উপত্যকাত ধুমুহা : হেমন্ত বৰ্মন

ৰে’লৰ পৰা নামি তেওঁ ভিৰ ঠেলি আগবাঢ়িল।মানুহেই মানুহ।বিৰ দি বাট পাবলৈ নাই।বাহিৰতো একেই অবস্থা।তেওঁৰ চিনাকি চহৰখনে মহানগৰীৰ ৰূপ পাইছে।খন্তেক থমকি ৰৈ তেওঁ আকাশৰ ফালে চালে।সন্ধিয়াৰ মহানগৰীৰ বিবর্ণ আকাশ।চকু নমাই আনিব খোজোতে দীঘলীয়া এক বিদ্যৎ ৰেখা জিলিকি উঠিল।গাজনিৰ শব্দ শুনিব বুলি ভবাৰ লগে লগে আকাশ ছিৰাছিৰ হোৱা যেন হ’ল।ছেপ্টেম্বৰ মাহত বৰষুণ হোৱাটো স্বাভাৱিক।বৰষুণৰ কথা ভাবি তেওঁৰ মনটো সেমেকি গ’ল।
তেওঁ বৰষুণ ভাল পায়।বৰষুণৰ লগত ল’ৰালিৰে পৰা আত্মীয়তা।বৰষুণৰ গান শুনি তেওঁৰ দিনৰ পাছত দিন কটোৱাৰ অভিজ্ঞতা আছে।আজি তেওঁ বৰষুণ বিচৰা নাই।বেগটো হাতত লৈ তেওঁ চিটী বাছলৈ আগবাঢ়িল।সন্ধিয়া মহানগৰী চঞ্চল হয়।মানুহবোৰ দৌৰিছে নে পলাইছে অনুমান কৰিবলৈ টান হয়।উদ্বাউল হৈ ক’লৈ গৈছে মানুহবোৰ।চিনাকি চহৰখনৰ স্পন্দন অনুভৱ কৰিবলৈ তেওঁ খন্তেক ৰ’ল।
কিছুদিন আঁতৰি থকাৰ পাছত চিনাকি পৰিবেশলৈ আহি তেওঁৰ ভাল লাগিল।বাটৰ বাটটো তেওঁ কল্পনা কৰি আহিছে এতিয়াও শাল আৰু পলাশৰ বননী থকা এই চহৰখনৰ কথা।যান-বাহনৰ কর্কশ শব্দ,স্তূপীকৃত আবর্জনা,জীৱ-জন্তুৰ পচা শৰ দুর্গন্ধ,কিলবিলাই ফুৰা মানুহে  কদর্য কৰিছে যদিও চহৰখনৰ অন্য এক ৰূপ আছে।
সৌন্দর্যৰ সেই উপত্যকা তেওঁৰ চিনাকি।তাতেই তেওঁৰ ঘৰ।তালৈকে আহিছে তেওঁ।তেওঁ কেলেণ্ডাৰ চাই ৰে’লৰ টিকট কৰিছিল।পূর্ণিমাৰ নিশা বা তাৰ আগনিশা তেওঁ ঘৰ পাব লাগে।ৰে’লখন বাৰ ঘন্টা বা ছব্বিছ ঘন্টা পলমকৈ আহিলেও যাতে তেওঁ জোনাক পায় তেওঁ সেই কথা লেখি লেখি আহিছে।জোনাকৰ কথা ভাবি তেওঁ শিহৰিত হ’ল।
চহৰখনৰ সিটো মুৰত তেওঁৰ ঘৰ।ষ্টেচনৰ সিটো মূৰত তেওঁৰ ঘৰ।ষ্টেচনৰ পৰা এঘন্টাৰ যাত্রালঘৰলৈ যোৱাৰ আগতে এবাৰ আৰিফাক দেখা কৰিবলৈ মন গ’ল।তেওঁ গম নোপোৱাকৈ সিহঁতৰ ঘৰৰ ফালে খোজ দিলে।কিমানদিন আৰিফাক দেকা নাই,কথা এষাৰ পতা নাই।যোৱাৰ আগতে তেওঁলোকৰ মাজত সৰু কথা এটাক লৈ মতৰ অমিল হৈছিল।আৰিফাই ওফোন্দ পাতিছিল।তেওঁ মাত নিদিয়াকৈয়ে ভিতৰলৈ সোমাই গৈ ওলাই নাহিল।তেওঁৰো অভিমান হৈছিল।যোৱা তিনিমাহত এবাৰো তেওঁ আৰিফালৈ ফোন কৰা নাই।
তেওঁ বিচৰা ধৰণেই আৰিফাক পালে।আইতাকৰ বাহিৰে ঘৰত কোনো নাছিল।বহু সময় ইজনে সিজনলৈ চাই থাকিল।কাৰো মাত-বোল নাই।তেওঁলোক বাৰাণ্ডাত বহিছিল।তেওঁ পুনৰ আকাশলৈ চালে।তাত ডাৱৰ নে কুঁৱলী ঠাৱৰ কৰা টান।আৰিফাই অৱশেষত কথা ক’ব যেন ভাব হ’ল তেওঁৰ।–‘মোৰ চাকৰি হ’ল।চিঠিও আহিল।তোমাক খবৰ দিয়াৰ কোনো উপায়েই মোৰ নাছিল।তুমি ক’লৈ গৈছা মই নাজানো।তিনিটা মাহত তুমি এবাৰো ফোন কৰা নাই।আজি নাহিলে তোমাক নেদেখিলোঁহেতেন।মোৰ পষ্টিং ডেৰাডুনত।দেউতাই কৈছিল তুমি থাকিলে মোক তাত থৈ আহিব পাৰিলাহেঁতেন।কাইলৈ পুৱা ছয় বজাত মোৰ ট্রেইন।মই অকলেই যাম।দেউতাৰ গা ভাল নহয়।ডাক্তৰৰ তালৈ গৈছে।
তেওঁ একো ক’ব নোৱাৰিলে।কোনো এটা শব্দ ওলাই নাহিল।হঠাৎ শোকে খুন্দা মাৰি ধৰা যেন অনুভব হ’ল।আৰিফাক হেৰুৱাৰ ভয় নেকি তেওঁ নিজকে সুধিলে।
ভিতৰত ফোনটো বাৰে বাৰে বাজিছে।ফোনৰ শব্দ আৰিফাই শুনিছে কিন্তু আওকাণ কৰিছে।আৰিফাই জানে সেয়া কাৰ ফোন।তেওঁ নিবিচৰা এটা ফোন।নিমিষ নেপেলোৱাকৈ তেওঁ আৰিফালৈ চাই আছিল।শুভ্র কাপোৰসাজে তেওঁক শুৱাইছে।চকুত সেবা কাৰুণ্য নে কি তেওঁ নাজানে।তেওঁ বাস কৰা উপত্যকাটোৰ দৰেই ৰহস্যময় এই অস্তিত্ব।‘আৰিফা আহোঁ’ বুলি তেওঁ উঠিল।
 ‘এতিয়াই যোৱানে?অকণমান বহা।আৰু বা কেতিয়া লগ পাওঁ’।আৰিফাৰ কথাৰ শেষ শব্দ দুটাৰ উচ্চাৰণৰ সময়ত ধাৰাসাৰ বৰষুণ আহিল।যেন চাৰিওফালে বিস্ফোৰণহে ঘটিছে।কথাষাৰ কৈ আৰিফা তেওঁৰ কাষতে থিয় হ’ল।এনেতে লাইট গ’ল।কোনোৱে লৰচৰ নকৰাকৈ প্রায় এঘন্টা বৰষুণৰ শবদ শুনি থাকিল।সেয়া যেন তেওঁলোকৰ প্রাণৰেই শবদ।আছাৰকণিৰ শীতল স্পর্শ দুয়ো অনুভৱ কৰিলে।
বৰষুণ কমাত তেওঁ যাবলৈ সাজু হ’ল।আৰিফাই এইবাৰ বাধা নিদিলে।পিঠিত তেওঁ আৰিফাৰ হাতৰ স্পর্শ অনুভৱ কৰিলে আৰু লাহে লাহে আন্ধাৰৰ মাজে মাজে আগবাঢ়িল।শেষ চিটী বাছখন ধৰি তেওঁ ঘৰমুৱা হ’ল।নির্দিষ্ট ঠাই পোৱাৰ আগতে বাছখন ৰ’ল।সন্মুখত ৰাজপথতে ফেনে-ফোটোকাৰে বাঢ়ি অহা এখন নৈ।পানী এককালৰ কম নহ’ব।পাহাৰৰ ফালৰ পৰা তীব্র গতিৰে নামি আহিছে।পানী কমালৈ ৰোৱাত বাহিৰে উপাই নাই।ৰাস্তাৰ কাষৰ শিল দ’ম এটাত বেগটো থৈ তেওঁ বহিল আৰু গোটখোৱা মানুহবোৰলৈ চালে।সন্মুখৰ ৰাজপথটোৱে কেইবাটাও পাহাৰক সাঙুৰি লৈছে।
পাহাৰকেইখনত এসময়ত চাহ বাগিচা আছিল।খলাবমাৰ মাজে মাজে চাহ গছৰ ঘন সেউজীয়া ৰং এতিয়া আৰু নাই।নাই চাহ গছৰ মাজৰ সেই শিৰীষ গছবোৰ।হঢাৎ তেওঁ দূৰৈৰ পৰা ভাহি অহা বাঁহীৰ কৰুণ সুৰ শুনিলে।দীঘলীয়া সেই সুৰটোৱে বুকুখন ৰুকি নিয়া যেন কৰিলে।তেওঁৰ প্রায়ে এনেকুৱা হয়।বুকুৰ ভিতৰত ক’ত জানো লুকাই আছে বাঁহীৰ সুৰ।
পানী কমাত মানুহবোৰ দিহা দিহি গ’ল।ভাব সাগৰত বুৰ গৈ তেওঁ তাতেই বহি থাকিল।লাহেকৈ উঠি তেওঁ আকাশলৈ চালে।পৰিস্কাৰ আকাশ।মেঘৰ চিন-চাব নাই।পূর্ণিমাৰ আগ দিনাৰ জোনাক।জোনাকত বোকাময় ৰাস্তায়ো ৰহস্যময় ৰূপ লৈছে।চাৰিওফালে পাহাৰ,তাৰ গাতে লাগি আছে তেওঁৰ গাওঁখন।গাঁৱৰ চৰিত্র আছে যদিও সেইখন গাওঁ নহয়।মহানগৰীলৈ জীৱন-গীৱিকাৰ সন্ধানত অহা বহুলোকেই আশ্রয় লোৱা ঠাই।
তেওঁ পানী আঁতৰি যোৱা ৰাস্তাটোৱে আগবাঢ়িল।তেওঁ ভবা মতেই আজি জোনাক আছে।বেগটো কান্ধত লৈ তেওঁ নিজ উপত্যকাৰ ফালে আগবাঢ়িল।বোকাময় ৰাস্তাৰে আগবাঢ়োতে তেওঁ থকা ঠাইডোখৰৰ হুবহু চিত্র মনলৈ আহিল।এতিয়াও তাত পহুৱে মাতে।নিজৰাৰ শব্দ শুনা যায়।ভোমোৰাৰ গুণ গুণ শব্দত এতিয়াও দিন আৰম্ভ হয়।অসংখ্য পখিলাৰ অহা-যোৱাই উপত্যকাটো সদায় সজীৱ কৰি ৰাখে।তেওঁ আহি ইয়াতেই আশ্রয় লৈছিল।এতিয়াও ইয়াতেই আছে।ছবি আঁকি চলিব নোৱাৰি তেওঁ জীয়াই থকাৰ বাবে ইটো-সিটো বহু কামেই কৰিছে।উপত্যকাৰ মাটি চৰকাৰৰ বুলি কয়।মানুহে তাত ঘৰ সাজি আছে যদিও মাটিৰ অধিকাৰ আজিলৈকে কোনেও পোৱা নাই।
পাহাৰতলী পাই তেওঁ থমকি ৰ’ল।ৰূপৰ চাদৰ এখন হৈ জোনাক নামি আহিছে।ছাঁ-পোহৰত পাহাৰ,গছ-গছনিয়ে এক অলৌকিক ৰূপ লৈছে।কিমান দিনতেওঁ জোনাকত কটাইছে তাৰ হিচাপ নাই।দিনে দিনে জোনাকে টানিছেহে।ৰাতিৰ ৰাতিটো তেওঁ জোনাকত ঘুৰি ফুৰে।
তেওঁ চকু ডাঙৰকৈ মেলি দিলে।যেন প্রান ভৰি সকলো চাব।জোনাকৰ শুভ্রতা যেন বুকুত সাবটি ল’ব।খোজকাঢ়ি অহাৰ ভাগৰ তেওঁ নিমিষতে পাহৰিলে।দূৰৈত এজোপা বৃহৎ কৃষ্ণচূড়া আছে।তেওঁৰ সেইফালে চকু গ’ল।ইয়াৰ মানুহে কয় তাত হেনো ভূত-প্রেত আছে।শনিবাৰ আৰু মংগলবাৰে মানুহৰ বাহুৰ কাষেৰে পাৰ হৈ যায়।পাৰিলে কান্ধত বহি লয়।তেওঁক সেইবাবে ৰাতি ওলাবলৈ মানা কৰে।আজিলৈ কোনো ভূত-পরেত তেওঁ লগ পোৱা নাই।এই অৰণ্যভূমিত তেওঁ পহুৱে ঘাঁহ খাই থকা দেখিছে।দেখিছে নিজৰাৰ পানী খোৱাৰ দৃশ্য।শিয়াল,শহা আদিৰ আহ-যাহ ইয়াত স্বাভাবিক।মাজনিশা এদিন কাণৰ কাষেৰে কিবা এটা চৰাই ডেউকা কোবাই গৈছিল।নিজৰ গা নেদেখা আন্ধাৰতো তেওঁ ইয়াত বাট বুলিছে।কাহানিও বিপদ হোৱা নাই।
বনৰীয়া ফুলৰ গোন্ধ আহি তেওঁৰ নাকত লাগিল।হাবিতলীয়া পথটো এতিয়াও শেষ হোৱা নাই।দুকাষে ডাঠ জাৰণি।ফুলৰ গোন্ধৰ লগে লগে তিতা মাটিৰ গোন্ধো তেওঁৰ নাকত লাগিল।এই গোন্ধ তেনেই আদিম।ঠাইখন তেওঁ ইমান ভাল পায়যে কাহানিও ইয়াক এৰাৰ কথা ভবা নাই।ভাবিব পৰা নাই।যোৱা তিনিমাহ তেওঁ বাহিৰত আছে;কিন্তু মনটো ইয়াতে আছে।
লাহে লাহে তেওঁ আগবাঢ়িল গাৱঁৰ ফালে।প্রতিঘৰ মানুহে একোখনকৈ বাৰী পতা তেওঁ দেখি আহিছে।পাহাৰৰ তিনিটা খলপত মানুহে ঘৰ পাতিছিল।তেওঁ আৰু আগবাঢ়িল।ঘৰ পাবলৈ মন উদ্বাউল হৈছে।তেওঁৰ ঘৰ গাৱঁৰ সিটো মূৰত আৰু পাহাৰৰ টিঙত।
এয়া কি দেখিলে তেওঁ?বেগটো মাটিত থৈ তেওঁ চকু দুটা মোহাৰি ল’লে।ঠিকেই দেখিছেনে?জোনাকে থগিছে বুলি তেওঁৰ ভাব হ’ল।বেগৰ পৰা টর্চ লাইটটো উলিয়াই চৌধুৰীৰ ঘৰৰ ফালে পোহৰ পেলাল।ঠিকেই দেখিছে তেওঁ।চৌধুৰীৰ পকা ঘৰ ভাঙি সমান কৰি পেলোৱা হৈছে।‘চৌধুৰী চৌধুৰী’ বুলি তেওঁ চিঞৰিলে।
প্রতিধ্বনিৰ বাহিৰে সঁহাৰি নাই।তেওঁ আগবাঢ়িল।সর্বত্র একেই অবস্থা।কতো এটা ঘৰো থিয় হৈ থকা নাই।ক’তো চাকি জলা নাই।ক’তো মানুহৰ উশাহ-নিশাহৰ শব্দ নাই।তেওঁৰ ঘৰটোৰ বা কি হ’ল।তেওঁৰ কিতাপবোৰ,ছবিবোৰ—ফুলকেইজোপা।ৰ’দে পোৰা যেন অনুভব কৰিলে তেওঁ।তেওঁৰ বহিবৰ মন গ’ল।টর্চ লাইটটো জলাই ইফালে-সিফালে চালে।বাটৰ কাষত ঢেঁকী এটা পৰি আছে।তাতেই বহিল তেওঁ।তেওঁ জানে সেইটো বেজিনী বুঢ়ীৰ ঢেঁকী।সকলোৰে বাবে গাওঁখনত এইটোৱেই ঢেঁকী।
মানুহবোৰ ক’লৈ গ’ল?নিজৰ ঘৰ-বাৰী এৰি কেনেকৈ আছে তেওঁলোক?নানা তৰহৰ মানুহ আছিল ইয়াত।কেৰেণী,মহৰী,মিস্ত্রী,বোৱনী,দোকানী,দিন হাজিৰা কৰা লোক,ৰিক্সাৱালা,ঠেলাৱালা,অটোৱালা,চোৰ-ডকাইত সকলো।এগৰাকী ভকতো আছিল।ক’ৰ পৰা আহি ইয়াত থিতাপি লৈছিল কোনেও নাজানে।নিতৌ দুপৰীয়া তেওঁ বৰগীত গাই।তেওঁৰ ভক্তি সিক্ত কন্ঠৰ কোমলতাই বহুদিন তেওঁক কন্দুৱাইছে।তেওঁ বা ক’লৈ গ’ল।
দূৰৈত টিপ চাকিৰ পোহৰৰ দৰে এক পোহৰ দেখি তেওঁৰ আশা হ’ল যে মানুহ আছে।দূৰৈৰ পৰা সুগৰীৰ চিঞৰ ভাহি আহিছে।কপালৰ ঘাম মোহাৰি তেওঁ বহি থাকিল।উঠিবলৈ মন যোৱা নাই।জোনটোক কিহবাই ঢাকি ধৰাৰ বাবে উপত্যকাটো আন্ধাৰে আবৰি ধৰা যেন হৈছে।টিপ চাকিটো লাহে লাহে তেওঁৰ ফালে আগবাঢ়ি অহা যেন লাগিল।তেওঁক ভাগৰে হেচি ধৰিছে।
গাত পোহৰ পৰাত তেওঁ চাই দেখিলেছেত্রীয়ে তেওঁৰ গালৈ পোহৱ মাৰি ৰৈ আছে।হাতত খুকুৰী।তেওঁ থিয় হৈ ছেত্রীৰ কাষলৈ আগবাঢ়িল।
‘বাবু আপুনি?’দুয়ো তেনেদৰে কিছুসময় ৰ’ল।
‘ব’লক ওপৰলৈ।’
তেওঁ ছেত্রীৰ পিছে পিছে খোজ ল’লে।‘চৰকাৰে মানুহবোৰক উঠাই দিছে।হাতীৰে গচকাই ঘৰ ভাঙিছে।কাৰো প্রতিবাদ,কাকূতি-মিনতি একোলৈকে কাণ দিয়া নাই।অসহায় মানুহবোৰ নিস্ফল আক্রোশত ফাটি পৰি দিহা-দিহি গ’ল।কিছুৱে স্কুল ঘৰত আশ্রয় লৈ আছে।বেজিনী বুঢ়ী আৰু ৰাভা ড্রাইভাৰে আত্মহত্যা কৰিলে।এতিয়ালৈকে ইয়াত অকল ময়েই আছো।’ছেত্রীয়ে ক’লে।তেওঁৰ ঘৰৰ কাষতেই চালি এখনত ছেত্রী থাকে।
ছেত্রীয়ে এটা বাল্টি আৰু মগ আগবঢ়াই দিয়াত তেওঁ হাত-মুখ ধুলে।স্পর্শতে তেওঁ অনুভৱ কৰিলে সেয়া নিজৰাৰ পানী।
হঠাৎ দাইলত ফোৰন দিয়াৰ গোন্ধ তেওঁৰ নাকত লাগিল।ছেত্রী আগবাঢ়ি আহি ক’লে ‘বাবু আপোনাৰ কিতাপ আৰু ছবিবোৰ মই কোনোমতে সামৰি ৰাখিছোঁ।কাইলৈ আপুনি নিয়াৰ দিহা কৰিব।ময়ো কাইলৈ এই ঠাই এৰিম।আপোনাৰ বাবেই বাট চাই আছিলো।’
তেওঁ আকাশলৈ চালে।পুনৰ মেঘ জমা হৈছে। বৰষুণ আহিব পাৰে।এইবাৰ তেওঁ চাৰিওফালে এবাৰ চকু ফুৰালে।পাহাৰখন আন্ধাৰত বুৰ গৈ আছে।হঠাৎ তেওঁৰ নিজৰাটো চাবলৈ মন গ’ল।আন্ধাৰতে সেইফালে আগবাঢ়িল।দূৰৈৰ ক’ৰবাত সুগৰীয়ে বিনাইছে।
তেওঁ আৰু আগবাঢ়িল।অলপ ৰৈ শুনিলে নিজৰাৰ শব্দ।প্রচণ্ড গতিৰে নিজৰাটো বৈ আহিছে কোনো নাৰীৰ বিননি হৈ।(২০০৫)