অনাহূত : সৃষ্টি শ্ৰেয়ম 

তাই বহি আছে । মজিয়াখনৰ পৰা ডেৰফুট উচ্চতাত এটা ত্ৰিভুজৰ ভূমিসংলগ্ন কোণ এটা দৰে ক্ৰমাত্‍ বাহিৰলৈ আগবাঢ়ি যোৱা হেলনীয়া খিৰিকীখনৰ কাষৰ খালী থাইডোখৰতেই তাই বহি আছে একেই ভংগীমাত ।যোৱা বাৰটা শীতত এই ঠাইডোখৰেও তাইৰ উশাহৰ ভাষা বুজি পোৱা হৈছে ।বাহিৰৰ বহল চোতালখন, বগা কাঠৰ গেটখন আৰু পকোৱা পকোৱা ডালেৰে সমুখলৈ দোঁ খাই পৰা ব’গেইনভেলিয়াজোপা মেৰিয়াই ধূলিৰ পাতল চাদৰখনো একেদৰেই পৰি আছে ।তাইৰ দৰে সিহঁতেও যেন পদূলিমুখলৈকে চাই আছে – গোমা আকাশখন ভাঙি তেওঁ আহিব …


কোঠাটো আহল-বহল আৰু চকুত পৰাকৈ খালী ।প্ৰায় সাত ফুট বহল প্ৰকাণ্ড খিৰিকীকেইখনৰ তলতেই মাৰ্বলৰ চেঁচা মজিয়াত ডাঙৰ তুলি এখন পাৰি থোৱা আছে ।এজনী অকলশৰীয়া মানুহৰ জোখাৰে যথেষ্ট ডাঙৰ তুলিখন ।তাক ঢাকি ৰখা বিছনাচাদৰখনৰ উপৰি তাই আঁউজি থকা গাৰুকেইটাও বগা ।আচলতে কোঠাটোৰ প্ৰতিটো বস্তুৱেই বগাকৈ ৰং কৰা ।কোলাহলৰ অনভ্যস্তাত নিশ্চুপ হৈ পৰা বেৰকেইখন, বতাহৰ খবৰ পালে লৰি অহা ভেণ্টিলেটৰকেইখনৰ ফ্ৰেমকেইটা, খিৰিকীকেইখন ছিৰিলা-ছিৰিলি কৰা কাঠৰ বাটামবোৰ আৰু খিৰিকীত ওলমি ৰোৱা চিফনৰ লিহিৰি পৰ্দাকেইখন – সকলো বগা ।আৰু যেন কোথাটোৰেই নিয়ম ৰক্ষা কৰি মায়াৰো পিন্ধনত মাথোঁ বগা আৰু বগা ।কাণ ঢকা বগা টুপি, জোখতকৈ ডাঙৰ এতা নোমাল বগা অ’ভাৰকোট আৰু তাইৰ নিম্নাংশ আৱৰি তাই বহি থকা ঠাইডোখৰৰ পৰা মজিয়ালৈ বৈ পৰা এখনি মখমলী বগা কম্বল ।এই বাৰটা শীত – যেতিয়াৰ পৰা তেওঁলৈ এই অপেক্ষা আৰম্ভ হৈছে – এই বাৰটা শীত তাই এই কোঠাটোৰ অপ্ৰদূষিত শুভ্ৰতাক ৰক্ষণাবেক্ষণ দি আহিছে ।তেওঁ আহি কোথাটোত ৰং সনাৰ কথা আছিল ।বেঙুনীয়াৰ পৰা ৰঙালৈ সকলো ৰং ।
তেওঁ আহিলে, এখনি ৰামধেনুৰ পৰা খুজি তায়ো সলাই লোৱাৰ কথা আছিল তাইৰ শুভ্ৰ সাজ |

গাঢ় বেঙুনীয়া নীলকণ্ঠী আকাশখনৰ লগত বগা গেটখন, আগন্তুক আদৰিবলৈ বিয়াকুল হৈ ৰোৱা অপৰিচ্ছন্ন ব’গেইনভেলিয়াজোপা, বহল চোতালখনৰ আতুৰ সেউজীয়াখিনি – খিৰিকীৰ সাঁচৰ মাজেৰে গোটেই দৃশ্যটো এখন অনাদৃত অ‍ইল পেইণ্টিণ যেন লাগিল মায়াৰ ।এই যেন এখিনি আকূতিৰে বাট চাই আছে – কোনোবাজনে স্নেহৰ স্পৰ্শেৰে তাৰ প্ৰকৃত উজ্জ্বল স্বৰূপ পুনৰুদ্ধাৰ কৰিব ।তেওঁৰ মাত্ৰ এটা খোজ – সেই বগা গেটখন খুলি সেউজি ঘাঁহেৰে আৱৰা তাইৰ চোতালখনত মাথোঁ এটা খোজ তেওঁৰ – কিমান ধুনীয়া হৈ পৰিব পাৰে সকলোবোৰ ! কিমান সজীৱ, কিমান উজ্জ্বল হৈ উঠিব পাৰে এই শীতাৰ্ত, নিশ্চল, নিৰ্জীৱ ছবি ! সেই একেটি খোজৰ অপেক্ষাত লেৰেলি গৈছে এটা এটাকৈ বাৰটা শীত |


দুৱাৰ, খিৰিকী, ভেণ্টিলেটৰ- সকলোবোৰ জপাই থোৱা সত্বেও বহল খিৰিকীখনত জোনাকৰ দৰে মেলি থোৱা শীতল পৰ্দাখন কঁপি উঠিল ।স্বয়ংক্ৰিয়ভাবে মায়াই কম্বলখন গাৰ ফালে টানি ল’লে ।তাই ভালকৈ জুমি চালে –অ’, ব’গেইনভেলিয়াজোপা চঞ্চল হৈ উঠিছে ।আকাশখনো এই সৰি পৰোঁ এই সৰি পৰোঁকৈ ভৰ দি আছে পৃথিৱীৰ গাত ।এৰা, ঠিক এনেকুৱা এটা বতৰকে লৈ মাখনৰঙী অ’ভাৰকোটটোৰ জেপত দুহাত ভৰাই ঠিক খিৰিকীকেইখনৰ ফালে চাই চাই তেওঁ অহাৰ কথা আছিল ।তেওঁৰ স্পৰ্শলৈ ৰৈ ভাগৰি পৰিব খোজা গেটখন খুলি কেঁচা-পকা চুলিৰ তলৰ ভাগৰুৱা চকুহাল জিলিকাই তেওঁ হঁহাৰ কথা আছিল ।আৰু তেওঁৰ খোজে খোজে হামখুৰি খাই পৰা বৰষুণজাকৰ গধুৰ গধুৰ টোপালৰ শীতৰ সেই দুপৰীয়া দুয়োটি তিতাৰ কথা আছিল একেলগে |


হঠাতে ধামকৈ গৰজি উঠিল আকাশখন ।মায়াই আকাশলৈ মূৰ তুলি চাওঁতেই এটা শকত টোপাল আহি তাইৰ মূৰৰ ওপৰৰ হেলনীয়া কাঁচখনত আঘাত কৰিলে ।টপ‍ টপ‍ টপ‍ টপ‍ – এটা দুটাকি ক্ৰমাত্‍ ওপৰৰ পৰা তললৈ গোটেই কাঁচখন তিয়াই উচ্ছল টোপালবোৰ সেউজীয়া চোতালখনৰ অভিমুখে চঞ্চল ব’গেনভেলিয়াজোপা আৰু শুকান গেটখন চুবলৈ আগবাঢ়ি গ’ল ।তাইৰ চকুৰ পচাৰতে ! এটা সুনিশ্চিত ধাৰণা নেওচি আহি জোকাৰি পেলোৱা অনাহূত ঘটনা এটিত চক খাই উঠাৰ দৰে মায়া হতভম্ব হৈ পৰিল ।নহয়, এনে হোৱাৰ কথা নাছিল ।বৰষুণ গেটখনেৰে অহাৰ কথা আছিল ।গেটেৰে প্ৰথমে ব’গেইনভেলিয়াজোপা ধুৱাই, ঘাঁহখিনি সেউজ কৰি তাইৰ খিৰিকীখন চোৱাৰ কথা আছিল ।এনেকৈ নহয় ! কোন দিশৰ পৰা আহিল এই বৰষুণ ?
কম্বলখন আঁতৰাই ৰাখি মায়া মজিয়াত থিয় হ’ল ।এটা প্ৰত্যাশিত ঘটনাৰ এই অচিনাকি, আকস্মিক আঘাতত তাই দিশহাৰা যেন হৈ পৰিল ।কি হ’ল এয়া ? কেনেকৈ হ’ল ! দীৰ্ঘদিনীয়া তপস্যাৰ ফল পাওঁ পাওঁ হওঁতেই কোনো দৈবপ্ৰেৰিত অপ্সৰাৰ ছলনাত লক্ষ্যচ্যুত হোৱা সেই দুৰ্ভগীয়া ঋষিৰ দৰেই হ’ল নেকি তাইৰ পৰিণতি ? খিৰিকীত টুকুৰিয়াই থকা প্ৰাণচঞ্চল টোপালবোৰলৈ তাই একেথৰে চাই থাকিল ক্ষোভ, খং, মায়াত নে মমতাত তাই নিজেই নুবুজিলে ।তেওঁ নাহিল ।কিন্তু তেওঁ নহাকৈ, তেওঁ নজনাকৈয়ে জীয়া বৰষুণ এজাক আহিল ।মায়াই ঠিক কৰিব নোৱাৰিলে – খিৰিকীখন জপায়ে থ’ব নে নাচি থকা পৰ্দাখন তিতিবলৈ খুলি দিব |