় এই চহৰ? কিয় মৰাশৰ দ’ম আৰু মানুহৰ বিপন্নতাক ভৰিৰে মোহাৰি উজলি উঠে এই চহৰৰ কৃত্ৰিম শৰীৰ?
মোৰ মূৰত কোনোবাই হাত থৈছিল। মই সাংঘাতিক বিৰক্ত হ’লোঁ। ‘কি লাগে আপোনাক?’
‘তলৰ জলমল চহৰখন এৰি আহিছা তুমি। কিন্তু, তুমিওতো ইয়াৰে অংগ। নিজৰ পৰা নিজক আৰাল কৰিব পৰা যায় জানো?’ সুধিলে তেওঁ। মই নিৰুত্তৰ হৈ থাকিলোঁ। তেওঁ শেঁতা মাত এটাৰে কৈ গ’ল – ‘তুমি জানানে – এই মহানগৰীৰো আত্মা আৰু বিবেক আছে। মানুহে মৰিয়াই-খটিয়াই নৰ্দমাত পেলাই থৈ যোৱা মানুহবোৰক গোটেই ৰাতি পহৰা দি চকুলো টোকে এই চহৰখনে। খুব অসহায় এই চহৰ – সকলো হিংস্ৰতাৰ বাবে, হাই-উৰুমিৰ বাবে বুকু পাতি দি ক্ষত-বিক্ষত হোৱাৰ পিছতো হাঁহি আৰু কিৰিলিৰ বাবে নিৰ্লিপ্তচিত্তে নিজকে এৰি দিব লাগে – । তোমালোকৰ চকুত ধৰা দিয়া কৃত্ৰিম আলোৰ আঁৰত চহৰখনৰ কিমান হুমুনিয়াহ , কিমান চকুলো….’
এইবাৰ মোৰ হাঁহি উঠিল। মানুহজন নিৰ্ঘাত পাগল।
‘কি বকিছে এইবোৰ?’
ঈষৎ শীত নামিছিল। উৱলিবলৈ ধৰা চুৱেটাৰ এটাৰ ওপৰত মলিয়ন মাফলৰ এখন টানি-টুনি ল’লে মানুহজনে। তাৰ পিছত ক’লে –
‘সুৰঞ্জন কৈৰীৰ ভায়েকৰ নাম আছিল অৰ্জুন। চাৰি পাঁচজন মানুহে টঙনিয়াই টঙনিয়াই নৰ্দমাত পেলাই দিয়া ল’ৰাটোৰ গাত ওৰে ৰাতি মহানগৰীৰ চকুলো সৰিছিল। …তুমি জানানে – ভয়ত পলোৱা আদিবাসী মানুহবোৰক বচাবৰ বাবে বেলতলা, হাতীগাঁৱৰ বহুত মানুহে সাংঘাতিক ৰিস্ক লৈছিল – সেই অঞ্চলৰ বহু মহিলা এতিয়াও শোকস্তব্ধ হৈ আছে। চহৰখন এই সকলোৰে সাক্ষী। অৰ্জুন কৈৰীক মাৰপিট কৰি নৰ্দমাত পেলাই দিয়া দৃশ্য দেখা পোৱা বেলতলাৰ কণমানি এজনী কেইবাদিনো শুব পৰা নাই…।’ মই সঁচাকৈয়ে এইবাৰ বিস্মিত হ’লোঁ। কোন এওঁ?
‘…মহানগৰীৰ ক’ৰবাত এতিয়াও সততা আছে। মানৱতাৰে পুষ্ট হৃদয় আছে। সেয়ে মহানগৰীৰ আত্মাও আছে। কোনো নিজান পাহাৰ টিঙত মন মাৰি বহি থাকি সেয়ে মই আশাবাদেৰে উজ্জীৱিত হওঁ আৰু মহানগৰীলৈ উভতি যাওঁ।’
তেওঁ হাঁহিলে। এক অপাৰ্থিৱ পোহৰেৰে যেন জিলমিলাই উঠিবলৈ ধৰিলে সেই পাহাৰৰ প্ৰাচীন সৌম্যতা।
‘কোন তুমি? কোন?’ মই অধৈৰ্য হৈ উঠিলোঁ।
তেওঁ শিল এচটাত উঠি ফিচফিচাই ক’লে, ‘মই এই চহৰৰ আত্মা’ আৰু শিলচটাৰ পৰা তললৈ নিজকে এৰি দিলে। একো শব্দ নহ’ল। হয়তো তেওঁ বতাহৰ শব্দত, দূৰৰ মহানাগৰিক কোৰ্হাল এটাত মিলি গ’ল।