বিহুৰ উপহাৰ : ডঃ লক্ষ্মীনন্দন বৰা

প্রায় দুমাহৰ পাছত লগালগি হৈ প্রথম শ্রেণীৰ ৰেস্তোৰাঁ ‘চিটি লাইট’ত মুখামুখিকৈ বহি বিনন্দৰ ফালে চাই চাই আৰতিয়ে হেঁপাহ পলুৱাব পৰা নাই।বিনন্দৰ ধুনীয়া মুখখনৰ জ্যোতি কিছু হ্রাস পাইছে।সি বৰ ব্যস্ত আছিল।ডেৰাদুনত বন্যপ্রাণী সংৰক্ষণৰ আলোচনা-চক্রত যোগদান কৰি আহি সি দুদিনহে গুৱাহাটীত আছিল।সেই দুদিন আকৌ এখন গৱেষণা-পত্র লিখিছিল।তাৰপাছত জাপানলৈ গ’ল জলবায়ু পৰিবর্তনৰ বিষয়ে পতা অধিবেশন এখনত অংশগ্রহণ কৰিবলৈ।তাৰ বিয়াৰ বয়স হৈছে।এই ডেকা বয়সতেই বিশ্ববিদয়ালয়ত সি শিক্ষাদান কৰা বিষয় পৰিবেশবিজ্ঞানৰ প্রবক্তাহে হৈ আছে।তাৰ চাকৰি-জীৱন পাঁচ বছৰহে পাৰ হৈছে মাথোন।কিন্তু এই কম সময়ৰ ভিতৰতে সি চাৰিখন গুৰুত্বপূর্ণ গৱেষণা-পত্র দেশ-বিদেশৰ বিখ্যাত জার্ণলত প্রকাশ হোৱাৰ পাছত সি স্বীকৃতি লাভ কৰিছে।এতিয়া তাৰ আগত দুটা সমস্যাঃ হাতীৰ মানুহৰ বিৰুদ্ধে সংগ্রাম আৰু অসমত জলবায়ুৰ প্রতিকূল ব্যতিক্রম।এইবোৰ বহুত কথা।ইয়াৰ ফলত কোন জয়ী হ’ব?মানুহ নে প্রকৃতি?’চিটি লাইট’ত ফিছ ফিংগাৰত কামোৰ মাৰি জিভাৰে তাৰ সুস্বাদ উপভোগ কৰি বিনন্দই কৈছে, ‘চোৱা, আৰতি, অৱশেষত পকৃতিৰেই জয় হ’ব।খাদ্যৰ অভাৱত অৰণ্যৰ হাতী সমতললৈ নামি আহি মানুহৰ বিপক্ষে যুঁজ দি জীয়াই থাকিবলৈ বিচাৰিছে।সিহঁতৰ যদি মানুহৰ দৰে বুদ্ধি থকাহেঁতেন বনমন্ত্রীক ঘেৰাও কৰিলোহেঁতেন।‘
সি নিজৰ ৰসত নিজে বুৰ গৈ উচ্চ নিনাদেৰে হাঁহিলে।আৰতি পিছে আগতকৈ গহীনহে হ’ল।বাতানুকূল ৰেস্তোৰাঁতমৃদু সংগীত বাজিছে, আধা আলো, আধা পোহৰত সকলো বস্তু ৰহস্যময় হৈ পৰিছে।নাকত লাগিছে সুস্বাদু আহাৰৰ লোভলগা গোন্ধ।চকুৰ আগত তাৰ বাগদত্তা প্রেয়সী আৰতি বৰবৰা।এজিনী নিজৰ বিষয়ে সচেতন গাভৰু।ভালেমানৰ মুখে শুনি তাইৰ নিজৰ ৰূপ সম্পর্কে প্রত্যয় জন্মিছে।এয়ে বহুত।এতিয়াএটা সম্পুর্ণ ৰোমান্টিক পৰিবেশ।ৰেস্তোৱাঁত বহি থকা আন মানুহৰ অনুচ্চ কন্ঠস্বৰেও এই ৰমান্টিক পৰিবেশত ইন্ধন যোগাইছে।এতিয়া সিহঁত ইটোৱে সিটোৰ কাণত জীৱনৰ প্রতিশ্রুতি বৰষিব লাগে, সূমধুৰ লাগ বান্ধ নোহোৱা কথা ক’ব লাগে, অর্থ নথকা অর্থপূর্ণ কথাই সিহঁতৰ হৃদয় স্পর্স কৰিব লাগে।কিন্তু তাৰ সলনি সি কৈছে হাতীৰ কথা, বন্য জন্তু বিপদত পৰাৱ কথা, জলবায়ু বিপর্যস্ত হোৱাৰ কথা।সি তাইক ছাত্রী বুলি ভাবিছে নেকি?ব্যক্তিগত জীৱনক সি কিয় বৈজ্ঞানিকৰ জীৱন কৰি পেলাইছে?
আৰতিৰ তালৈ পেটে পেটে খঙো উঠিছে।সিহঁতৰ অন্তৰংগতা আৰু বেছি আগবাঢ়ি জৈৱিক পর্যায়ত উপনীত হোৱাহেঁতেন তাই তাক টান কথা শুনাই দিলেহেঁতেন।সহধর্মিনীৰ পর্যায় পোৱাহেঁতেন ওফোন্দ পাতি পাতি প্রচণ্ড বিস্ফোৰণ ঘটালেহেঁতেন।
তথাপি তাই ক’লে, ‘কিমানদিনৰ মূৰত যে তোমাক লগ পাইছো!এতিয়া তোমাৰ কথা কোৱা,মোৰ খা-খবৰ লোৱা।হাতীৰ কথানো কিমান শুনিম?ৰ’দ বৰষুণ আৰু হাৱা বতাহৰ কথাৰে কতৰ চাগৈ তুমি কাণ ঘোলা কৰিছা!’
আৰতিয়ে ভাবিছিল যে তাৰ কিজানি খং উঠিব গহীন হৈ বয়টোক চিঞৰি মাতি সি বিৰক্তি প্রকাশ কৰিব।কিন্তু মিচিকিয়াই হাঁহি সি ক’লে, ‘ক্ষমা কৰিবা আৰতি।মই তেনেই অবছেছদ হৈ পৰিছো।স্থান-কাল-পাত্র নুবুজা হৈছো।এৰা,মুখামুখি হৈ  গভীৰ দুখেৰে দুখী হোৱাতকৈ গভীৰ মৰমৰ কথাৰে সুখী হোৱাৰ এয়েই সময়।আৰতি তুমি বিষয়টো সলনি কৰাচোন।মই ভাল কনভার্ছেছ’নেলিষ্ট নহয়,মই সদালাপী ব্যক্তি বুলি মোক কোনেও কোৱা নাই।কোৱাচোন, যোৱা দিনকেইটা কেনেকৈ কটালা?যোৰহাটলৈ গৈছিলা নেকি?’
তাই ক’লে,’ফোনত কৈছোৱেই দেখো!তাকো মনত নাইনে?’
সি ক’লে,’বুজিছো,তেনেহ’লে দেউতাৰাৰ প্রেছাৰ বঢ়াৰ কাৰণেই তোমাৰ যোৰহাটলৈ যোৱা নহ’ল।এতিয়া তেখেত কেনে আছে?’
তাই কওঁ-নকওঁকৈ ক’লে,’পুৱা-গধূলি দুবাৰকৈ খোজ কাঢ়িছে-প্রেছাৰ কমাবলৈ।কবিৰাজী দৰব খাইছে।তোমাৰ আৰু প্রগ্রেম আছে নেকি?’
সি ক’লে,’সদ্যহতে নাই।মুঠতে জুনলৈকে মই ফ্রি।‘
‘ভাল কথা।তেন্তে আন এটা প্রগ্রেম ঠিক কৰা।‘
‘কৰিব লাগিব।পিকনিকৰ দিন গ’লেই।ফাগুন গ’লেই।চ’তত চলন্ত জাহাজত এদিন লাঞ্চ খাম।কি কোৱা?’
‘নিশ্চয়।আৰতি, এইবাৰ বিহুত তোমাক এটা ভাল উপহাৰ দিয়াৰ মোৰ ইচ্ছা।কিন্তু তোমাৰ ইমান যে বস্তু আছে,কি উপহাৰ দিম তাকে ভাবি অন্ত নেপাওঁ।গতিকে তুমিয়েই কোৱাচোন,তোমাক কি উপাহাৰ লাগিব।’
আৰতি কিছুপৰ নিমাতে ৰ’ল।ডঃ বিনন্দ ফুকনে ৰেস্তোৰাঁৰ কোমল পোহৰত ইতিহাসৰ প্রবক্তা আৰতি বৰবৰালৈ চালে।তাইৰ চকুত দুষ্টালিৰ হাঁহি।তাই কথা কোৱাতকৈ কফি পান কৰাতহে গুৰুত্ব দিলে।‘সি আকৌ ক’লে,’কোৱা আকৌ।’
তাই ক’লে,’তোমাক কি দিম কোৱা।‘
সি ক’লে,’তোমাৰ যি ইচ্ছা।‘
‘মই তোমাক এটা দামী কলম দিম।এনে এটা কলম দিম,যিটো সাধাৰণতে গুৱাহাটী বজাৰত বিচাৰি পোৱা নেযায়।‘
-‘চিয়াঁহী থকা কলম নে, ডট পেন?’
-‘এতিয়া নকওঁ।‘
-‘তেন্তে তোমাক কি দিম।‘
-‘একো দিব নেলাগে।‘
-‘এস এনেকৈ ক’লেই হ’বনে?আৰতি,তুমিও দেখিছো আন অজস্র নাৰীৰ দৰে ওফোন্দ পাতিবলৈ শিকিছা।‘
-‘ক’ত ওফোন্দ পতা দেখিলা?তেন্তে কওঁ বাৰু।বিহুৰ দিনা আমি নিৰলে এঠাইত বহিম।লুইতৰ নির্জন পাৰত।তাতে তুমি মোক উপহাৰটো দিব লাগিব।‘
‘কিন্তু, আৰতি, উপহাৰটো যোগাৰ কৰিবলৈ সময় থাকিব জানো?’
‘মোক কিন্তু সেইদিনাহে উপহাৰটো দিব লাগিব।‘
ৰঙালী বিহু পালেহি।তাৰ জাননী দিলে চহৰত বিভিন্ন ঠাইত নির্মিত ৰভাঘৰ আৰু বিহু মঞ্চই।লগতে আকাশ-বতাহ মতলীয়া কৰা বিহুগীতৰ কেছেট-চিডিয়ে।আৰতি আৰু বিনন্দ লুইতৰ নির্জন পাৰত জৰিগছৰ ছাঁত ভৰ দুপৰীয়া বহিল।লুইতৰ শোভা চাই সিহঁত মুগ্ধ হ’ল।
আৰতিয়ে বিনন্দক কলমটো উপহাৰ দিয়াৰ পাছত বিনন্দই সুধিলে,’তোমাক কি লাগে?’
আৰতিৰ অনুৰোধটো শুনি বিনন্দ হতবাক হ’ল।তাই ক’লে,’তুমি মোক এথোপা কপৌ ফুল দিব লাগিব।’
অসহায় হৈ বিনন্দ লুইতলৈ চালে।সি এতিয়া ক’ত কপৌ ফুল পাব?বজাৰত বহুত ফুল।
বাহিৰৰ পৰা অসমলৈ দিনে প্রায় পঁচিশ লাখ টকা মূল্যৰ ফুল আহে।সজীৱ ৰজনীগন্ধাও ইয়াত কিনিবলৈ পোৱা যায়।বিভিন্ন প্রকাৰৰ ফুলৰ থোপাও বিক্রি হয়।শুক্রেশ্বৰ ঘাটত ফুলৰ ডাঙৰ বজাৰ বহে।কিন্তু তাত কপৌফুল দুর্লভ।
সি ক’লে,‘মাফ কৰিবা, আৰতি এনে উপহাৰ দিবলৈ মোৰ সাধ্য নাই।মই তোমাক আজিৰ ভিতৰতে গহনাৰ সুন্দৰ ছেট এটা দিব পাৰো,কিন্তু এপাহি কপৌ ফুল তোমাক দিয়া আৰু আকাশৰ জোনটো ধৰি অনা একে কথা।অসমত অকল মানুহ আৰু হাতীৰেই বিৰোধ ঘটা নাই;মানুহ আৰু অৰণ্যৰো বিৰোধ ঘটিছে।এতিয়া নামবৰ হাবিটো কপৌফুল নাই।’
‘বিনন্দ,তেনেহ’লে তুমি…..।’
‘আৰতি,তুমি মোক কপৌফুল দিব নোৱাৰাৰ কাৰণে বেয়া পাইছা।বেয়া পাব পাৰা।সেয়া তোমাৰ নিজৰ মনৰ কথা।তোমাক যেনিবা কপৌফুল এথোপা দিলোৱেই;কিন্তু তুমি পিন্ধিবাক’ত?দীঘল চুলিৰে বন্ধা খোপাটো যে কিমান সুন্দৰ।যেন নাৰীৰ সুষমাৰ প্রতীক।কপৌফুল গুজিবলৈ তোমাৰ জানো খোপা আছে?ববকাট চুলিত যে কপৌফুলৰ স্থান নাই।’
বিনন্দই আৰতিলৈ চালে।তাইৰ দুই চেলাউৰিৰ মাজত মঙহে থোপা বান্ধিছে।