বিসৰ্গ বলয় : সুৰঞ্জনা শৰ্মা

এনেকৈয়ে ….
এনেকৈয়ে কিবা এক বোবাশক্তিয়ে যেন তাৰ কণ্ঠনলীৰ এয়াৰষ্ট্ৰীম মেকানিজিম্টোজ দুৰ্ব্বল কৰি পেলালে |‘অকলশৰে আহিছিলো এদিন… অকলশৰেই যামগৈ’—সেয়া পৃথিবীৰ চিৰাচৰিত নিয়ম ! অথচ, তাকে উচ্চাৰণ কৰিবলৈ গৈ সি যেন হঠা‍ত্‍ বোবা হৈ পৰিল এনেদৰেই মাজে মাজে সি বোবা হৈ পৰে | কণ্ঠনলীৰ সকলো ক্ৰিয়া-বিক্ৰিয়া-প্ৰক্ৰিয়া যেন স্থবিৰ হৈ পৰিল | কণ্ঠ সাম্ৰাজ্যৰ গ্লটিছ, ছফট পেলেট, হাৰ্ড পেলেট, আৰ্টিকুলেটৰ অথবা ষ্ট্ৰিক্চায়ৰ- আটাইবোৰে যেন ভাৰসাম্য হেৰুৱাই পেলায় | ফনেটিক্‍ছৰ তামুলী ছাৰে সিহঁতক শিকাইছিল- অনুনাসিক শব্দৰ বিষয়ে | চফট্‍ পেলেটে যেতিয়া কণ্ঠনলীৰ নেজেল পেছেজ খোল খুৱাই দিয়ে স্বতঃস্ফুৰ্তভাৱে, তেতিয়াই এক অনুনাসিক শব্দৰ উচ্চাৰণ সম্ভৱ হৈ উঠে | অথচ তাৰ নিজৰ ক্ষেত্ৰত কণ্ঠনলীৰ চফ্টৰ পেলেট নেজেল অথবা অৰেলে একো শব্দই সৃষ্টি নকৰে | কোনো কোনো মূহুৰ্ত্তত যেন মৌনতাই কণ্ঠনলীৰ ভাষা হৈ পৰে | 
চৰম বিৰক্তি ওপজে তাৰ | সি কোনোদিন অকলশৰীয়া নহয় | আজীৱন যেন বিসৰ্গ এটাই তাক অনুসৰণ কৰি আছে |….
            
                আনুভূমিক বিসৰ্গ
“অ’ই হ’লনে তোৰ? সোনকাল কৰ,অফিচলৈ পলম হ’লে মই হে গালি শুনিব লাগিব, তোৰনো কি আহে যায়,- তই.তো খালী খাবি আৰু শুবি তোৰেই ভাল দে , মহা আয়াসৰ জীৱন….উস্‍…?”—মহাআয়াসৰ জীৱন |
এৰ্টা বিসৰ্গ তাৰবাবেও এসময়ত যেন জীৱনৰ লক্ষ্য হৈ পৰিছিল | অথচ, সেই বিসৰ্গটোৱে তাক একোকে নিদিলে| এক আচৰিত ধৰণৰ ৰহস্যৰে যেন আবৃত হৈ থাকে বিসৰ্গৰ বৃত্তাকাৰ পৰিধি| মকৰৰ সতে একেখন আনুভূমিক সমতলতে যেন মন্দাৰে স্থিত হৈ থাকিবলৈ কিছু পৰিমাণে অস্বস্থিবোধ কৰে| এক ধৰণৰ অসহজ বোধ! মন্দাৰ অসন্তোষ্ট হয়| সাংঘাটিকভাবেই মকৰবিৰোধী হৈ পৰে সি| জীৱন-যন্ত্ৰণা উপলব্ধি কৰি সি যেন মৰ্মাহত হয়| মকৰৰ দৰে উচ্চাভিলাষী মানুহ এজনৰ সতে সি নিজে যেন সাধাৰণ এক যুৱক| মকৰৰ অত্যাধুনিক কাৰখনৰ ড্ৰাইভাৰ সদৃশ মন্দাৰ! সপোনবোৰো যেন আনুভূমিক হৈ পৰে | কোনো এক নিৰ্দিষ্ট উচ্চতালৈ সিহঁতবোৰে আৰু বগাব নোৱাৰে| যেন ল’ৰাৰদৰে সপোনবোৰেও কেৱল অৱলম্বন বিচাৰি ফুৰে আৰু সকলো প্ৰসাৰিত কৰি ৰাখে সিহঁতৰ আকুল আকৰ্ষণযুক্ত আলিংগনৰ সীমা ! মকৰৰ এক উশাহৰ কথাত সি কিছু লজ্জিত হয় | একেকোবে গৈ গাড়ীত বহে | এটা বিসৰ্গ যেন গাড়ীৰ ভিতৰত হঠাতে আনুভূমিক হৈ পৰে !
        

            বিকৰ্ষক বিসৰ্গ
    এই যে বিসৰ্গটো, দুটা উলম্ব শূন্যৰ  ধাৰণাটো,- এই ধাৰণাটোৰ তলত থকা শূন্যটো যেন সি নিজেই হৈ পৰে | আৰু ওপৰৰ শূন্যটো যেন সদায় মকৰ | বিসৰ্গটোৱে মন্দাৰক সদায় আমনি দিয়েহি | এটা যেন কীট | জীৱনৰ গতিত শত্ৰুতাৰ চূড়ান্ত প্ৰাবল্য সনা এক কীট | এই বিসৰ্গটোক লৈয়েই যতমানে ওজৰ আপত্তি | নিজৰ জন্মটোকেই এক মেজিক সদৃশ খেল যেন লাগে তাৰ | আগে আগে সি নিজে আৰু ঠিক পিছে পিছে  যাদুতকৈও যেন আৰু বেছি কিবা | যেন অটোমেটিকেল আৰু চুপাৰনেচাৰেল পাৱাৰ ! ইমান শক্তি বাৰু ক’ৰপৰা আহৰণ কৰিছিল মাকে ? ভাবিলে আচৰিত হোৱাৰ লগে লগে সি সাংঘাটিক ৰকমে বিষাদসিক্ত হৈ উঠে | মকৰৰ সতে একেখন বিচনাতে শোৱা, একেলগে উঠা, খোৱা কথা পতা- সিবোৰ যেন তাৰবাবে চৰম বিৰক্তিকৰ কথা হৈ পৰে | সি যেন কোনোপধ্যেই বিসৰ্গৰ কবলৰ পৰা মুক্ত হ’ব নোৱাৰে | প্ৰত্যুত্পান্নমতিতাৰে সেই বিসৰ্গক নিজৰ আয়ত্বাধীন কৰি লৈ থয়, সহজেই, অথচ, মন্দাৰে যেন বিসৰ্গ সদৃশ জীৱনৰ পৰা মুক্তি হে বাঞ্চা কৰে | যেন এক অদ্ভূত ধৰণৰ বিকৰ্ষণ সংঘটিত হয় মকৰ আৰু মন্দাৰৰ মাজত | ক’ব পাৰি সুমেৰু আৰু কুমেৰু বুলি | ক’ব পাৰি শূন্য ডিগ্ৰীৰ বিপৰীতে এশ আশী ডিগ্ৰী বুলি | ক’ব পাৰি আকাশ-পাতাল অথবা স্বৰ্গ-নৰক বুলি | সম্পূৰ্ণ বিপৰিত সত্তা মকৰ মন্দাৰ | যেন এটা বিসৰ্গৰ ক্ষুদ্ৰ শূন্য দুটি হঠাতে হৈ পৰে পৰস্পৰৰ বিকৰ্ষক সত্ত্বা |

            উলম্ব বিসৰ্গ
তীব্ৰ আক্ৰোশৰ ভাৱ একোটাই সৰুৰেপৰাই শালি আছিল মন্দাৰৰ মন মগজু | যেন এটা উৰণীয়া বনপতংগ আহি মগজুতে কামোৰ মাৰি দিলে| উস্‍| সাংঘাটিক মৰ কামোৰ| বিষাক্ত যন্ত্ৰণা !…. ‘মন্দাৰ, মকৰে কান্দিছে ঐ, ভাল পেণ্টটো তাকেই পিন্ধিবলৈ দি নিদিয়নো কিয় ? সি তোতকৈ সৰু | ডাঙৰটো হৈ তয়ো নুবুজনে?’– হুঃ, কিমাননো ডাঙৰ, মাত্ৰ সাত মিনিট| তথাপি ডাঙৰটোৱেই বুজিব লাগে সকলো | ডাঙৰটোৱেই মূৰ পাতি ল’ব লাগে দায়িত্বৰ গধুৰ বোজা | যেন চিৰাচৰিত নিয়ম |বনপতংগটোৱে আক্ৰোশতে দুগুণ জোৰে কামুৰি থয় মন্দাৰৰ মগজু- প্ৰত্যেক কাৰ্য্যক্ৰমণিকাতেই মকৰৰ আগতীয়া প্ৰাধান্য | এনে প্ৰাধান্য‍‍ই যেন বনপতংগটোক অধিক শক্তিশালী কৰি তোলে | আৰু ত্ৰিগুণ জোৰে কামোৰা বনপতংগৰ কামোৰ সহিবলগীয়া হয় মন্দাৰে| একেই চকু, একেই নাক, একেই হাঁহি- ওঁঠ-মুখ গাল-চুলি-এনেকি কাণৰ লতিযুৰিও | কাৰ্বন কপিৰ দৰে কোনোদিনে নিজকে অকলশৰীয়া বুলি ভাবিবলৈ নিদিয়া এই বিষাক্ত সত্বা ! মন্দাৰ অধিক বিৰক্ত হয়  যেন ক্ৰমশঃ | ক্ৰমশঃ তাৰ বৈৰাগী দুনিয়াখন অধিক বৈৰাগী হৈ পৰে | মকৰৰ উচ্চতাই যেন বাঢ়ি বাঢ়ি আকাশ চুবৰ উঅপক্ৰম কৰে | বিপৰীতে মন্দাৰৰ উচ্চতা কমি কমি সি এসময়ত মুনলাইট চাৰ্কাচৰ বাওনাটোতকৈও বাওনা হৈ পৰে |বনপতংগটোৰ মৰকামোৰ কেইটাকে লগৰীয়া কৰি লৈ মন্দাৰে শুনি থাকে চকুমুদি বাপেকৰ তিৰ্য্যক মন্তব্য, ‘গাধ, খালী খাবি আৰু শুবি | কাম নাই বন নাই |- দিনৰ দিনটো ধোদ হৈ কটাবি | মকৰলৈ চা চোন | কিদৰে নিজৰ ভৰিত নিজে ঠিয় হৈ লৈছে সি |তইতো লাজেই পাব লাগে আচলতে, ডাঙৰটো হৈ…..|’+ মন্দাৰে দৃষ্টি নিক্ষেপ কৰে তাৰ ভৰি দুটালৈ | উস‍ ! পেৰেলাইছিছ ৰোগীৰদৰে অসাৰ হৈ গৈছে নেকি তাৰ ভৰি দুটা  ? ভৰিদুটাৰ বিকলাংগতাত বিৰক্ত হৈ পৰিছে নেকি পাদুকাযোৰ ? – নাঃ নাইতো ! মকৰৰ দৰেই দুভৰি | একেই বৰণ, একেই গঠন, একেই নোম এনেকি নখৰ চুকটো পৰ্যন্তও একেই | সাত মিনিটৰ অগাপিছাত কিমাননো বৈশাদৃশ্য ঘটিব ! তথাপি, যেন বিকৰ্ষণ একোটা ঘটিব খোজে | মকৰৰ তীক্ষ্ণ বাক্যই মন্দাৰক শালি ধৰে | মকৰৰ  সতে সমবাহু ত্ৰিভুজৰ সমান বাহু দুটাৰ দৰে হৈ থকা তাৰ এই জীৱনটোক একোটা বিষমবাহু ত্ৰিভুজলৈ ৰূপান্তৰিত কৰিবলৈ সি মন মেলে | মহানাগৰিক সৰু ঘৰটোত সি যেন উশাহ লওঁতেও কষ্ট  পাই মকৰৰ সৈতে | বিসৰ্গ এটাই তাক যেন অহৰহ খেদি ফুৰে |
ভাৰতীয় ষ্টেট বেংকৰ উচ্চ খাপৰ কৰ্মী মকৰৰ সতে নিজৰ বেকাৰ জীৱনটোক ৰিজনি দি উঠি মন্দাৰে যেন বনপতংগতোৰ সৈতে এসোতা কান্দে | বিসৰ্গটোৰ কবলৰপৰা মুক্ত হ’ব নোৱাৰি সি আক্ষেপত  নিজৰ চুলি টানে | উন্নত চাকৰি, উন্নত জীৱনশৈলী, সহকৰ্মী শ্ববনমৰ সৈতে ভৱিষ্যতৰ সপোন ৰচা অথবা- বৈষয়িক সুখ….সকলোতে এই মকৰে কেৱল ওখৰ পৰা ওখ হৈ থাকে | এসময়ত মকৰে আকাশ চোৱেগৈ | নামনিত মন্দাৰে বিচাৰি ফুৰে পৃথিৱী নে আকাশ ? ‘বাওঅনা হৈ চন্দ্ৰলৈ হাত মেলা পাপ’ – সি ভাবে | মকৰে এক কুটিল হাঁহিৰে মন্দাৰৰ সেই ভাৱক যেন অভিবাদন হে জনায় | কিন্তু সাত মিনিটৰ অগাপিছাত উচ্চতাৰ ইমান বৈসাদৃশ্য কি ? বিসৰ্গৰ প্ৰথম শূন্যটো যেন হঠাত আকাশচুম্বী হৈ পৰে | আৰু আনতো শূন্যই যেন বাওনা হৈ মৰততে মাণিক বিচাৰে | এডাল লম্বৰেখাৰ উত্পচন্ন ঘটাই বিসৰ্গটো হৈ পৰে উলম্বৰেখা, নাইন্টী  ডিগ্ৰী | পৰস্পৰবিৰোধী সেয়া যে উলম্ব বিসৰ্গ |
            উলংগ বিসৰ্গ  
বিসৰ্গটোৱে এসাজ কাপোৰ পিন্ধিছিল | দুয়োটা শূন্যতে ভিন্নৰঙী সাজ | পিছে উলংগ অৱস্থাত দুয়োটা একেই | একেই বৰণ , একেই গঠন অথবা আকাৰ–প্ৰকাৰ | ভিন্ন চৰিত্ৰৰ এই নাঙঠাৱস্থা – ঠিক মকৰ-মন্দাৰৰ দৰে | অথচ ভিন্ন চৰিত্ৰধাৰী | – বনপতংগ এটাকে সাৰথি কৰি বৈৰাগী দুনিয়াৰ বেকাৰ নায়ক মন্দাৰ | বিপৰীতে সহকৰ্মী শ্ববনমকে সাৰতি কৰি হেঁপাহৰ দুনিয়াত উচ্চ দৰমহাযুক্ত চাকৰিয়াল মকৰ| ভিন্ন ৰং | ভিন্ন সাজ | নাঙঠ নোহোৱালৈকে যেন বুজিব নোৱাৰি সিহঁতৰ সাদৃশ্য | উলংগ নোহোৱা পৰ্য্যন্ত যেন বুজিব নোৱাৰি যে  ইজনে সিজনৰ বাবে একো একোখন দাপোণ |
    আইডেনটিকেল টুইনছ ! একোটা ফাৰ্টিলাইড জাইগ’টৰ পৰাই সম্ভৱতঃ এই বিসৰ্গৰ জন্ম | সম্পূৰ্ণ দুটা চেল’লৈ বিভক্ত হৈ পৰা জাইগ’টটোৰ যেন সেয়া ফাৰ্ষ্ট ক্লীভে’জ | তাৰ পাছতেই মকৰ আৰু মন্দাৰ হিচাপে সেই ভ্ৰূণৰ আত্মসমৰ্পণ ! আচৰিত !- ‘আইডেনটিকেল টুইনছ হেভ অলৱেজ চেম চেক্স’- হাইস্কুলৰ ওপৰ ক্লাচত ডেকা ছাৰে বুজাইছিল| সকলোৱে ফিচিঙা-ফিচিঙ কৰি চাইছিল মকৰ-মন্দাৰৰূপী এই বিসৰ্গটোলৈ | উলংগ হৈ পৰিছিল যেন বিসৰ্গটো|’- আমি ফ্ৰেটাৰ্নেল হোৱাহেঁতেন ! অন্ততঃ বিপৰিতলিংগী হোৱাহেঁতেন,…. বহু সমস্যাৰ পৰাই বাচিলোহেঁতেন’ – মকৰ-মন্দাৰ দুয়োৰে দেহত ভিন্ন সাজ, ভিন্ন ৰং, ভিন্ন মন| অথচ সকলোৱে ভুল কৰে | বিসৰ্গৰ বাহ্যিক ৰঙীণ ৰূপেও ইয়াৰ উলংগ সাদৃশ্য়ক ঢাকিব নোৱাৰে | ‘ইহঁতৰ বৰ মিল’ মাকে উচ্চাৰিছিল | সচৰাচৰ ঘটাৰ দৰে মকৰ-মন্দাৰৰ ক্ষেত্ৰত একো নঘটিল | বিসৰ্গৰ দুই শূন্যইৰ ক্ৰমাত্‍ বিপৰীতমুখী দিশে গতি কৰি থাকিল | অদ্ভুত্‍ বিকৰ্ষণ | যেন চুম্বকৰ নৰ্থ এণ্ড চাউথ প’ল |  এক্সট্ৰা অৰ্ডিনেৰী ৰিপালছ্ন  | দেখাত একত্ৰ এই বিসৰ্গিক জীৱন | অথচ, পদে পদে উলংগ হোৱাৰ ভয়! | উলংগ হ’লেই যে একে হৈ পৰিব দুই শূন্য | এই সাদৃশ্য সিহঁতৰ সহ্য নহয় !!

            ক্ৰীড়ামোদী বিসৰ্গ 

এটা খেল খেলিবলৈ মন গৈছে বিসৰ্গৰ | এটা শূন্য নোহোৱা কৰি দিব পৰাহেঁতেন ! ইনভিজিবল জিৰ’ | অকলশৰীয়া শূন্যটোৰ বিসৰ্গৰ অস্তিত্ব অসম্ভৱ ! অথচ !! নাঃ, এই খেলটো খেলা উচিত ! বিসৰ্গ যেন দৃঢ়প্ৰতিজ্ঞ |
..‘নিজে চাকৰি কৰি কপালৰ ঘাম মাটিত বিলীন কৰি পইচা ঘটিম, আৰু তইৰ বেটা মন্দাৰে মহাআয়াসৰ জীৱন কটাবি, অসম্ভৱ ..মকৰে ভাবে | এক অস্ব্স্তিকৰ ভাৱৰ ঘ্ৰাণ |–‘সাত মিনিটৰ অগাপিছা, অথচ তই বেটা মকৰ বেংক চাকৰিয়াল, আৰু মৈ বেকাৰ, উস অসম্ভৱ ’- মন্দাৰে ভাৱে | একেই অস্বস্তিকৰ ভাৱৰ ঘ্ৰাণ !এই ঘ্ৰাণ যেন সুতীব্ৰ হৈ উঠে | সুনিৰ্দিষ্ট দিন এটালৈ বিসৰ্গটোৱে আপেক্ষা কৰে ! অধীৰ আগ্ৰহৰ আপেক্ষা | অলপ পূৰ্ব প্ৰস্তুতি | পুৰ্ব পৰিকল্পনা | বিসৰ্গৰ জন্মদিন | পুৱাৰে পৰা মকৰৰ নামত ইটোৰ পিছত সিটো ফোন | সহকৰ্মী, বন্ধু-বান্ধবী অথবা প্ৰিয়তমা প্ৰেয়সী শ্ববনমৰ চুটি-দীঘল বাৰ্তা | জন্মদিনৰ শুভকামনা | আনপিনে মন্দাৰৰ শুষ্ক মৰুভূমি ! দুই-এটা গুৰুত্বহীন ফ’ন | চুটি চুটি শুভেচ্ছা | সন্ধ্যাৰ দৰে ৰহস্যময় হৈ উঠে বিসৰ্গ | অশৰীৰী হৈ উঠে বিসৰ্গ | ইটো শূন্যইপ সিটো শূন্যলৈ চাই যেন চকু টিপিয়ায় | ‘আহা বন্ধু, প্ৰত্যাহ্বানৰ বাবে সাজু হোৱা’… এই ধৰণৰ ভাৱাবেগত বন্দী হৈ যেন দুই শূন্য ভীষণ ৰহস্যময় হৈ উঠে | আন্ধাৰৰ ছন্দত বাজে সিহঁতৰ জুনুকা পিন্ধা ভৰিৰ ঝুনুক ঝুনুক নৃত্যধ্বনি|এটা খেল খেলিব খোজে বিসৰ্গই | অনিচ্ছাসত্বেও ঈৰ্ষাৰ তীব্ৰ জ্বালামুখীৰ প্ৰভাৱত বিসৰ্গ শক্তিশালী হৈ পৰে | ৰাতিৰ পাৰ্টিত মচগুল হৈ থকা মকৰৰ চৌদিশে পিয়াপি দি ঘূৰি ফুৰে মিঃ মেহতা, মিঃ চৌধুৰী, বুজৰবৰুৱা, দত্ত অথবা প্ৰেয়সী শ্ববনম ! মন্দাৰে সন্তপৰ্ণে আগবাঢ়ে | শ্ববনমৰ গাড়ীৰ লক্‍ খোলে | কিবা এটা প্ৰত্যক্ষ কৰে আৰু খেলটো খেলি উঠি সামান্য সকাহেৰে, সাৱধানে ঘূৰি আহি পাৰ্টীত মছগুল হৈ পৰে |
        
            অনুনাসিক বিসৰ্গ 
যিমান আগবাঢ়ে, সিমানেই যেন কিহবাই বাধা দিয়ে | অনুতপ্ত হৈ পৰে বিসৰ্গ | বিসৰ্গৰ উচ্চাৰণ অনুনাসিক হ’ব নালাগে, অথচ ই অনুনাসিক হৈ পৰি দুই শূন্যকে জোকায় যেন ! আন্ধাৰতে কিৰীলি পাৰে | বাৰে বাৰে আওৰায়, ‘এয়া কি কৰি পেলালি, মন্দাৰ ! ইমান তললৈ নামিলি নে তইত ! নিজ ভায়েৰৰ লগত এনে শত্ৰুতা শালিলি নে ! ছিঃ নাপায় নাপায়|’-দুচকুৰে  তাৰ চকুপানী  ওলায় !সেই চকুপানীত যেন বিসৰ্গটোৱে ককবকাই থাকি চিঞঁৰি উঠে-‘বচোৱা মন্দাৰ মোক বচোৱা’-|- এক কুটিল অট্টহাস্যত যেন বিসৰ্গ পগলা হৈ পৰে | মন্দাৰে চে’লফোনটো উলিয়াই মকৰলৈ ডায়েল কৰে, ‘মকৰ প্লীজ, গাড়ীত নুঠিবি শ্ববনমৰ সৈতে |’ –মকৰ আচৰিত হয় | ‘কি হ’ল মন্দাৰ, কি অসুবিধা ?’ মন্দাৰ অধৈৰ্য্য | ‘গাড়ীৰ ব্ৰেকফেইল কৰোৱা হৈছে, প্লীজ গাডীত নুঠিবি |’- মন্দাৰে উচুপি উঠে |পুনৰ বিসৰ্গটোৱে যেন তাৰ চকুপানীৰ মহাসাগৰত ককবকাই উঠে | -মন্দাৰে ওভোতাই গাডী চলায | মকৰক বচাব লাগিব | সি নিজহাতে খেলা এই খেলটো সঁচাসঁচিকৈ খেলোৱা নাযায় | অস্‍ বৰ কষ্টকৰ এই গাডীৰ গতি তীব্ৰৰ পৰা তীব্ৰতৰ হয়| সাংগীতিক লয়েৰে মন্দাৰৰ ফ’ন বাজে | ‘অ’ মকৰ উঠা নাই ন ? – অ’কে, এতিয়া তহঁত বিপদমুক্ত, ৰহ, মইয গৈ আছোঁ, কি ?  মই  আকৌ কিয় নামিব লাগে ? পগলা হৈছ ? গাডীৰপৰা নামি মই  আকৌ কিহেৰে যাম ? খোজ কাঢ়ি ? হাও ফানী ! একো নহয়. মইড গাড়ী লৈয়ে গৈছো ! তহঁত ৰৈ থাক !.. কি ???  অহ্‍ গড্‍ !’ বিসৰ্গটো অগবাঢি যায় আৰু ভগবানক সুঁৱৰি মন্দাৰে গাড়ীৰ দুৱাৰ খুলি হাত দুখন মুকলিলৈ এৰি দি অসীম অনন্তলৈ শূন্যতে জাঁপ মাৰে |
 মকৰৰ চকুৰপানীত বিসৰ্গৰ ভগ্নাংশ এটা ওপঙি থাকে | কালৰাত্ৰি | নিজৰ গাড়ী ব্ৰেকফেইল কৰোঁতে মকৰেওতো এবাৰলৈও ভবা নাছিল যে মন্দাৰেও সেই একে উদ্দেশ্যেৰেই শ্ববনমৰ গাড়ীত এটা খেল খেলিব | চকুলোৰ মহাসাগৰীয় লুণীয়া পানীত  বিসৰ্গটো কেৱল ওপঙিয়েই থাকে | বিসৰ্গটো ক্ৰমাত্‍ অনুনাসিক হৈ পৰে অনুনাসিক পথেৰে | হস্পিটালৰ বিছনাত আহত মন্দাৰৰ খবৰ ল’বলৈ আহি মকৰে আক্ষেপ কৰে, ‘উস , কি যে কুক্ষণে পাইছিলে !’  আৰু শব্দৰ লগে লগে এসোপা বিসৰ্গইৰ যেন পৃথিৱীখন কোঙা কৰি আনে ! শ্ববনমেও মুখৰ ভিতৰতে বিৰবিৰাই উঠে, ‘য্মজবোৰৰ মনৰ মিল আছে বুলি জানিছিলো, কিন্তু ইমান মিল বুলিতো জনা নাছিলো ! ইমান সদৃশ পৰিকল্পনা ! হাও ফানী এণ্ড হনী ডে আৰ, আইডেনটিকেল টুইনছ….!’